সাম্প্ৰতিক প্ৰেক্ষাপটত অসম সাহিত্য সভা (জিতেন বেজবৰুৱা)

সংগঠন তথা সামাজিক প্ৰভাৱৰ দিশৰপৰা অসম সাহিত্য সভাই অসমৰ ঘাই সামাজিক-সাংস্কৃতিক অনুষ্ঠান হিচাপে বহু দশক ধৰি মূল্যৱান ভূমিকা পালন কৰি আহিছে। এই গুৰুত্বৰ বাবেই অসমৰ জাতীয় জীৱনৰ আলোচনাত সাহিত্য সভাৰ ইতিহাস তথা কৰ্মৰাজিৰ নিৰ্মোহ বিশ্লেষণ কৰাটো অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ। সভাৰ প্ৰতি নস্যাৎবাদী মনোভাব পোষণ কৰাটো যিদৰে অন্ধত্বৰ নামান্তৰ হ’ব, সেইদৰে তাৰ অন্তৰ্নিহিত সীমাবদ্ধতা তথা ভুলবিলাকৰ প্ৰতি আওকণীয়া হৈ থকাটোও জাতীয় পক্ষেই বিপজ্জনক বুলি ইতিহাসে প্ৰমাণ কৰিছে। কোৱা বাহুল্য যে সাহিত্য সভাৰ ভাবাদৰ্শগত সীমাবদ্ধতা তথা অদূৰদৰ্শী কাৰ্যকলাপে জন্ম দিয়া পৰিণামবোৰে সভাক আৱৰি ৰখা জাতীয় আৱেগৰ ডাঠ আৱৰণ ভেদি আমাৰ সন্মুখত মূৰ দাঙি উঠিছে। নিৰ্মম আৰ্থ-সামাজিক শোষণ, বৈষম্য, কৰাল দাৰিদ্ৰ্য, ব্যাপক কুসংস্কাৰ, কেন্দ্ৰ চৰকাৰৰ অৱহেলা, শোষণ, উগ্ৰপন্থীৰ সমস্যা, জনগোষ্ঠীগত উত্থান আৰু বিচ্ছিন্নতাবাদ আদি যিবিলাক সমস্যাই অসমৰ জনসাধাৰণক পিষ্ট কৰি পেলাইছে, সেইসমূহৰপৰা মূৰ তুলি সাহিত্য সভাৰ পিনে চালে স্বাভাৱিকতেই হতাশ হ’বলগীয়া হয়। সভাৰ এনে দুৰ্ভাগ্যজনক অৱস্থানো ইয়াৰ ভাবাদৰ্শগত সীমাবদ্ধতাৰে অনিবাৰ্য পৰিণতি।

অসম সাহিত্য সভাৰ ইতিহাস অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ বিকাশ তথা শ্ৰেণীটোৰ আধিপত্যকামী ৰাজনীতিৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। সাহিত্য সভাৰ মঞ্চ ব্যৱহাৰ কৰি এই শ্ৰেণীটোৱে চলোৱা ভাষিক জাতীয়তাবাদৰ ৰাজনীতিয়ে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত কোনবোৰ পৰিণামৰ জন্ম দিলে সেই সম্পৰ্কে বিদ্বানসকলে ইতিমধ্যে বিস্তৃতভাৱে আলোচনা কৰিছে। আমি তাৰ পুনৰাবৃত্তি নকৰি আন দুই-এটা কথালৈহে মনোযোগ দিব খুজিছো। আধুনিক জাতীয় ভাষাৰ উদ্ভৱ বা নিৰ্মাণ তথা বিকাশৰ প্ৰক্ৰিয়াটো আধুনিক জাতি গঠনৰ সৈতে নিবিড়ভাৱে সংযুক্ত। ‘নিৰ্মাণ’ শব্দটো ব্যৱহাৰ কৰিছো এইবাবেই যে প্ৰসিদ্ধ সমাজবিজ্ঞানী এ’ৰিক হবছবমে ক’বৰ দৰে – “almost all national languages are semi artificial constructions”. (E.J. Hobsbawm, Nations and Nationalism since 1780, CUP, p. 54) জাতি গঠনৰ প্ৰক্ৰিয়াত আগভাগ লোৱাৰ নিচিনাকৈ জাতীয় ভাষাৰ বিকাশৰ প্ৰক্ৰিয়াটোতো আগভাগ লয় সমাজৰ নৱোত্থিত বুৰ্জোৱা শ্ৰেণী বা বুৰ্জোৱা উপাদানসমৃদ্ধ মধ্যবিত্ত শ্ৰেণীৰ বুদ্ধিজীৱীসকলে। “The mystical identification of nationalities with a sort of platonic idea of language, existing behind and above all its variant and imperfect versions is much more characteristic of ideological construction of nationalist intellectuals. . .” (ibid., p. 57) কাৰণ জাতীয় ভাষা হ’ল উত্থানশীল মধ্যবিত্ত শ্ৰেণীৰ বাবে এনে এক আহিলা, যাৰ দ্বাৰা এক বহল ঐতিহাসিক সাংস্কৃতিক ক্ষেত্ৰত এক ঐক্য প্ৰতিষ্ঠা কৰি আধুনিক জাতিসত্তাৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিত্তি বান্ধিব পাৰি আৰু তাৰ বাবে উক্ত শ্ৰেণীটোৰ নিৰংকুশ আধিপত্য থকা এক ৰাজনৈতিক প্ৰভাৱ-ক্ষেত্ৰ গঢ়ি তুলিব পাৰি। শুভ-অশুভ সকলো পৰিণাম মিলাই অসম সাহিত্য সভাৰ ভাষিক জাতীয়তাবাদৰ ৰাজনীতিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগৰীয়া হিচাপে নিশ্চয় এনে দৃষ্টিকোণৰপৰাই চাব লাগিব। এতিয়া কথা হ’ল, ইতিহাসৰ কঠোৰ শিক্ষা গ্ৰহণ কৰি জনগোষ্ঠীৰ ভাষাৰ প্ৰতি সাহিত্য সভাই কিছু উদাৰতা পোষণ কৰিবলৈ লৈছে যদিও সভাৰ ভাষা-চেতনা তথা ভাষা-সম্পৰ্কীয় চিন্তা-চৰ্চা তাহানিৰ পুৰণি ৰূপতে ৰৈ গৈছে। কিন্তু বাস্তৱত আমি আজি ইতিহাসৰ বেলেগ এটা পৰ্যায়ত বাস কৰিছো : জনগোষ্ঠীয় আন্দোলন তথা জনগোষ্ঠীয় ভাষাসমূহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ বৰ্তমান পৰ্যায়ত অসমৰ বহুজাতীয়তা তথা বহুভাষিকতা বিনম্ৰভাৱে স্বীকাৰ কৰি লোৱাৰ বিকল্প বোধকৰো নাই। আনহাতে, অসমীয়া ভাষাই আজি নতুন ভাবুকিৰ সন্মুখীন হৈছে : বিশ্বায়নৰ সমান্তৰালভাৱে ইংৰাজী ভাষাই ইয়াৰ ওপৰত আক্ৰমণ চলাইছে, যাৰ সৈতে আন্তৰ্জাতিক পুঁজিৰ আগ্ৰাসনৰ সম্পৰ্ক ঘনিষ্ঠ; হিন্দী ভাষাৰ যি আগ্ৰাসন তাৰ সৈতে ভাৰতৰ বৃহৎ বুৰ্জোৱাৰ শোষণৰ স্বাৰ্থ জড়িত হৈ আছে। অসমীয়া ভাষাৰ ওপৰত ইংৰাজী-হিন্দীৰ যুগপৎ আক্ৰমণৰ প্ৰতি অসম সাহিত্য সভাই পৰিপক্ব সচেতনতাৰ পৰিচয় দিছেনে? মুঠ কথাত, অসমীয়া ভাষাৰ পৰিবৰ্তিত আৰু বহুমাত্ৰিক ব্যঞ্জনা উপলব্ধি কৰাৰ লক্ষণ সাহিত্য সভাৰ কাৰ্যকলাপত পৰিলক্ষিত হৈছেনে?

জনগোষ্ঠীয় আন্দোলনসমূহে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছৰেপৰা সাহিত্য সভাৰ মঞ্চত অসমৰ সকলো জাতি-গোষ্ঠীৰ মাজত সম্প্ৰীতি-সমন্বয় স্থাপনৰ বাণী বাৰম্বাৰ ঘোষিত হৈ আহিছে। কিন্তু কোনোধৰণৰ বাস্তৱসন্মত কাৰ্যসূচী অবিহনে এনে বাণীসমূহ আন্তৰিকতাবিহীন শ্লোগান হিচাপেই প্ৰতীয়মান হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলিত সাংস্কৃতিক কাৰ্যসূচী, শোভাযাত্ৰা আদিৰ ক্ষেত্ৰত সভাৰ যথেষ্ট উৎসাহ পৰিলক্ষিত হয়। কিন্তু এইসমূহে অসমৰ নৃগোষ্ঠীয় সমস্যাৰ ভয়াৱহতা পাহৰাই সমন্বয়ৰ এক ভুৱা আত্মসন্তুষ্টি লভিবলৈ ৰাইজক প্ৰৰোচিত কৰে যেন ভাব হয়। জনগোষ্ঠীয় ভাষা-সংস্কৃতিৰ অধ্যয়নৰ দিশত সভাৰ পৰিবৰ্ধিত গুৰুত্ব প্ৰদান নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। কিন্তু নিছক ভাষিক-সাংস্কৃতিক এনে অধ্যয়নত জনগোষ্ঠীসমূহৰ ৰাজনৈতিক প্ৰশ্নসমূহ সযতনে পৰিহাৰ কৰা হয়। সেইবাবেই জনগোষ্ঠীসমূহৰ ৰাজনৈতিকভাৱে সচেতন অংশটোৱে সাহিত্য সভাৰ এনে কাৰ্যসূচীৰ প্ৰতি সঁহাৰি দিব বুলি বা জনগোষ্ঠীয় ৰাইজ ইয়াৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হ’ব বুলি আশা কৰা ভুল।

সাহিত্যক জগতৰ কলুষ-কালিমাৰপৰা মুক্ত কিম্বা স্বৰ্গীয় পৱিত্ৰ পদাৰ্থ বুলি গণ্য কৰাটো আমাৰ বোধেৰে বৰ শুদ্ধ নহয়। সাহিত্যই শিপা মেলে সমাজবাস্তৱত; গতিকে সমাজবাস্তৱৰ মাজত ক্ৰিয়াশীল ৰাজনীতিৰপৰা সি কোনোমতেই মুক্ত নহয়। সাহিত্যক সম্পূৰ্ণৰূপে ৰাজনীতিবিহীন বুলি ভবাটো হয় ৰাজনৈতিক চেতনাৰ অভাৱৰ পৰিচায়ক নতুবা প্ৰচলিত ৰাজনীতিৰ ওচৰত আত্মসমৰ্পণক ঢাকি ৰখাৰ এক কৌশল মাত্ৰ। (উল্লেখ্য যে ক্ষমতা আৰু শ্ৰেণীগত আধিপত্যৰ প্ৰশ্নত আমি ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছো, যদিও নিৰ্বাচনী ৰাজনীতিৰ সৈতে ইয়াৰ পৰোক্ষ সম্পৰ্ক নোহোৱা নহয়।) সৃষ্টিশীল সাহিত্যিক এজনৰ ওপৰত এনে ধাৰণা জোৰকৈ আৰোপ কৰিব খোজাটো নিঃসন্দেহে ভুল হ’ব; কিন্তু সাহিত্য চৰ্চাক পৰিচালনা তথা দিকনিৰ্দেশ কৰা সংগঠন এটাৰ সাহিত্যৰ সামগ্ৰিক তাৎপৰ্য সম্পৰ্কে স্পষ্ট স্থিতি থকাটো অৱশ্যকৰ্তব্য। ক’বলৈ গ’লে, যিকোনোধৰণৰ জীৱনবোধসম্পন্ন সাহিত্যৰে এটা যোগাত্মক ৰাজনৈতিক তাৎপৰ্য থাকে : এটা কবিতাই যদি আমাৰ আৱেগিক সমৃদ্ধিত অৰিহণা যোগাব পাৰে তেন্তে সি পৰোক্ষভাৱে ভোগবাদৰ প্ৰসাৰতো বাধা জন্মাব; এখন উপন্যাসে যদি লোকজীৱনৰ প্ৰতি আমাক গভীৰভাৱে আকৃষ্ট কৰিব পাৰে তেন্তে সি আমাক ঐতিহ্যৰ শিপা সবল কৰাত সহায় কৰিব পাৰিব। আনহাতে, ভোগবাদী, জীৱনবিমুখ, আধ্যাত্মিকতাবাদী সাহিত্যই আমাক মানসিকভাৱে আত্মসন্তুষ্ট কৰি ৰাখে আৰু সন্মুখৰ কঠোৰ বাস্তৱৰপৰা পলায়নৰ বাট মুকলি কৰি দিয়ে। কিন্তু অসম সাহিত্য সভাৰ ক্ষেত্ৰত সমস্যাটো হ’ল, ই এফালে নিজকে ৰাজনীতিৰ ধূলি-মাকতিৰপৰা আঁতৰত থকা বুলি প্ৰতিপন্ন কৰিব খোজে (এনেও অসমত ‘অৰাজনৈতিক’ নামটোৰ কদৰ বেছি; এইটো নাম লৈ ৰাজনীতি কৰিবলৈ আটাইতকৈ সুবিধা) আৰু আনফালে ই সদায়ে প্ৰতিক্ৰিয়াশীল ৰাজনীতিত (সমাজবাস্তৱিক আৰু সংসদীয় দুয়োবিধ) টেঁটুলৈকে নিমজ্জিত হৈ আহিছে। এনে ভণ্ডামিৰ বাবেই সাহিত্য সভাই নিম্ন মানৰ, প্ৰতিক্ৰিয়াশীল ভাবাপন্ন সাহিত্যৰ পৃষ্ঠপোষকতা কৰাতহে উৎসাহ দেখুৱায়; ছিৰিয়াছ, জীৱনবোধসম্পন্ন সাহিত্যৰপৰা আঁতৰি থাকে। অৰ্থহীন মেলামুখী আয়োজনত সভা সদায় আগৰণুৱা; কিন্তু নীৰৱ অজলা দৰ্শক অথবা শোভাযাত্ৰাত অংশগ্ৰহণকাৰী হিচাপে নিষ্ক্ৰিয় ভূমিকাতে সন্তুষ্ট থাকিবলগা হ’লে সৰ্বসাধাৰণ ৰাইজে ভাষা-সাহিত্যৰ প্ৰতি আত্মিক টান অনুভৱ নকৰাই স্বাভাৱিক।

ভাবাদৰ্শগত প্ৰশ্নৰ সন্মুখীন নোহোৱাকৈও মোটামুটিভাৱে সাহিত্য সভাই ভালেমান ভাল কাম কৰিব পাৰিলেহেঁতেন। শিক্ষাৰ প্ৰসাৰ, মানসম্পন্ন সাহিত্যৰ জনপ্ৰিয়কৰণৰ বাবে কিছুমান সাধাৰণ কাৰ্যসূচী হাতত ল’ব পাৰিলেহেঁতেন। পৰিবৰ্তিত সাহিত্যতত্ত্ব সম্পৰ্কে সম্যক ধাৰণা গঢ় দি সেইমতে নতুন প্ৰজন্মৰ সাহিত্যচৰ্চাক কিছু পথনিৰ্দেশ কৰিব পাৰিলেহেঁতেন, উচ্চ বিদ্যায়তনিক শৃংখলাৰ পৰম্পৰা সৃষ্টি কৰাত আগভাগ ল’ব পাৰিলেহেঁতেন। কিন্তু সভাৰ প্ৰতিক্ৰিয়াশীল ৰাজনীতিয়ে এতিয়া এনে এক অৱক্ষয়িত স্তৰ পাইছেগৈ যে ফলস্বৰূপে সি সাহিত্য চৰ্চাৰ অনুষ্ঠান হিচাপে তাৰ ন্যূনতম যোগ্যতাখিনিৰো পৰিচয় দিব নোৱৰা হৈ পৰিছে। লগতে সভাৰ আত্মসন্তুষ্ট নেতৃবৃন্দৰ মাজত যি ঠিকাদাৰসুলভ অৰ্থচিন্তা, ৰাজনীতিকসুলভ জাকজমকতা-প্ৰীতি তথা জ্ঞান সাধনাৰ প্ৰতি আমোলাসুলভ বিৰাগ পৰিলক্ষিত হয় তাৰ পৰিপ্ৰেক্ষিতত তেনে আশা নকৰাই যুগুত। নতুন প্ৰজন্মৰ ওপৰত সভাই গুৰুত্ব নিদিয়া নহয়, কিন্তু পৰিবৰ্তিত সামাজিক পৰিস্থিতি আৰু সাহিত্যৰ সাহিত্যিক-বৌদ্ধিক মান সম্পৰ্কে সভাৰ মূঢ়তাৰ বাবে নতুন প্ৰজন্মসমূহে সভাৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰাই স্বাভাৱিক।

ভাবাদৰ্শগত দুৰ্বলতা তথা নেতৃত্বৰ হঠকাৰিতা-দুৰ্নীতিৰ পৰিণতিস্বৰূপে এসময়ৰ অসমৰ জাতীয় জীৱনৰ এটা কেন্দ্ৰীয় অনুষ্ঠান সাহিত্য সভা আজি তেনেই প্ৰান্তীয় অৱস্থানলৈ অপসাৰিত হৈছে। সুস্থ ৰাজনীতিক আঁকোৱালি লোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিলে সাহিত্য সভা পুনৰুজ্জীৱিত হৈ উঠিব পাৰিব; অন্যথা তাৰ ভৱিষ্যৎ অন্ধকাৰ।

(পূৰ্ব প্ৰকাশিত : ‘জনসাধাৰণ’, ১১ ফেব্ৰুৱাৰি, ২০১২, পৃ. ৪)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments