সাহিত্য চৰ্চা- (দীপাঙ্ক বৰা)

শিৰোনামটো দেখি ভুল নুবুজিব। গুণী-জ্ঞানীসকলে সাহিত্য চৰ্চা শব্দটো যি অৰ্থত ব্যৱহাৰ কৰে মই সেইটো বুজাব খোজা নাই। দুই এখন বাতৰি কাকত আলোচনীয়ে খালী ঠাই পূৰাবলৈ মাজে মধ্যে মোৰ দুই এটা লেখা প্ৰকাশ কৰে বুলিয়েই মই মোৰ জোখ পাহৰি সাহিত্যিকটো বাদেই লেখক হোৱাৰ সপোন দেখাৰো স্পৰ্ধা নকৰোঁ। কিন্তু মোৰ বেবেৰিবাং লেখাবোৰকে পঢ়ি মোৰ এজন পৰম হিতৈষী বাল্য বন্ধুৱে মোকেই লেখক বুলি ভাবি উৰহৰ খঙ ভগা ঢাৰিত জৰাৰ দৰে মাজে মাজে গালি শপনি পাৰি মনৰ কথা কয়। শেহতীয়াকৈ তেওঁ মোক সোধা বিষয় বা প্ৰশ্ন কেইটা আন কাৰোবাৰ মনতো জাগিব পাৰে বুলিহে কম্পিউটাৰৰ কী ব’ৰ্ডত আঙুলি বোলাইছোঁ।
অৱশ্যে আৰম্ভনিতেই এটা কথা কৈ লোৱা ভাল যে যিহেতু সেই হিতৈষীজন মোৰহে বন্ধু গতিকে তেখেতৰ জ্ঞানৰ সাগৰখনো মোৰ দৰেই সীমাৱদ্ধ। ডাঙৰ ডাঙৰ চিন্তাবোৰ আমাৰ দুয়োৰে মগজুৱে ঢুকিয়েই নাপায়। সৰু-সুৰা কথাতে আমি আমাৰ পাণ্ডিত্য জাহিৰ কৰি থাকোঁ। গতিকে আমি সাহিত্য চৰ্চা কৰিবলৈ বহিলেও সেইবোৰে শেহত পৰচৰ্চাৰ ৰূপ লয়গৈ।
বন্ধুবৰ সেইদিনা একদম মুডত আছিল। আহিয়েই মোক সুধিলে সাহিত্য চৰ্চা কৰিবলৈ কিমান টকা লাগে? মই ক’লো, “উৱা… কি কোৱা বন্ধু … আজিকালি চীন দেশত বিশুদ্ধ বতাহো বটলত ভৰাই বিক্ৰী কৰে বুলি শুনি তুমি সাহিত্যও কিনা বেচা হয় বুলি ভাবিলা নে কি? কলম কাগজৰ খৰচ বাদ দি ডাকখৰচটো লাগে অৱশ্যে।
বন্ধুৱে খেঙখেঙাই উঠি ক’লে… “তেন্তে সাহিত্য সংগঠনত বিত্তীয় কেলেংকাৰী হৈ মানুহে আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছেগৈ কিয়? সিফালে শুনিলো পাহাৰত অধিৱেশন পতাৰ পাছৰে পৰা সংগঠনৰ কাৰ্যালয়ত মানুহৰ ভিৰ। সাহিত্যানুৰাগীৰ নহয়, পাওনাদাৰৰ ভিৰ”।
মই বোলো সাহিত্য সংগঠনটোৱে সাহিত্য চৰ্চা কৰে নে কি? সাহিত্যৰ প্ৰচাৰ আৰু সাহিত্যিকসকলক প্ৰেৰণাহে যোগায় বুলি জানো। লেখকক উদগণি যোগায়, পুৰস্কাৰ দিয়ে, কিতাপো প্ৰকাশ কৰে বুলি শুনিছোঁ। সেইবিলাক কৰোঁতে দুটা পইচা নালাগিব নে কি?”
কথাখিনিয়ে বন্ধুক যেন তৰ্ক বঢ়াবলৈ সুযোগহে দিলে। গুলী মাৰা.. তোমাৰ প্ৰচাৰ, প্ৰেৰণা, উদগণি….. নিজৰ ল’ৰা ছোৱালীক নামী দামী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াই, গাড়ী ভাৰা কৰি মেল-মিটিং গাই, অধিৱেশনৰ নামত মেলা পাতি মাতৃভাষাৰ প্ৰচাৰ কৰে! বাদ দিয়া হে’.. সাহিত্যতো বিলাততো আছে, তাততো সংগঠন নাই। আৰু এই যে সাহিত্য সংগঠনে কিতাপ প্ৰকাশ কৰে বুলি কৈছা.. তেনেহ’লে নতুন লেখকবোৰে নিজৰ গাঁঠিৰ ধন ভাঙি কিতাপ উলিয়ায় কিয়? জানো নহয় আমিও.. সাহিত্য কৰি এচাম মালামাল হৈ গৈছে। তোমাৰো লেখা ওলায় নহয় মাজে মধ্যে.. তুমি কিমান ঘটিলা এতিয়ালৈকে?
লাজ লাজ কৈ ক’লো… ভাই মোৰ এতিয়ালৈকে কাকত আলোচনীলৈ লেখা পঠিয়াওতে চাৰিহেজাৰ মান গৈছে.. আৰু পোন্ধৰশ মান টকা মাননী হিচাপে পাইছোঁ।
বন্ধুৱে বোলে… পাইছা যে সেইকেইটা.. নহ’লে তোমাৰ যিসোপাহে লেখা! অ-আ-ক-খ কেইটা ইফাল সিফাল কৰি বাক্য কেইটামান লিখিলেই সেইসোপা পঠন যোগ্য নহয়তো। পিছে.. লেখা প্ৰকাশ কৰিবলৈ তুমি কাৰ লগত চেনেল ফিটিং কৰা.., নিশ্চয় কোনোবা ভাল চিনাকী নতুবা আত্মীয় আছে.. এই লাইনত। নে চৰকাৰী অফিচত চলা দি ঘোচ-ঘাচো চলে সম্পাদক-লেখকৰ মাজত?
চূড়ান্ত অপমানিত হৈও বন্ধুৰ কথা বুলি সহ্য কৰি উষ্মাৰে ক’লো…. “বাতৰিকাকত আলোচনীৰ সম্পাদনা গোষ্ঠীক তুমি ৰাকেশৰ লোকসেৱা আয়োগ বুলি ভাবিছা নে’কি? লেখা প্ৰকাশ কৰিবলৈ চেনেল ফিটিং কৰিব লাগে বুলি তোমাক কোনে ক’লে? লিখি ভাল লাগে কাৰণে লিখোঁ। আৰু দুই চাৰিয়ে পঢ়ক বুলি কৰোবালৈ পঠিয়াও। তাৰে দহটাৰ ভিতৰত কমেও চাৰিটা সম্পাদনা কক্ষৰ ডাষ্টবিনত নিৰুদ্দেশ হয়। লেখা প্ৰকাশ কৰিবলৈ চেনেল ফিটিং কৰাৰ লেখীয়া দুৰাৱস্থা হোৱাগৈ নাই অসমত এতিয়াও। সম্পাদনা গোষ্ঠীৰ কাৰো লগত মোৰ চিনাকী নাই আৰু মোকো কোনেও চিনি নাপায়”।
বন্ধুৱে সেও নামানি ক’লে.. “আইঐ.. দেহি.. দুই চাৰিয়ে পঢ়ক বুলিহে কৰোবালৈ পঠিওৱা..! জানো নহয়.. তোমালোক কিমান প্ৰশংসা লুভীয়া..। পাঠকে পঢ়ি ভাল পাওক নাপাওক.. তোমাৰ উদ্দেশ্য হ’ল… স্বনাম প্ৰচাৰ। যাক কয় আত্মঢোলবাদন। বাৰু.. যি নহওক। কিতাপ নুলিওৱা নেকি তুমি? বাতৰিকাকতত লিখি কিদাল হ’ব.. ৰাতিপুৱাৰ কাকতখন সন্ধিয়ালৈ মদৰ লগত খাবলৈ অনা পকৌৰি বান্ধে। উলিওৱা তুমিও কিতাপ এখন। শৰৎ পূজাৰ লগতে পলাই গ’ল। এতিয়া হেমন্ত… মানে গ্ৰন্থৰ বতৰ। দেখা নাই… চাৰিওফালে গ্ৰন্থ উন্মোচনৰ খবৰ। কিতাপত যিয়েই নেলেখা.. উন্মোচক কিন্তু ভাল হ’ব লাগিব দেই। বুদ্ধিজীৱি হ’লে আৰু ভাল দেই। দেখা নাই.. কিছুমান বিশেষ কিতাপৰ উন্মোচনী অনুষ্ঠানত শেষৰ শাৰীলৈকে বুদ্ধিজীৱিয়ে ভিৰ কৰে। কেনেবাকৈ যদি নতুন লেখকৰ ভিতৰত তুমিয়েই আটাইতকৈ ভাল বুলি কোৱাব পাৰা নাইবা গাৱঁলীয়া মানুহে সন্ধিয়া উদণ্ড দমৰা গৰুটো অহালৈ নঙলা মুখলৈ চাই থকাৰ দৰে সকলোৱে তোমাৰ লেখালৈ আশাৰে বাট চাই আছে বুলি তেওঁলোকে কৈ দিয়ে তেন্তে বন্ধু.. নিৰ্ঘাট বাজীমাৎ। ৰাতাৰাতি লেখক হিচাপেও বিখ্যাত; লাগিলে তুমি চোৰ বা ডকাইতেই নোহোৱা কিয়! মানুহে বাল্মিকীৰ ৰামায়ণ বুলি ভাবি ল’ব। তুমিতো মানুহক ঠাট্টা কৰাত ভালেই। তেনেকুৱা বাৰে বিংকৰা কথাসোপাৰেই কিতাপ এখন উলিওৱা। মানুহে পঢ়ি ৰস পাওক নাপাওক উন্মোচনৰ দিনা বিখ্যাত সাহিত্যিক এজনক নিমন্ত্ৰণ কৰি ক’বলৈ দিবা যে “ৰসৰাজৰ পিছত একমাত্ৰ তুমিয়েই ব্যংগ সাহিত্যৰ সুঁতিটো বোৱাই ৰাখিছা”। যাতে পাছত পাঠকে তোমাৰ ব্যংগ পঢ়ি নেহাঁহিলেও তোমাক লৈ হাঁহিব পাৰে”।
মোকেই কটু কথা শুনাই মোৰেই শ্ৰীমতীৰ হাতৰ চাহ কাপত শোহা মাৰি বন্ধুৱে আকৌ বকলা মেলিলে… ‘বাৰু বাদ দিয়া এইবিলাক… এইবাৰ চিৰিয়াচ কথা এটা কও… সিদিনা কিবা মূলসুঁতিৰ লেখক বা সাহিত্যিক বোলা কথা এষাৰ শুনিলো। তুমিওতো এবিধ লেখকেই… এই মূলসুঁতিত কোন কোন পৰে কোৱাচোন’?
বন্ধুৰ কথাবিলাক শুনি শুনি বেছিকৈ মিঠা খালেও গেষ্ট্ৰিক বেমাৰীৰ টেঙা পানী অহাৰ নিচিনা লাগিছিল। গতিকে ক’লো.. “মই লেখক নহয় ভাই মোক মাফ কৰা। তুমিয়েই মূলসুঁতিৰ লেখকৰ কথা কৈ মোৰ জ্ঞানাঞ্জন কৰা”।
বন্ধুৱে বোলে.. ‘মই সমালোচক বা সাহিত্যিক নহয় পাছে অসমীয়া মূলসুঁতিৰ সাহিত্যিক মানে এনেকুৱা লাগে যেন কেৱল গল্প, উপন্যাস আৰু কবিতাকে সাহিত্য বুলি ভবাসকল, নতুবা গুৱাহাটী বা ভাল ঠাইত থকা প্ৰবাসী অসমীয়া লেখক সকল’।
মই ক’লো গুৱাহাটীত থকা কেইজনো প্ৰবাসী অসমীয়া কেনেকৈ হ’ল..।
তেওঁ বোলে… “কথাৰ মাজতে কেং কেং নকৰিবা.. গুৱাহাটীৰ অৰিজিনেল কেইজননো আছে? চব দেখোন আমাৰ নিচিনা জকাইচুকৰ পৰা গৈয়ে মহানাগৰিক হৈছে। আচল কথাটো হ’ল.. মূলসুঁতিৰ লেখক হ’বলৈ হ’লে তোমাৰ মোৰ নিচিনা নদাই ভদাই বা পদাই হ’ব নালাগিব। এলিট ক্লাছ অৰ্থাৎ অভিজাত শ্ৰেণীৰ হ’ব লাগিব। মানে ধৰা যি সকলে নিজৰ ঘৰত পত্নী, শাহু বা বোৱাৰীজনীক অত্যাচাৰ কৰিও নাৰী নিৰ্যাতনৰ ওপৰত লিখিব পাৰে, নাইবা ন-দহ বছৰীয়া কিশোৰটো বা কিশোৰীজনীক পঢুৱাম বুলি আনি চাকৰলৈ পৰিৱৰ্তন কৰি অকথ্য নিৰ্যাতন কৰিও শিশু দিৱসৰ দিনা কাকত, আলোচনী, ফেচবুক, হোৱাটচ এপত নেহৰু খুৰাৰ আদৰ্শ বাণী বিলাব পাৰে, চাকৰি কালত নিজে দুৰ্নীতি কৰিও অৱসৰৰ পাছত আনৰ দুৰ্নীতিৰ ওপৰত চোকা নজৰ দি বাতৰি কাকতত সমাজ সচেতকৰ ভূমিকা পালন কৰিব পাৰে, দিনত পত্নী বা আত্মীয়ৰ বদলি বা নিযুক্তিৰ বাবে মন্ত্ৰী-বিধায়কক সন্তুষ্ট কৰি ৰাতিলৈ মূল্যবোধৰ ৰাজনীতি নোহোৱা হ’ল বুলি টিভি চেনেলৰ মজিয়া কঁপাব পাৰে…….”
বন্ধুৰ কথা শেষ নহওঁতেই মই মাত লগালো.. বাৰু… মূলসুঁতি মানে বুজি পালো… কিন্তু যি সকল প্ৰকৃত প্ৰথিতযশা লেখক (সংখ্যাত কম হ’লেও আছে তো) সেইসকলক তুমি কোন সুঁতিত ৰাখিবা?
বন্ধুৱে ক’লে.. “সেইটো আৰু সুধিব লগা কথা নে.. তেখেত সকল এতিয়া সমাজৰ এৰাসুঁতি বা বনৰীয়াসুঁতি। হয় তেখেত সকলক সমাজে এৰিছে নতুবা মূলসুঁতিৰ জীৱশ্ৰেষ্ঠৰ হাতত পৰা বনৰীয়া জীৱজন্তুৰ দৰে অসহায় হৈ পৰিছে”।
শেষবাৰৰ বাবে বন্ধুক জোকাবলৈ সুধিলো… মোৰ নিচিনা বোৰ কোনটো সুঁতিৰ?
বিৰক্তিত বিকৃত মুখখনৰ পৰা উত্তৰ আহিল… “তুমি মৰাসুঁতিতো নপৰা। তোমাৰ লেখা পঢ়িলে ম’হঘূলিৰ বোকাত লুতুৰি পুতুৰি ম’হ কেইটা নাইবা তেজপুৰৰ ছোৱালী হাইস্কুল দুখনৰ ওচৰৰ গেলা নৰ্দমা খুচৰি ফুৰা গাহৰি কেইটালৈহে মনত পৰে।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments