সিদ্ধান্ত (চন্দামিতা দেৱী)

: অই, তোক যে কৈছিলোঁ কথাটো, কি কৰিবি ? যাবি নে নাই এবাৰ ক’বলে ?

: ভাবি আছো কি কৰোঁ ।
: কিমান দিন ভাবি কটাবি ? সবে মিলি দিন-বাৰ ঠিকহে কৰিব আৰু । থাক তই ভাবি ।
: – – – – – – –
: কি হ’ল ? চুপ হৈ গলি যে ? আৰে তই এবাৰ আহিবি তো আমাৰ ঘৰলে । বাকীখিনি আমি দুয়ো মিলি জুলি কম দে । তই এবাৰ মাত্ৰ আহি ঘৰৰ সবৰে আগত আমাৰ কথাটো ক । তাৰ পিছত মোক কোনে কালৈ বিয়া দিয়ে চাই থাক ।
: কথাবোৰ আচলতে তই ভবাৰ দৰে সহজ নহয় অ । মোৰ এতিয়াও পঢ়া শেষেই হোৱা নাই । পঢ়া শেষ হ’লেও যে লগে লগে কিবা এটা চাকৰি-বাকৰি পাম তাৰো ঠিকনা নাই । তইয়ো নো কিমান দিন ৰবি মোলৈ ?
: মই কিমান দিন ৰম সেইটো তই ভাবিব নালাগে । মই জানো মই কিমান দিন ৰম । তই নিজৰ কথা ক । কেতিয়া আহিবি আমাৰ ঘৰলে ? আহিবিনে নাই ?
: চা, তই ছোৱালী মানুহ । ভাল ল’ৰা পাইছ, বিয়া হৈ ল । ঘৰৰ মানুহে তোৰ বেয়াটো নাভাৱে নহয় । আৰু চা, পিছলে যদি তোৰ মোক ভাল নলগা হয় তেতিয়া ?
: মোৰ আকৌ তোক কিয় ভাল নালাগিব ? পিছৰটো পিছত ভাবিবি দে । এতিয়াৰটো ক ভালকে ।
: মোৰো যদি দুবছৰমান পিছত তোক ভাল নলগা হয় তেতিয়া ? মানুহৰ মনৰ কি ঠিকনা আছে ?

— কিমান দিন আগৰ বাৰু কথাবোৰৰ ? সাত বছৰ হ’ল । অথচ ৰূপালীৰ কিছুদিনৰ আগৰ কথা যেনেই লাগি থাকে । দিন কাৰো বাবে ৰৈ নাথাকে । ভাল বেয়া সকলো দিন পাৰ হৈ যায় । বিয়াৰ তিনি বছৰমান পিছত কাৰোবাৰ পৰা তাইৰ মোবাইল নম্বৰ লৈ সি ফোন কৰিছিল কেইদিনমান । তেতিয়ালৈকে সকলো ঢাকিব জনা হৈ গৈছিল তাই । শিকি লৈছিল । খুব সাধাৰণভাবে কথা পাতিছিল তাই । এদিন সি কৈছিল, ” কিয় নৰলি মোলৈ ?” তাই একো কোৱা নাছিল । কিছুদিন পিছতে সলাই পেলাইছিল তাইৰ মোবাইল নম্বৰটো । ৰূপালীয়ে ৰশ্মিৰ পৰা গম পাইছিল সি পিছত ভাল পোৱা ছোৱালীজনী অইন এজনৰ লগত পলাই যোৱাৰ কথাটো । দুখ পাইছিল হেনো সি । মুখেৰে একো কোৱা নাছিল যদিও কথাটো শুনি খুব সুখী হৈছিল তাই । কিবা যেন এক বুজাব নোৱাৰা তৃপ্তি পাইছিল । ভালপোৱাজনৰ মন সলনি হোৱাৰ বেদনা যে কি সেইটো সি অনুভব কৰাটোৰ বাবে যেন তাই সদায়েই বাট চাই আছিল । বিবেকে তাইক নিষ্ঠুৰ বুলি কৈছিল । তথাপি তাই নিজকে সুখী অনুভব কৰাৰ পৰা ৰখাব পৰা নাছিল ।

— কম্পিউটাৰত ফেচবুক খুলি লোৱাৰ লগে লগে পোৱা বিশেষ ফ্ৰেইণ্ড ৰিকুৱেষ্টটোৱে পাহৰিব খোজা সকলো স্মৃতি আকৌ মেলি ধৰিলে ৰূপালীৰ সন্মুখত । নাচাও বুলি ভাবিও খুলি ললে তাৰ প্ৰফাইলটো । ফটোখন চাই ভাবিলে, “অলপ শকত হৈছে সি । আগতকে বেছি ভাল লগা হৈছে দেখিব। কভাৰ ফটোত এইজনী তাৰ ঘৈণী আৰু কেঁচুৱাটো চাগে । ৰশ্মিয়ে কৈছিল তাৰ বিয়াৰ কথাটো । তাৰ মুখখনেই পাইছে কেঁচুৱাটোৱে । বৰ মৰমলগা হৈছে । ইশ্বৰে তোক কুশলে ৰাখক বাচা ।” খন্তেক ৰৈ ভাবি চালে কি কৰিব তাই । এক্চেপ্ট কৰিবনে নকৰে ৰুবুল নামৰ বহুদিন আগতে চিনি পোৱা আৰু অচিনাকী হৈ যোৱা মানুহজনৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট ? একদম অচিনাকী হ’লে তথাপি চিনাকী হ’ব পাৰি, বন্ধুত্ব কৰিব পাৰি । কিন্তু এনেকুৱা হ’লে কি ধৰণৰ হ’বগৈ পাৰে তাইৰ ধাৰণাৰ বাহিৰত ।

— শোৱাৰূমৰ পৰা অহা মোবাইলৰ ৰিংটোৱে চিন্তাত যতি পেলালে তাইৰ । বিজয়ৰ ফোন । ৰূপালীৰ স্বামী । দুপৰীয়া সদায়ে লান্স ব্ৰেকত এবাৰ ফোন কৰি তাই ভাত খালেনে নাই খবৰ লোৱাটো তেওঁৰ এটা অভ্যাসেই । কথা পাতি উঠি তাই ভাবিলে, “কোনে কয় বিয়া হ’বলে হ’লে আগতে প্ৰেম কৰিবই লাগিব ? প্ৰেম কৰি বিয়া হৈ পিছত প্ৰেমক হত্যা কৰি গোটেই জীৱন প্ৰেমৰ শৱ কঢ়িওৱাতকে হাজাৰ গুণে ভাল এই পূৰ্বপ্ৰেমবিহীনভৱে আৰম্ভ হোৱা বুজা-বুজি, মৰম-ভালপোৱা, সন্মানেৰে ভৰি পৰা এই সৰু ঘৰখনি ।”

— কম্পিউটাৰৰ ওচৰলে আহি দিলিট ৰিকুৱেষ্টটোত ক্লিক কৰিবলে তাইৰ এবাৰো ভাবিবলগীয়া নহল । কিছুমান সিদ্ধান্ত জীৱনে বহু আগতেই লৈ থয় । মাত্ৰ আমি মানি লব জানিলেই সহজ হৈ পৰে । মনটো তাইৰ পাতল পাতল লাগিল । এই মাত্ৰ ঘৰৰ ভিতৰত ওলমি থকা মকৰা জালবোৰ নমাই ঘৰৰ চুক-কোণৰ পৰা এসোপা জাবৰ সাৰি-পুচি উলিয়াই ডাষ্টবিনত পেলাই ঘৰটো পৰিস্কাৰ কৰি উঠা যেন লাগিল তাইৰ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক