সায়াহ্নৰ আন্ধাৰত – পৰী পাৰবীন

“ডিভৰ্চ দিম মই। কি বুলি ভাবিছে মোক! গোটেই দিনটো সেইজনীক লগত লৈ ওলমি থাকে। আহক আজি, হয় মই, নহয় তাই। কি বুলি ভাবিছে মোক?”

ভোৰভোৰাই ভোৰভোৰাই তাই আগচোতাল পাছচোতাল কৰি থাকে। দিনটোত কেইবাবাৰো ফোন কৰে তাই,

“ক’ত আছা?”

“এইয়া মিটিঙত”।

আকৌ অলপ পাছত ফোন কৰে, “কি কৰিছা?”

“গাড়ী চলাই আছোঁ।”

কাণ ঊনাই শুনে তাই, বৰ ধুনীয়া গান এটা বাজি আছে গাড়ীত। কাষত কোন আছে, গম লয়, আছে আছে, নাৰীকণ্ঠৰ মাত ভাঁহি আহে।

“কোন আছে লগত?”

“এহ ঋষ্টী, অফিচিয়েল কামত ঘূৰি ফুৰিছোঁ।“

“তোমাৰ কাষতেই বহি আছেনে সেইজনী?”

“ঋষ্টী ফোন থোৱাচোন। গাড়ী ৰখাই ফোন কৰিম মই।“

দৰ্পণে কাটি দিয়ে ফোনটো। তাই আকৌ কৰে। ফোনটো বাজি বাজি বন্ধ হৈ যায়। আকৌ ফোন কৰে। নেটৱৰ্ক বিজি।

ফাটি পৰে তাই। সহ্য নহয় এইবোৰ। কি’হৰ ইমান হলিগলি? নসহে। নসহে তাই কোনোপধ্যে। আজি হেস্তনেস্ত কৰিহে এৰিব।

ৰাতি এপৰলৈ সিহঁত দুয়োটাৰে ওখনা ওখনি চলে। পাকঘৰৰ বাচন বৰ্তন পেলোৱাৰ শব্দই নিতাল ৰাতিটো যুদ্ধমুখৰ কৰি তোলে। তাৰ পিছত দুয়ো দুফালে শুই পৰে।

এই নাটকখন এদিনীয়া নহয়। যেতিয়াই তাই গ’ম পালে, তাইৰ স্বামী দৰ্পণে কৰ্মসূত্ৰে বিভিন্ন নাৰীৰ সংস্পৰ্শলৈ আহে, লগে লগেই অশান্তি আৰম্ভ হৈ গ’ল। এদিন নহয়, দুদিন নহয়, বছৰ বছৰ ধৰি কথাবোৰে লগ নেৰাত দৰ্পণ অতিষ্ঠ হ’ল। তাৰ পাছত দন-হাই-কাজিয়া, আৰু শেষত গৈ আদালত।

সন্তান দুটিক লৈ মাকৰ ঘৰৰ পৰা অনা আচবাববোৰ লৈ ওলাই অহাৰ পিছতহে ক্ষান্ত হ’ল তাই। খংটোৱে কিছুদিনলৈ সংগ দিলে। তাৰ পাছত শূন্যতাবোধে খেদিবলৈ ধৰিলে তাইক। চাকৰি এটাৰ প্ৰয়োজন হ’ল। আৰ্থিক কাৰণত নহয়, সময় কটাবলৈহে। সন্তান দুটি দিনটোৰ বাবে ওলাই যোৱাৰ পাছত তাই অকলশৰীয়া হয়। একাকীত্বই গ্ৰাস কৰে ক্ৰমশঃ।

ৰাতিবোৰ আৰু কষ্টকৰ। সন্তান দুটিৰ উমৰ বাদেও কিবা এটা অপূৰ্ণতা ৰৈ যায়। লগত থকা দিনবোৰত কাজিয়া লাগি দুয়োটাই দুফালে শুই থাকোতেও সেই অপূৰ্ণতা নাছিল। উশাহৰ শব্দ আছিল তেতিয়া, ধমনীৰ কম্পনবোৰ দেখিছিল। এতিয়া তেনেই শীতলতা, নাই উশাহত অলপো উষ্ণতা, নাই ধমনীৰ চপলতা। শূন্য, সকলো শূন্য।

যাহওক, চাকৰি এটা পাই সুখী হ’ল তাই। এতিয়াৰে পৰা দিনৰ সময়বোৰ কাটি যাব ধুনীয়াকৈ। দিনত এনেদৰে ব্যস্ত ৰাখিব নিজক যাতে, ৰাতি বিচনাত পৰাৰ লগে লগেই টোপনি আহে। কথাখিনি ভাবি ভাবি তাই ধুনীয়া শাৰী এখন উলিয়াই ল’লে। মিলাই মিলাই ব্লাউজ, ফোঁট, ক্লিপ, কাণফুলি। বহুতদিনৰ মূৰত আইনাখনলৈ চালে। সজীৱ লাগিছে। এৰা। নিজক ভালে ৰখাটো দৰকাৰ। কিমাননো বয়স হৈছে তাইৰ? মনৰ চাপে বয়স কিছু বঢ়াইছিল, কিন্তু এতিয়া সেইবোৰৰ পৰা আঁতৰিব খোজে তাই। এতিয়া তাই জীৱন উপভোগ কৰিব। সংসাৰৰ তিতা কথাবোৰ মনলৈ নানে।

কামত তাই পাৰদৰ্শী। কামবোৰ ধুনীয়াকৈ অঁটাব জানে। ক্লায়েণ্টৰ লগত সুন্দৰকৈ কথা ক’ব জানে। নতুন বচজনে তাইক বৰকৈ ভাল পায় সেয়ে। ঋষ্টী থাকিলে তেওঁ নিশ্চিন্ত হৈ পৰে।

লাহে লাহে তেওঁ তাইক অফিচিয়েল চাইটবোৰ দেখুৱাবলৈ লৈ গ’ল। তাই ভালেই পালে কথাটো, অলপ ‘আউটিং’ টাইপ হয়। নহ’লে কেৱল ঘৰ-অফিচ কৰি কৰি জীৱনটো কিবা একঘেয়ামিৰ দৰে হৈ পৰিছিল।

বচজন বৰ কোমল অন্তৰৰ। দুখীয়া নিচলা দেখিলেই পেণ্টৰ জেপৰ পৰা কিবা উলিয়াই দিয়ে। ‘চাইট’লৈ যোৱা ৰাস্তাত স্কুল দেখিলে মৰ্টনৰ পেকেট বিলাই আহে। আচৰিত হয় তাই, ইমান দৰদী হৃদয়। ভাল লাগে তাইৰ। তেওঁৰ লগত থাকিলে বহুত কথা শিকিব পাৰি। শিকিব পাৰি কিদৰে হাতীটোৰ পৰা কেৰ্কেটুৱালৈকে মৰমেৰে বলাব পাৰি।

অনৰ্গল কথা কৈ যায় তেওঁ। গাড়ীখনৰ আগচিটত তেওঁ বহে, ড্ৰাইভাৰ বিজয়ৰ সৈতে। পিছচিটত তাই। মানুহবোৰে বুবু বাবা উলিয়ায় নেকি? অৱশ্যে তেওঁৰ আগত কোনেও সাহস নকৰে। আৰু কেয়াৰ নকৰিবলৈ শিকিছে তাইও। সম্পৰ্কৰ সীমাৰেখাডাল পাৰ কৰা নাই এজনেও।

“ঋষ্টী ব’ৰ হৈছা নেকি” বুলি তেওঁ কেতিয়াবা গান এটা লগাই দিবলৈ কয়। কেতিয়াবা আকৌ কেমেৰাটো লৈ অকলে অকলে সেউজীয়া এখিনিৰ মাজত সোমাই পৰে।

ইমান খেয়ালী মনৰ মানুহজন। ভাল লাগে এই খেয়ালী জীৱন। পৃথিৱীৰ কোনো কথাক লৈ যেন তেওঁৰ আপত্তি নাই, নাই কোনো সংশয়। সুষম গতিত সুষম পথেৰে গৈ আছে অবিচিত্ৰ জীৱন।

চাইটৰ পৰা আহিলে কেতিয়াবা আন্ধাৰ হয়। তাই আহি সন্তান দুটিৰ লগত ব্যস্ত হৈ পৰে। সন্তানক মাক আৰু দেউতাকৰ মৰম আৰু দায়িত্ব একেলগে দিব লগা হোৱাত তাইৰ অলপ কষ্ট নোহোৱা নহয়। তেনেসময়ত ভাব হয়, হঠাতে স্বামীৰ পৰা আঁতৰি অহাৰ সিদ্ধান্তটো সঠিক আছিল নে? পিছমুহূৰ্ততে জোকাৰি পেলায় মনটো, দিনে দিনে বাঢ়ি অহা কাজিয়া তৰ্কৰ শাম কটাবলৈ বিচ্ছেদেই একমাত্ৰ পথ আছিল। কাজিয়া তৰ্কনো কিয় হৈছিল? এই প্ৰশ্ন মনলৈ আহিলেই তাই জুপুকা মাৰে।

উত্তৰটো তাইৰো অজানা নহয়। পতিদেৱ অফিচৰ পৰা সোমোৱাৰ পাছতেই আৰম্ভ হৈ যায় সেই নৈমিত্তিক পৰিঘটনা, সেই একেই অভিযোগ, একেই প্ৰশ্নবাণ। সন্দেহৰ চকুৱে পিতপাতকৈ চাৰ্টৰ কলাৰ খেপিয়াই থাকে, লিপষ্টিকৰ দাগ কোনোদিনেই নাপালে যদিও গাড়ীৰ আগচিটত পোৱা এডাল দীঘল জেতুকাবৰণীয়া চুলিয়ে সিদিনা সহ্যৰ সীমা পাৰ কৰি দিলে।

চুলিৰ গৰাকিনীয়েও বুজাবুজিলৈ আনিবলৈ চেষ্টা কৰাত কথাবোৰ অন্তিম পৰ্যায়লৈহে গ’ল। সন্তান দুটিয়ে থৰ হৈ চাই থকাতে থাকিল। মাকৰ ৰঙা চকুৰ আগত কোনেও তিষ্ঠিব নোৱাৰিলে। কি ঘৰ, কি সংসাৰ! সেই খঙক বশ কৰি পেলাইছে এজন নতুন চিনাকী মানুহে। বাহিৰৰ পৃথিৱীলৈ ওলাই আহিহে বুজিছে তাই, তাইৰ সৰু মগজুটোৱে বহুত কথা নুবুজাকৈয়ে অনৰ্থক অভিযোগ আনিছিল। তাই পুৰুষ সহকৰ্মীৰ লগত যি আচৰণ কৰিছে, হয়তো তেনে আচৰণেই আছিল তাইৰ স্বামীৰ লগতো। আজিকালি লাজ লাগে তাইৰ, দিনটোৰ অন্তত ভাগৰুৱা দেহাৰে ঘৰমুখী হোৱা স্বামীক কিয়েই যে হাৰাশাস্তি কৰা নাছিল! লাজৰ লগতে দুখবোধ এটাও ক্ৰিয়া কৰি যায় মনত, তাইৰ অবোধ, গোঁৱাৰ মনটোক বশ কৰিবলৈ সক্ষম কিয় নহ’ল তাইৰ স্বামী?

নতুন বচজনৰ মুখখন স্নেহমিশ্ৰিত হাঁহি এটাৰে উদ্ভাসিত হৈ থাকে। বৰ শান্ত সমাহিত মুখমণ্ডল মানুহজনৰ। বৰ সুখী তেওঁ। তেওঁ নিশ্চয় বৰ সুখী, পত্নীয়ে নিশ্চয় আৱৰি ৰাখিছে তেওঁক, তাই ভাবে। গধূলি অফিচৰ পৰা গৈ পোৱা মাত্ৰকে পত্নীয়ে হয়তো আথেবেথে হাতত তুলি দিয়ে মৰমৰ চাহ একাপ। নহ’লে মানুহ কিদৰে ইমান সজীৱ হ’ব পাৰে।

কথাটো এদিন বিজয়েহে ক’লে, তেওঁৰ হেনো চাহ খাবলৈ লগ এটাও নাই। কিয় নাই সেই কথা বিজয়ে নাজানে। পৰিয়াল হয়তো বেলেগত থাকে, উৎসৱ পাৰ্বনে যায়, ঘৰলৈ গ’লে দুমোনা ভৰাই হয়তো উপহাৰ লৈ যায়। পৰিয়ালৰ লগত থকা সময়ত হয়তো তেওঁৰ পৃথিৱীৰ সুখবোৰ বুকুৰ ভিতৰে বাহিৰে ঠেচি ঠেচি ভৰাই লয়। সেইবাবেই তেওঁ ইমান উজ্জীৱিত তেওঁ, ইমান সুখী।

গভীৰ শূন্যতাই গ্ৰাস কৰে তাইক। সময়বোৰ গধূৰ পেণ্ডুলাম এটাৰ দৰে নিৰসভাৱে দুলি থাকে। স্বীকাৰ কৰে তাই, বিচ্ছেদৰ সিদ্ধান্তটো ভুল আছিল। এই বিচ্ছেদে তাইক সুখী কৰিব নোৱাৰিলে। ব্যস্ততাৰ মুখা আঁতৰালেই হতাশাৰ মুখাখন ওলাই তাইক তাচ্ছিল্য কৰে, নিসংগ অনুভৱ কৰে তাই। অকলশৰীয়া যাত্ৰাটোত তাইৰ ভয় নালাগে, মাত্ৰ সংগী এজনৰ অভাৱ বৰকৈ অনুভৱ কৰে।

এদিন তাই দৰ্পণক দেখিলে, মুখত স্মিত হাঁহি বিৰাজমান, হাঁহিত আগৰ দৰেই একেই সজীৱতা। কতো দুখৰ অকণো লেশ নাই। তেঁৱো নিশ্চয় নতুনকৈ সংসাৰ পাতিলে। সুখী চাগৈ তেওঁ, বৰ সুখী। পৃথিৱীত তাইৰ বাদে কাৰোৱেই দুখ নাই। তাইৰ দৰে মুখ ওন্দোলাই কোনোৱেই নাথাকে, সেয়া লাগিলে মন্দিৰত ভিক্ষাৰ পাত্ৰ লৈ বহি থকা ভৰি নোহোৱা মগনীয়াজনেই হওক বা ৰাজপাট এৰি বনবাস কটোৱা ৰামপত্নী সীতাই নহওক কিয়।

কেতিয়াবা বাথৰূমৰ দেৱালত তাই তিতা গাৰেই আউজি ৰয়। চকুপানীৰ সুঁতিটোৱে তাইক ঠাণ্ডা কৰিব নোৱাৰে। সুখৰ অভিনয়ে তাইক ক্লান্ত কৰি পেলায়। সেই একেই ক্লান্ত দেহাৰে অফিচৰ শেষত ঘৰমুখী হোৱা বচজনক এদিন উদ্ধাৰ কৰি পেলায় তাই। দিনৰ সজীৱতাৰ মুখাখনৰ আঁৰত যেন এক বিশাল দুখৰ প্ৰলেপ আঁকি থোৱা আছিল। ভাগৰুৱা খোজেৰে তেওঁ কোঠাৰ তলা খোলে, কোঠাটোৰ দেৱালকেইখন তেওঁৰ একাকীত্বৰ সাক্ষী হৈ অন্ধকাৰত ডুবি থাকে। ৰাতিৰ পিছত ৰাতি যায়, পঢ়া কোঠাৰো লাইট নজ্বলে, কিটচেনৰ লাইটটোও প্ৰায় বন্ধ হৈ থাকে।

পৃথিৱীয়ে দুখৰ উৎসৱ পাতিছেনে কি? কি কাৰণে চৌপাশে ইমান হুমুনিয়াহৰ ভৰ! তাই এদিন সুধি পেলায় তেওঁক। উত্তৰ আহে, তেওঁ ডিভৰ্চী। অকলেই থাকে তেওঁ। কাৰো লগতেই তেওঁৰ আহযাহ নাই। এককথাত তেওঁ মানুহৰ পৰা পলাই ফুৰে।

“বুইছা ঋষ্টি, সকলোৱে ইমান সহজে চলাই নিব পৰা সংসাৰৰ সূত্ৰটো মই কিয় জানো আয়ত্ব কৰিব নোৱাৰিলোঁ।“

এজাক দলপুঙা চৰাই যেন ঢপঢপাই উৰি গ’ল। দৰ্পণক লগ পাবলৈ মন গ’ল তাইৰ। জানিবলৈ মন গ’ল তেওঁৰ মুখত সততে দেখা পোৱা হাঁহিৰ মুখাখন সোলোকাই নিশাৰ আন্ধাৰত এনেদৰেই বিষাদৰ মুখাখন পিন্ধি আন্ধাৰত বহি থাকে নেকি? এনেদৰেই কোনোবা অচিনজনৰ ওচৰত হুমুনিয়াহ এৰি নিমিলা অংকৰ উঁহ বিচাৰি ফুৰে নেকি একালৰ স্বামী দৰ্পণে?

এনেকুৱা অলেখ প্ৰশ্ন নৈৰাশ্যৰ অন্ধকাৰত জাহ গ’ল। উত্তৰবোৰ আন্ধাৰ ভেদি জিলিকি উঠিল। এই সমূহ উত্তৰকে আঁচলত বান্ধি তাই দৰ্পণৰ ওচৰত দুহাত মেলি ভিক্ষা খুজিবলৈ মন মেলিলে। দিনৰ পোহৰত যি কথা ৰঞ্জিত নহ’ল, সায়াহ্নৰ আন্ধাৰে সকলোবোৰ পোহৰাই পেলালে, কোনোবাই যেন তাইক কাণে কাণে ক’লে।

০০০০০

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
10 months ago

বৰ ধুনীয়া গল্প

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক