সাহস – ডিম্পল কলিতা

ছোৱালীজনীয়ে প্ৰচণ্ড চৰ দুটা সোধাই ক’লে, “আপুনি অভদ্ৰ নেকি? তেতিয়াৰপৰা যে মোক এনেকৈ আমনি দি আছে৷”

ল’ৰাজন ফোঁপাই আহিল তাইৰ পিনে, “তই মাৰিলি কিয় বে?”

হেডফোনডাল কাণৰপৰা উলিয়াই সিহঁতৰ মাজত থিয় দিলো। মই বহি অহা ছিটটোতে তাইক বহিব দিলো।

“দাদা, ই মোক মালিগাঁৱৰপৰা ‘দিছ্টাৰ্ব’ দি আছে, মোক ফ’ল’ কৰি আছে, নম্বৰটো খুজি আছে৷ এইমাত্ৰ কাণৰ কাষত কিছ্ কৰি দিম বুলি ক’লে” তাই কথাখিনি কৈয়ে উচুপি উঠিল।

তাক ধৰি ৰাখিলো জোৰকৈ।

সি, “ছোৱালী দেখি তাই সঁচা মানে৷”

তাক ক’লো, “বাছখনত ভালকৈ চা!”

তাৰ উত্তৰ, “চাইছোঁ৷”

“পিছপিনে কিমান ঠাই আছে থিয় হ’বৰ বাবে৷ ছিট এটাও আছে৷ তই অকল তাইৰ গা-ত গা লগাই পিছপিনে থিয় দিলি যে?”

“মই পইছা দিছো, মই য’ত থিয় হওঁ সেইটো মোৰ কথা!”

এটা প্ৰচণ্ড চৰ সোধালো তাৰ গালত।

সিও হাত দাঙিছিল৷ কিন্তু তেতিয়ালৈ গাড়ীৰ মানুহ আধাখিনি উঠি আহিল৷

সি ক’লে, “তোক জালুকবাৰীত মাৰিম৷”

কথাটো সম্পূৰ্ণ নহওঁতেই বাছৰ মানুহৰ দুই- এটা ঘোচা তাৰ মুখত পৰিল৷

তাক অইন মানুহৰপৰা আঁতৰাই ধৰি ৰাখিলো, জানিছিলো তাৰ বিপদ নামিছে। আকৌ তাৰ মুখত বেয়া মাত ওলোৱাত আকৌ এটা চৰ মোৰপৰা পালে।

ওচৰতে বহি থকা বাইদেউ এজনীয়ে এইবাৰ চিঞৰি উঠিল, “যদি আৰু এটাও মাত ওলায় তোৰ মুখৰপৰা, তোৰ মুখখন মই চেন্ডেলেৰে ভাঙিম।”

সি হাতযোৰ কৰিলে, ইংৰাজীত কিবা- কিবি ক’লে বাইদেউজনীক, “ছৰী, ছ’ৰী! …..” (পিছৰখিনি নুবুজিলো)৷

নমাই দিলো তাক জালুকবাৰীত৷ এজনে পিছপিনৰপৰা শেষ উপহাৰ হিচাপে গোৰ এটা দিলে৷ সি নামি আকৌ ওলোটাই মোক কিবা ইংগিত দিলে।

ভাল লাগিল সেই সৰুছোৱালীজনীৰ সাহসখিনি, তাই চকুপানী মচি লৈ মোক ছিটটোত আকৌ বহিবলৈ ক’লে, “দাদা বহক৷”

তাইকে বহিবলৈ দি হেডফোনডাল কাণত লগাই বাছখনৰ দৰ্জাৰ সন্মুখত থিয় দিলো।

তাই সাহসী, বহুত বেছি সাহসী৷ অচিনাকি গাড়ী এখনত, অচিনাকি মানুহৰ মাজত, অচিনাকি ল’ৰা এজনক দুটা চৰ দিয়াটো বৰ সাহসৰ কাম৷ বুজাই বুজিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments