সাহিত্য সাধক – অবিনাশ শৰ্মা

কিছুদিনৰ পৰা মোক সাহিত্য চৰ্চাই বৰ বেয়াকৈ লম্ভিছে৷ সাহিত্য সাধনাৰ ফল স্বৰূপে তিনিটা কবিতা, এটা গল্প ফেচবুকৰ হাজাৰৰ ওপৰত সদস্য থকা গোট এটাত দি দহটা লাইক আৰু তিনিটা কমেণ্ট পাই মই বৰ উৎসাহিত হৈ পৰিলোঁ৷ পৰিলোঁ এই কাৰণে যে কমেণ্ট তিনিটা গোটৰ এডমিন কেইজনে দিছে৷ লাহে লাহে নিজৰ নহ’লেও আনৰ লেখা নকল মাৰি হ’লেও মোৰ সাহিত্য সাধনা চলাই থাকিলোঁ৷ মোৰ এই সাহিত্য চৰ্চাৰ উত্থানে এইবাৰ ডাঙৰ কিবা এটা কৰাৰ কথা মনলৈ আনিলে৷ ডাঙৰ কিবা মানে উপন্যাস সৃষ্টি৷ হয়, মই এখন উপন্যাস লিখিম৷ লিখিম বুলি মনতে ভাবিলোঁ যেতিয়া হাতে কামে লাগো বুলি প্লট এটা চিন্তা কৰাত লাগিলোঁ৷ পিছে মোৰ সুতীক্ষ্ণ মগজুত প্লটৰ “প”টোৱে আহি খুন্দা নমৰাত এইবাৰ গুগল বাবাৰ শৰণাপন্ন হ’লোঁ৷ অসমীয়া উপন্যাস বা গল্পৰ পৰা ধাৰ কৰিবলৈ গুগলত বস্তু নায়েই যেতিয়া হিন্দী সাহিত্যৰ কিবা পাই নেকি খুচৰিব ধৰিলোঁ৷ তাতো বৰ বিশেষ সফল হ’ব নোৱাৰিলোঁ৷ মনতো অলপ হতাশ হ’ল যদিও মই আকৌ এবাৰ নিজৰ মনকে আশ্ৰয় হিচাপে ল’লোঁ৷ সেই সময়তে মোৰ একান্ত বন্ধু, মোৰ লগতে অহৰহ উঠা বহা কৰা মণ্টু কাকা আহি উপস্থিত হ’ল৷ বোলে “বাপু, এনেকৈ ঘৰত সোমাই সাহিত্য চৰ্চা কৰিব নোৱাৰিবা৷ যদি মন আছে চহৰলৈ যোৱা৷ তুমি জানো গাঁৱত সাহিত্য সাধনা কৰা কাৰোবাক জানা?”

কথাটোৱে মনতো চোবালে৷ সেয়ে আজি দুমাহমান আগতে আহি মহানগৰীৰৰ সৰু চুক এটাত কোঠা এটা ভাড়ালৈ লৈ সাহিত্য সাধনাত নিজকে এৰি দিলোঁ৷ লগত মণ্টুকা৷ সি সৰু সুৰা কিবা এটা কৰিম বুলি মোৰ লগতে ওলালহি৷ মোৰো ভালেই হ’ল অন্ততঃ ভাত কেইটা নৰন্ধাকৈ হৈ যায়৷ সাহিত্য সাধনাত ব্যস্ত হোৱাৰ বাবে সময়নো ক’ত কিমান পাওঁ! দিনটো বিছনাত শুই শুই মোবাইলটোত কবিতা কেইটামান লিখি সেই বিশেষ গোটটোত দিব ল’লোঁ৷ লাইক অলপ বাঢ়িছে৷ পিছে কমেণ্ট তিনিজনৰ পৰা দুজনহে হৈছে৷ তথাপি উৎসাহ কমা নাই মোৰ৷ এডমিন মানুহ ব্যস্ত থাকিব পাৰে৷ মোৰ দৰে বহুজন সাহিত্য সাধক আছে গোটটোত৷ মই পিছে পঢ়োহে তেওঁলোকৰ লেখা৷ প্ৰতিবাৰেই তেওঁলোকৰ সাধনা মোতকৈ ওপৰ যেন লাগিলে আধা পঢ়াকৈ গুছি আহোঁ৷ আৰু তেওঁ লিখা ধৰণেৰে ময়ো কিবা এটা লিখি গোটত দি দিওঁ৷ এজনে আকৌ এদিন তেওঁৰ কনচেপ্ত ধাৰ কৰা বুলি গালি দিলে৷ হুঁহ! কনচেপ্ত তেওঁৰ হ’ল বুলি আমি কিবা সেই কনচেপ্তত একো লিখিবই নোৱাৰিম নেকি?

উপন্যাসৰ পোকটোৱে তেতিয়া মোক বেয়াকৈ দংশন কৰিব ল’লে৷ আবেলি প্লট বিচাৰি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে, গুৱাহাটীৰ অলিয়ে গলিয়ে ঘূৰিব ল’লোঁ৷ নাই, মোৰ দ্বাৰা উপন্যাস ন’হব যেন পাওঁ৷ তাৰ মাজতে ফেচবুকত আৰু দুটামান সাহিত্য সাধকে উলিওৱা গোটত সোমাই পৰিলোঁ৷ একেবাৰে নতুন নহয় যদিও লাইক কমেণ্টৰ জোৰ আগতকৈ বেছি৷ চিনাকিও বাঢ়িল৷ মোৰ বন্ধুত্বৰ তালিকাত থকা বিভিন্ন জনৰ ভাল লেখা, যিবোৰত মানুহে হাজাৰৰ ওচৰাওচৰি লাইক বুটলে তেনে লেখাৰ সমাৰ্থক নাম দি গোটবোৰত বাঃ বাঃ ল’লোঁ৷ এইবাৰ যি দেখিছোঁ মই সফল হ’ম৷ মণ্টুকাক কোৱাত তেওঁ সেই নিশা আধাপোৱা বয়লাৰ মাংস বৰ সোৱাদ লগাকৈ খুৱালে৷ আৰে ভাই, সাহিত্যিক মানুহৰ লগত থকা মানুহ বেকাৰ হ’লেও লেবেল এটা আছে! ঘৰৰ মালিকে দুমাহ ধৰি ভাড়া খুজি আছে৷ মই বোলো “দাদা, মোৰ উপন্যাসখন ওলাব দিয়ক, আপোনাক এবছৰৰ ভাড়া এডভান্স দি দিম৷”

মণ্টুকাই সৰু কাম এটা পাইছিল৷ দুদিন কৰি এৰি দিলে৷ তেওঁৰ বেছিখিনি সহকৰ্মী হিন্দী ভাষী হেনো৷ মোৰ দৰে অসমীয়া সাহিত্য সাধকৰ লগত থাকি তেওঁৰ সহ্য নহ’ল৷ মোৰ সাহিত্য সাধনাই চূড়ান্ত ৰূপ পাইছিল৷ উপন্যাসৰো প্লট এটা পালোঁ৷ অনামী গোট এটাত এজন অনামী বন্ধুৱে লিখা লেখা এটাৰ চৰিত্ৰ সমূহ নকল মাৰি মোৰ উপন্যাস আৰম্ভ কৰিলোঁ৷ এসপ্তাহ, দুসপ্তাহকৈ প্ৰায় চাৰিটামান সপ্তাহ মোৰ উপন্যাসে গোট দুয়োটাতে বাঃ বাঃ ল’লে৷ মোৰ বন্ধু তালিকা, ইনবক্সত দহ বিশজনে ভীৰ কৰিলেহি৷ নিজকে বৰ চেলিব্ৰিটি ফিল আহিব ধৰিলে৷ মণ্টুকাৰ নামত ফেচবুক একাউণ্ট এটা খুলি নিজেও দুই এটা সুন্দৰ মন্তব্য মোৰ উপন্যাসত ৰাখি গ’লোঁ৷

সেইদিনাৰ খণ্ডটো আছিল সম্পূৰ্ণ কাহিনীটোৰ মূল কথাখিনি৷ গোটত দি এপ্ৰুভ হোৱালৈ অপেক্ষা কৰিলোঁ৷ এঘণ্টা…দুঘণ্টা..! নাই, পুৱাতে দিয়া লেখাটো সন্ধ্যালৈ এপ্ৰুফ নহ’ল৷ মই এডমিন এজনলৈ মেচেজ কৰিলোঁ৷ তেওঁ মেচেজ চাই ৰিপ্লাই নকৰিলে৷ আচৰিত! মোৰ দৰে সাহিত্যিকক ইমান অপমান৷ কি বুলি ভাবিছে সিহঁতে৷ মোৰ বাবে গোটত সক্ৰিয়তা বাঢ়িছে৷ তথাপি এনে উপহাস!

টিং…কৈ উঠা মোবাইলৰ শব্দটোত লৰালৰিকৈ ফেচবুকৰ নটিফিকেচনটো খুলি চালোঁ৷ এডমিন জনে মোক টেগ কৰি পোষ্ট এটা দিছে৷ পঢ়ি চালোঁ৷ এটা এটা শব্দ মোৰ বাবে ক্ৰমে নেদেখা হৈ আহিব ধৰিলে৷ মণ্টুকাই মোৰ মুখৰ বৰণ দেখি মোবাইলৰ স্কীনত চকু থ’লে৷
“বাপু, শেষই কৰিলেচোন তোমাক৷ তোমাৰ উন্নতি দেখি এইবোৰ জ্বলি এনে কৰিছে৷ একো নাই বাপু, ওলাই আহিব কৈছে ওলাই আহ গোটৰ পৰা৷ আৰু অপমান মোৰো সহ্য নহ’ব৷ ”

মণ্টুকাৰ কথা কেইটা মোৰ কাণৰ পৰ্দা ভেদি মগজু পোৱাগৈ নাছিল৷ অনামী বন্ধুজনে তেওঁৰ লেখা চোৰ কৰাৰ অপৰাধত মোক ৰাজহুৱা ক্ষমা খুজিব কৈছিল৷ আৰু মোক সাহিত্য সাধকৰ গোটৰ পৰা খেদি দিয়া হৈছিল৷

এমাহৰ ভিতৰত মোৰ ফেচবুক বন্ধু বহুতৰে ব্লক লিষ্টত মোৰ ঠাই নিশ্চিত হৈছিল৷ ঘৰৰ মালিকেও পাঁচমাহৰ অনাদায় ভাড়াৰ বাবে সদায় তাগিদা দিব ধৰিলে৷ এনেকৈয়ে এদিন মোৰ সাহিত্য সাধনাৰ অংগ মোৰ মোবাইলজনী বিক্ৰী কৰি মালিকৰ ৰূমভাড়া আদায় কৰি দিলোঁ আৰু মণ্টুকাৰ লগত হিন্দীভাষী সহকৰ্মীৰ লগত কোম্পানীৰ চাকৰিত লাগিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক