সাৱিত্ৰী -লম্বোদৰ গগৈ

মই জন্মিছিলোঁ ৰামপুৰ চুবুৰীত৷ সমাজত আমাৰ কোনো মূল্যায়ন নাছিল৷ আমি আৰু ৰামপুৰ চুবুৰীৰ অধিবাসীসকল আছিলোঁ নিম্নবৰ্ণৰ হিন্দু৷ মই মোৰ বাল্যকালত দেখিছোঁ সমাজত উচ্চবিত্তসকলে দিয়া কামেই আছিল আমাৰ আয়ৰ উৎস৷ তদুপৰি মাছ ধৰি বজাৰত বিক্ৰী কৰাটোৱেই আছিল আমাৰ আদি পেচা৷ যিটো ঘৰত মই আৰু মোৰ মা আছিলোঁ সেইটো আছিল তালপাতৰ চাউনি আৰু বাঁহৰ বেৰৰ৷ যদিও বৰ্ষাকালীন সময়ত সিমান বৰষুণ নপৰে তথাপি বেৰৰ জলঙাৰে বাহিৰৰ সকলোবোৰ অনায়াসে দেখা যায়৷ ঘৰটো আছিল এটা ৰূমৰ৷ মই আৰু মোৰ মাৰ বাবে ঘৰটো বহুত ডাঙৰেই আছিল৷ মোৰ ককা-আইতা, খুড়া-খুড়ী বা আন আত্মীয়-স্বজন আছে নে নাই নাজানো৷ থাকিলেও ক’ত আছে তাকো নাজানো৷ মোৰ দেউতা নাছিল৷ দেউতাৰ নাম মায়ে ক’ব পৰা নাছিল বাবেই স্কুলত ভৰ্তি হ’ব নোৱাৰিলোঁ৷ তদুপৰি স্কুলত পঢ়োৱাৰ খৰচ বা ইচ্ছা কোনোটোৱেই মাৰ নাছিল৷ গাঁৱৰ লোকসকলে মাক কলঙ্কিনী বুলি মাতে৷ এইটো মাৰ নাম নে আন কিবা তাকো নুবুজোঁ৷ মোৰ ফালে সিহঁতে বেঁকা চকুৰে চাইছিল৷ মই সিহঁতক ভয় কৰোঁ বাবেই চুবৰীৰ দোকান-পোহাৰলৈ নগৈছিলোঁ৷ যদি কোনোবাদিনা যাওঁ তেন্তে চুবুৰীৰ ল’ৰাবিলাকৰ হাতত প্ৰচুৰ মাৰ খাবলগা হয়৷ সিহঁতে কৈছিল, “তোৰ বাপেৰে নাই, তই এটা জাৰজ৷” ঘৰলৈ ঘূৰি আহি মাক প্ৰায়েই কৈছিলোঁ, “মা, মোৰ দেউতা কিয় নাই? সকলোৱে মোক জাৰজ বুলি কিয় কয়? জাৰজ মানে কিনো?” মা নিশ্চুপ হৈ ৰৈছিল, কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল অথবা দিব নোৱাৰিছিল৷ ময়ো একেটা প্ৰশ্নকে বাৰে বাৰে সুধি বিৰক্ত হৈ গৈছিলোঁ বাবে উত্তৰ নাপাম বুলি জানি প্ৰশ্ন কৰাই বাদ দিলোঁ৷ মায়ে মানুহৰ ঘৰে ঘৰে গৈ কাম কৰিছিল৷ আহিবৰ সময়ত ঘৰৰ গৃহস্থনীয়ে মাক চাউল, দাইল, তৰকাৰী দি পঠিয়াইছিল৷ কিছুমানে আকৌ ধন-বিতো দিছিল৷ মই সকলোতকৈ বেছি সুখী হওঁ যেতিয়া মায়ে কিছু ৰাহি হোৱা তৰকাৰী পাইছিল৷ ভাজি তৰকাৰী হ’লে ৰন্ধাৰ ঝামেলা নাই৷ তেলো নষ্ট নহয়৷ তেল কিনাৰ ধনো নাছিল৷ সেই ৰাহি পোৱা তৰকাৰীতেই ইমান সুখী হৈছিলোঁ৷ এইভাবেই চলিছিল আমাৰ মাক-পুতেকৰ সংসাৰৰ খৰচ৷ মই সৰু আছিলোঁ বাবে কোনোদিন কামলৈ যাবলগা নহৈছিল৷ মা অকলেই যায়৷ কেতিয়াবা মাৰ উভটি আহোতে দেৰি হ’লে মই ঘৰত অকলে অকলে ভয় কৰিছিলোঁ৷ কি ঠিকনা, ভূত-প্ৰেতো আহিব পাৰে! সেইবোৰকেই ভাবোতে ভাবোতে মা আহি পাইছিল৷ এইধৰণে অনেক ৰাতি মাই দৌৰি ঘৰত সোমোৱা দেখিছোঁ৷ ঘৰত সোমাই লৰালৰিকৈ দৰ্জা বন্ধ কৰি দি কঁপিছিল৷ কি হৈছে জানিব খুজিলে মাই একো নকৈছিল৷ কোনো সময়ত দেখিছোঁ কাম নকৰাকৈয়ে সন্ধিয়া লগাৰ বহুত আগতেই মা ঘৰলৈ ঘূৰি আহিছে৷ ঘৰলৈ উভতি মন মাৰি মুখ গোমা কৰি বহি ৰৈছিল৷ মাক সুধিছিলোঁ, “মা আজি কাম নকৰা নেকি?” মাই নঞৰ্থক উত্তৰ দিছিল৷

: “তেনেহলে নিশালৈ খাম কি? পিছদিনা পুৱা আৰু দুপৰীয়া খাম কি?”
মাই কান্দিছিল আৰু কৈছিল, “নাজানো৷”
এনেকৈয়ে যাওঁতে যাওঁতে ইয়াৰ মাজতে বাৰিষা আহিল৷ ডাঙৰ মানুহৰ ল’ৰাবিলাকে ৰেইনকোট পিন্ধি ৰাস্তালৈ ওলায়৷ মোৰো মনে বিচাৰে ৰেইনকোট পিন্ধি বাহিৰলৈ যাবলৈ৷ কিন্তু ৰাস্তালৈ ওলালেই যে সিহঁতে মোক মাৰিব সেয়ে ৰেইনকোট কিনি দিবৰ বাবে মাক ক’বপৰা নাছিলোঁ৷ তদুপৰি ইমান টকা দি কিদৰেনো ৰেইনকোট কিনিব?
এটা নিশা খুব বৰষুণ হৈছিল৷ প্ৰচুৰ শীত লাগিছিল৷ ঘৰখনত গৰম কাপোৰ বুলিবলৈ এখন জীৰ্ণ কঁথা৷ দুয়োজনে যেনে-তেনে টনা-আঁজোৰা কৰি শুইছিলোঁ৷ তথাপি শীতে নামানিছিল৷ সেয়ে অলপ উষ্ণতা লাভৰ আশাত দুয়োটাই আৰু গা-ঘঁহাই শুইছিলোঁ৷ হঠাৎ কি হ’ল নাজানো–মাই মোক আৰু জোৰকৈ সাৱটি ধৰি কান্দিছিল৷ মোৰ মূৰত মাই গোটেই ৰাতি হাত বুলাই বুলাই থাকোতেই প্ৰথমেনো কোন টোপনি গৈছিল একো জনা নাছিলোঁ৷
প্ৰতিদিনৰ দৰেই মা গৈছিল আনৰ ঘৰত কাম কৰিবলৈ৷ মই ঘৰতে আছিলাঁ৷ হঠাৎ দেখোঁ, মা যিসময়ত কাম কৰি ঘৰলৈ উভটে তাতোকৈ অনেক আগতেই গুচি আহিছে৷ মাৰ সকলো কাপোৰ ফলা৷ মাৰ মুখত, বুকুত আৰু অনেক জেগাত আঁচোৰৰ দাগ৷ মাই কঁপি কঁপি ঘৰলৈ আহিছিল আৰু বহুত কান্দিছিল৷
“মা তোমাৰ কি হৈছে, তোমাৰ চাদৰ কি হ’ল? গাত ইমান দাগ কিয়?”
“একো হোৱা নাই সোণ, মই ঠিকেই আছোঁ৷”
“তোমাৰ গাৰ পৰা তেজ ওলাই আছে আৰু তুমি কৈছা ঠিকেই আছো বুলি?”
“এইবোৰ তুমি নুবুজিবা সোণ, মেম্বাৰৰ ঘৰত এটা ডাঙৰ কুকুৰ আছে৷ সেই কুকুৰটোৱেই কৰিছে এইবোৰ৷”
“কিন্তু ক’তা, মেম্বাৰৰ ঘৰত দেখোন কোনোদিনেই কুকুৰ দেখা নাই, আৰু তুমি কৈছা এটা ডাঙৰ কুকুৰ!”
“এইকাৰণেইতো কৈছোঁ, তুমি এইবোৰ নুবুজিবা৷”
পিছদিনা মাক চালিশলৈ তলব কৰা হ’ল৷ মায়ে মোক এৰি অকলেই গাঁওবুঢ়াই মতা চালিশলৈ গ’ল৷ ময়ো কিনো হয় চাবৰ বাবেই মাৰ অজানিতে মনে মনে চালিশৰ এফালে গৈ মূৰটো তললৈ কৰি বহিছিলোঁ যাতে মাই দেখা নাপায়৷ গাঁৱৰ গাঁওবুঢ়াই এজন এজনৰ ওচৰৰ পৰা বক্তব্য শুনিলে৷ শেষত মাৰপৰা জানিব বিচাৰিলে যে কালি কি ঘটিছিল৷ মাই ফোঁপাই ফোঁপাই কান্দি কৈছিল, “মোৰ কোনো দোষ নাই, মোক জোৰ কৰি…………..” ইমানলৈকে কৈয়েই আৰু জোৰে জোৰে কান্দি উঠিল৷
সেইদিনা সকলোৰে সিদ্ধান্ত ক্ৰমে মাৰ মূৰৰ চুলি খুৰাই দিয়া হ’ল৷ যদিও মাই সিহঁতৰ কাষৰ পৰা ৰেহাই পাবৰ বাবে চটফট কৰিছিল, আনকি সকলোৰে ভৰিতো ধৰিছিল, “মোক এৰি দিয়ক, মই নিৰ্দোষী৷”
আমি সমাজৰ নিম্ন-শ্ৰেণীৰ আছিলোঁ বাবে, আমাৰ মাতৃ-পুত্ৰৰ কোনো আত্মীয়-স্বজন নাছিল বাবেই কোনোৱে নুশুনিছিল মাৰ কথা৷ ময়ো মাৰ লগতে এৰি দিবৰ বাবে অনেক আকুতি কৰিছিলোঁ৷
মাৰ মূৰ টকলা কৰি চূণ সানি গোটেই গাঁৱত ঘূৰোৱা হয়৷ মই অলপকৈ বুজিব পাৰিছিলোঁ মেম্বাৰৰ ল’ৰাৰ সৈতে মাৰ কিবা এটা ঘটিছে৷ কিন্তু কি ঘটিছে সেয়া এইটো বয়সত বুজি উঠিব নোৱাৰিছিলোঁ৷
মই এতিয়া প্ৰাপ্তবয়স্ক৷ এতিয়া বহুত কথা বুজো৷ মই কোন? কি মোৰ পৰিচয়? মোৰ জন্ম কিভাবে হৈছে? মাই কিয় কঁপি কঁপি ঘৰলৈ দৌৰি উভতি আহি দৰ্জা বন্ধ কৰি দিছিল? কিয় আনৰ ঘৰত কাম নকৰি ঘৰলৈ উভতি আহি কন্দাকটা কৰিছিল?
মোৰ মমতাময়ী মাৰ ওপৰত সমাজৰ বিত্তশালীবোৰৰ দৈহিক নিৰ্যাতনৰ ফল মই৷ এইধৰণৰ হাজাৰ প্ৰশ্নৰ উত্তৰ এতিয়া মোৰ কাষত আছে৷ যাৰ উত্তৰ তেতিয়া মাই দিব পৰা নাছিল৷
পাঠক সমাজ, আপোনালোকে মানৱিক দিশেৰে বিচাৰ কৰি এবাৰ ভাবি চাওক—এজনী মাকে কেনেদৰে তেওঁৰ পাঁচবছৰীয়া ল’ৰাৰ আগত তেওঁৰ ওপৰত ঘটি যোৱা নিৰ্যাতনৰ কথা বৰ্ণনা কৰিব? ………
পিচদিনা মায়ে এজনক টকা অলপ দি মোৰ বাবে কিনি অনাইছিল এটা ৰেইনকোট৷ এই গৰমৰ দিনত কিয় ৰেইনকোট কিনিলে সেয়া একোৱেই বুজিব নোৱাৰিছিলোঁ৷ মোক চাবোনেৰে ভালকৈ গা ধোৱাই-পখলাই দি ৰেইনকোট পিন্ধাই ইফালে-সিফালে ঘূৰাই ফিৰাই বহুত সময় চালে৷ কাৰোবাৰ হতুৱাই বজাৰৰ পৰা ভাল মাছ কিনি ৰাতি ৰন্ধা-বঢ়া কৰা হ’ল৷ মাৰ হাতত যে অলপ টকা জমা আছিল সেয়া মই জনা নাছিলোঁ৷ ৰাতি মায়ে মোক সাৱতি ধৰি বহুত চুমা খালে৷ গোটেই ৰাতি মোৰ মূৰত হাত বুলাই বুলাই তেখেতে কান্দিছিল৷
ৰাতি মায়েই প্ৰথম টোপনি গৈছিল নে ময়েই গৈছিলো একোৱেই গম নাপাইছিলোঁ৷ পুৱা টোপনিৰ পৰা সাৰ পাই দেখো ৰূমৰ মাজত যেন কিহবাৰ প্ৰচণ্ড গোন্ধ৷ মাক বহুত সময় জগালোঁ৷
“মা, চোৱাচোন ৰূমৰ ভিতৰত ইমান বেয়া গোন্ধ৷ মা টোপনিৰ পৰা সাৰ পোৱা নাছিল৷ ভাবিছিলোঁ, গভীৰ ৰাতি শুইছিল৷ সেয়ে টোপনিৰ পৰা জগোৱাৰ উদ্দেশ্য মাৰ বাহুত ধৰি জোকাৰি জোকাৰি বহুত সময় মাতিলোঁ…………..মা…….মা………মা………উঠা৷ চোৱাচোন কি গোন্ধাইছে৷
কিন্তু মা টোপনিৰ পৰা আৰু সাৰ নাপাইছিল৷ মাৰ মুখেদি বগা ফেন ওলাইছিল৷ আৰু বিছনাৰ কাষতে আছিল এটি সৰু কাঁচৰ বটল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক