সিদিনা (ডিম্বপ্ৰসাদ দাস)

পূব আকাশত ধলফাট্ দিব নাপাওঁতেই
ককাই নাঙলৰ সীৰলুত
আশাৰ মানচিত্ৰ
আঁকি ঘৰলৈ উভতিছিল,
আগচোতালত আইতাই
পুৱাৰ ৰঙাবেলিটি পিঠিত পেলাই
হেঁপাহৰ মহুৰা ফুৰাইছিল,
কণমানি নাতিনীয়েকে বাৰে বাৰে
চেৰেকীৰ সূতাডাল চিঙি খিলখিলাই হাঁহি উঠিছিল..

চোতালৰ সিটোমূৰৰ পৰা নাতিনীৰ অতপালি দেখি
ককাৰ মুখেদি এমোকোৰা হাঁহি বাগৰি গৈছিল,
ধূপ-ধূনা লৈ বোৱাৰীয়েকে
শাহু আৰু
শহুৰেকক সেৱা জনাই
একোকাপকৈ চাহ দি কণমানিজনীক কোলাত তুলি লৈছিল,

পদূলিমুখৰ তিনিআলিটোত
গজেন দদাইদেৱে আগৰদৰেই দোকানখন খুলি
কাকতখনত চকু ফুৰাইছিল….
“ভাৰত-পাক্ সীমান্তত উগ্ৰপন্থীৰ গুলীত অসমৰ বীৰ জোৱান চিত্ৰ….”

বৰ বৰ হৰফেৰে লিখা বাতৰিটো পঢ়ি
দদাইদেউ শিল পৰা কপৌটোৰ দৰে হৈ পৰিছিল ….

হঠাৎ উধাতু খাই আহি দদাইদেৱে ককাৰ হাতত কাকতখন গুজি দি আঁতৰি গৈছিল ….
সিদিনা আইতাৰ হেঁপাহৰ চোতালখনত কান্দোনৰ ৰোল উঠিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments