সাপ আছে? ( দ্বীজেন্দ্ৰ নাথ শৰ্মা )



…… গধূলিৰ পৰাই সাপ বিচাৰি ঘূৰ্মুটিযাই ফুৰিব লগা হৈছে। কোনোজনে ভাৱলেশহীনভাৱে মুখলৈ চাইছে। কোনোজনে নিৰাসক্তভাৱে নাই বুলি কৈছে। কোনোৱে বিস্ময় মিহলি দৃষ্টি এৰিছে। এখনে বা সেইখনত পাব বুলি কৈছে। কোনোবাখনে “আছিল, শেষ হ’ল” বুলি কৈছে। এখনে যেনিবা থকা বুলি ক’লে যদিও চাইজটো ডাঙৰ। চাৰে ছশগ্ৰাম ওজনৰ প্ৰকাণ্ড সাপ। এজনে নাগ পঞ্চমীৰ দিনা নাগদেৱতাৰ মন্দিৰত স্থাপনৰ বাবে অৰ্দাৰ দি সজাইছে। ‌যদি বিশেষ দৰ্কাৰ তাকে দিব পাৰে। দাম কিন্তু তিনিহাজাৰ সাতশকৈ লাগিব। তিনিহাজাৰ সাতশকৈ দুডালত সাতহাজাৰ চাৰিশ। বলে পৰা নাযাব। খুড়াকে কোৱা মতে আঠ ন হাজাৰত গোটেইখিনি হৈ যাব লাগে।
– সৰু দুশ-তিনিশৰ ভিতৰত পোৱা সাপ হলেও হয়।
– আমিও তেনে সাপ বনাও পিছে শেষ হ’ল। আজি কাৰিগৰ নাই। নহ’লে বনাই দিব পৰা গ’লহেঁতেন। শেষনাগ মন্দিৰৰ আশে-পাশে থকা জুৱেলাৰ্চকেইখনত পাই যাব।
…… অনিচ্ছা সত্বেও প্ৰকাণ্ড মোনা দুটা ওলোমাই লৈ যা-যোগাৰখিনি কিনিবলৈ আহি সাপেৰে শুভাৰম্ভ কৰোঁ বুলিয়েই এই লটিঘটি। …… সোণৰ ফুল আৰু ৰূপৰ নাকফুলিও লাগিব। য’তে ত’তে পোৱা যাব। সাপ পালেই তাতেই ল’ব পৰা যাব।

…… মন্দিৰটোৰ গাতে লাগি থকা “মা চণ্ডী জুৱেলার্ছ”।
– সাপ আছে?
….. তলমুৱা হৈ আয়নাৰ বাকচটোৰ ভিতৰত চেপেনাৰে গহণা পিতিকি থকা মানুহজনে নাকৰ আগত বাজি থকা চশমাৰ সিপাৰৰ চকুহাল পোন কৰাত, দৃষ্টিৰ সৰলৰেখাডাল চশমাৰ আয়নাৰ বাহিৰেৰে নিক্ষেপিত হল। বাওঁহাতৰ তৰ্জনী আঙুলিৰে নাকৰ আগত লাগি থকা চশমাৰ মাৰিডালত হেচুকী ওপৰলৈ উঠাই দি সহাস্যবদনে‍, আছে- আছে, আহক, বহক বুলি ক’লে।
….হওক তেও অৱশেষত সঠিক জেগাই পোৱা গ’ল।
– সাপ, তামৰ নহয় জানো?
– হয়, হয়।
– সাপ, তামৰেই লাগে‌। আৰু কিবা কিবি লাগিব নহয়।
– লাগিব, আগতে সাপ দুডাল দিয়কচোন। গধূলিৰ পৰা বহুত বিচাৰিলোঁ জানে।
– সকলোতে নাথাকে, আমাৰ ইয়াত সব পাব।
….. সাপ দুডালৰ লগতে সোণৰ ফুল আৰু ৰূপৰ নাকফুলিও লোৱা হ’ল। ……ছেহ, প্ৰথমতে এইখনত আহি সোমালে ইমান লটিঘটি নহয়ে।
ইয়াৰ সব কামতে খেলিমেলি লাগে। পোণচাটো একো এটা নহয়- মাকৰ মুখত এইষাৰ কথা লাগিয়েই থাকে। মাকে ভাগ্য বুলি কয়।

…….ভাগ্য-চাগ্য এইবিলাক অন্ধবিশ্বাসৰ বাহিৰে একো নহয়। সাপ বিচাৰোঁতে হোৱা লৰা-ঢপৰাখিনিৰ কথা ক’লে মাকে ভাগ্যৰ কথা ক’ব। প্ৰথমতে আহি যদি মা চণ্ডী জুৱেলার্ছত সোমালেহেঁতেন সহজতে কামখিনি হ’লহেঁতেন হয় কিন্তু তাত কি ভাগ্যৰ কথা আছে? এইবিলাক কাকতালীয় সংযোগ। তথাপি, কাকতালীয় সংযোগৰো সুঃসংযোগ আৰু দুঃসংযোগ থাকে নেকি? কলেজ উইকত ল’ৰা-ছোৱালীজাকৰ মাজত ফ্লাইং কিক মাৰি চাল দেখুৱালৈ যাওঁতে হোৱা পেণ্টৰ জৰাসন্ধ অৱতাৰৰ লগত ভাগ্যৰ কথা কি আছে? কিন্তু সেই সময়তে কাকলি আহি ওলাব লাগেনে? কাকতালীয় দুঃসংযোগ। কাকলিৰ লগত নয়নৰ তীৰৰ তুণৰ টনা-টনি চলিছিলহে এথোন। তাৰপিছত চকু পিৰিকোৱা দূৰৈৰ কথা তাইৰ পিনে চকু উঠাবলৈও লাজ লগা হ’ল।
– ক’লাটো পাই যাব কিন্তু নীলা মষ্কিল আছে।
– ক’লাও লাগিব নীলাও লাগিব। গোটেই মাৰ্কেটখন চালোঁ। আপুনি অলপ খবৰ কৰি যোগাৰ কৰি দিয়ক না।
– নীলা নিবিচাৰে দেখোন। শনি-মংগলৰ বাবে ক’লাহে লাগে।
– নহয় নীলাও লাগিব বোলে। ৰাহু-কেতুৰো বক্রদৃষ্টি আছে বোলে।
…… কেইবা ঠাইতো বিচাৰ-খোচাৰ কৰি নীলা কম্বলৰ সন্ধান নাপাই শৰ্মা ড্ৰেছেজৰ মালিক হৰিলাল শৰ্মাই ওঁঠ বিকটাই মূৰ লৰাই বুজালে নীলা পোৱা নাযাব।
– নীলা প্ৰিণ্টৰ হ’লে হয় নে নহয়।
– নহ’ব কিজানি প্লেইন নীলাৰ কথাহে কৈছে।
– ফোন কৰি সুধি নলয় কিয়। আমাৰতো প্ৰতিটো সংকটৰে বিধান আছে। আমাৰো এবাৰ তেনেকুৱা হৈছিল। কিবা এটা বেয়া দশা খন্দনৰ বাবে এজন জ্ঞানী মহাৰাজে বিধান দিছিল। মন্দিৰত যাগ-যজ্ঞ কৰি মন্দিৰ প্ৰদক্ষিণ কৰিব লাগে। আৰু প্ৰদক্ষিণ কৰোঁতে সকলোৱে পূজাৰীৰ কান্ধত ধৰি থাকিব লাগে। আমাৰ ঘৰত মানুহ হ’ল বহুত। এজন এজনকৈ পূজাৰীৰ কান্ধত ধৰি প্ৰদক্ষিণ কৰি থাকিব লাগিলে আধ্যা ঢুকিব। পূজাৰীয়ে বিধান দিলে। আৰু সংকট টিলিকাতে মোচন হৈ গ’ল।
– কি বিধান দিলে?
– সৰু ৰচী এডাল পূজাৰীয়ে গলত বান্ধি ল’লে আৰু তাত সকলোকে ধৰি থাকিব দিলে।
– এনেকৈও হয় নে?
– ময়ো সুধিছিলোঁ পূজাৰীক। এনেকৈ কান্ধত ধৰা হ’ব জানো? পূজাৰীযে উত্তৰ দিলে, কিয় নহ’ব কানেকচনহে হৈ থাকিব লাগে। গতিকে আপোনাৰ তান্ত্ৰিকক ফোন কৰি সুধি লওকনা।
…… জেপত হাত ভৰাই খেপিয়াই চোৱাত মোবাইলটো নাই। কি যে দুঃসংযোগ! একো এটাই চিধা-চিধি নহয়‌। কিবা এটা কেনা লাগিবই। মোবাইলটো ননাকৈ আহিব লাগেনে?
-নীলা পৰ্দা আছে?
….. নৱদম্পতী এহাল সোমাই আহিল।
– আছে আছে। নীলা কাপোৰেৰে চাদৰ বনাই দিলেও হ’ব লাগে দেখোন।
……হৰিলাল শৰ্মা সেই পিনে আগবাঢ়ি গ’ল। তাৰ পৰাই অলপ ডাঙৰকৈ ক’লে। দম্পতীহালে একো নুবুজি শৰ্মাৰ পিনে ভেলেঙী লাগি ৰ’ল।
– অহ্, নহয়, নহয়, নহয়। এখেতে নীলা কম্বল বিচাৰি হাইৰান। ক’তো পোৱা নাই। নহ’লেও নহয়।
– হেৰা, তাত দেখোন এখন আছে, নহয়নে? সেই নীলাখন যে…. প্লেইন নীলা বাবে নল’লোঁ যে।
– অ’, অ’, প্লেইন নীলাই লাগে। দোকানখন কোনখিনিত?
– সেই ওভাৰব্ৰীজৰ তলৰ ক্ৰছিংটো যে আছে। তাৰ চিগনেল লাইটটোৰ কাষতে।
– এখন… দুখন… তিনিখন… অ’, অ’, তিনি নম্বৰখন‌
– এখনহে আছে নেকি?
– নহয়, তিনি নম্বৰখন।
– নহয়, কম্বল এখনহে আছে নেকি?
– আমি‌…
……. ভালকৈ বুজাব পাৰিব বুলিয়েই হয়তো ঘৈণীয়েকে মুখৰ পৰা কথা কাঢ়ি ল’লে।
– ….এখন দেখিছোঁ যদিও ভিতৰত আৰু থাকিব পাৰে।
……..এখন পালেও অলপ আগবাঢ়ে………………..

– নীলা কম্বল আছে?
– নাই।
… চকু দুটাই ‘শ্বাৰ্লক হোমচ’ হৈ গোটেই দোকানখনত ‘ষ্টাডি ইন স্কাৰলেট’ কৰিব ধৰিলে। গৈ গৈ এটা প্ৰকাণ্ড প্লাষ্টিকৰ বেগত ৰৈ গ’ল।
– সেইখন কি?
– সেইখন বহুত দামী।
….. চেহেৰাত বোধহয় লিখা থাকে কোনটো সামগ্ৰী কাৰ বাবে। দোকানীয়ে চেহেৰা পঢ়ি সামগ্ৰী উলিয়াই দিয়ে।
– চাও‍, প্লেইন নীলা হয় নে নহয়?
– প্লেইন নীলা‍… ফাষ্ট ক্লাচ মেটেৰিয়েল। একদম চফ্ট, কম্ফৰটেবল। ইউজ কৰি ভাল পাব। চাইজ ডাবল।
– ডাবল?
– চাওক, কিমান বহল আছে?
– দাম কিমান? উম্, বহল ভালে আছে।
– ৮০০।
…..দৰ দাম কৰিবলৈও সি প্ৰথমতে ক্লীন বোল্ড কৰি থৈছে। ক’লা কম্বলৰ দাম ২৫০ কৈছিল। ৰঙা ধূতি, ৰঙা চাদৰ আদিও লোৱাত ২০০ কৈ লৈছিল। দুশ টকাকৈ বেছি যাব। গ’ল গ’ল আৰু, টকা দুশকৈহে।
– মাজেৰে কাটি দুখন কৰি দিলে চিংগল দুখনৰ দৰে নহ’ব জানো?
……. কিছুসময় মুখৰ পিনে চাই থাকি দোকানীজনে ক’লে- হ’ব হ’ব, কিন্তু কটা-কটি কৰি থকাতকৈ দুখন চিংগল লৈ লওক। কমতে হ’ব।
– প্লেইন নীলা হ’ব?
– নহ’ব।
……. দোকানীজনলৈ হেজাৰটকীয়াখন আগবঢ়াই দিয়াত তিনিখন শ টকীয়া ঘূৰাই দিলে। তাৰ মুখলৈ চোৱাত এটা কোমল দৃষ্টিৰে সন্মতিসূচক মূৰ দুপিয়ালে।

…… কাঁহী-বাটি, গিলাছ-ঘটী লোৱা হ’ল। বাকী, মাটিৰ বাচন। দুটা ঘট, ডাঙৰ চাইজৰ। চাকী, ১২ গছি। ফুটপাথৰ কাষত দোকানখন। পাচলিৰ। লগতে ৰাখে মাটিৰ বাচন। ঘটত পানী নভৰাই ঘটটো বাল্টিটোত কিছুসময় হেঁচা মাৰি ধৰি থাকি ভিতৰৰ পিনে চাই ঠিকে আছে বুলি ক’লে।
– বৰুৱা, ভালে আছে?
…… পাচলি কাম মাটিৰ বাচনৰ দোকানীয়ে মানুহজনৰ পিনে চালে। তেওঁৰ মুখখন মলিনতাই ছানি ধৰিলে। আভিজাত্যৰ চাপ থকা মানুহজনৰ কাষত এগৰাকী ষোড়শী।
– আছোঁ দিয়ক। বজাৰ কৰিব আহিছে?
– এইক চিনি পাইছেনে নাই? আপুনি টিউচন কৰিছিল নহয়।
….. বৰুৱাই চাকি ১২ গছি উলিয়াই দিলে।
– মাজনী চাৰক চিনি পাইছানে নাই।
…… ছোৱালীজনীয়ে অৱজ্ঞামিহলি চাৱনি এটা নিক্ষেপ কৰি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে।
– কি কৰিব? এগ্ৰি এম এছ চি পাছ কৰিও চাকৰি নাপালে আৰু কি কৰিব? সেইবাৰেই আপোনাৰ ভুল হ’ল। মই কৈছিলোঁৱে, গাঁৱৰ মাটি বিক্ৰি কৰি হ’লেও সেই চাঞ্চটো আপুনি ল’ব লাগিছিল। চেনেলটোও ভাল আছিল। ময়ো ডিপাৰ্টমেণ্টত আছিলোঁ। কি কৰিব, সব ভাগ্যৰ কথা। ভাগ্যতে নাই।

……………….. থেকেচা মাৰি থোৱা মোনাকেইটা বাৰাণ্ডাত পৰি থাকিল।

– দেউতা, কালি আমাৰ ঘৰত কি হ’ব?
……. ভিতৰত খুড়াকৰ ল’ৰা মিণ্টুৰ মাত।
– দেখিবি নহয়।
– দেউতা, আজিৰ যুগতো এইবোৰ কথা বিশ্বস কৰা নে?
……. মিণ্টুৰ ৰিচাৰ্ছ স্কলাৰ বায়েক ৰিমলি।
– তহঁতে বিশ্বাস কৰ নকৰ তহঁতৰ কথা। তালৈতো এবাৰ চা। কিমান জনা-বুজা ল’ৰা; কিমান কষ্ট কৰে! একো এটা নহয়। কোনো কামতে লাইন নালাগে। যি নকৰিলেও ওলোটাহে হয়। এইবিলাক গ্ৰহ-গতিৰ কথা নহৈ কি? মই তাৰ ভালৰ বাবেহে কৰিব কৈছোঁ। কিবা ভাগ্যৰ বলত সিদ্ধ পুৰুষজনৰ সন্ধান পাইছোঁ। যদি তেওঁ দিয়া বিধানটো পালন কৰিলে তাৰ কিবা ভাল হয়, কি বেয়া কথা।
– ৰিমবা, তয়ো বৰ বেছি বেছি কৰ। কালি ঘৰত কিমান মজা লাগিব। দেউতা, কোৱা না কি হ’ব?
– ঐ গাধ, তই দেউতাৰ ফলিয়া নহ’বি দে। এইবোৰ সব ফাং ফুং। এস এনে তন্ত্র মন্ত্র কৰে। এইবিলাক চুপাৰ্ষ্টিচনক কেতিয়াও চাপোৰ্ট কৰিব নালাগে।
– ঐ, তই চুপ থাক। দেউতা কোৱা না, কি হ’ব।
– আমাৰ এনেয়ে যিবিলাক পূজা পাঠ হয়, সেইবোৰত মন্ত্ৰ থাকে। এইটো এটা বেলেগ ভাগ। যিজন আহিব তেওঁ তান্ত্ৰিক। গতিকে ইয়াত তন্ত্ৰ আৰু মন্ত্ৰ দুয়োটা থাকিব।
– তান্ত্রিক! নাগিন ফিলিমৰ সপেৰা টাইপৰ হ’ব নেকি?
……………………………………
……………………………………

– ঐ, কি কৰিছ। টাবত সেইটো তুলসীৰ পুলি আছিল। বৰমাই দেখিলে মজা দিব।
……. ৰাতিপুৱা। তুলসী ঢাপত তুলসী ৰোৱাৰ সময়ত কাষতে মৰা পুলি এটাৰে থকা টাবটো ভৰিৰে আঁতৰাই দিয়া দেখা পাই চেঁপা মাতেৰে ৰিমলিৰ চিঞৰ।
……তুলসীৰ পুলি বুলি জানি ভাল নালাগিল। ‌লঠিয়াই দিয়া নাই নহয়। অলপ আঁতৰাই দিয়াতনো কি জগৰ লাগিব। তথাপি মাকে নেদেখাটো ভালেই হৈছে। মিছাতে অশান্তি চপাই ল’লেহেঁতেন। আনৰ সন্তোষ্টিৰ বাবেও নিজৰ ইচ্ছাৰ বিপৰীতে কৰিবলগীয়া হোৱাটোও এটা তিক্ততাপূৰ্ণ আত্মসন্তুষ্টি। সাপ, ক’লা কম্বল, নীলা কম্বল, মাটিৰ ঘট….. ৰঙা ধুতি, ৰঙা চাদৰ পিন্ধিব লগা হোৱাটো বিৰক্তিকৰ সন্তু‍ষ্টি। সকলো কথাইতো আৰু মৰা পুলিৰ টাবটোৰ দৰে লঠিয়াই দিব পৰা নাযায়। অসফলতাৰ লেভেল এখন নিজৰ ইচ্ছাৰ বিপৰীতে উৰি লোৱাৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন। হায়ৰে ভাগ্য! ভাগ্যদোয়ৰ বাবে গ্ৰহপাঠ। কাকতালীয় দুঃসংযোগত বিব্ৰত জীৱন। গ্ৰহপাঠেৰে কৰা হ’ব ভাগ্যৰ সৈতে পোনপটীয়া সংযোগ স্থাপন!

-কি কৰিবা বৌ‍, ভাগ্যই বেয়া। কিমান আগ্ৰহেৰে বিধানখিনি পালন কৰাৰ যা-যোগাৰ কৰিছিলোঁ। দাতাই দিলেও বিধাতাই নিদিয়ে। তান্ত্ৰিকজনৰ ষ্ট্রোক হৈছে। কালি ৰাতিৰ পৰাই আই চি ইউত।
……… ফোনটো থৈ খুড়াকে বিষন্ন চিতে ক’লে।
………এটা তপত হুমুনিয়া!
…….. পুনৰ এটা কাকতালীয় দুঃসংযোগ। ভাগ্যোদয়ৰ কানেক্টৰেই আহিব নোৱাৰিব। ভাগ্যোদয় অসম্ভৱ। ভাগ্যই বেয়া।
…. নিশ্বাসত হয়তো নিৰ্গত হ’ল হৃদয়ত থুপ খাব খোজা আৱৰ্জনা। বিষাদাচন্ন মনটোৰ একাংশ এতিয়া কিছু ফৰকাল। মূৰৰ পৰা বোজা ‘এটা’, আঁতৰিল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jaydeb
5 years ago

Really enjayable .