সাহিত্য, সাহিত্যিক আৰু বিচাৰক – গীতালি দাস

সাহিত্য হ’ল এটা জাতিৰ স্বমহিমাৰে উদ্ভাসিত হোৱা এবিধ লিখিত কলা৷ সাহিত্যই কেৱল সাহিত্যিক কৰ্মকে নুবুজাই বৰং ইয়াৰ জৰিয়তে এটা ভাষা সংস্কৃতি আৰু জাতিৰ স্বৰূপ নিৰ্ণয় কৰে৷ ঠিক তেনেদৰে সাহিত্যই জাতিটোৰ ঐতিহাসিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কেও এক সুস্থ ধাৰণা দিবলৈ সক্ষম হয়৷ ইতিহাস অধ্যয়ন কৰিলেও আমি গম পাওঁ যে প্ৰতিটো যুগৰ সন্ধিক্ষণত সাহিত্যই নতুন সাজ পৰিধান কৰে৷ অসমীয়া সাহিত্যৰ ইতিহাসো ইয়াৰ বিকল্প নহয়৷ অসমীয়া সাহিত্যৰ ইতিহাসে আমাক চৰ্যা পদৰ সাহিত্যিক তথ্যৰ পৰা বৰ্তমান সাহিত্যৰ চৰ্চা সম্বন্ধে এক দীঘলীয়া সময়ৰ সম্ভাৰ প্ৰদান কৰিছে৷ সাহিত্যৰ এই লিখিত ৰূপটোৰ বাহিৰেও আন এটা ৰূপ থাকে, সেয়া হ’ল কথিত বা লোক সাহিত্য৷ ছপা যন্ত্ৰ আবিষ্কাৰ হোৱাৰ আগতে মানুহে নিজৰ সাহিত্য কৰ্মক হাতে লিখি সংৰক্ষণ কৰিছিল যদিও সেই ব্যৱস্থা ইমান ফলপ্ৰসূ নাছিল৷ ফলস্বৰূপে বহুত সাহিত্যিক সমল কালৰ গৰ্ভত অনাদৰ অৱহেলাত হেৰাই গৈছিল৷ অসমীয়া সাহিত্যইয়ো ইংৰাজসকল অহাৰ পিছত অৰ্থাৎ অৰুণোদয় যুগৰ পৰাহে ছপা যন্ত্ৰৰ মুখ দেখিছিল৷ পৰৱৰ্তী সময়ত যেনিবা চৰ্যাপদৰ পৰা বৈষ্ণৱ সাহিত্যলৈ যিমান বিলাক সাহিত্য হাতেলিখা পুথি বা সাঁচিপাতৰ পুথিত আৱদ্ধ হৈ আছিল সেই সকলো বিলাকক অতি কষ্টেৰে সংগ্ৰহ কৰি ছপা আখৰত জীয়াই ৰাখিছিল কেইগৰাকীমান অসমীয়াই! এইখিনি আমি সকলোৱে জনা কথা৷

অৰুণোদয়ৰ পাতত সাহিত্য চৰ্চা কৰা লেখক সকলৰ ভিতৰত খ্ৰীষ্টিয়ান মিছনেৰীৰ লগত কেইগৰাকী মানহে অসমীয়া লেখক আছিল৷ সেই সময়ত সাহিত্য চৰ্চা কৰাৰ প্ৰথম আৰু প্ৰধান চৰ্ত আছিল কালৰ কুটিল চক্ৰত হেৰাই যাবলৈ ধৰা অসমীয়া ভাষাটোক উদ্ধাৰ কৰাহে৷ সাহিত্যিক মানদণ্ডৰ কথাতকৈও তেতিয়া প্ৰয়োজন আছিল কেনেকৈ অসমীয়া ভাষাৰ নুমাই যাবলৈ ধৰা চাকি গচি জ্বলাই ৰাখিব পাৰি৷ তেনেকৈয়ে আৰম্ভ হৈছিল আধুনিক অসমীয়া ভাষা সাহিত্যৰ জয়যাত্ৰা৷ তাৰপিছত জোনাকী, বাঁহী, আৱাহন, ৰামধেনু আদি কৰি কেইবাখনো কাকত-আলোচনীয়ে সেই ধাৰা অব্যাহত ৰাখিলে৷ সময়ৰ লগে লগে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা লোকৰ সংখ্যা বাঢ়ি আহিল আৰু তাৰ লগে লগে বাঢ়ি আহিল নিজৰ বুদ্ধি আৰু চিন্তাক একত্ৰিত কৰি কাকত-আলোচনীৰ পাতত সাহিত্য চৰ্চা কৰা মানুহৰ৷ এইদৰে কবি, সাহিত্যিক, নাট্যকাৰৰ লগত এচাম নতুন মানুহ সংলগ্ন হ’ল, যাক সমাজে নাম দিলে বুদ্ধিজীৱী৷ বুদ্ধিজীৱী সকল সাহিত্যিক, কবি সকলতকৈ অলপ ওখ খাপৰ লেখক হিচাপে সমাজত পৰিগণিত হ’ল৷ কাৰণ এই চাম লেখকক সমাজে নিজৰ চিন্তা চৰ্চাৰ অভিভাৱক হিচাপে গণ্য কৰিবলৈ ল’লে আৰু ফলস্বৰূপে বুদ্ধিজীৱী সকলৰ মতবাদক সমৰ্থন কৰা নকৰা লোকসকল কেইবাটাও ভাগত বিভক্ত হৈ পৰিল৷ সমাজৰ সাধাৰণ শ্ৰেণীৰ শিক্ষিত লোক সকলে নিজৰ নিজৰ ৰুচি অনুযায়ী গল্প, কবিতা, উপন্যাস আদিৰ পৰা মানসিক খোৰাক লৈ থাকিল আৰু আনফালে বুদ্ধি বৃত্তিত আনতকৈ আগবঢ়া বুলি পৰিগণিত হোৱা সকলে সাহিত্য সমালোচনা গৱেষণা বঁটা বাহন আদিক লৈ নিজৰ নিজৰ মগজুক কৰ্ষণ কৰি বৰ্তি থাকিল৷

এইখিনিলৈকে সকলো ঠিকে আছিল৷ কিন্তু সাহিত্যিক মানদণ্ডৰ ওপৰত যেতিয়া সমাজে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই যেন কথাবিলাক লাহে লাহে আমাৰ দৰে সাধাৰণ মানুহৰ চিন্তা-চৰ্চা আৰু বোধগম্যতাৰ বাহিৰলৈ গৈ থাকিল৷ এইখিনিতে আমাৰ মনলৈ অহা এটা সৰু প্ৰশ্ন উত্থাপন কৰিবলৈ সাহস কৰিলোঁ৷ আন কাৰো কথা উল্লেখ নকৰাকৈ কেৱল মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰাজিক লৈয়ে এই প্ৰশ্ন মনলৈ আহিছে৷ গুৰুজনাৰ বৰগীত, অংকীয়া নাট আৰু কেৱল মাত্ৰ কীৰ্তনঘোষাক আজিলৈ কোনজন অসমীয়াই সৰ্বকালৰ শ্ৰেষ্ঠ সাহিত্য নহয় বুলি ক’ব পাৰিছে বা ক’বলৈ ধৃষ্টতা কৰিছে? এতিয়া প্ৰশ্নটো হ’ল গুৰুজনাই নিজৰ সৃষ্টিক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ কোনখন সাহিত্য অকাডেমী অথবা কোন বুদ্ধিজীৱীক কৈ থৈ গৈছিল?  ঠিক তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালাই কাক ঠিকা দি গৈছিল তেওঁলোকৰ সাহিত্য কৰ্মক মূল্যাঙ্কন কৰিবলৈ? যদি তেওঁলোকৰ কৰ্মক সমাজে শ্ৰেষ্ঠ বুলি মানি লৈছে, তাৰ অন্তৰালত নিশ্চয় কিবা অন্তৰ্নিহিত কাৰক আছে৷ সেই কাৰকৰ কাৰণেই তেওঁলোকৰ সাহিত্যক আজিও কোনো অসমীয়াই বিতৰ্কৰ আওতালৈ আনিব পৰা নাই৷ অসমীয়া সাহিত্যৰ ইতিহাস যেতিয়ালৈ বৰ্তি থাকিব তেতিয়ালৈ শ্ৰীমন্ত শংকৰদেৱ, লক্ষ্মীনাথ অথবা জ্যোতিপ্ৰসাদৰ সৃষ্টিক কোনো অসমীয়াই আঙুলি টোৱাব নোৱাৰিব৷ হয়, তেওঁলোকৰ সাহিত্যক লৈ চৰ্চা হৈছে, গৱেষণা হৈছে, যোগাত্মক সমালোচনা হৈছে, কিন্তু কোনো অনুষ্ঠান-প্ৰতিষ্ঠান অথবা এচাম ব্যক্তি বিশেষৰ আশিস ধন্য হৈ তেখেতসকল শ্ৰেষ্ঠ প্ৰতিপন্ন হোৱা নাই৷ সমগ্ৰ জাতিটোৱেই তেখেতসকলৰ সৃষ্টিৰাজিক শ্ৰেষ্ঠ বুলি মনে প্ৰাণে আকোঁৱালি লৈছে৷ কোনোবা অত্যুৎসাহী পাঠক অথবা কোনোবা পাবত গজা সমালোচকে হয়তো কৈ দিব পাৰে যে সেই সময়ত তেওঁলোকৰ বাহিৰে সাহিত্য চৰ্চা কৰা কোনো নাছিলেই বা তেওঁলোকৰ সৃষ্টিক মূল্যাঙ্কন কৰিব পৰা কোনো অনুষ্ঠানৰ জন্মই হোৱা নাছিল তেতিয়া আৰু আমাৰ মুখত আঙুলি আৰু চিন্তাক তলা লগোৱাৰ বাহিৰে আন উপায় নাথাকিব৷

কেৱল সাহিত্যৰ ক্ষেত্ৰখনতেই নহয় অসমৰ সৰ্বত্ৰে এতিয়া এনেকুৱা এচাম তোষামোদপ্ৰেমী সমালোচকৰ জন্ম হৈছে যি জাতিটোৰ প্ৰতিয়েই এক ভাবুকি স্বৰূপ হৈ পৰিছে৷ আমি অসমীয়াই আমাৰ বুদ্ধি-বৃত্তি, সততা, সৌজন্য আৰু সাধাৰণ মানৱীয় প্ৰমূল্যবোধক আওকান কৰি কেৱল ন্যস্ত স্বাৰ্থ পূৰণৰ কাৰণে এটা জাতিক বদনামী কৰাত অলপো কুণ্ঠাবোধ নকৰোঁ৷ এয়াই নেকি আমাৰ জাতিগত পৰিচয়? এয়াই নেকি শংকৰ-মাধৱ, আজান ফকীৰৰ অসমীয়া জাতিৰ পৰিচয়?  এয়াই নেকি নিজৰ উত্তৰণৰ বাটটো মসৃণ কৰাৰ স্বাৰ্থত আত্মসন্মানক আওকাণ কৰি কেৱল মাত্ৰ কেৱল নিজৰ নামটো সোণালী আখৰেৰে ইতিহাসৰ পাতত খোদিত কৰাৰ একমাত্ৰ উপায়? যদি সেয়াই হয় তেনে আপুনিও মনত ৰাখক হে অসমীয়া, এই একেই ইতিহাসে আপোনাৰ এনেকুৱা স্বাৰ্থপৰতাক কেতিয়াও ক্ষমা নকৰে আৰু আপোনাৰ পক্ষপাত দুষ্টতাৰ কাৰণে আপোনাৰ নাম ইতিহাসে নিজৰ বুকুৰ পৰা চিৰদিনৰ কাৰণে মচি পেলাবলৈও কুণ্ঠাবোধ নকৰে৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক