সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ – নোমল নাটৰ শ্ৰাব্যৰূপ

নোমল

টোকা: অঞ্জল বৰা

নোমল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ছটা দৃশ্যৰ এখন উপভোগ্য ধেমেলীয়া নাটক৷ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘নুমলীয়া পো’ নামৰ সাধুটোৰ আলমত বেজবৰুৱাই এই ধেমেলীয়া নাটকখন ৰচনা কৰিছে৷ নাহৰফুটুকা বুঢ়া আৰু তাৰ ঘৈণীয়েক নিচলীৰ পাঁচোটা ল’ৰা কেঁচুৱাতে মৰাৰ পিছত নকৈ ওপজা পানীকেঁচুৱাটোৰ নামকৰণৰ বাবে গোঁসাইৰ ওচৰলৈ যোৱা আৰু শেষত গোঁসায়ে দিয়া ‘নোমল’ নামটো পাহৰি ভ্ৰমৰ বশৱৰ্তী হৈ লঘু-লাঞ্ছনাৰ সন্মুখীন হোৱা সাধুটোক ইয়াত নাটকীয়ভাৱে উপস্থাপন কৰা হৈছে৷ নাটকখনৰ মাজত নাহৰফুটুকা বুঢ়াৰ লঘু-লাঞ্ছনাই বিমল হাস্যৰসৰ সৃষ্টি কৰিলেও ঠায়ে ঠায়ে এই হাস্যৰস ব্যঙ্গাত্মক হৈ পৰিছে৷ শব্দৰ ক্ষেত্ৰত মাজে মাজে হেনা-হুঁচা শব্দ, নাহৰফুটুকা বুঢ়াৰ খং, সত্ৰৰ গোঁসাই মহন্তৰ কপটীয়া আচৰণ আদিয়ে নাটকখন উপভোগ্য কৰি তুলিছে৷ আঠিয়াবাৰী সত্ৰৰ ভিতৰৰ কাহিনী আৰু গোঁসাইৰ মুখৰ সংলাপত এক ব্যংগাত্মক সুৰ শুনা যায়৷ অংকীয়া নাটকক উপেক্ষা কৰি বঙলা নাটকক আদৰি লোৱা, মাধৱদেৱৰ দধিমথন নাটকক গোঁসায়ে নিজেই ৰচনা কৰা বুলি কোৱা আদিৰ মাধ্যমেৰে বেজবৰুৱাই সমসাময়িক সমাজখন গোঁসাই-মহন্তসকলৰ চিত্ৰ দাঙি ধৰিছে৷ সমসাময়িক সত্ৰসমূহত কঠোৰ নিয়ম আৰু ৰীতি-নীতিয়ে সাধাৰণ মানুহক আঁতৰাই ৰখাৰ ফলত যে সত্ৰসমূহৰ প্ৰতি সাধাৰণ মানুহৰ ধাউতি কমি আহিছিল তাকো নাটকখনৰ মাজত সুন্দৰভাৱে প্ৰকাশ কৰিছে৷ এক কথাত সামাজিক প্ৰহসন হিচাপে বেজবৰুৱাৰ নোমল এক সাৰ্থক সৃষ্টি৷

——————————————————————————————————————-

 

ফেচবুকৰ অসমীয়াত কথা বতৰা গোটৰ নিবেদন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ – নোমল নাটৰ শ্ৰাব্যৰূপ।
Axomiyat KothaBotora presents audio version of the drama Nomal by Sahityarathi Lakshminath Bezbaroa

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে ফেচবুকৰ “অসমীয়াত কথা-বতৰা” গোটৰ তৰফৰ পৰা ৰসৰাজৰ “নোমল” নাটকৰ শ্ৰাব্যৰূপ ৰাইজলৈ নিবেদন কৰা হ’ল ৷ নুমলীয়া পোৰ নামকৰণ কৰিবলৈ গৈ নানান দুৰ্গতি আৰু লঘু-লাঞ্ছনাৰ সন্মুখীন হোৱা নাহৰফুটুকা বুঢ়াৰ দুৰৱস্থাৰ কথাৰে এক হাস্যমধুৰ কাহিনীৰ পটভূমিত ৰচিত হৈছে “নোমল” ৷ সকলোৱে উপভোগ কৰোঁ আহক আমাৰ শৈশৱ আৱৰি থকা ৰসৰাজৰ “বুঢ়ী আইৰ সাধু”ৰ “নুমলীয়া পো” সাধুৰ আধাৰত ৰচিত “নোমল” নাটকৰ শ্ৰাব্যৰূপ ৷

বিভিন্ন চৰিত্রসমূহ ৰূপায়ণ কৰিছে—
নাহৰফুটুকা- দিগন্ত কুমাৰ ভট্টার্চায
নিচলী- মৌচুমী ভূঞা চৌধুৰী
সাধুৰাম বৰুৱা- ৰাজীৱ ৰঞ্জন নাথ
গোঁসাই- প্রতিম প্রতাপ বৰুৱা
হাকিম- সত্যকাম দত্ত
ভাগতী- ভগৎ লাল দত্ত
কৃষ্ণ কমল শর্মা- দীপাংকৰ বৈশ্য
ৰাজ মেধি- মৃণালজ্যোতি গোস্বামী
১ম আৰু ২য় দুৱৰী- প্রদ্যুতজ্যোতি শইকীয়া
শুকুৰী- মিতালী বর্মন
পাচনি- মনজিৎ কোঁৱৰ
মহী বায়ন- আদিত্য ৰঞ্জন দত্ত
অন্যান্য চৰিত্রসমূহ ৰূপায়ণ কৰিছে- আদিত্য ৰঞ্জন দত্ত, উদ্দীপ তালুকদাৰ
সংঙ্গীত- ৰক্তিম গোস্বামী আৰু ইন্দুকল্প শইকীয়া
গীতৰ কণ্ঠ- ৰক্তিম গোস্বামী, ইন্দুকল্প শইকীয়া, মিতালী বর্মন
সম্পাদনা আৰু সংযোজন- চাও দীপংকৰ বৰুৱা
আঁত ধৰোঁতা- ইন্দুকল্প শইকীয়া
সামগ্রিক পৰিকল্পনা- উদ্দীপ তালুকদাৰ
বিশেষ কৃতজ্ঞতা- “অসমীয়াত কথা-বতৰা” গোটৰ সমূহ সদস্য

শ্ৰব্য ৰূপত নোমল

http://www.youtube.com/watch?v=JioMXn_br1w

নোমল
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

প্ৰথম দৰ্শন

[ নাহৰফুটুকাবুঢ়াআৰুঘৈণীয়েকনিচলী ]

নিচলী ( পানীকেচুঁৱাল’ৰাটোকোলাতলৈ ) :  বোলোঁ শুনিছানে ল’ৰাৰ বাপেকি। পাচোঁটা ল’ৰা মৰিমৰি সকলোৰে শেষত এই ল’ৰাপোৱালিকণ হৈছে। ইও কান্দিয়েই মৰে নে চাদিয়েই মৰে ঠিক নাই। বোলোঁ এইবাৰ সেইদেখি তুমি আমাৰ গোঁসাইৰ ঘৰলৈকে যোৱাচোন। গৈ নিৰ্ম্মালি প্ৰসাদ গোটাচেৰেক আনি ল’ৰাটোৰ মূৰত দিয়াঁহি। তেনেকৰিলেকিজানিল’ৰাপোৱালিকণক’ৰবাতচুকেকোনেলাগিৰৈয়েই। গোঁখাই :ঈষপৰকখুজিইয়ালৈনামএটাওআনিবা। মইবোলোঁএইবাৰইয়াৰনামআমাৰগোঁখাই :ঈষপৰেইদিয়ক , আমিনিদিওঁ। গোঁখায়েদিয়ানামটোপালেকিজানিমোৰপোনাকণজীয়াইথাকেই। (ল’ৰাটোকচুমাখায় )

নাহৰফুটুকা :ৰ, ৰ, মইকথাটোমনতেজিজ্ঞাসকৰিচাওঁ। হুৰামুৰাকৰিলেএনেদ’ কথাৰতলিপাবগৈনোৱাৰি। (অলপটলকামাৰিভাৱে )। শুনিছনেনিচলী। বোলোশুনিছনেল’ৰাৰমাক , তইকথাষাৰভালকেকৈছ। ইকথাইকথানহয়গোঁখাই :ঈষপৰৰআগতেল’ৰাপোৱালিকণদিওঁকৈপেলাই, তেখেতেযিহকেকৰেকৰক। মাৰেমাৰক , তাৰেতাৰক , বোলোঁযিযিকৰেকৰক। আমিমতা :তিৰুতাহালেধৰিম’হেযুঁজাদিযুঁজিওদেখোনপাঁচোটাৰএটাকেৰখাবনোৱাৰিলোহঁক। তইকিকৱ ?  :উহু। ল’ৰাৰমাক। মইতোৰকথানুশুনো। মইআমাৰগোঁখাই :ঈষপৰচৰনতপোৱালিকণপেলামেইপেলাম। তইহকাবধাকৰিলেওনুশুনো, বোলোঁপেলামেইপেলাম। দিমগৈপ্ৰভুইষপৰচৰনতপেলাই। প্ৰভুইষপৰমাৰক ,ৰাখক , কাটক , যিযিযিকৰেকৰক।

নিচলী : কিনোকয়ঐএওঁ। মইআকৌহকাবধাকৰিবলৈযামকিয় ? ময়েহেদেখোনতোমাকযাবলৈক’লোঁ। কিন্তুতুমিল’ৰাপোৱালিফেৰালৈযাবনালাগে। কিকৰিবামইকওঁশুনা : মইনগামোছাএখনবৈথৈছোঁ , তাকেসিকিএটাৰেসৈতেলৈযোৱা। তাকেগোঁখাইইষপৰআগতেথৈদীঘলদিপৰিল’ৰালৈনিৰ্ম্মালিআৰুপৰ্সাদখুজিআনিবাআৰুভালচাইনামএটাওমাগিলৈআহিবা। এমহীয়াপানীকেঁচুৱাল’ৰাটোলৈইমানবাটযাবনালাগে। আৰুমইলগতনগলেতুমিঅকলৈতাকলৈয়োযাবনোৱাৰা।

নাহৰফুটুকা : ৰবি, ৰবি , তইকেপকেপাইনাথাকিবি। মইকথাষাৰআকৌভালকৈজিজ্ঞাসকৰিচাওঁ। (অলপটভকামাৰিথাকি ) ঠিক , ঠিক , ঠিকহৈছে। মইল’ৰাপোৱালিকণলগতলৈনেযাওঁ। তইলৈযাবলৈকলেওমইনিনিও। কেতিয়াও , বোলোঁকেতিয়াওনিনিও। ইমানখনবাটমোৰপোনাকণকেনেকৈযাবহেৰ’ ? এইওৰেদিনটোৰবাটতাকলৈযাবলৈহ’লেসিবাটতেজোলনহবনে ? শুনিছনেল’ৰাৰমাক। মোৰযেবুধিটোনাই , তইএনেনেভাবিবিদেই। ডেকাকালতঅমুকাইতাৰেইএকঠাভালকৈখালোঁ। আমাৰগাঁৱৰসাধিমণ্ডলৰবুধিটোকেসকলোৱেবৰবুলিশলাগে ; কিন্তুতাৰেসৈতেমোৰটোবুধিজুখিচাইওঅনেকেমোৰটোহেদীঘলপাইছিল। আজিকালিহেবুঢ়াহৈকিবাৰণতপ্ৰিকলীয়াতেলনোহোৱাতফৰ্ফৰীয়াহ’লোঁ। ঈষপৰকচিন্তিতইএতিয়াওডেকেৰীহৈআছ, সেইদেখিহেতোৰবুধিটোতএতিয়াওজীপআছেআৰুসেইগুণে তাৰ গজালি মোৰটোতকৈ আগেয়ে মেলে। যি হৈছে হৈছে। বাৰু দে পিঠাগুৰি এমুঠি মোৰ পানীগামোছাখনতে বান্ধি। আছে যদি গুৰ এখামোচা দিবি আৰু কঁঠালকুঁহীয়া বাটিটোও দিবি। যাওঁ আমাৰ গোখাই :ঈষপৰ ওচৰলৈকে, যি থাকে কপালত। আনোগৈচোন নাম এটাকে খুজি। মোৰ সেই খামতি মোনাটোও দিবলৈ নেপাহৰিবি, তাতে যি পাওঁ ভৰাই আনিব লাগিব।

(নিচলীয়ে পানীগামোচা এখনত পিঠাগুৰি, গুৰ আৰু বাটি এটা বান্ধি দিয়ে আৰু গোঁসাইলৈ নতুন গামোচা এখনৰ আগত সিকি এটা বান্ধি দিয়ে।)

নিচলী : হোঁৱা, এইখন গামোচাত তোমাৰ গুৰ পিঠাগুৰি; আৰু এইখন গামোচাত গোখাঁই :ঈষপৰলৈ সিকি এটা। আৰু নাম :নিৰ্ম্মালি আনিবলৈ এইটো খামতি :মোনা।

নাহৰফুটুকা(সিকিটোৰে সৈতে ন গামোচাখন লৈ) : ৰবি, ৰবি, মই জিজ্ঞাস কৰি চাই লওঁ। তই কেপ্‌কেপাই নাথাকিবি। এইখন মোৰ। (পিঠাগুৰিৰ গামোচাখন দেখুৱাই) সেইখন গোখাঁই :ঈষপৰ।

নিচলী : এইদৰে হ’লে তুমি মোৰ মূৰটো খাবা। এতিয়াই পাহৰি গোলমাল লগালা দেখোন। পিঠাগুৰি বন্ধা পানীগামোচাখন তোমাৰ আৰু সিকিটো আগত বান্ধি দিয়া ন গামোচাখন আমাৰ গোখাঁই :ঈষপৰ।

নাহৰফুটুকা : তই কেপ্‌কেপাই নেথাকিবি, মই বুজিছোঁ। বুজিয়েই – মই ইমান গোটগৰু বুলি নেভাবিবি। মই বুঢ়া হৈছোঁ বুলিও তোতকৈ মোৰ বুধিটো আছে। ভুলতহে ইখনৰ ঠাইত মই সিখন দেখুৱাইছিলোঁ। (যাবলৈ উঠি) এতিয়া মই যাওঁহে। মোৰ উভতি আহোঁতে পলম হলে গধূলি গৰু :গাই কেইটা তই চপাবি। গৰুৰ পঘা এডাল এধা :বটা হৈ ৰল। সেইডাল হেদালিত তুলি থবি। মই যাওঁহে এতিয়া। (দুখোজমান গৈ উভতি আহি) শুনিছ নে লৰাৰ মাক। শুকাবলৈ দিয়া সেই বগৰিৰ ডলাখন তুলি থবি, নেপাহৰিবি।

নিচলী : মই সেইবোৰ কৰিম, নেপাহৰোঁ। তুমি যোঁৱা। যোঁৱা।

[নাহৰফুটুকাৰ প্ৰস্থান]

(নিচলীয়ে কন্দা ল’ৰাটো কোলাতে নচুৱাই গায়)

“ঐচ্‌ ঐচ্‌ এ বান্দৰ পোৱালি।

বাঢ়ৈটোকাই লৈ যায় পিঠি জোকাৰি।।”

অ, নেকান্দিবি, নেকান্দিবি, মোৰ সোণাই।

(আকৌ গায়)

“নাও হেঙুলীয়া                বঠা হেঙুলীয়া,

আৰু হেঙুলীয়া চৈ এ।

চৈৰে তলতে                    জোনবাই গইছে,

হাততে বিচনী লৈ এ।।

আগেয়ে খুজিলোঁ   ফুলৰে বিচনী,

এতিয়া তুলাইছোঁ দৈ এ।

কেলেই লাগিছে                ফুলৰে বিচনী?

গলে মহে জহে বৈ এ।।”

: :  : :  :  :

 

দ্বিতীয় দৰ্শন

আঠিয়াবাৰী সত্ৰৰ বাহিৰ কৰাপাট

কৰাপাটৰ দুৱৰী ভকত : ক’ৰ মানুহ? ক’লৈ যোঁৱা?

নাহৰফুটুকা : ৰংপুৰৰ মানুহ। গোঁখাই :ঈষপৰ ওচৰলৈ যাওঁ।

দুৱৰী ভকত : তুমি ক’ৰ সেৱক?

নাহৰফুটুকা : মই ৰংপুৰৰ বুলি আপোনাক ক’লোঁ দেখোন।

দুৱৰী ভকত : তুমি ক’ৰ শিচ?

নাহৰফুটুকা : অ মই ক’ৰ খিচ? ক’ৰ হ’ম? গোঁখাই :ঈষপৰ খিচ।

দুৱৰী ভকত : বাৰু তেনেহ’লে যোৱা।

(ভিতৰৰ কৰাপাট)

দুৱৰী ভকত : ক’ৰ মানুহ, ক’লৈ যায়?

নাহৰফুটুকা : ৰংপুৰৰ মানুহ। গোখাঁই :ঈষপৰ চৰণ দৰ্শন কৰিবলৈ যায়।

দুৱৰী : ক’ৰ সেৱক?

নাহৰফুটুকা : আকৌ সেই কথা। বোলোঁ মই ৰংপুৰৰ মানুহ, আতাই ৰাম।

দুৱৰী : ৰংপুৰৰ বুলি বুজিছোঁ। তুমি ক’ৰ শিচ?

নাহৰফুটুকা : গোখাঁই :ঈষপৰৰে খিচ। (বিৰক্তি ভাবে) কেইবাৰনো ক’ব লাগে হে?

দুৱৰী : যিমান বাৰ সোধোঁ সিমান বাৰ ক’ব লাগিব। কি কূল?

নাহৰফুটুকা : বৰকোচ।

দুৱৰী : বাৰু যোৱা। বাটতে “হাকিমক” পাবা; “হাকিমক” সেৱা কৰি যাবা।

নাহৰফুটুকা : আমাৰ জিলাৰ হাকিম নে?

দুৱৰী : কৰনো অকৰাহে তুমি? বোলোঁ আমাৰ সত্ৰৰ হাকিম৷

নাহৰফুটুকা : সত্ৰৰ হাকিম! সেইজন কেনেকুৱা? কামুৰিব নে?

দুৱৰী : এইটো বলিয়া নেকি? কিহে কামুৰিব? যোৱা, যোৱা, আগবাঢ়ি যোৱা কেনে হাকিম দেখিবলৈ পাবা৷

[নাহৰফুটুকা যায়৷]

(হাকিম বহি আছে৷ কাষতে এজন ভকত৷)

হাকিম : কোন ক’লৈ যায়?

নাহৰফুটুকা : (আঠু লৈ) বন্দীয়ে পৰ্ভুঈষপৰৰ চৰণ দৰ্খন কৰিবলৈ যায়৷

হাকিম : কি নাম? কৰ মানুহ?

নাহৰফুটুকা : বন্দীৰ নাম নাহৰফুটুকা বুঢ়া৷ ঘৰ ৰংপুৰত৷

(হাকিমক সেৱা কৰে৷)

হাকিম : কি আনিছ?

নাহৰফুটুকা : মই দুখীয়াৰ কি আছে, কি আনিম মোৰ দেউতা ঈষপৰ৷ বন্দীৰ ঘৰৰ ঘৈণীজনীয়ে গামোছা এখন বৈছিল৷ শিকি এটাৰে সৈতে তাকে পৰ্ভুঈষপৰৰ চৰণৰ ফালে আগবঢ়াই সেৱা কৰিম বুলি আনিছো৷

হাকিমৰ কাষৰ ভকত : আমাৰ হাকিমক কি দি সেৱা কৰিবি?

নাহৰফুটুকা : হাকিম দেউতাৰ আগত বন্দীৰ মূৰটো থৈয়ে সেৱা কৰিছোঁ৷ আৰুতো বন্দীৰ একো নাই৷ এই পানী গামোছাখনতে তাই পিঠাগুৰি এমুঠি, গুৰ এখামোচেৰে সৈতে মোক বাটত খাবলৈ বান্ধি দিছিল, সেয়ে আছে৷ হাকিম দেউতাই ইচ্ছা কৰে যদি তেখেতৰ চৰণলৈ তাকে আগবঢ়াব পাৰোঁ৷

ভকত : ধেই কটা৷ তোৰ পিঠাগুৰি কোনেও নাখায়৷ পাই :পইচা কিবা আছে যদি উলিয়া৷

নাহৰফুটুকা : আৰু একো নাই অনা দেউতা৷ বন্দী হোজা মানুহ দেউতা৷ বন্দীয়ে একো ভূ নেপাওঁ৷

ভকত : তেন্তে তই ভিতৰলৈ যাব নোৱাৰ৷ ইয়াতে বহি থাক৷

(নাহৰফুটুকাক তাতে ভালেখিনি বেলি ৰখাই থয়৷)

হাকিম : বাৰু এই বাৰলৈ তোক এৰি দিলোঁ, যা ভিতৰলৈ৷ কিন্তু এইবাৰৰ পৰা এইদৰে শুদা হাতে নাহিবি৷

[নাহৰফুটুকাক ভকত এজনে গোঁসাইৰ ওচৰলৈ লৈ যায়৷]

 

তৃতীয় দৰ্শন

আঠীয়াবাৰী সত্ৰাধিকাৰৰ বৰচ’ৰা।

(অধিকাৰ গোস্বামী শ্ৰী ল শ্ৰীযুত বিহঙ্গবিলাসদেৱ কেপকৰা, বৰগাৰু গাদিত বহি আছে৷ ওপৰত চন্দোৱাৰ৷ আগত গোৱা-পাণ আৰু নিৰ্ম্মালিৰ শৰাই, ভোগজৰা ইত্যাদি৷ ওচৰতে ৰাজমেধি, ভাগতী, পূজাৰী, পাচনি, আলধৰা আদি সমুখত দূৰত শিষ্যসকল ভূম্যাসনত লেপেটা কাঢ়ি বহি আছে৷)

[নাহৰফুটুকাৰ প্ৰৱেশ৷ অনেক দূৰতে নাহৰফুটুকাই গোঁসাইৰ ফালে আঠুকাঢ়ি সেৱা কৰে আৰু পিঠাগুৰিৰ টোপোলাৰ পানীগামোছাখন আগবঢ়ায়৷]

পাচনি : (নাহৰফুটুকাক)৷ টোপোলাত সেয়া কি?

নাহৰফুটুকা : পিঠাগুৰি৷ পৰ্ভুঈষপৰৰ বেটীজনীয়ে বন্দীৰ লগত বান্ধি দিছিল৷

পাচনি : পিঠাগুৰি প্ৰভুজগন্নাথৰ ফালে আগবঢ়াইছ কিয়?

নাহৰফুটুকা : (থোতামোছা খাই) অ’ বন্দীয়ে পাহৰিহে তেনে কৰিছিল৷ (পানীগামোছাৰ টোপোলাটো লৰালৰিকৈ তুলি লৈ ন গামোছাখন সিকিটোৰে সৈতে সেই ঠাইতে থয়) পৰ্ভুঈষপৰৰ দুখনি চৰণলৈ আগবঢ়াবলৈ এই ন গামোছাখন আৰু সিকি এটিহে অনা হৈছে৷ বন্দীয়ে ভৰ্মতহে সিখন গামোছা আগবঢ়াইছিলোঁ৷ বন্দীৰ জগৰ দুখনি চৰণে খেমা কৰিব৷

(গোঁসাইয়ে কেৰাহিকৈ চাই ঈষত হাস্য কৰে৷ পাৰিষদসকলেও অলপ হাঁহে৷)

ৰাজমেধি (পাচনিলৈ চাই) : সেই বুঢ়াটোক ঢকা গোটাচেৰেক মাৰি ইয়াৰপৰা উলিয়াই দিয়া। এইখন ধেমালিৰ ঠাই পাইছে নেকি?

(গোঁসায়ে চকুৰ ঠাৰ দি তেনে নকৰিবলৈ কয়।)

সাধুৰাম বৰুৱা (গোঁসাইলৈ চাই) : বন্দীয়ে প্ৰভু জগন্নাথকসেই দেখিহে কৈছিলোঁ বোলোঁ, আগৰ কালৰ দস্তুৰবোৰত বৰকৈ ধৰি থাকিলে আজি কালি নচলিব। পুৰণি দস্তুৰ পুৰণি কালৰ লগতে যোৱাই উচিত। সেইবোৰ ধৰি ৰাখিবলৈ গ’লেও নাথাকে। আগৰ ৰামও নাই, অযোধ্যাও নাই। অসমৰ ৰজাও নাই, পুৰণি অসমীয়া সমাজও নাই। আজিকালিৰ ভাল মানুহ শিষ্যসকল প্ৰভুৰ ওচৰলৈ আহিলে তেওঁলোকক বহিবলৈ আসন দিব লাগে। নিদিলে, জেকা মাটিত লেপেটা কাঢ়ি বহি পঢ়ি থাকিবলৈ আজিকালিৰ উঠি অহা ভদ্ৰলোকসকল আহিব কিয়? প্ৰভু জগন্নাথে অকল ওজা, পাঠক, নাম লগোৱা বায়ন, ভাগতী, আলধৰাসকল লৈয়েতো থাকিব নোৱাৰে। হাকিম, উকিল, মুক্তিয়াৰ সকলোকে প্ৰভুঈশ্বৰক সততে লাগি থাকে।

গোঁসাই : সেইটো আমি জানো; কিন্তু এজনক আসন দিবলৈ গ’লে আন এজনে আপত্তি কৰে। আমি তেনে কৰিবলৈ গ’লে আমাৰ নিজৰ শিষ্যসকলৰ ভিতৰতেই অনেকে আমাক বেয়া বোলে দেখোন?

সাধুৰাম : প্ৰভুজগন্নাথে সকলোকে আসন দিয়াব। যাৰ বহিবৰ মন যায় তেওঁ আসনত বহিব। যাৰ মন নেযায় তেওঁ নবহিব।

ৰাজমেধি : প্ৰভুজগন্নাথৰ আগত আপোনাক মেৰ :ঢৰা থঙা পাৰি দিব লাগে নেকি?

সাধুৰাম : মই মোলৈ মেৰ :ঢৰা, বগা ঠঙা বিচৰা নাই। সামান্য কঠ এখন হ’লেই মোৰ পক্ষে যথেষ্ট। ভাল কানি :কাপোৰ পিন্ধি মাটিত লেটি ল’বলৈ বৰ আহুকালৰ কথা হয়।

ৰাজমেধি : ইমান মান অপমানৰ জ্ঞান থাকিলে দেখোন প্ৰভুজগন্নাথৰ ওচৰলৈ নাহিলেই হ’ল। তথাপি সেইবুলি কোনো পুৰুষত নোহোৱা দস্তুৰ এটা আমি চলাওঁ কেনেকৈ? তাৰ উপৰি গুৰুৰ আগত আজিকালিৰ ডাঙৰীয়াসকলে ইমানটো মথুৰা ভেম নামাৰিলে জানো তাত কিবা হানি আছে?

সাধুৰাম : গুৰুৰ আগত মথুৰা ভেম মৰাৰ কথা হোৱা নাই; উচিত অনুচিত সুবিধা অসুবিধাৰ কথাহে কৈছোঁ। দেশ কাল পাত্ৰ বুজি চলিব লগীয়া কথাহে মই প্ৰভুঈশ্বৰৰ আগত নিবেদন কৰিছোঁ। তুমি মোৰ কথাৰ আচল ভাব নুবুজি হে মুখতে কথাষাৰ ধৰি তাক বেকাই লৈ উত্তৰ কৰিছা। মই কওঁ, কীৰ্ত্তন ঘৰত পৰমেশ্বৰৰ আগতে যেতিয়া সকলোৱে আসনত বহিবলৈ অধিকাৰ আছে, মনুষ্য গুৰুৰ আগতনো তেনে অধিকাৰ নাথাকিবৰ কাৰণ কি?

ৰাজমেধি : শুনক বৰুৱা ডাঙৰীয়া। আপুনি ভদ্ৰলোক। প্ৰভুজগন্নাথৰ আগত এনে গপ্ গপ্ কথা ক’ব নেপায়। আপোনাসকলে কলিত বোধ মতৰ শাস্ত্ৰ পঢ়ি বৌধ হৈছে নিশ্চয়। বাহিৰত যি কয় ক’ব, কিন্তু প্ৰভু ঈশ্বৰৰ মুখৰ আগতে এনেবোৰ কথা কোৱাটো ভাল নহয়।

পাচনি : এইদেখিয়েই বৌধক বুন্দামাৰ কৰিবলৈ কলিৰ শেহত ঈশ্বৰ কৃষ্ণই কল্কি অৱতাৰ ধৰিব বুলি শাস্ত্ৰত লিখিছে।

ভাগতী (জাত লগাই) :

“ম্লেচ্ছনিবহ নিধনে কলয়সি কৰবালং।

ধুমকেতুমিৰ কিমপি কৰবালং।

কেশৱধৃত কল্কিশৰীৰং

জয় জগদীশ হৰে।।”

আপোনাসকলৰ ভিতৰৰে এজনে সিদিনা আহি প্ৰভুজগন্নাথৰে সৈতে বৌদ্ধধৰ্মৰ তৰ্ক কৰি কৈছিলেহি নহয় যে শূদিৰে বেদ পঢ়িব পায়, গীতা :ভাগৱত আদি শাস্ত্ৰ পঢ়িব পায়; হেনো বামুণৰো গুৰু হ’ব পায়?

গোঁসাই : ও, কৈছিল। শইকীয়া নেকি সেই তেওঁ। সেইবোৰ ভূমি চুই কৰ্ণত হাত দিবলগীয়া কথা। তন্ত্ৰ সাৰত লিখিছে; :

শূদ্ৰে শূদ্ৰমুখাৎ শ্ৰুইত্যা বিদ্যাথা মন্ত্ৰমুত্তমং।

গৃহিত্যা নৰকং গচ্ছেৎ দুস্খং প্ৰাপ্যেসি নিত্যং।।

স্বাহা প্ৰণৱ সংযুক্তং শূদ্ৰাং মন্ত্ৰং দয্যাতি যঃ।

শূদ্ৰঃ নিবয়গামীস্বাৎ ব্ৰাহ্মণোযাতৌধোগতিং।।

পদ্মপুৰাণত লিখিছে –

শূদ্ৰেণ দীক্ষিতৌ যৌতু শূদ্ৰৌ শূদ্ৰয়া দীক্ষিতং।

উভৌ তৌ পাপীনৌ প্ৰোক্তৌ যাবদাহুতৌ সংপ্লবৌ।।

শূদ্ৰাং শূদ্ৰমুখাৎ শ্ৰুত্বা বিদ্যাম্বা মন্ত্ৰমুত্তমং।

গৃহিত্বা নৰকং যাতি দুঃখং  প্ৰাপ্নোতি নিত্যং।।

স্বাহা প্ৰণৱ সংযুক্ত শূদ্ৰে মন্ত্ৰ দদাতি যঃ।

শূদ্ৰো নিবয়গামীস্যাৎ ব্ৰাহ্মণো যাত্যধোগতিং।।

শূদ্ৰেণ দীক্ষিতো যস্তু শূদ্ৰং শূদ্ৰেণ দীক্ষিতঃ।

উভৌ তৌ পাপানৌ প্ৰোক্তৌ যাবদাহুত সংপ্লবঃ।।

সহাসনমভিপ্ৰেস্পুৰুৎকৃষ্টস্যাপকৃষ্টজঃ।

কট্যাং কৃতাঙ্কো নিৰ্বাস্য স্ফিচং বাস্যাবকৰ্ত্তয়েৎ।।

মনুৱে কয় –

সহাসনমভিপ্ৰপ্স্যা উৎকৃষ্যা অপকৃষ্যা যা।

কট্যাং কৃতাঙ্কো নিৰ্ব্বাইস্য স্ফিটং বাস্যকৰ্ত্তয়েৎ।।

অৰ্থাৎ শূদ্ৰই যদি ব্ৰাহ্মণেৰে সৈতে একে আসনতে বহে, তেন্তে তাৰ তপিনাত তপত লোৰ শলাৰে দাগি দি  তাক দেশৰপৰা বাহিৰ কৰি দিব, অথবা কটিচ্ছেদন কৰি দিব।

এনে শূদ্ৰই শ্ৰুতি, স্মৃতি, গীতা, ভাগৱত পঢ়ে! লোকক ধৰ্ম্ম দিয়ে!! তাৰ উপৰি ব্ৰাহ্মণৰো গুৰু হয়!!! এনে বৌধমতীয়া তৰ্ক কৰিবলৈ আহে মোৰ ওচৰত!!!!

সাধুৰাম : অৱশ্যে প্ৰভুজগন্নাথৰ দৰে মোৰ সংস্কৃত শাস্ত্ৰত দখল নাই। সেইদেখি শ্লোক মাতি মই মোৰ কথাৰ প্ৰমাণ সম্প্ৰতি দিব নোৱাৰোঁ। তথাপি এইটো নিঃসন্দেহে প্ৰভুৰ ওচৰত নিবেদন কৰিব পাৰোঁ যে বেদতে অব্ৰাহ্মণৰ অৰ্থাৎ ব্ৰাহ্মণৰ ঔৰসজাত নোহোৱা লোকৰ ৰচিত অনেক শ্লোক আছে। আৰু ব্ৰাহ্মণ জন্ম হৈ ভ্ৰষ্ট হৈ শূদ্ৰত্ব পোৱা, আৰু শূদ্ৰ হৈও ব্ৰহ্মজ্ঞান লভি ব্ৰাহ্মণত্ব পোৱাৰ অনেক উদাহৰণ বেদ, পুৰাণত আছে। গীতা ভাগৱতে যে ব্ৰাহ্মণকহে যেই সেই শাস্ত্ৰ পঢ়িবলৈ অধিকাৰ দিছে এনে নহয়; সকলোকে দিছে। বৰং ভাগৱতৰ মতে ঈশ্বৰ কৃষ্ণত শৰণ লোৱা প্ৰকৃত বৈষ্ণৱ, শূদ্ৰৰ কথাই নাই, চণ্ডাল হ’লেও, সেই অবৈষ্ণৱ দ্বাদশগুণীয়া বিপ্ৰতকৈও শ্ৰেষ্ঠ বুলি কৈছে। আৰু প্ৰভুৱে যাক দীক্ষা বুলিছে, সেয়ে শৰণ। শৰণ আৰু দীক্ষা দুটা বিভিন্ন বস্তু নহয়। বৈষ্ণৱৰ পক্ষে শৰণেই দীক্ষা, দীক্ষাই শৰণ। ভাতক “মাম” মাছক “জিজি” বুলি খোৱা যি, ভাত আৰু মাছ বুলি খোৱাও সি। মহাপণ্ডিত ব্ৰাহ্মণশ্ৰেষ্ঠ পৰম বৈষ্ণৱ অনন্তকন্দলীয়ে শৰণ সংহিতা গ্ৰন্থত কৈছে, “শৰণং যত্তুকৃষ্ণস্য যেব দীক্ষা প্ৰকীৰ্ত্তিতা। তদভাৱে ন পূজ্যোহসৌ সৰ্ব্ববেদবিদ পিচ।।” বেদাদি প্ৰমাণ্য শাস্ত্ৰতেই আছে যে ব্ৰাহ্মণৰ ঘৰত জন্ম হ’লেই যে ব্ৰাহ্মণ হ’বৰ অধিকাৰ পায় এনে নহয়। ব্ৰহ্মজ্ঞান, সদাচাৰ, পবিত্ৰাদিৰ দ্বাৰাইহে জাতৰ প্ৰভেদ হয়। শূদ্ৰইও সদাচাৰ আৰু ব্ৰহ্মজ্ঞানৰ দ্বাৰাই ব্ৰাহ্মণত্ব পোৱা আৰু ব্ৰাহ্মণেও সেইবোৰ বিহীন হৈ ভ্ৰষ্ট হৈ শূদ্ৰত্ব পোৱাৰ উদাহৰণ বেদতে আছে। সেইবোৰৰ নাম উল্লেখ কৰি সৰ্ব্বশাস্ত্ৰজ্ঞ প্ৰভুৰ আগত ক’বলৈ যোৱাটো মোৰ পক্ষে ধৃষ্টতা মাথোন। বিষ্ণুৰ ভক্ত প্ৰকৃত বৈষ্ণৱৰ পক্ষে বিষ্ণুভক্ত ব্ৰাহ্মণ শূদ্ৰৰ জাতৰ বিচাৰ কৰাটো বৈষ্ণৱ পন্থাৰ বিপৰীত আচৰণ। আৰু ব্ৰাহ্মণেৰে সৈতে শূদ্ৰই একে আসনত বহিলে শূদ্ৰৰ তপিনাত লোৰ শলাৰে দাগি দিব পোৱাটোৰ কথা যে কোৱা হৈছে, সেই ব্যৱস্থা মতে চলিলে প্ৰভুৰ আলধৰা থকা অনেক ব্ৰাহ্মণ গোঁসাইও দণ্ডবিধি আইনৰ সহায়ক (abetting) ধৰাত পৰিব কিজানি।

(গোঁসাইৰ মুখ ৰঙা পৰে।)

ৰাজমেধি (সাধুৰাম বৰুৱালৈ চকু ৰঙাই চাই) : তুমি দেখোন বৰকৈ বাঢ়ি গৈছাহে একা? প্ৰভু জগন্নাথৰ মুখৰ আগতে টপ্ টপ্ কৰে যিহকে আহি যায় তাকে কৈছা দেখোন?

নাম লগোৱা : আমি থাকোঁতেই তুমি ইমানখিনি পালাহি নে?

পাচনি (উঠি, চুৰিয়াখনৰ খোচোনাটো টানি লৈ) : ধৰাহঁক ইয়াক। (গোলমাল লাগি পৰে।)

গোঁসাই (সকলোকে ৰখাই) : তোমালোক বহাঁ বহাঁ। থিৰ হোঁৱা। থিৰ হোঁৱা। (সাধুৰামলৈ চাই) বৰুৱা। তুমি এতিয়া যাব পাৰা।

সাধুৰাম (গোঁসাইক সেৱা কৰি উঠি) : ভাল প্ৰভুজগন্নাথ। যাওঁ মই। আৰু ইয়ালৈ আহিবৰ সকাম নাই।

[সাধুৰাম বৰুৱাৰ প্ৰস্থান]

(ক্ষণকালৰ নিমিত্তে সভা নিস্তব্ধ।)

শিষ্য কৃষ্ণকমল শৰ্ম্মা (সাধুৰাম গৈ নেদেখা হ’লত, সেই ফালে চাই) : যোৱাঁ। যোৱাঁ। আজি বৰ সাৰিলা, তোমাৰ কপাল ভাল। নতুবা পৈতৃক প্ৰাণটি ইয়াতে থৈ যাব লাগিলহেঁতেন। (গোঁসাইলৈ চাই) প্ৰভুজগন্নাথ! সাধুৰাম মহাপাতকী। তাৰ জাত কুল একো :একো :একো :নাই। সি গুৰু :গোঁসাই একো :কে নামানে। ইয়াকেহে কয় বোলে “গুৰু গৌৰৱ নামানে বৰা। চৰগ পৰি মৰে আঠীয়া :কলা।”

গোঁসাই : সেইটো আমি বুজা হৈছে। বোধ অৱতাৰৰ পিছত কল্কি অৱতাৰ হৈ কি কৰিব যদি এইবোৰ নাথাকিব? যাওক সেইবোৰ কথা। কৃষ্ণকমল। তুমি সাধুৰাম অহাৰ আগেয়ে কি স্বপ্নৰ কথা ক’ব খুজিছিলা?

কৃষ্ণকমল : জগন্নাথ। সি স্বপ্ন নহয়, দিঠকেই। কালি পুৱা বন্দীয়ে প্ৰভুজগন্নাথৰ বহাৰ ফালে আহোঁতে হঠাৎ জগন্নাথক “পঞ্চ বৰষীয়া শিশু সঙ্কাশ” দেখিলোঁ। দেখি বন্দী থমকি ৰ’লোঁ। বন্দীৰ গোটেইটো শৰীৰ ৰোমাঞ্চিত হ’ল। তাৰ খন্তেকৰ পিছতে এই চৰ্ম্মচক্ষুৰেই যি দেখিলোঁ তাককি ক’ম জগন্নাথ? একেবাৰেই জ্যোতিৰ্ম্মই মূৰ্ত্তি। চাৰিখনি হস্ত। এখনিত—

যাওঁক সেই কথা—আৰু এই সভাত ক’বৰ সকাম নাই। জগন্নাথৰনো কি অবিদিত আছে? কিন্তু প্ৰভুজগন্নাথৰ দুখনি চৰণত দাসৰ এই মিনতি ৰ’ল, : : যেন অস্তকালত এই দাসক অকণ চৰণৰ তলত থান দিয়ে।                                                                (চকুৰ লো টোকে)

গোঁসাই(আলধৰালৈ চাই) : জয়ৰাম। কৃষ্ণকমলক ভিতৰলৈ নিয়া হৈছিল নে?

জয়ৰাম আলধৰা : প্ৰভুজগন্নাথ। তেখেতক নিবলৈ বুলিহে আহিছোঁ। (কৃষ্ণকমলক) ডাঙৰীয়া। গা তোলক, অলপ প্ৰসাদ লৈ আহক।

(কৃষ্ণকমল শৰ্ম্মাই জলপান খাবলৈ উঠি যায়।)

গোঁসাই(ৰাজমেধিক) : তুমি শপত খুৱাবলৈ কাক আনিছিলা?

ৰাজমেধি : প্ৰভুজগন্নাথ। সিহঁত বাহিৰতে আছে। (পাচনিক) পাচনি। সিহঁতক লৈ আহাঁ।

[দুটা মানুহেৰে পাচনিৰ পুনঃ প্ৰবেশ।]

ৰাজমেধি : প্ৰভুজগন্নাথ। ইয়াৰ নাম কুশাই। সিটোৰ নাম লম্বোদৰ। কুশাইৰ গাত বাদ এটা উঠিছে, লম্বাইৰ ঘৰৰ মানুহেৰে সৈতে। (কুশাইক) হেৰ কুশাই। তই প্ৰভুজগন্নাথৰ ফালে চাই আঁঠু লৈ কচোন, : :তই দোষী নে নিৰ্দোষী? যদিহে দোষী, তেন্তে আজিৰপৰা এমাহৰ ভিতৰতে তোৰ চকু দুটা ফুটিব বুলি শপত খা।

কুশাই (আঁঠু কাঢ়ি, গোঁসাইলৈ চাই) : মই দোষী নহওঁ। যদিহে দোষী, তেন্তে এমাহৰ ভিতৰত মোৰ চকু দুটা ফুটিব।

গোঁসাই : যা এতিয়া তই শুচি হ’লি।

[কুশাই আৰু লম্বাইৰ প্ৰস্থান]

ৰাজমেধি (দূৰত বহি থকা এটা বুঢ়ালৈ আঙুলিয়াই) : জগন্নাথ। এইটো চটাই বুঢ়া। ইয়াক প্ৰভুজগন্নাথৰ বাৰীৰ পাছফালে যোৱা বহাৰ বাটটো চুৰুকি দিবলৈ লগোৱা হৈছিল। ই বাটটো এধা :চোৰোকা কৰি, তাৰ গাত জ্বৰ উঠিছে বুলি গুচি গৈছিল। সেই জগৰৰ বাবে ইয়াক ধৰাই আনিছোঁ।

চাতাই (হাতযোৰ কৈ) : পৰ্ভুঈশ্বৰ। বন্দীৰ জ্বৰ উঠা সঁচা। এতিয়াও বন্দীৰ গাত জ্বৰ আছে; কোনোবাই হাত দি চালেই তাৰ পৰ্মাণ পাব।

গোঁসাই : ইয়াক তিনিটা বাঘ :ঢকা মাৰি, ৰ’দৰ ফালে মুখ কৰাই, পাছলৈ হাত কৰি বন্ধোৱাই থোৱা হওক।

(চতাইক সেইদৰে দণ্ড দিবলৈ লৈ যোৱা হ’ল।)

পাচনি : জগন্নাথ। এই বুঢ়াটোৰ নাম নাহৰফুটুকা। ইয়াৰ ঘৰ ৰংপুৰত। ই জগন্নাথৰে সেৱক। ই কিবা তাৰ ল’ৰালৈ নাম লৈ যাবলৈ আহিছে।

গোঁসাই(ৰাজমেধিলৈ চাই) : সোধা তাক কি নাম লাগে?

ৰাজমেধি (নাহৰফুটুকাক) : তোক কি নাম লাগে অ’?

নাহৰফুটুকা (কৰযোৰ কৰি) : মোৰ ঈষপৰ।দুখানি চৰণৰ কিৰ্পাত বন্দীৰ লৰাপোৱালি এফেৰি হৈছে। আজি এমাহ। পাঁচটা মৰি যোৱাৰ পিছত আকৌ এইফেৰি পাইছে মোৰ ঈষপৰ বন্দীয়ে। ঘৰৰ ঘৈণীজনীয়ে কলে বোলে “এইবাৰ তুমি আমাৰ গোখাইৰ ঘৰলৈ গৈ সকলো কথা :বতৰা কৈ :মেলি নিৰ্ম্মালি পৰ্সাদেৰে সৈতে ভালকৈ নাম এটিকে লৈ আহাগৈ। লৈ আহি মোৰ পোনাক দিয়াহি। গোঁখাই ঈষপৰ কিৰ্পাত এইবাৰে লৰাফেৰি কিজানি ৰয়েই।” মই বৰ দুখীয়া মানুহ মোৰ ঈষপৰ।নিঃকিন বন্দী প্ৰভূ :ঈষপৰ।মোৰ কি আছে, কি দিম?  পৰ্ভু :ঈষপৰৰ বেটীজনীয়ে নকৈ গামোছা এখনি বৈছিল। লৰাৰ জঞ্জালত বৰকৈ আহৰি নাপায় – সেইখনিকে সিকি এটাৰে সৈতে প্ৰভু ঈষপৰৰ দুখানি চৰণলৈ আগবঢ়াবলৈ বুলি লৈ আহিছোঁ দুখানি চৰণ।

গোঁসাই : বেছ হৈছে, ভাল হৈছে। তোৰ ল’ৰাটো এইবাৰ নুমলীয়াকৈ হৈছে, সেইদেখি তাৰ নাম নোমল দিলো। (দেউৰীলৈ চাই) দেউৰী। বুঢ়াক ফুল :নিৰ্ম্মালি দিয়া। বুঢ়া যা। তোৰ ল’ৰা নমৰে। তাৰ নাম নোমল দিলোঁ।

নাহৰফুটুকা : (দুবাৰ তিনিবাৰ মূৰ দোৱাই সেৱা কৰি) প্ৰভু ঈষপৰৰে কিৰ্পাত প্ৰৰ্ভু ঈষপৰৰে ল’ৰা এটি বাঢ়িল; বন্দীৰনো কি? বন্দী আজি আছে, কাইলৈ নাই।

[সেৱা কৰি নাহৰফুটুকাৰ প্ৰস্থান।]

গোঁসাই (আলধৰাৰ ফালে চাই) : বেলা কিমান হ’ল?

জয়ৰাম আলধৰা : জগন্নাথ। ভালেখিনি হৈছে। (শিষ্য আৰু ভকতসকলক) আপোনাসকলে গা তোলক।

[সকলোৱে গোঁসাইক সেৱা কৰি উঠি যায়। মাত্ৰ আলধৰাৰে সৈতে চাৰিজন ডেকাভকত থাকে।]

গোঁসাই(এজন ভকতক) : নিৰ্ম্মল। মই শিকোৱা সেই গীতটো তোৰ মুখত আহিল নে?

নিৰ্ম্মল : আহিছে প্ৰভু জগন্নাথ।

গোঁসাই: ময়ো ৰচা বঙলা নাটকখন কালি শেষ হ’ল।

মুহি বায়ন : অধিকাৰ ঈশ্বৰৰ তিথিও ওচৰ চাপি আহিছে। ভাৱনালৈ এতিয়াৰে পৰা আখৰা দিলেহে হ’ব।

গোঁসাই : এৰা, কালিৰ পৰা সকলো ঠিক কৰি আখৰা দিবলৈ লগাই দিয়া। বঙলা নাটক অলপ আগৰে পৰা ধৰিলেহে সকলোৰে ভালকৈ মুখত আহিব আৰু উচ্চাৰণ শুদ্ধ হ’ব।

কেহোৰাম গায়ন : হয় প্ৰভুজগন্নাথ। বঙলা নাটৰ বৰ তেজ। অঙ্কীয়া নাটৰ নিচিনাতো আৰু সি মেৰমেৰীয়া নহয়।

গোঁসাই : এৰা, মাধৱদেৱে কৰা অঙ্কীয়া ‘দধিমথন’ আৰু মোৰ এই বঙলা ‘দধিমথন’ এই দুখন মিলালেই বুজিব পাৰিবা। মোৰ নাটৰপৰা কালি নতুনকৈ ৰচনা কৰা গীত এটাৰ মূৰৰ এফাঁকি গাওঁ শুনা; পাছৰ কেইফাকি মনত নাই।

“আৰে নন্দ আইল, নন্দ আইল, নন্দ আইল হুৱা।

আৰে দুজন লোক দাড়ায় আছে, খাই কি নেখায় গুৱা।।”

কোহোৰাম গায়ন : কি সুন্দৰ। কি সুন্দৰ। ৰচনাৰ কি তেজ। এই বাবেই আৰু বেলি প্ৰভুজগন্নাথে কৰা বঙলা “সীতা :স্বয়ম্বৰ” ভাৱনাত মানুহে নাম :ঘৰ নধৰা হৈ পৰিছিল। আৰু মহাপুৰুষৰ অঙ্কীয়া “সীতা :স্বয়ম্বৰ” ভাৱনাত তেনে মানুহ হোৱা কোনে কত দেখিছা?

গোঁসাই (দণ্ডী ভকতক) : দণ্ডী। তই ভাও দিবলৈকো গান এটা ৰচি থৈছো। (আলধৰালৈ চাই) জয়ৰাম। সেই মোৰ কৰণিটো আনগৈচোন।

(জয়ৰামে কৰণিটো আনে আৰু গোসাঁয়ে তাৰ পৰা কাকত এখন উলিয়াই গীতটো পঢ়ি জাত লগাই গায়।)

 

গীত

(১)

মইনাসুৰীয়া                    বাজন বাজে কিয়া,

আহা হাঁয় আ :হা হা,

আহা হাঁয় আ :হা হা,

আহা হাঁয় আ হয়া কাৱা।

 

(২)

গলাৰ বকন শুনি             মেদিনী নাওঁ কম্পিছে

তুণে নমাই আছে মাথা কিয়ে কিয়া,

আহা হাঁয়, আ—হা হা,

আহা হায়, আ—হা হা,

আহা হাঁয় আ হাঁয়া কাৱা।।

(নিৰ্ম্মল ভকত আনন্দত বাগৰি পৰে।)

কেহোঁৰাম : সুন্দৰ হৈছে। সুন্দৰ হৈছে।

মুহি বায়ন : ঈশ্বৰ শক্তি। ঈশ্বৰ শক্তি। ঈশ্বৰ

শক্তি নহ’লে এনে ৰচনা নোলায়।

গোঁসাই : তেন্তে কালিৰপৰা মোৰ দধিমথন নাটৰ আখৰা কৰিবলৈ দিহা কৰিবা এতিয়া যোৱাহঁক।

[সকলোৰে প্ৰস্থান]

: : : : : : : : : : : : : : : :   : : : : : : : : : : : : : : : :

 

চতুৰ্থ দৰ্শন

নৈৰ কানৰ আলি। ঘাটত সাউদৰ নাও।

নাহৰফুটুকা (“নোমল” নামটো পাহৰে বুলি ৰিঙিয়াই আহিছে আৰু সেইদৰে আহোঁতে “নোমল” পাহৰি “নেমেল” ওলাইছে): নেমেল: নেমেল: নেমেল: নেমেল: নেমেল:

নাৱত থকা সদাগৰ (আচৰিত মানি) : এইটো ক’ৰ আপদীয়া অ’? আমি নাও মেলিবলৈ ধৰিছোঁ। ই নেমেল নেমেল বুলিবৰ কোন? আজি তিনিদিন আমি ঘাটতে নাও বান্ধি আছোঁ, দিন বাৰ চাই নাওখন মেলিবলৈ ধৰিছোঁ।এই পাষণ্ড অমঙলীয়াই আমাক নেমেল, নেমেল বোলে কিয়? ক

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ucchajit
8 years ago

8 years ago

শ্ৰাব্যৰূপ মানে Downloadable ফাইল নহয় জানো?