সাম্প্ৰতিক সময় –মনমী দাস

ৰাতিপুৱাৰ পৰা ৰাতিলৈ পেন্দুকণাবোৰে স্মাৰ্টফোনবোৰ পিতিকি থকা দেখিলে গাটো সিৰসিৰাই যায়৷ সিহঁতৰ আদৱ-কায়দা, কথোপকথোন, মহাদেশীয় খাদ্য সম্ভাৰৰ নীৰস আলোচনাই মোৰ মনত প্ৰশ্নৰ জোৱাৰ-ভাটা তোলে৷ ফুলকুমলীয়া বয়স অথচ হাতত উন্নত দামী মোবাইল ফোন৷ কেইদিনমান আগতে মোৰ সহযাত্ৰী এজনে ক’লে, “মোৰ ল’ৰা-ছোৱালীহালক মোবাইল হাতত নিদিলে ভাতকেই খাব নোখোজে৷ “ ( বয়স দুইৰ পৰা আঢ়ৈবছৰ)৷ লগে লগে আন এজনে মাত লগালে, “বুজিছোঁ বাইদেউ, মোৰো একেই অৱস্থা৷ মোৰ হালৰ আকৌ কাৰ্টুন প্ৰীতি৷ কাৰ্টুন চাই চাই ইমানে সলসলীয়াকৈ হিন্দী ক’ব পৰা হ’ল নহয়, ঘৰত অকল হিন্দীয়ে চলি থাকে অনবৰতে৷ “ কথাখিনিত মোৰ গাৰ নোম সিয়ঁৰি উঠিছিল৷ অনবৰতে হিন্দীত কথা কয়? অলপ আচহুৱা ধৰণৰ লাগিল নিজকে৷
বহুদিনৰ পাছত বাইদেউ এজনীক লগ পালোঁ সেইদিনা৷ শুকাই-ক্ষীণাই অৱস্থা নাই একেবাৰে৷ কিবা অসুখ হ’ল নেকি সোধোতে হামিয়াই হামিয়াই ক’লে, “নক’বা বুজিছা, কেইদিনমানৰ পৰা ৰাতি ৰাতি শুব পৰা নাই৷ ল’ৰাৰ পৰীক্ষাযে! ইমান যে পঢ়াব লগা হয় মানে৷ সেয়ে টোপনি ক্ষতি আৰু! জানাইতো আজিকালিৰ প্ৰতিযোগিতা (ল’ৰাজন ইউ.কে.জি.ত পঢ়ে)৷ মই বোলো শিক্ষান্ত পৰীক্ষাতো ইমান পঢ়া নাছিলোঁ৷
এই যে মোবাইল, কাৰ্টুন প্ৰীতিবোৰ দিনক দিনে বাঢ়ি আহিছে তাৰ বাবে আচলতে জগৰীয়া কোন? মাতৃভাষাৰ ঠাই হিন্দী, ইংৰাজীয়ে দখল কৰিছে, বিহুমঞ্চত বিহুৰ পৰিৱৰ্তে ৰক্ মিউজিক বাজিছে আৰু তাৰ ছেৱে-ছেৱে ডেকা-গাভৰু, আদবয়সীয়া সকলোৰে গা উখল-মাখল লাগি হালিছে জালিছে, সেইবোৰ দেখিলে মোৰ মনটো তাহানিৰ দিনত খাঁজ কাটি থৈ অহা দিনবোৰলৈ উৰা মাৰে৷ দেউতাৰ চাইকেলত উঠি গণৰাজ্য দিৱস, স্বাধীনতা দিৱস বা আন আনুষাংগিক উৎসৱসমূহৰ চাক্ষুষ সাক্ষী হৈ ৰোৱাৰ বাসনাই মোক খেদি ফুৰিছিল৷ ফৰিঙৰ পিছে পিছে দৌৰা, বোকাপানীত একাকাৰ হৈ দিন-দুপৰলৈ ওমলা, পইচাৰ অভাৱত স্কুলৰ সন্মুখৰ কমলা বেপাৰীৰ লগত দৰ-দাম কৰি শেষত এনেয়ে পোৱাৰ ঘটনাবোৰে এতিয়াও দেহ-মন পুলকিত কৰে৷ বিহু বুলি সমনীয়াৰ লগত এপাক ওলাই নগ’লেচোন মনেই নভৰে৷ আসঃ কি যে মজাৰ দিন আছিল সেইবোৰ৷ ৰবিবাৰৰ দিনটো কেনেকৈনো পাহৰোঁ! গোটেই সপ্তাহ অকল ৰবিবাৰটোৰ কাৰণেই আমি পাল পাতি থাকোঁ৷ ৰাতিপুৱা ৯টা বজাৰ “শ্ৰীকৃষ্ণ“ৰ পৰা আৰম্ভ কৰি “ৰাজা অউৰ ৰেঞ্চৌ“লৈ এক বুজাব নোৱাৰা অনুভৱ৷ সেই ধাৰাবাহিকবোৰ উপভোগ কৰি যিটো আনন্দ পাইছিলোঁ আজিৰ ল’ৰা-ছোৱালীয়ে কাৰ্টুনবোৰ চাই সেই একেই আমেজ পায়নে নাই মই নাজানো৷ সৌ সিদিনা বজাৰত হঠাৎ কাণত পৰিল, “পাপা ব্যানানা এণ্ড ম্যাংগো নোলোৱা নেকি? “ কথাখিনি হজম কৰাত অসুবিধা হ’ল মোৰ৷ নিজকে বহুত তলখাপৰ যেন অনুভৱ কৰিলোঁ৷ আৰু কিমান তলখাপলৈ নামিম আমি অসমীয়াবোৰ? নিজৰ মাতৃভাষাৰ প্ৰতি ইমান অনীহা? আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে কি কৰিম বুলি ভাবিছোঁ? এনেকুৱা অনুভব কৰোঁ যেন হিন্দী বা ইংৰাজীত কথা নক’লে বা নাপাতিলে আমাৰ তথাকথিত সমাজখনে “আউটডেটেদ্“ বুলি ক’ব৷
মানিছোঁ এতিয়া প্ৰতিযোগিতাৰ যুগ৷ সকলো সময়তে, সকলো স্তৰতে আমি পৰীক্ষা দিবলৈ নিজকে সাজু কৰি ৰাখিব লাগে৷ নম্বৰৰ লগত প্ৰতিযোগিতা, পিন্ধন-উৰণ, চলা-ফুৰা, খোৱা-বোৱা সকলোতে চোন প্ৰতিযোগিতাই প্ৰতিযোগিতা৷ আধা নম্বৰৰ হেৰফেৰ হ’লেই কি কৰোঁ, কি নকৰোঁ মানসিকতাই পংগু কৰি পেলায়৷ এই যে আমি অঘোষিত প্ৰতিযোগিতাত নামিছোঁ, দৰাচলতে সেইবোৰ কাৰ লগত কৰি আছোঁ? আত্মীয়-কুটুম্ব, ওচৰ-চুবুৰীয়া, সমাজ নে নিজৰ লগত? প্ৰত্যেকেই টোৱাই থোৱা নিৰ্দিষ্ট লক্ষ্যৰ শিখৰত উঠিবলৈ দিন-ৰাতি একাকাৰ কৰিছোঁ৷ অকলেই যুঁজিছোঁ আৰু খাপ পিটি আছোঁ যিদিনাই শিখৰত অৱৰোহন কৰিলোঁ পিছমুহূৰ্ততে বুকুত থপৰিয়াই ক’ম, “চোৱা মোক, মই অমুক৷ “
মই ১৮কিলোমিটাৰ বাট অহা-যোৱা কৰোঁতে সদায় কিছু আমূলক চিন্তা সহযাত্ৰী হয়৷ সেই আধাঘণ্টাৰ সময়খিনি এনেয়ে নষ্ট কৰিবলৈ যথেষ্ট কষ্ট অনুভব কৰোঁ৷ গোটেই ২৪ঘণ্টাৰ চিন্তাখিনি এইটো সময়তে থুপ খায়৷ সদায় মনত প্ৰশ্ন হয় প্ৰতিযোগিতাৰ পিছত যে দৌৰিছোঁ, শিখৰত আৰোহণৰ কথা অকল মনত ৰাখি লক্ষ্যস্থিৰ কৰিছোঁ, সকলোখিনি লাভ কৰাৰ পিছৰ পৰ্য্যায়টো কি? কেতিয়াবা ভাবি চাইছোঁনে? বুজি পাওঁ সাফল্য কি আৰু তাৰ আঁৰত লুকাই থকা ত্যাগ, কষ্ট আৰু সহিষ্ণুতা৷ তুমুল প্ৰতিযোগিতাৰ অন্তত লাভ কৰা সাফল্যৰ সোৱাদো চাগে’ অবৰ্ণনীয়৷ কিন্তু সাম্প্ৰতিক সময়ৰ সাফল্যৰ গৰাখহনীয়াৰ ৰূপ দেখি স্তমভিত হৈ ৰওঁ! সফলতা মই কোনোকালে দেখা নাই, তাৰ সোৱাদ বা কেনে আজিলৈ চাখি চাব পৰা নাই৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই বিফল৷
শৈক্ষিক জীৱনত বহু সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বছা বছাবোৰৰ মাজতো কোনো কালেই স্থান লভা নাই৷ সাফল্যৰ চূড়ান্ত শিখৰ বগাবলৈ কোনোদিনে আনকি চেষ্টাওচোন কৰি চোৱা নাই৷ তথাপি মই নিজকে সুখী অনুভৱ কৰোঁ৷ সহকৰ্মী, বন্ধু-বান্ধৱীয়ে যেতিয়া কয়, “তোমাৰ লগত কথা পাতি খুউব ভাল লাগে, ধনাত্মক দিশ এটা অনুভৱ কৰোঁ৷ “ তেওঁলোক কিন্তু সাফল্যৰ চূড়ান্ত অৱস্থানত আছে৷ চৰকাৰী চাকৰি, টকা-পইছা, ঘৰ-গাড়ী সকলো থকাৰ পিছতো জীৱনটোক জী চাব পৰা নাই (সাধাৰণতে আমাৰ সমাজৰ সাফল্যৰ যিটো অৰ্থ আৰু তেওঁলোকৰ অংগী-ভংগীত যিটো প্ৰকাশ পায়)৷ সাফল্য মানে অকল শিখৰত থিয় হৈ সমাজৰ বাহ বাহ লোৱাটো নেকি? সেইবোৰ প্ৰতিযোগিতাত জয়ী হৈ ক্ষণিকৰ বাবেহে উৎফুল্ল হৈছোঁ, আত্মীয়-স্বজনৰ লগত উপভোগ কৰিছোঁ৷ কিন্তু তাৰপাছত? সকলো পাহৰণিৰ গৰ্ভত৷ তেতিয়াহ’লে কাৰ বাবে প্ৰতিযোগীতত নামিছোঁ? সাফল্য লাভৰ পাছত তাক উদ্‌যাপন কৰিবলৈ যদি মোৰ লেখীয়া কোনো আপোনজনেই নাথাকে তেন্তে সেই সাফল্যৰ মূল্যই বা কি?
মোৰ বাবে সাফল্য হ’ল প্ৰতিটো স্তৰতে জীৱনটোক সুন্দৰ, সাৱলীলভাৱে আগবঢ়াই নিব পৰাটোহে৷ জীৱনটোক নিজৰ মতে উপভোগ কৰি জী চাব পৰাটোহে৷ কাৰোৱাৰ বিপদত অলপমান সহায়ৰ হাত আগবঢ়োৱা, দুখৰ সময়ত কাষত থাকি আশ্বাস জগোৱা- সেইবোৰহে মোৰ বাবে প্ৰতিযোগিতা৷ সেইবোৰ জিনিব পৰাটোৱে মই সাফল্য বুলি ভাবোঁ৷ কৃত্ৰিমতাৰে ভৰা এই দুনীয়াৰ পৰা অলপ ওলাই মুকলিমুৰীয়াকৈ চিন্তা কৰি চাওঁকচোন… প্ৰতিযোগিতাৰ পিছত দৌৰি কি পালোঁ, কি হেৰুৱালোঁ? একো বাচ-বিচাৰ নকৰি এবাৰ জীৱনটো জী চাবলৈ শিকক৷ পাৰে মানে সৰু সৰু ক্ষণবোৰ উপভোগ কৰক৷ দেখিব মনৰ পৰাই আপুনি সুখী হৈ পৰিছে৷ যান্ত্ৰিকতাৰ পিছত দৌৰি সফলতাৰ মুখা পিন্ধাতকৈ নিজৰ মাজতে বিচাৰি চাওঁকচোন, দেখিব সফলতাই আপোনাৰ পিছত দৌৰিছে৷ জীৱনত সুখ-সাফল্য এইবোৰ দূৰত নাথাকে৷ আমাৰ চাৰিওফালে আছে; চকু ফুৰাই চাওঁক, অনুভৱ কৰক, সিঁচৰতি হৈ আছে সুখৰ পানচৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments