সাপ সাপ হৈ থকাই ভাল – অসীম শইকীয়া

 

এবাৰ গৌতম বুদ্ধই শিষ্যৰ লগত বিশেষ আলোচনা কৰি থাকোতে সেইসময়ত ৰজা অজাতশত্ৰুৰ আগমণ হ’ল৷ ইতিমধ্যে অজাতশত্ৰু বুদ্ধৰ অনুগামী হৈ পৰিছিল৷

অজাতশত্ৰুৱে বুদ্ধক আহি ক’লে- হে বুদ্ধ, যেতিয়াৰ পৰাই মই আপোনাৰ শৰণ ল’লো, বিভিন্ন মানুহ আৰু মোৰ প্ৰজাই মোৰ সৰলতাৰ সুযোগ লৈ মোক ইতিকিং আৰু হাঁহিৰ প্ৰাত্ৰ কৰি তুলিছে৷ আপুনি জানে আগতে মই কিমান ক্ৰুৰ আৰু নৃশংস আছিলো৷ হত্যা কৰিবলৈ, মৃত্যুদণ্ড দিবলৈ এটা ক্ষণ চিন্তা কৰা নাছিলো৷ সকলো মানুহে মোলৈ ভয় কৰিছিল৷ কিন্তু এতিয়া এনে কাম কৰিবলৈ মোৰ মন নকৰে৷ মই সকলোৰে লগত ভালেৰে জীৱন কটাব বিচাৰো৷ কিন্তু এই সকলোবোৰৰ বিপৰীত প্ৰতিক্ৰিয়াহে হব ধৰিছে৷ মানুহে বিপৰীত ভাৱে সকলো লৈছে, সৰলতাৰ সুযোগ লৈ সকলোৱে বেলেগ চিন্তাহে কৰিবলৈ লৈছে৷ মোৰ দেশ শাসন কৰাত বহুতো অসুবিধা হৈছে৷

বুদ্ধই তেতিয়া অজাতশত্ৰুক এটা কাহিনী শুনালে- এবাৰ এজন বৌদ্ধ ভিক্ষুৱে বহু দূৰ খোজকাঢ়ি আহি এজোপা গছৰ তলত জিৰাবলৈ মন কৰিলে৷ তাকে দেখি গাৱঁৰ মানুহে তেওঁ ক বাধা দিলে আৰু ক’লে যে গছজোপাৰ তলত এডাল বিষাক্ত সাপে বাস কৰে৷ গাৱঁৰ বহুত মানুহক খুটিলে আৰু মৃত্যুমুখত পেলালে৷ কৃপা কৰি আপুনি তালৈ নাযাব৷

ভিক্ষুজনে ক’লে- বন্ধু সকল চিন্তা নকৰিবা, সকলো এদিন মৰিবই লাগিব৷ যদি মৰিবলগীয়া আছে সাপটোৰ কাৰণেই মই মৰিম৷ একো ডাঙৰ কথা নহয়৷

ভিক্ষুজন গছজোপাৰ তলত জিৰণি লবলৈ বহি পৰিল৷ অলপ দেৰি পাছত সাপটো আহি ভিক্ষুজনৰ ওচৰ পালেহি আৰু সুধিলে- হে ব্যক্তি, মোলৈ তোমাৰ ভয় নালাগে, ইয়াত মোৰ বাসস্থান, সকলোৱে বাধা দিয়াৰ সত্ত্বেও তুমি ইয়ালৈ আহিছা৷

ভিক্ষুজনে ক’লে- ইয়াত ভয় কৰিবলগীয়া কি আছে, তুমি যি কৰা এইকাৰণেই কৰা যে তোমাৰ মোতকৈ ভয় বেছি কাৰণ তুমি ভাবা যে তোমাক মাৰি পেলাব যদি তুমি আনক নামাৰা৷ সেইকাৰণে তুমি দংশন কৰা৷ মোৰ মৃত্যু লৈ ভয় নাই, জীৱনৰ প্ৰতিও হাবিয়াস নাই৷ কোনেও মোক লোকচান কৰিব নোৱাৰে৷

সাপটোৱে এনেকুৱা ব্যক্তি আগতে পোৱা নাছিলে৷ আগতে এনেকুৱা ব্যক্তিহে পাইছিল যি তাক মাৰিবলৈ খেদি ফুৰে বা যি তাক দেখি ভয়তে পলায়৷

অৱশেষত সাপটোৱে ক’লে- হে ব্যক্তি, আজিলৈকে মই যি কৰিছো নিজক বচাবৰ কাৰণেই কৰিছো, মই যদি উগ্ৰ নহও মোক কোনো ব্যক্তিয়েই জীৱিত নাৰাখে৷

ভিক্ষুৱে ক’লে-তুমি সত্য কৈছা, কিন্তু তুমি যদি এই মায়া মোহ ভয়ৰ পৰা মুক্ত হব বিচাৰা, তেন্তে তুমি শান্ত হোৱা, প্ৰেমপূৰ্বক জীয়াই থাকা, জীৱন এদিন নহয় এদিন শেষ হবই৷ ইয়াকে কৈ ভিক্ষুজনে সেই ঠাই পৰিত্যাগ কৰিলে, আনহাতে সাপটোৱে ভিক্ষুজনৰ বাক্য হৃদয়ঙ্গম কৰি ল’লে আৰু পণ কৰিলে কোনোদিনে ক্ৰোধ, হিংসা, ভয়ৰ আশ্ৰয় নলয়৷

যেতিয়াই সাপটোৱে হিংসা, ক্ৰোধ এৰি দিলে তেতিয়াৰ পৰা এক বিপৰীত প্ৰতিক্ৰিয়া হে আৰম্ভ হবলৈ ধৰিলে৷ ভাল বুলিবলৈ একোৱেই নহ’ল৷ যি সাপটোক দেখি পলাইছিল, সি উভতি তাক মাৰিবলৈ খেদি গ’ল৷ সাপটো শান্ত হৈ থাকিল, ভয়ো কৰিবলৈ এৰি দিলে৷ উভতি নধৰা হ’ল৷ মানুহৰ কোব খাই সাপটোৰ শৰীৰত গভীৰ আঘাতৰ চিন দেখা পোৱা গ’ল৷ লাহে লাহে সি দুৰ্বল হৈ আহিল৷ এই সকলোৰে কাৰণ হ’ল সি মানুহক আকৌ খুটিব নিবিচাৰে, মানুহক ভালপাবলৈ শিকিবলৈ ল’লে৷

বিষত জৰ্জড়িত সাপটোৱে আকৌ এদিন গছজোপাৰ ওচৰলৈ গ’ল আৰু সেই বুদ্ধ ভিক্ষুজনক লগ পালে৷ ভিক্ষুজনে দেখিলে আগতে সাপটোৰ কি স্থিতি আৰু এতিয়া তাৰ কি স্থিতি৷

সাপটোৱে ভিক্ষুজনক ক’লে- হে প্ৰভু, আপুনি কৈছিল মই শান্ত হও, সকলোকে ভালপাবলৈ শিকো, প্ৰেম কৰিবলৈ শিকো, চাওকচোন মোৰ এতিয়া কি অৱস্থা, মানুহে মোক কি কৰিলে, জীয়াই থাকিবলৈও মোৰ অসুবিধা হৈছে এতিয়া, কি কৰো মই৷

ভিক্ষুৱে ক’লে- হে মিত্ৰ, মই এইটো তোমাক কোৱা নাছিলো যে তুমি তোমাৰ স্বভাৱক সলাই পেলোৱা, ক্ৰুৰতা, হিংসুক তোমাৰ স্বভাৱ, যদি তুমি ক্ৰুৰ আৰু ক্ৰোধী নোহোৱা শত্ৰুৱে তোমাক শেষ কৰি পেলাব৷ তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে ভিতৰৰ পৰা তুমি হিংসুক আৰু ক্ৰোধী হৈ থাকা৷ শান্ত তুমি ভিতৰৰ পৰা হোৱা৷ বাহিৰত তুমি এইখিনিয়েই দেখুৱাই থাকা যিখিনি তোমাৰ জীয়াই থাকিবৰ বাবে প্ৰয়োজন৷ তুমি বিষধৰ, তোমাৰ প্ৰতি মানুহৰ ভয় হোৱাটো জৰুৰী৷ সেই ভয় নহলে তুমি জীয়াই থাকিবও নোৱাৰা৷ মাত্ৰ ভিতৰত তোমাৰ কাৰো প্ৰতি লোকচানৰ হাবিয়াস থাকিব নালাগে মাত্ৰ তোমাৰ প্ৰতি আনৰ ভয়খিনি যাতে বৰ্তি থাকে সেইকথাহে মন কৰিবা৷ তোমাৰ উদ্দেশ্য যদি প্ৰেমপূৰ্বক হয়, তোমাৰ একো বিপদ নহয়৷

গৌতম বুদ্ধই ক’লে-৷ অজাতশত্ৰু, কি বুজিলা তুমি? তুমি তোমাৰ স্বভাৱ সলনি কৰিব নালাগে, নিজকে ভিতৰৰ পৰা সলনি কৰা, বাহিৰত তুমি তেনেকৈ থাকা, যেনেকৈ আগতে আছিলা৷ ৷ ৷

অসীম শইকীয়া

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments