সাহিত্য সন্দৰ্ভত এটা টোকা — প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

বহুত লেখকে কন্দা-কটা কৰে— পাঠক নাই! কবিয়ে দুখ কৰে— শ্ৰোতা নাই, কবিয়ে কবিতা নপঢ়ে!
উত্তৰটো সহজ— এওঁলোক ভাল লেখক/কবি নহয়৷
পাঠ্যতা/ পঠনযোগ্যতা (readability) মহৎ সাহিত্যৰ এটা বিশেষ গুণ, যদিও পাঠ্যতা থাকিলেই বা পাঠকৰ সমাদৰ পালেই কোনো সাহিত্য মহৎ সাহিত্য নহ’ব পাৰে৷ মহৎ সাহিত্যৰ আৱেদন সৰ্বজনীন৷ জনা-শুনা কাহিনী হ’লেও মহৎ সাহিত্যৰ আৱেদন নকমে৷ তেন্তে, ক্লাইমেক্স বা উত্তেজনাৰ শীৰ্ষাৰোহণ মহৎ সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান নহয়৷ মহৎ সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে উচ্চ চিন্তা আৰু নন্দনতাত্ত্বিক পৰিৱেশন৷ দুয়োটাৰে সুষম সংমিশ্ৰণত উচ্চস্তৰীয় পাঠ্যতাৰ সৃষ্টি হয়৷
আপোনাৰ চিন্তা উচ্চ, কিন্তু আপোনাৰ পাঠক নাই— তাৰ মানে আপোনাৰ পাঠ্যতা নাই, তাৰ মানে— চিন্তা যিহেতু উচ্চ— আপোনাৰ পৰিৱেশনত গোলমাল আছে৷ পৰিৱেশন মানে মই ভাল প্ৰডাকশ্যন বুজোৱা নাই, ভাল ’আৰ্ট অৱ টেলিং’হে বুজাইছোঁ৷
ডাক্তৰে কয়— আপুনি এই এই খাদ্য খাব লাগিব৷ খাদ্যখিনি কিদৰে পৰিৱেশিত হ’লে ভাল, সেই কথা তেওঁ নকয়, কাৰণ তেওঁৰ লক্ষ্য পুষ্টিসাধনহে, খোৱাৰ আনন্দ প্ৰদান কৰাটো নহয়৷ কিন্তু ভাল হোটেল এখনত আপোনাক বিচৰা খাদ্যখিনি দেখিলেই লোভ লগাকৈ সজাই দিয়ে, কাৰণ তেওঁলোকৰ লক্ষ্য খোৱাৰ আনন্দ প্ৰদান৷
একাংশ ছিৰিয়াছ পাঠকে উচ্চ চিন্তা দেখিলেই— ডাক্তৰৰ দৰে— ভাল, অৰ্থাৎ ভাল সাহিত্য বুলি কয়৷ আন একাংশই ভালকৈ পৰিৱেশন কৰা সাহিত্যকে ভাল, অৰ্থাৎ ভাল সাহিত্য বুলি কয়৷ কিন্তু ভাল, মানে ভাল সাহিত্য সেয়াহে, য’ত পুষ্টি আৰু পৰিৱেশনৰ সুষম সংশ্লেষণ ঘটে৷
ওপৰত উল্লেখ কৰা ছিৰিয়াছ মানুহখিনিৰ প্ৰভাৱত একাংশ লেখকে কিতাপ নচলাৰ বাবে পাঠকক দোষ দিয়ে, যেনেদৰে অসমীয়া চিনেমা নচলাৰ বাবে একাংশ পৰিচালকে দৰ্শকক দোষ দিয়ে৷ কিছুমানে আনকি এনে যুক্তিও দিয়ে— মোৰ কিতাপ চলা নাই, গতিকে নিশ্চয় ভাল লিখিছোঁ! কিতাপ চলা-নচলাটো বহু পৰিমাণে প্ৰমোশ্যনৰ ওপৰতো নিৰ্ভৰ কৰে— কিন্তু দীৰ্ঘকালৰ বাবে চলাৰ অৰ্থ হৈছে— তাৰ নিশ্চয় কিবা ভাল গুণ আছে৷ মই কাঞ্চন বৰুৱাক উৎকৃষ্ট লেখক বুলি নধৰোঁ, কিন্তু অগ্ৰাহ্য নকৰোঁ— কাৰণ তেওঁৰ ভাল গুণ আছে, নহ’লে প্ৰায় সকলো স্তৰৰ মানুহে তেওঁক কিয় ভাল পায়?
আচল কথাটো হ’ল—- কিতাপ নচলা মানে— প্ৰমোশ্যনৰ আসোঁৱাহ যদি নাই— লেখকৰ কিবা গণ্ডগোল আছে৷ হয় উচ্চ চিন্তাৰ অভাৱ, নহ’লে পৰিৱেশন পদ্ধতিটো ঠিক হোৱা নাই৷
উচ্চ চিন্তা— সাধাৰণতে— সৎ (নৈষ্ঠিক বুলি নকওঁ) জীৱন যাপন কৰাজনৰ বাবেহে সম্ভৱ৷ মনত কুভাব লৈ থকাজনে— সাধাৰণতে— উচ্চ চিন্তা কৰিব নোৱাৰে৷
কিন্তু ভাল পৰিৱেশন পদ্ধতি এটা আয়ত্ত কৰাটো তাতোকৈ কঠিন৷ ইয়াৰ বাবে জন্মগত প্ৰতিভাৰ প্ৰয়োজন, আৰু কালোত্তীৰ্ণ মহৎ সাহিত্য অধ্যয়নৰ প্ৰয়োজন৷
সমসাময়িক পপুলাৰ সাহিত্যৰ পৰাও পৰিৱেশন সম্পৰ্কে শিকিব পাৰি৷ চেতন ভগত, দুৰ্জয় দত্ত ইত্যাদিয়ে উচ্চস্তৰীয় একো নিলিখে, কিন্তু তেওঁলোকৰ পৰিৱেশন পদ্ধতিৰ সাংঘাতিক চৌম্বিক গুণ এটা আছে৷
কিছুদিনৰ আগলৈকে, প্ৰায় দহ বছৰমান ধৰি, আমাৰ ইয়াত পৰিৱেশন সন্দৰ্ভত— বেছি শুদ্ধকৈ ক’বলৈ হ’লে ৰূপ (form)ৰ লগত— সম্পৰীক্ষাৰ জোৱাৰ উঠিছিল৷ তাত ভাটা পৰিল, পাঠকে তাক আদৰি নল’লে— কাৰণ তাত চিন্তা আৰু পৰিৱেশন সুষমভাৱে সংশ্লেষিত হোৱা নাছিল৷ ভাল উত্তৰ-আধুনিক সাহিত্য কিদৰে লিখিব পাৰি, যদি মনবোৰ (সকলোৰে নহয়, বেছিভাগৰে) এতিয়াও আধুনিকেই হোৱা নাই ভালদৰে?
গতিকে কান্দি-কাটি লাভ নাই৷ আমি পঁচিছজন লেখক/কবি লগ হৈয়ো যদি পঁচিছজন শ্ৰোতাকে আকৰ্ষণ কৰিব নোৱাৰোঁ, যদি ইজনেই সিজনৰ লেখা নপঢ়োঁ বা কবিতা নুশুনো, তেন্তে আমাৰ এটা ছিৰিয়াছ ফল্ট আছে৷ আমাৰ আত্মবিশ্লেষণৰ নিতান্তই প্ৰয়োজন৷ উই হেভ ফেইলড৷
ফেইলাৰ হৈয়ো পিছে চৰ্চা অব্যাহত ৰাখিব লাগিব৷ কাৰণ প্ৰেকটিছ উইল মেক আছ পাৰফেক্ট৷ হোপফুলি৷
কিন্তু প্ৰেকটিছৰো সীমা আছে৷ জীৱন মিছাতে পাত কৰি লাভ নাই৷ তেতিয়া শব্দৰ লগত ধেমালি কৰি ভাল পোৱাসকলে শব্দ-শৃংখল খেলাটো আৰু সমাজ পৰিৱৰ্তন কৰিব খোজাসকলে কাগজৰ ঠোঙা সাজি দোকানত দিয়াটো উচিত হ’ব৷
তেতিয়ালৈকে কালোত্তীৰ্ণ মহৎ (আৰু পপুলাৰ) সাহিত্য পঢ়ি শিকিবলৈ চেষ্টা কৰাটোৱেই আমাৰ বাবে একমাত্ৰ পথ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পৰিস্মিতা
1 year ago

এটা অতি সুন্দৰ লেখাৰো সোৱাদ পালো৷ মন ভৰিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক