সাপ-(মানৱেন্দ্ৰ কুমাৰ শৰ্মা)

সাপ
-মানৱেন্দ্ৰ কুমাৰ শৰ্মা

আজিও সেই সপোনটো দেখি উৰ্বশীৰ শেষ নিশা অহা চিলমিলিয়া টোপনি ভাগিল৷ তাই একে জাপে বিছনাত উঠি বহিল, উশাহ বোৰ খৰ হ’ল, দেহৰ ভিতৰৰ পৰা উজাই অহা কিবা এটা উষ্ণতাই শীতৰ এই পুৱতি নিশাও তাইক ঘৰ্মাক্ত কৰি তুলিলে৷

হওঁতে মনোহৰ আহি পোৱা কথা আছিল কেতিয়াবাই৷ পিছে তাই বাট চাই আছিল যদিও ছুটীত আহিবলগা মনোহৰে দুটামান তাৰিখ দিয়াৰ পিছতো আহি নোলাল৷ এইবাৰ দীঘলীয়াকৈ ছুটী লৈ আহিম বুলি কোৱাত তাইৰ মনটো উৎফুল্ল হৈ আছে, আশাবোৰো লহপহীয়া হৈ বাঢ়ি আহিছে৷

এইবাৰ সি আহিবয়ে বুলি কোৱাৰ পিছৰে পৰা সপোনটোৱে তাইক সঘনে আমনি কৰা হ’ল! ক’ৰ পৰা যে আহে সেই সাপডাল! এফালৰ পৰা তাইক মেৰিয়াই ক্ৰমশ: পিষ্ট কৰি যেন গ্ৰাস কৰিবহে খুজে৷ তাই অস্থিৰ হৈ উঠে, শ্বাস-প্ৰশ্বাসৰ গতিও খৰ হৈ পৰে!

আৰু এনে পৰত মনোহৰক কাষত বিচাৰি তাইৰ চিত বিয়াকুল হৈ উঠে৷ আজিও তাইৰ তালৈ খুব মনত পৰিল৷ তাৰ কথা মনলৈ আহিলেই তাক কিবা তাইৰ অঁকৰা অঁকৰা যেনো লাগে; আৰু তেনে নহৈ হয়নো কি? বিয়াৰ পিছত তাইৰ লাজৰ ওৰণি খন খহি পৰে মানে তাৰ ছুটী শেষেই হৈ আহিল; কেৱল সিঁচি থৈ গ’ল তাইৰ মাজত সিহঁতৰ আলফুলীয়া সপোনবোৰ! পিছলৈ কণমানি জনীৰ জন্মৰ সময়ত আহি দুদিনমান থাকিয়েই সি গ’ল আৰু এতিয়া তাইৰ বছৰ পূৰ হোৱাৰ সময়ত এই দুই এদিনতে আহি পোৱাৰ কথা৷

আগৰবাৰ ঘৰলৈ আহোঁতে চকুৰ পচাৰতে ছুটীৰ দিন কেইটা যেতিয়া শেষ হোৱা যেন পালে, তেতিয়া মনোহৰক তাই কৈছিল, ’ চাকৰিৰ লেঠা যদি এনেদৰে এঠা লাগিয়েই থাকে, বাদেই দিয়ক নহ’লে? আমাৰতো মাটি-বাৰীও ভালেখিনি আছে, খেতিডৰাত চকু দিলেও দেখোঁ আৰামতে চলিব পাৰিম? মোৰো অকলে অকলে আৰু এনেদৰে থাকি ভাল নলগা হৈছে৷ সীমান্তৰো যিবোৰহে কথা শুনি থাকোঁ, মোৰ ভয় লাগিয়েই থাকে৷ ’

পিছে মনোহৰ হ’ল হোল-গোঁজ মানুহ; তাৰ কথা-বতৰাও তেনেকুৱা৷ ’ মই যদি তোকেই ৰখি থাকোঁ, দেশখন কোনে ৰখিব হা? এনেয়ে শতৰুৱে চল চাই আছে, সুযোগ পালেই হ’ল আৰু৷ আৰু ভয় কৰিবলগীয়া ইমান একো নাই নহয়, তাত মোৰ দৰে আৰু হেজাৰজন আছে৷ ’

তাৰ কথা শুনি তাইৰ খঙো উঠে, হাঁহিও উঠে; ’ইচ্ বৰ একেবাৰে দেশ ৰক্ষাৰ ঠিকাদাৰজন ওলাল! ’

কথাটো হয়, কেও কিছু নোহোৱা মনোহৰৰ দৰে মানুহজনলৈ বিয়া হৈ আহি বাকী ক্ষেত্ৰত তাই সুখীয়েই৷ তাতেই কাষৰ গাঁওখনতে তাইৰ মাকৰ ঘৰ, যাওঁ বুলিলেই তাই যাব পাৰে, আহোঁ বুলিলেই তেওঁলোকো আহিব পাৰে৷ ৰাতি ৰাতি ভায়েকজনো আহি প্ৰায়েই তাইৰ ৰখীয়া হয়৷

কেঁচুৱাজনীৰ কল্কল্নিত তাইৰ সম্বিত ঘূৰি আহিল৷ এনে পৰত তাই সদায়েই সাৰ পায়৷

০০০০০০০০০০০০০০০০০০০০০০০০০

তাই কাজলীক দানা-পানী অলপ যতনাই দিলে৷ পিচে কাজলীয়ে খোৱাত সিমান মন নিদিলে; বেঙা মেলি মেলি কেৱল পদূলিলৈহে চাব ধৰিলে! নঙলাৰ বাহিৰত উচ্পিচাই থকা ষাঁড় কেইটা চকুত পৰাতহে উৰ্বশীৰো খেয়াল হ’ল, কাজলীৰো যে পাল খোৱাৰ সময় হ’ল; এতিয়া কাজলীয়ে গলৰ পঘাডাল আৰু ষাঁড়কেইটাই পদূলিৰ নঙলা নাভাঙিলেই হ’ল আৰু! এইকেইটাৰ উপদ্ৰৱতে কাষৰ ঘৰৰ চেউৰী এজনীৰ পিছ ঠেং এখন দুদিনমান আগতে ভাগিল; পিছত চেগ চাই কাজলিক পাল খোৱাৰ বাবে উলিয়াব লাগিব-তাই ভাবিলে; ৷ সদ্যহতে নঙলা ভাঙিব খোজা ষাঁড় কেইটাক খেদি পঠোৱাহে কথা৷

হওঁতে উৰ্বশী ঘৰ ধৰা তিৰোতাই৷ হাঁহ-পাৰ তাই আগৰে পৰাই ভাল পাইছিল৷ ছোৱালীজনীৰ জন্মৰ পিছত গাইটোও আনিলে আৰু নাম ৰাখিলে কাজলী৷ কাজলীক লৈ মনোহৰৰ অলপ চিন্তা হৈছিল যদিও এইৰ প্ৰত্যয়ভৰা কথাত সিও আশ্বস্ত হৈছিল৷ হয়, কণমানি জনীৰ বাবেই এতিয়া গাখীৰ এটুপি হ’লে ভাল৷ ঘৰৰ পিছফালৰ পথাৰখনতে তাইক এৰাল দি ৰখাৰ সুবিধা আছে, খেতি-মাটি আধিত দিলেও পোৱা খেৰখিনিৰে বছৰদিন আটি যাব৷

০০০০০০০০০০০০০০০০০০০০০০০০

তাই কাজলীক এৰাল দিবলৈ বাৰীৰ পিছফালে থকা পথাৰলৈ নিলে৷ এবাৰ ভাবিলে, আজি তাইক এৰাল মুক্ত কৰি দিব নেকি? নাই নাই, ইমান মুকলিকৈ এৰি দিলে ক’ৰ পানী ক’লৈ যায় ঠিক নাই৷ সদ্যহতে বান্ধোনত ৰাখি আলেঙে আলেঙে চাই থকাই ভাল৷

কিন্তুু পথাৰলৈ গৈয়েই তাই দেখিলে কামেশ্বৰক! কিয় আহিছে সি? নে সিও তাইৰ দৰে সমস্যা লৈ আহিছে!

তাইৰ কিবা এটা ভাল নালাগিল৷ এনেয়ো বিয়াৰ আগৰ পৰা তাইৰ মন পাবলৈ কৰা প্ৰচেষ্টা সি এতিয়াও বাদ দিয়া নাই; সুযোগ পালেই এতিয়াও তাইক কিবাকিবি ইঙ্গিত দিব খুজে৷
তাই কাজলীক লৈ ঘৰলৈ উভতি আহিল আৰু খেৰ অলপ আনি তাইৰ আগত থ’লে৷

মাজে মাজে চাই তাই দেখিলে- কাজলীৱে উচপিচাই আছে৷ উৰ্বশীৰো একোতেই মন বহা নাছিল৷ খাবলৈও মন নোহোৱাত ছোৱালীজনীক কিবা অলপ খুৱাই তাইৰ স’তে বিছনাত পৰিল৷
কিমান সময় শুইছিল তাইৰ খেয়ালেই নাছিল; সাৰ পাইহে দেখিলে, বেলা পৰিয়েই আহিল!
কাজলীৰ পিনে চাই দেখিলে, তাইৰ সমুখত দিয়া খেৰ তেনেকৈৱে পৰি আছে৷ কথাটো ভাবি তাইৰ বেয়াও লাগিল; কি কৰা যায় এতিয়া? তাই পদূলিলৈ চালে৷

০০০০০০০০০০০০০০০০০০০০০০০০০

উৰ্বশীৰ একোৱেই ভাল নলগা হৈছিল৷ কি কৰিব, কি নকৰিব একো বুজিব পৰা নাছিল৷ কিবা এক অস্থিৰতাই তাইৰ সকলো খেলি-মেলি লগাইছিল৷
এপাকত গৈ তাই আইনাৰ সমুখত থিয় হ’ল৷ পাৰ্যমানে প্ৰসাধনেৰে নিজকে সজ্জিত কৰিলে, বাকচৰ পৰা শাৰীবোৰ উলিয়াই এখন এখনকৈ পিন্ধিলে আৰু নিজকে আইনাত ভিন ভিন ভঙ্গীমাত চাই যেন তাতেই মত্ত হ’ল! আহ্ এই মুহূৰ্ততে যদি মনোহৰ আহি ওলালহেঁতেন!

আৰু সঁচাকৈৱে সেই মুহূৰ্ততে বাহিৰত কোনোবা এজন আহি পোৱাৰ উমান দিলে৷
উল্লসিত মনে তাই বাহিৰলৈ উধাতু খাই আহিল৷
পিছে পিয়নজনহে!
চিঠিখন তাই হাত পাতি ল’লে৷
একে উশাহতে চিঠিখন পঢ়ি অতদিনে লহপহীয়া হৈ বাঢ়ি অহা তাইৰ সকলো আশা মুহূৰ্ততে চূচুৰ্মৈ হৈ পৰিল৷ সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে মনোহৰৰ মঞ্জুৰ হোৱা ছুটী এইবাৰো শেষ মুহূৰ্তত বাতিল হ’ল!
তাইৰ দুচকুৰ পানী ধল হৈ বাগৰিল৷ আৰে হ’ল বুলি সদায়েই তাইৰ ক্ষেত্ৰতহে এনে হ’ব লাগেনে?

তাইৰ সমুখৰ সকলোবোৰেই বিসদৃশ হৈ উঠিল৷ পাৰভঙা ক্ষোভ আৰু বিতৃষ্ণাই মনোহৰৰ প্ৰতিও তাইক বিক্ষুব্ধ কৰি তুলিলে৷ সপোনটো দেখি দেহৰ ভিতৰৰ পৰা উজাই অহা সেই অবুজ উষ্ণতা আৰু এই বিক্ষুব্ধতাৰ মিশ্ৰণে তাইৰ সকলোবোৰেই খেলি-মেলি লগালে৷
পখীবোৰ ঘৰমুৱা হোৱাৰ সময়তে, মুকলি বতাহ বিচাৰি তাই বাহিৰলৈ ওলাল৷ কিহৰ প্ৰৰোচনাত কেনেকৈ গৈ গাঁৱৰ এমূৰে থকা নৈৰ পাৰ পালে তাই নিজেই নুবুজিলে৷

নৈৰ পাৰত ইঠাৎ তাই কোনোবা এজনক দেখা যেন পালে- কোন? কামেশ্বৰ! ইয়াত কি কৰি আছে! নে তাইকে অনুসৰণ কৰি আহিছে!

নৈৰ পাৰৰ এজাক বলিয়া বতাহে আচম্বিতে তাইক চুই গ’ল আৰু সেই স্পৰ্শত তাইয়ো যেন অত্যুৎসাহী হৈ উঠিল৷

তাইৰ ভাইটিও মোমায়েকৰ ঘৰলৈ দীঘলীয়াকৈ ফুৰিবলৈ যোৱাত এইকেইদিন তাইৰ উৰুঙা উৰুঙা লাগি থকা ভাবটোত মনোহৰৰ ছুটী বাতিল হোৱাৰ খবৰটোয়ে ঘিউ হৈ জ্বলাইছিল৷ কথাখিনি কিদৰে তাক বুজাব, তাই সেই অংক মিলাব খুজোঁতেই কোঁচৰ কেঁচুৱাজনীয়ে খপ্জপাই উঠিল; তাইৰো অংকবোৰ কিবা নিমিলা যেন হৈ পৰিল৷
তাই আৰু তাত নৰ’ল৷ কেঁচুৱাজনীৱে সোণকালে শোৱে, তাইক কিবা অলপ খুৱাব লাগিব৷

ঘৰ পাই তাই কাজলীৰ গলৰ পঘাডাল সোলোকাই দিলে আৰু নঙলাডালো খুলি দিবলৈ পদূলিলৈ আগবাঢ়িল৷
তেনেতে কৰবাত ৰেডিঅ’ত বাজি থকা সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ বাতৰিটো বতাহত ভাঁহি আহি ৰিণি-ৰিণি তাইৰ কাণত সোমাল৷

তাই সচকিত হৈ উঠিল৷ মনোহৰৰ প্ৰতিও বেলেগ এটা চেনেহ মুহূৰ্ততে তাইৰ অন্তৰত উথলি উঠিল৷
নিৰ্মল আকাশত ফটফটীয়া হৈ উঠা পূৰ্ণিমাৰ জোনটোলৈ চাই তাই এটা দীঘলকৈ উশাহ ল’লে৷

দেউতাকে সীমান্তত শত্ৰুৰ লগত বীৰত্বৰে যুঁজ দিয়াৰ কাহিনী কণমানী জীৱেকক শুনাই শুনাই তাই খুলিব অহা নঙলাডাল নিকপ্কপীয়াকৈ বন্ধ কৰি ঘৰৰ ভিতৰ সোমাল৷

-×-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments