সাহিত্যৰ সৰাপাত: ববিতা শৰ্মা

(এক)

সাঁথৰ

সাহিত্য বুলি ক’লে সাধাৰণতে কবিতা, নাটক, গল্প, উপন্যাস, জীৱনী-আত্মজীৱনী, ভ্ৰমণ কাহিনী আদি লিখিত সাহিত্যৰ কথাই মনলৈ আহে যদিও লিপি উদ্ভাৱনৰ বহু পূৰ্বৰে পৰা মানুহৰ মুখে মুখে চলি অহা লোকসাহিত্যসমূহো দৰাচলতে সাহিত্যৰেই এক অবিচ্ছেদ্য অংগ৷ লোক সাহিত্যসমূহ কোনে কেতিয়া ৰচনা কৰিছিল তাক সঠিককৈ জনা নাযায়৷ লিখিত সাহিত্যৰ দৰে লোক সাহিত্যতো মানৱ জীৱনৰ হাঁহি-কান্দোন, হৰ্ষ-বিষাদ, দুখ-সুখ, প্ৰেম-বিৰহ, আশা-নিৰাশা আদি আবেগ-অনুভূতিবোৰৰ সুন্দৰ প্ৰতিফলন দেখা যায়৷ ইয়াৰ সমান্তৰালভাৱে লোক সাহিত্যৰ মাজত চহা কবি-সাহিত্যিকৰ কল্পনাপ্ৰৱণ মন আৰু নিখুঁত বৰ্ণনা শক্তিৰ পৰিচয়ো পোৱা যায়৷ লোক সাহিত্যত সমসাময়িক সমাজ জীৱনৰ চিত্ৰৰ লগতে প্ৰাকৃতিক বৰ্ণনায়ো অখ্যাত কবিৰ হাতত প্ৰাণ পাই উঠা দেখা যায়৷ বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা নিৰক্ষৰ লোকৰ মুখে মুখে ৰচিত আৰু পৰম্পৰা অনুসৰি প্ৰচাৰিত হৈ অহা লোক সাহিত্যকজন সাহিত্য বা মৌখিক সাহিত্য নামেৰেও জনা যায়৷ ড° হেমন্ত কুমাৰ শৰ্মাদেৱে “লিখিত সাহিত্যৰ স্থিতিৰ বাহন লিপি আৰু লোক সাহিত্যৰ স্থিতিৰ বাহন স্মৃতি“ কৰা মন্তব্যৰ পৰা লোক সাহিত্যৰ আয়ুস মানুহৰ চৰ্চাৰ ওপৰত যে নিৰ্ভৰশীল তাক সহজে অনুমান কৰিব পাৰি৷

বিশ্বৰ আন আন ভাষাৰ দৰে অতি প্ৰাচীন কালৰে পৰা অসমীয়া ভাষাতো লোক সাহিত্য ৰচিত, চৰ্চিত আৰু প্ৰচাৰিত হৈ আহিছে৷ লোক গীতি সাহিত্য, সাধু কথা, ফকৰা-যোজনা, সাঁথৰ, পটন্তৰ, ডাকৰ বচন আদিৰে অসমীয়া সাহিত্যত লোক সাহিত্য ভঁড়ালটো বেছ মেটমৰা কৰি ৰাখিছে যদিও সাম্প্ৰতিক সময়ত চৰ্চা বা অনুশীলনৰ অভাৱত আমাৰ লোক সাহিত্যৰ ভিতৰুৱা ভালেখিনি সম্পদ পাহৰণিৰ গৰ্ভত লীন হোৱাৰ আশংকাই দেখা দিছে৷ অৱশ্যে সাহিত্যই লিখিত ৰূপ গ্ৰহণ কৰাৰ বহু যুগৰ পাছলৈকে এই লোক সাহিত্যসমূহৰো আদৰ লিখিত সাহিত্যৰ সমানেই আছিল৷ প্ৰধানতঃ চহা জীৱনক প্ৰতিনিধিত্ব কৰা লোক সাহিত্যসমূহৰ চহা সমাজখনত ব্যাপক ভাৱে অনুশীলন চলিছিল৷ পুৰুষানুক্ৰমে চলি অহা লোক সাহিত্যসমূহে পৰিৱেশ আৰু যুগ পৰিৱৰ্তনৰ প্ৰভাৱত সময়ে সময়ে কিছু ৰূপ সলালেও গ্ৰাম্য সমাজখনৰ দৈনন্দিন জীৱন প্ৰণালীত ইয়াৰ গুৰুত্বত অলপো হীন-ডেঢ়ি হোৱা নাছিল৷ লোক সাহিত্যসমূহ যে আমাৰ সাহিত্যৰ এক আপুৰুগীয়া সম্পদ তাত কাৰো দ্বিমত থাকিব নোৱাৰে৷ কিন্তু অতি পৰিতাপৰ কথা যে অনুশীলন আৰু উপযুক্ত সংৰক্ষণৰ অভাৱত লোক সাহিত্যৰ ভালেমান উপাদান আজি হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ আধুনিক জীৱনত আধুনিক ৰুচিবোধৰ মানুহৰ চৰম অৱহেলা আৰু অনীহাই লোক সাহিত্যক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ বিয়া নাম, ভেকুলী বিয়াৰ নাম, আইনাম, ধাই নাম, নাও খেলৰ গীত, গৰখীয়া গীত, বৰশী বোৱা গীত, কুঁহিয়াৰ পেৰা গীত, যোজনা, ফকৰা, সাঁথৰ, পটন্তৰ আদি বৰ্তমান অসমীয়া সাহিত্য বৃক্ষৰ একোখিলা সৰাপাত৷ সময় থাকোঁতেই সংৰক্ষণ আৰু অনুশীলন নকৰিলে হয়তো অতি শীঘ্ৰে এই আপুৰুগীয়া সম্পদবোৰ আমাৰ পৰা একেবাৰে হেৰাই যাব৷ পাহৰণিৰ অটল গৰ্ভত স্থিতি লোৱাৰ পূৰ্বেই আমি লোক সাহিত্যৰ অনুশীলনৰ বাবে এখন জাতীয় মঞ্চৰ ব্যৱস্থা কৰিব লাগিব৷ যাৰ প্ৰাথমিক চৰ্ত হৈছে জাতীয় সচেতনতা৷ বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ মনত আমাৰ এই অমূল্য সম্পদ বোৰৰ প্ৰতি শ্ৰদ্ধা আৰু আকৰ্ষণ গঢ়ি তুলিব পাৰিলে অতি সহজতে লোক সাহিত্যক আমি জীয়াই ৰাখিবপাৰিম৷ ’সাহিত্যৰ সৰাপাত’ — এই শিৰোনামেৰে আজি লোক সাহিত্যৰ এক বিশেষ ভাগ ’সাঁথৰ’ৰ বিষয়ে দুৱাষাৰমান লিখিবলৈ লৈছো৷

কোনো বস্তুৰ নাম সহজে বুজিব নোৱাৰাকৈ আওপকীয়াকৈ বৰ্ণনা দি সোধা প্ৰশ্নৰে নাম হ’ল সাঁথৰ৷ সাঁথৰবোৰ ইংৰাজী ভাষাৰ Riddle আৰু হিন্দী ভাষাৰ पहेलीৰ সমতুল্য৷ সাঁথৰত পাণ্ডিত্যতকৈ বুদ্ধিমত্তাইহে স্থান পায়৷ দৈনন্দিন জীৱনত সদায় চকুৰ আগতে থকা চিনাকি বস্তুবোৰকে লৈ সাঁথৰ ৰচনা কৰা হয়৷ সাঁথৰ ভঙাৰ খেল বৰ আকৰ্ষণীয় আৰু আমোদজনক৷ সাধাৰণতে এটা সাঁথৰত দুটা পদৰ শেষৰ আখৰৰ মিল ৰাখি ছন্দোৱদ্ধ ভাৱে ৰচনা কৰা হয়৷ কেতিয়াবা ছন্দত সজাবলৈ কিছুমান অৰ্থহীন শব্দও প্ৰয়োগ কৰা হয়৷ তলত আমাৰ সমাজত প্ৰচলিত থকা কেইটামান সাঁথৰ দিয়া হ’ল —

ক) কান্দি আহে কান্দি যায়, বিনা দোষে মাৰ খায়৷
উত্তৰ: খোল৷
খ) কলিকতাৰ পৰা আহিল ওজা, পেটত পানী মূৰত বোজা৷
উত্তৰ: হোকা৷
গ) চাৰিটা আখৰেৰে গুটি এটা সাজিলোঁ, গোটেই জীৱনতে সিজাব নোৱাৰিলো৷
উত্তৰ: শিলগুটি৷
ঘ) জুপৰা- জুপুৰি গছডালি ভৰি ভৰি লাগে, আতা- আবুই খাব নোৱাৰি সেকটা-সেকটি কৰে৷
বা
মাক জুটুলি-পুটুলি পুতেক চোকা টেকেলা৷
উত্তৰ: জলকীয়া৷
ঙ) বাপেকে বৰশী বায়, পুতেকে সৰগ চায়৷
উত্তৰ: বাঁহ গছ আৰু বাঁহ গাজ৷
চ) প্ৰথম শিলত পায় মাটিত নাপায়
দ্বিতীয় পশুত পায় পক্ষীত নাপায়
তৃতীয় পাপত পায় পুণ্যত নাপায়
চতুৰ্থ লতাত পায় ফুলত নাপায়
চাৰি গোট আখৰ মিলি নৃপতি এজন
কোৱাহে পণ্ডিত বাপা কোন এইজন?
উত্তৰ: শিশুপাল৷
ছ) ভালুকৰ গাতত কুপতি পৰিল
চানাই মাকে ভৰ ভৰকৈ উৰিল৷
উত্তৰ: আখৈ৷
জ) দ্বিভুজা ৰমণী তাৰ দশভুজা পতি
পঞ্চ মুখ পতি কিন্তু নোহে পশুপতি
উত্তৰ: দ্ৰোপদী, পঞ্চপাণ্ডৱ৷
ঝ) দীঘলীয়া বাপুৰ নাকত জৰী
আধাখিনি আছে পুটত পৰি৷
উত্তৰ: খুটা৷
ঞ) বাঘ খাওঁ ঘোং খাওঁ আৰু খাওঁ হাতী
আপোন আনন্দত ফুৰোঁ দিন- ৰাতি৷
উত্তৰ: চাঁহী
ট) বাটে বাটে যায়, মুখত নিদিয়াকৈ খায়৷
উত্তৰ: উজুটি৷
ঠ) লাটিম টিম ঘোঁৰাৰ ডিম খাবলৈ সোৱাদ লাগে
আচাৰিলেও নাভাঙে সি বৰ কাজত লাগে৷
উত্তৰ: সৰিয়হ৷
ড) শুনাহে পণ্ডিত বোপা কোন গছৰ পাত মোটা?
উত্তৰ: তাল৷
ঢ) হাবিৰ পৰা ওলাল বাঘিনী, চাৰি ঠেং মেলি হ’ল
গাভিনী৷
উত্তৰ: আঁঠুৱা৷
ণ) পাৱে পৃষ্ঠ মাথা যাৰ, দুহাত বিশ আঙুল নাকটো
তাৰ, হাত- ভৰি নাই বস্তুটো কি কোৱা ভাই৷
উত্তৰ: মানুহ


(দুই)

বিয়ানাম আৰু ভেকুলী বিয়ানাম

সামাজিক উৎসৱ বিয়াৰ উপলক্ষ্যত ৰচিত আৰু পৰিবেশিত হৈ অহা বিয়ানামবোৰ অসমীয়া লোক সাহিত্যৰ আন এক অমূল্য সম্পদ৷ টেকেলি দিয়া (জোৰোণ), পানী তোলা, বৰ(দৰা)-কইনা নোওৱা, গাঁথিয়ন খুন্দা, বৰ-কইনা সজোৱা, সুৱাগুৰি তোলা, দৰা আদৰা, কইনা বিদায় দিয়া আদি বিয়াৰ বিভিন্ন লোকাচাৰকে সামৰি লৈ পৰিবেশন কৰা বিয়া নামবোৰৰ মাজেদি অসমীয়া বিয়া এখনৰ সামগ্ৰিক চিত্ৰ সুন্দৰ ভাৱে তুলি ধৰা হয়৷ বিয়ানামবোৰ নাৰীসমাজৰ একচেটিয়া সম্পদ৷ কৰুণ ৰস প্ৰধান বিয়ানামবোৰ চহা কবিৰ কাব্যিক দক্ষতাৰ অনুপম নিদৰ্শন৷ ছন্দ মিলোৱাৰ স্বাৰ্থত আন আন লোকগীত সমূহৰ দৰে বিয়ানাম বোৰতো কিছুমান অৰ্থহীন শব্দৰ সমাহাৰ ঘটা দেখা যায়৷ উদাহৰণ স্বৰূপে:
জুনুক লগা জৰী
ৰামে নিব হৰি
চাই লোৱা চাই লোৱা
ৰামৰে লগৰী৷

বিয়ানামবোৰত গুৰু গম্ভীৰ ভাৱেৰে দাম্পত্য জীৱনৰ আদৰ্শ, নাৰী জীৱনৰ আশা-আকাংক্ষা, বৰ-কইনাৰ ৰূপ-যৌৱন, নাৰী জীৱনৰ পট পৰিৱৰ্তন ( জীয়ৰী জীৱন এৰি বোৱাৰী জীৱন গ্ৰহণ) ওপজা ঘৰ এৰি যোৱাৰ কাৰুণ্য, মিলনৰ হৰ্ষ ( নতুন সম্বন্ধৰ আনন্দ) বৰ সুন্দৰ ভাৱে সহজ-সৰল ভাষাৰে বৰ্ণনা কৰা হৈছে৷ কিছুমান বিয়া নামত নতুন ঘৰ এখনক আপোন কৰি লোৱাৰ প্ৰাক্ মুহূৰ্ত্তত কইনাক জীৱনৰ বাবে অতি প্ৰয়োজনীয় কিছুমান উপদেশ দি আগন্তক নতুন জীৱনত যাতে উজুতি খাব লগা নহয় তাৰবাবে মানসিক ভাৱে প্ৰস্তুত কৰাৰ লগতে নিজ কৰ্তব্যৰ প্ৰতি দায়িত্বশীল কৰি তোলাৰ প্ৰয়াসো কৰা হয় –

নীলাকৈ পাহাৰত ৰঙাকৈ বেলি
কেনেকৈ চলাবা লোকৰ ঘৰখনি
কুকুৰাৰ ডাকতে উঠিবা শুই
বাহি বন কৰি লৈ ধৰিবা জুই
গা-পা ধুই আইদেউ চাহৰ ডেক তুলি
দেৱৰক জগাবা উঠা সোণ বুলি
ওৰণিৰ তলতে মাৰিবা কাটা
নন্দেৰে দেখিলে কৰিব ঠাট্টা৷

বিয়ানাম বোৰত বৰ-কইনাকসাধাৰণতে হৰ-গৌৰী, ৰাম-সীতা, কৃষ্ণ- ৰুক্মিণী, ঊষা-অনিৰুদ্ধ আদি কিছুমান পৌৰাণিক চৰিত্ৰৰ লগত তুলনা কৰা হয়৷ অনুৰূপ ভাৱে ভীষ্মক-শশীপ্ৰভা, জনক ৰজা, দশৰথৰজা, কৈশল্যা, কৈকেয়ী, সুমিত্ৰা আদি পৌৰাণিক চৰিত্ৰ কিছুমানেও বিয়ানামত বিশেষ গুৰুত্ব পোৱা দেখা যায়—

অ মন ৰবি
ৰামচন্দ্ৰ কাপোৰত জানেকীৰ ছবি

সেইদৰে,

অ’পদুম ফুল
জানেকীৰ কাৰণে ৰাম বিয়াকুল৷
কৈকেয়ী ওলাইছে সুমিত্ৰা ওলাইছে
ওলাইছে ৰামৰে মাও
জনকৰ জীয়াৰী জানেকী সুন্দৰীক
জোৰোণ পিন্ধাবলৈ যাওঁ৷

কোনো অখ্যাত গ্ৰাম্য নাৰীৰ কণ্ঠৰে স্বতঃস্ফুৰ্ত ভাৱে নিৰ্গত হোৱা বিয়ানামবোৰৰ ভাৱ-ভাষা বৰ গহীন, ইয়াত শাস্ত্ৰীয় ধৰ্ম আৰু স্ত্ৰী আচাৰেও স্পষ্ট ৰূপত ধৰা দিছে৷
বিয়ানামবোৰক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথম শ্ৰেণীৰ ভাৱ গহীন আৰু ৰুচি সন্মত৷ যোৰা নাম বুলি পৰিচিত দ্বিতীয় শ্ৰেণীৰ বিয়ানাম ধেমেলীয়া ধৰণৰ৷ উদাহৰণ স্বৰূপে—

1) ৰভাৰ খুটা হেলেকা
কইনাঘৰৰ নামতীৰ চকুদুটা টেলেকা৷

2) অ’ পকা কমলা
মুখৰ ৰুমাল নাঁতৰাই দাঁত সৰিল হবলা৷

যোৰানাম বোৰক নামনি অসমত খিচাগীত বোলা হয়৷ সাধাৰণতে বৰ কইনাৰ পদূলিত উপস্থিত হোৱাৰ পাছত বৰ-কইনা উভয়পক্ষৰ নামতীয়ে কিছুমান নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেদি সমাজৰ অনুমতি লৈ যোৰানাম জুৰিছিল আৰু নামৰ শেষত নামৰ মাজেদিয়েই নিৰ্দোষ ধেমালিৰ বাবে ক্ষমাও খুজিছিল৷ আজীৱন আত্মীয়তাৰ ডোলেৰে বান্ধ খাবলৈ ওলোৱা দুঘৰ অনাত্মীয় মানুহ বা দুখন নতুন সমাজৰ মাজত সহৃদয়তা বঢ়োৱাত এই গীতবোৰে বিশেষ ভাৱে সহায় কৰিছিল৷ উজনি আৰু নামনি দুয়োখন অসমতে বিশেষকৈ গ্ৰাম্য সমাজত বিয়া নামৰ আদৰ প্ৰচুৰ৷ অৱশ্যে উজনি আৰু নামনিৰ প্ৰচলিত বিয়ানামৰ মাজত কিছু প্ৰভেদো নথকা নহয়৷ উজনিৰ বিয়ানামবোৰ বিহুনামৰ দৰে চাৰিশৰীয়া কলিৰ ঠাঁচৰ৷ নামবোৰত জাত আৰু পদ এই দুটা ভাগ স্পষ্ট —–

জাত — দোলা আনা দুলীয়া জাপি আনা লগুৱা
জোৰোণ আহি ৰৈ আছে
আইদেউক মাত লগোৱা৷

পদ —- ৰামৰে ঘৰৰে অয়ে অলংকাৰে
আনিছো শৰাই ভৰাই
ভিতৰতে বহি কি কৰা জানেকী
লোৱাহি মাথা দোৱাই৷

থলুৱা কথিত ভাষাৰ পয়োভৰ ঘটা নামনিৰ বিয়ানামবোৰত স্ত্ৰী আচাৰ আদি উজনিৰ নামতকৈ কিছু পৃথক৷ দৰাচলতে সামাজিক অনুষ্ঠানত পৰিবেশিত গীত হিচাপে নামবোৰত থলুৱা সামাজিকআচাৰ-ৰীতিৰ প্ৰভাৱ পৰিছে৷ বিয়াৰ বিভিন্ন উপলক্ষ্যত সমাজত প্ৰচলিত কেতবোৰ বিয়ানাম দৃষ্টান্ত ৰূপে তলত দিয়া হ’ল —–

1) টেকেলি দিবলৈ ওলোৱা নাম

জাত: ওলাই অহা ৰামৰমাতৃ ৰজাৰ মহাদৈ
শুভক্ষণে যাত্ৰা কৰি জোৰোণ দিওঁগৈ৷
পদ: খাৰু লওক মণি লওক কুণ্ডল সাতেসৰী
তেল সেন্দূৰ ফণি কাঁকৈ লওকে শৰাই ভৰি
পাটৰ লওক মুগাৰ লওক লওক মেজাংকৰী
ভাৰ পাছি সজাই লওক অতি যতন কৰি৷

সেইদৰে
জাত: অ’ মন ঘুনুচা
আমাৰে আইদেউলৈ কি কি আনিছা৷
পদ: আগৰখন ভাৰতে কি কি আনিছা
ৰভাৰে তলতে থোৱা৷
আইদেউৰ ঘৰলৈ কি কাৰ্য্যে আহিছা
সমাজৰ আগতে কোৱা৷ ৷
জোৰোণৰ গুৰিয়াল কোন কোন আহিছা
আইদেউলৈ আনিছা কি৷
কাপোৰ বনেকৰা খাৰু সঁচাৰ মৰা৷
সোণৰে শিকলি দি৷ ৷

2) পানী তোলা নাম

জাত: কাষে ঘট লওক মাতৃ মাথাই লওক মালা
যমুনালৈ যাব লাগে নকৰিবা হেলা৷ ৷
পদ: জয় পানী তুলিবলৈ জয় ওলাইছে কৌশল্যা জয় ৰূপতে ধূপে লগাই৷
জয় আগে পাছে ভৰি জয় গায়ন-বায়ন কৰি
জয় ঢুলীয়াই ঢাক ঢোল বায়৷ ৷

সেইদৰে

ৰাম কৃষ্ণ
জল ভৰি যশোদা ৰামকৃষ্ণ পাছলৈ নাচাবা
হৰি মোৰ ঐ সাগৰো আহিব ভাগি৷
ৰামকৃষ্ণ সাগৰো ভাগিব ৰামকৃষ্ণ জগৰো লাগিব

হৰি মোৰ ঐ নিবহি ৰাইজকো ধৰি৷

ৰামকৃষ্ণ চালত পানী দিবা ৰামকৃষ্ণ ধাৰে নিচিঙিবা
হৰি মোৰ ঐ অতি সাৱধানে হ’বা৷
ৰামকৃষ্ণ নিয়মকৈ সোমাবা ৰামকৃষ্ণ পিচল পৰিবা
হৰি মোৰ ঐ মৰল চাই টেকেলি থবা৷ ৷

3) বৰ-কইনা নোৱাওঁতে গোৱা নাম

ওলাই আহা ৰামচন্দ্ৰ কদমতে ধৰি৷
নোৱাবলৈ ৰৈ আছে কৌশল্যা সুন্দৰী৷ ৷
ওলাই আহা ৰামচন্দ্ৰ দুৱাৰ দলিৰ বাজে৷
জননী নোৱাব লাগে নকৰিবা লাজে৷ ৷

আকৌ

জাত: আহা আইদেউ বহাঁহি
গংগাজল আনিছো শিৰ পাতি লোৱাহি
পদ: আজি আইদেউকে কোনে কি বুলিলে
নোৱনী ঘৰলৈ নাহে
আইদেউৰ ককায়েক আছে বলোৰাম
কোনে কি বুলিব পাৰে৷ ৷

4) মূৰত চাউল দিয়া নাম

আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে ( ৰাম ৰাম পঞ্চ আয়তীয়ে)
দুৰ্বাঘাটৰ পানী আনি ( দুবাৰ) ৰামৰ মূৰত দিয়ে৷ ৷

5) অধিবাসত গোৱা নাম

জাত: ৰাম কৃষ্ণ গোপাল গোৱিন্দ বনমালী৷
শঙ্খ ঘণ্টা দুৰলী পাতিছে শাৰী শাৰী৷ ৷
পদ: কাইলৈ বিবাহ আজি অধিবাস৷
গজ গতি গমনতে ফুৰে লয় লাস৷ ৷
পাৰি আনা পকা ডালিম আনা বেল৷
আজি ৰামৰ অধিবাস লাগে গন্ধ তেল৷ ৷

6) দৈয়ন দিওঁতে গোৱা নাম

উঠা উঠা ৰামচন্দ্ৰ নুঠিলে জগৰ৷
আজি বোলে যাব লাগে মিথিলা নগৰ৷ ৷
দুৱাৰতে ৰৈ আছে কৌশল্যা সুন্দৰী৷
কিয় বেলি কৰা ৰাম ইঠা বেগে কৰি৷ ৷
আয়তীসকলে সিংহ দুৱাৰতে ৰৈ৷
দিব খোজে শুভ দৈয়ন উঠা লাহেকৈ৷ ৷
দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই
ভালে কৰি দৈয়ন দিয়া শৰীৰ জুৰাই

আকৌ

জাত: উঠা উঠা আইদেউ নুঠিলে নহয়৷
আজি তোমাৰ বিবাহ হৈছে দৈয়ন সময়৷ ৷
পদ: আয়তীসকলে সিংহ দুৱাৰতে ৰৈ
দিব খোজে শুভ দৈয়ন উঠা লাহেকৈ৷ ৷

6) সজাওঁতে গোৱা নাম

জাত: অ’ মোৰ অমিয়া
আইদেউক সজাবলৈ নাহে সমনীয়া৷
পদ: লাই হালে জালে আবেলি বতাহে
লফা হালে জালে পাতে৷
আমাৰে আইদেউ হালিছে জালিছে
কালি দুপৰৰে ভাতে৷ ৷
আইদেউৰ তপস্যা চোৱা সমনীয়া
চোতাল ভৰি পৰে প্ৰজা৷
আইদেউৰ বঙ্গলাৰ ৰুৱাত সোণে চৰোৱা
ফটিকৰ কামিৰে সজা৷ ৷
আকাশত জিলিকে ৰূপালী ডাৱৰে
আৰু জিলিকিছে জোন৷
তুমি আইদেৱে কি জগৰ লগালা
নাহে সজাবলৈ কোন৷
(7) হোমৰ গুৰিত গোৱা নাম

জাত: ম’ৰা চৰাইৰ চালি ধৰে ঘৰৰ চালত পৰি৷
আজি আইদেউ গুচি যাবা ঘৰ উদং কৰি৷ ৷
পদ: একে লগে একে সংগে আছিলো উমলি৷
আজি আমাক এৰি কলৈ যোৱা অ’ চন্দাৱলী৷ ৷
আহি পালা হোমৰ সভা বহি পালা বৰ৷
ৰাম চন্দ্ৰক স্বামী পালা চিন্তানো কিহৰ৷ ৷
জনকৰ ঘৰে আজি কৰে কন্যা দান৷
ধৰ্মৰে বান্ধিছে দৌল পৰ্বত সমান৷ ৷

(8) আঙুঠি সলাওঁতে গোৱা নাম

জাত: ৰামে সীতাই পাশা খেলে ৰাইজে বেঢ়ি চাই৷
ৰামচন্দ্ৰ হাৰে যদি কি হ’ব উপায়৷ ৷
পদ: ৰাম যদি হাৰে দিব ৰাজ্যধন৷
জানকী হাৰিলে দিব হাতৰে কংকণ৷ ৷
পাতিলে পাশাৰে শাৰী পাতি লয় ঘৰ৷
সীতা সমে পাশা খেলে ৰাম ধনুৰ্দ্ধৰ৷ ৷

বিয়াৰ দৰে ল’ৰাৰ উপনয়ন আৰু ছোৱালীৰ কন্যাকাল প্ৰাপ্তিত পতা তোলনি বিয়াতো বিয়ানামৰ অনুৰূপ কিছুমান নাম প্ৰচলিত হৈ আছে৷ উদাহৰণ স্বৰূপে—
ক) উপনয়নৰ নাম

জাত: কলীয়া তুলসী জুপি চকলীয়া পাত৷
যজ্ঞত বহি শ্ৰীকৃষ্ণই জলত দিছে হাত৷ ৷
পদ: ল’ৰাকালৰ কথা কৃষ্ণ কাটি কৰি থোৱা৷
সন্ধ্যা গায়ত্ৰী মন্ত্ৰ মনত ৰাখি লোৱা৷ ৷
বিধি চাই ব্ৰহ্মদেৱে কৰে অনুষ্ঠান৷
সূৰ্য্য আহি আপুনি গায়ত্ৰী দিলে দান৷ ৷
নৱগুণ দিলে দেৱ গুৰু বৃহস্পতি৷
অৰ্জ্জিন উত্তৰী যোগালেহি সৰস্বতী৷ ৷

খ) তোলনি বিয়াৰ নাম

1) শালতে এৰিলা চেলেং সাতে কাঠি
যঁতৰত এৰিলা পাঁজি৷
আজি চাৰি দিনে ক’ত সোমাই আছিলা
কপৌ বাঁহ এখনি সাজি৷ ৷
লগৰ লগৰীয়াই আছে যে বাটে চাই
বেইৰে গুৰিতে ৰৈ৷
আহা খৰে কৰি লাহৰী আইদেউ
মূৰতে ওৰণি লৈ৷ ৷

2) জাত: অ’ কাঞ্চন ফুল
বনত শ্ৰীকৃষ্ণ বিয়াকুল৷ ৷
পদ: আজি সাতে দিন কিবৰত ধৰিলা মাৰাৰ বৰ ঘৰত বহি৷
সখীৰ মাতে শুনি ওলায়ে আহিলা
মাৰি মিচিকিয়া হাঁহি৷ ৷

ভেকুলী বিয়াৰ নাম

সাধাৰণ বিয়াৰ সংক্ষিপ্ত সংস্কৰণ ভেকুলীৰ বিয়াৰ আনুষংগিক ভাৱে ৰচিত হোৱা নামবোৰো অসমীয়া লোক সাহিত্যৰ আন এক অমূল্য সম্পদ৷ কৃষি প্ৰধান গ্ৰাম্য সমাজত কৃষিৰ বাবে পানীৰ অভাৱ হ’লে চ’ত- ব’হাগ মাহৰ খৰাং বতৰত পুখুৰীৰ পাৰৰ পৰা দুটা ভেকুলী ধৰি আনি নোৱাই-ধোৱাই হোম কৰি বিয়া পাতি দিলে বৰষুণ হয়৷ অসমীয়া সমাজত প্ৰচলিত এই লোকবিশ্বাসেই হ’ল ভেকুলী বিয়াৰ আধাৰ৷ অলৌকিক কল্পনাৰ পয়োভৰ ঘটা ধেমেলীয়া ভাৱৰ এই গীতবোৰত বতাহ-বৰষুণৰ দেৱতা ইন্দ্ৰই বিশেষ গুৰুত্ব পোৱা দেখা যায়৷

চোৱা পানী খহুলী ভেকুলী
চোৱা বিয়াখন পাতিছে
চোৱা ৰাইজে বেৰি বেৰি চাই হে ৰাম ৰাম৷
চোৱা চন্দ্ৰ আহিছে, সূৰ্য আহিছে
চোৱা আহিছে সৰগৰ তৰা৷ ৷
চোৱা বায়ু দেৱতাক, চোৱা মেঘে নমুৱালে৷
চোৱা সাত দিন বৰষুণ দি ৰাম ৰাম৷ ৷
চোৱা খহুলী ফাপৰী, চোৱা চুকৰে ভেকুলী
চোৱা হাতৰ কাণৰ খুলি পিন্ধে ৰাম ৰাম৷ ৷
চোৱা পানী খহুলী ভেকুলী, চোৱা খহুলী ভকুলী
চোৱা চুকৰে সুন্দৰী
চোৱা তোক জানো কিহবাই পালে ৰাম ৰাম৷ ৷
চোৱা পানী আইটি গুৰি চোৱা বিচৰি যাওঁতে
চোৱা বাটত বৰষুণে পালে ৰাম ৰাম৷ ৷
চোৱা এখন গাঁৱত চোৱা সোমাব খুজিলোঁ

চোৱা পখৰা কুকুৰে খালে ৰাম ৰাম৷ ৷

সহায়ক গ্ৰন্থ:
1)বাৰ মাহৰ তেৰ গীত, সম্পাদক – ড° প্ৰফুল্ল দত্ত গোস্বামী৷
2) অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত – ড° সত্যেন্দ্ৰ নাথ শৰ্মা৷
3) অসমীয়া সাহিত্যত দৃষ্টিপাত – ড° হেমন্ত কুমাৰ শৰ্মা৷

★ ★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক