সিদ্ধান্ত: তুলিকা নিৰ্মলীয়া

(শৰীৰটোক সুখী কৰিলেই সুখী নহয় আত্মা। ধুনীয়া কাপোৰে সজাই-পৰাই সুখী কৰি ৰাখিব পাৰি শৰীৰটোক। কিন্তু তাৰ আবুৰত লুকাই থকা আত্মাটোকো লাগে আশ্বাসৰ এখনি সবল হাত। মৰিলে চিতাত তুলিবলৈও জানো নালাগিব এখন কান্ধ!…)

আনদিনাৰ দৰেই মিনতিয়ে পুৱা সোনকালে টোপনিৰ পৰা সাৰ পালে। বিছনা এৰিয়েই ৰাতি ভাত খোৱা কাঁহী-বাটিকেইটা লৈ টিউবেলৰ কাষ পালেগৈ। কাঁহী-বাটি ধুই অঁতাই বাঢ়নিকোছা লৈ ঘৰৰ আগচোতাল পিছচোতাল সামৰি দীঘল পদূলিটো সাৰিলে। উভটি আহি ক’লী গাইজনীৰ গাখীৰ খীৰালে। কোৰখনৰ সৈতে খৰাহি এটা লৈ ওচৰৰে পথাৰখনৰ কাষৰ পৰা ৰঙামাটি অলপ আনিলে। ঘৰটো লেপিব লাগে। বেৰো লেপিবলৈ হ’ল। বিহুলৈ বেছি দিন নাই। পুৱাৰ কাম-বনখিনি সামৰি গাটো তিয়াই পোনে পোনে জুহালত সোমাই ভৰি-হাতে আৰু মুখতো মিঠাতেল ঘঁহি ল’লে তাই। ডাঙৰ বোৱাৰীজনীয়ে ভাতৰ চৰু বহাইছে। মিনতিয়ে ডেক্সিটো জুইত বহাই দি চেনি নিদিয়া ফিকা চাহ এবাটি বাকি ল’লে। মিনতিৰ দৈনন্দিন ৰুটিন-মাফিক কাম।
: বাইদেউ, স্কুল যাব নে আজি?
মিনতিয়ে কিবা ভাবি থকা যেন দেখি বোৱাৰীয়েকে মাত লগালে।
: যাম যাম। কি শাক ৰান্ধিব লৈছ? মই কাটি দিওঁ দে।
ভাবি থকা খেলিমেলি কথাবোৰৰ পৰা আঁতৰি আহি মিনতিয়ে কৈ উঠিল।
: পিতায়ে বাৰীৰপৰা বন্ধাকবি দুটামান আনি থৈছে তাকে ভাজি দিওঁ। কচুথোৰৰ জোলকণ হ’লেই। ভাতো হ’ল।
: তেজমুৰিৰ আগ দুটামান আনি থৈছিলো। কচুশাকখনত দি দিব লাগিছিল।
: দিলো। তিতাভেকুৰি দুটামান আছিল, সেইকেইটাও দি দিলোঁ।
মিনতিয়ে তিতা খাই ভাল পায় বুলি জানিয়েই বোৱাৰীয়েকে কথাষাৰ ক’লে।
: ভাল কৰিলি। পিতায়ে চাহ-পানী খালে জানো?
: খালে। গোহালিৰ ফালে যোৱা দেখিছিলোঁ। বাৰীত চাগৈ গোবৰ দিছেহি।
: অ’।
বয়স হৈছে যদিও কিবাকিবি কৰিয়েই থাকে মিনতিৰ দেউতাকে। মানা কৰিলেও নুশুনে।
কবিটোৰ সৈতে আলু দুটা কাটি মিনতিয়ে জুহালৰ পৰা উঠি গ’ল। ঘৰৰ কাষতে লাগি থকা এল পি স্কুলখনৰ ল’ৰা-ছোৱালীমখাৰ চিঞৰ বাখৰবোৰ শুনা পালে তাই। ৰেডিঅ’ত আঞ্চলিক বাতৰি শেষ হৈ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান আৰম্ভ হৈছে। এইমখা আজি ইমান সোনকালে আহিল। মিনতিয়ে মনতে ভোৰভোৰালে। খৰধৰকৈ কাপোৰ সাজ সলাই কঁকাললৈকে বৈ পৰা দীঘল চুলিখিনি বেণী গাঁঠি বোৱাৰীয়েকে বাঢ়ি দিয়া ধোঁৱা ওলাই থকা গৰম গৰম ভাতকেইটামান খাই স্কুললৈ ঢাপলি মেলিলে।
স্কুলত গৈ পাই দেখিলে হেডমাষ্টৰ অহাই নাই। বাকী শিক্ষকজনো মন গ’লে আহে, নগ’লে নাই। আহিলেও মুখত সাঁজপানীৰ গন্ধ লৈ আহি শ্রেণীত পাটিগণিত বুজোৱাতকৈ সাধুকথা কোৱাই ভাল বুলি ভাবি লয়। মিনতিৰ কেতিয়াবা খঙো উঠে, হাঁহিও উঠে। স্কুলখন তাইৰ দেউতাকে নিজে প্রতিষ্ঠা কৰা। প্রধান শিক্ষক হৈ অৱসৰ ল’লে তেওঁ। ভালেকেইজন ছাত্র ওলাই গৈ ডাক্তৰ, ইঞ্জিনিয়াৰ হ’ল।
ইতিমধ্যে ছাত্র-ছাত্রীসকলে সাজু হৈছিল প্রার্থনা গাবলৈ। মিনতিও গৈ শাৰীপাতি থিয় হ’ল। গোটেইজাকে চকুমুদি গালে “তুমি চিত্ত বৃত্তি মোৰ পর্বতক নাৰায়ণ… ” প্রায়েই হোৱাৰ দৰে আজিও ল’ৰামখাই ছোৱালীৰ সুৰত সুৰ নিমিলাই আগে ভাগে প্রার্থনা সামৰি থ’লে। সেইটোকে লৈ আজি আৰু সিহঁতক গালি পাৰিবলৈ মিনতিৰ মন নগ’ল।
: ছাৰ আহিলে?
: অ’ আহিলোঁহে। আজি অলপ দেৰিয়েই হ’ল।
সদায় যেন তেওঁ সময়তহে আহি উপস্থিত হয়, তেনে এটা ভাবেৰে কথাষাৰ ক’লে হেডমাষ্টৰে।
মিনতিয়ে মিচিকিয়াই সামৰি থ’লে কথাটো। ৰেজিষ্টাৰখন লৈ দ্বিতীয় শ্রেণীত সোমাল। নামবোৰ মাতি যাওঁতে থকা কেইজনে কৈ গ’ল—‘উপস্থিত বাইদেউ।’
হেডমাষ্টৰ সোমাল চতুর্থ শ্রেণীত। ছাৰ আজিও নাহে বুলি ভাবি তৃতীয় শ্রেণীৰ গোটেইমখাই চিঞৰ-বাখৰ কৰাত লাগিল। তাই গৈ সিহঁতক অংক কেইটামান কৰিবলৈ দি প্রথম শ্রেণীৰ ছাত্র-ছাত্রীখিনিক নেওতা পঢ়িবলৈ বাহিৰলৈ পঠিয়াই দিলে। নিজৰ শ্রেণীলৈ উভটি আহি যুক্তাক্ষৰ ভঙা-পতা কেইটামান শিকালে।
মিনতিৰ মন নাই আজি পঢ়ুৱাবলৈ। দুটামান যুক্তাক্ষৰ শিকাই দি তাই কিতাপ মেলি সিহঁতক পঢ়িবলৈ ক’লে পানীখোৱা ছুটীৰ পিছত শ্রুতলিপি ল’ম বুলি। ভালে দিনৰ পৰা খেলিমেলি চিন্তা কিছুমানে খুলি খুলি খাই আছে তাইক। ভাব হয় জীৱনৰ সিদ্ধান্ত কিছুমান লওতে তাই ভুল কৰিলে। কিন্তু এতিয়া এইটো বয়সত সেইবোৰ ভুল শুধৰাই লোৱাৰ কথাট ভবাটোৱেই যেন হাস্যকৰ। বায়েকৰ ল’ৰা দুজনে কলেজৰ দেওনা পাৰ কৰিলে। ডাঙৰ ভায়েকৰ ছোৱালী হাইস্কুল পালেগৈ। সৰুটোৱে বিয়া কৰোৱা এবছৰ হ’ল। তাইৰ কাষৰ কোঠালিটোৱেই সৰু ভায়েক বোৱাৰীয়েকৰ। ৰাতি কেতিয়াবা তাই শুব নোৱাৰে। খেলিমেলি হিচাপবোৰ যুকিয়াই থাকোতে টোপনি আহি দুচকুত সোমাবলৈ সুৰুঙাই নাপায়। তেনেকুৱা ৰাতিবোৰত কাষৰ কোঠালিৰ পৰা অহা অস্বস্তিকৰ শব্দবোৰে তাইক ধুমুহাই কোবাই যোৱা বিধস্ত গছৰ দৰে ভাঙি ছিঙি মষিমূৰ কৰি পেলায়। তাই ভগৱানক কাবৌ কৰে মুষলধাৰে বৰষুণ এজাক পঠিয়াবলৈ। কেতিয়াবা শুনে ভগৱানে। নতুনকৈ টিনেৰে সজোৱা ঘৰৰ চালখনত বৰষুণৰ টোপালবোৰ হুৰহুৰাই পৰে আৰু তাইৰ গাৰুৰ গিলিপ তিতে। বৰষুণজাক নাহিলে তাই নিজক কেন্দ্র কৰি এটা বৃত্ত বনাই লয় । তাতে সোমাই নিজে নিজৰ কাণ দুখনক, মনটোক সকীয়নি দিয়ে—খবৰদ্দাৰ, তহঁতি এই বৃত্তৰ বাহিৰ নহ’বি! ঐককেন্দ্রিক বৃত্তটো বাঢ়ি গৈ থাকে… গৈ থাকে…।
তাই ভাবে কি নাছিল তাইৰ? গাওঁখনৰে চকুত লগা ছোৱালী আছিল। কঁকাললৈকে বৈ পৰা দীঘল চুলি, গাখীৰত সেন্দূৰ মিহলোৱাৰ দৰে গাৰ ৰং, সমাজৰ কামত আগভাগ লোৱা, মিঠামুখৰ, সকলোৰে লগত মিলিজুলি থকা সাদৰী ছোৱালী। অসম আন্দোলন, মইনা পাৰিজাতৰ পৰা আৰম্ভ কৰি ওচৰৰ জান-বিলত জাকৈ বোৱা, পথাৰত মাছ ধৰিবলৈ ভেটা দিয়া, মাছৰ উজান উঠা দিনত চেঁপা, খোকা পতালৈকে মিনতি নহ’লে নহয়। জুলুকিটো লৈ বগলীখোজেৰে গৈ জপংকৈ দি অহা লাওটো জুপি মাছ ধৰাৰ যি আনন্দ, মাছ ধৰি নোপোৱাবোৰে কি বুজিব! পথাৰত ভেটা দিবলৈ, বিলত মাছ ধৰিবলৈ হ’লেই ওচৰতে থকা বৌৱেকহঁতে তাইকহে আগতে চিঞৰি মাতে—মিনতি অ’ই, ব’ল মাছকে বিচাৰি যাওঁ আজি। অথচ তাই মাছ-মাংস মুখতেই নিদিয়ে। তাইৰ হাতৰ ধানৰ মুঠিৰ নাম গাঁৱৰ বাহিৰতো আছে। ধানৰ দাঙৰি দেখিলেই ক’ব পাৰে সেয়া কাৰ হাতৰ ধানৰ মুঠি। মিনতিৰ হাতৰ মুঠিৰ ছয়ঠৰীয়া দাঙৰি নিবলৈ ডেকাবোৰে ভাবিবলগীয়া হয়। ৰুৱা-তোলা, বোৱা-কটা কোনোটোতেই তাইক কোনেও চেৰ পেলাব নোৱাৰিছিল। কিন্তু সকলোবোৰ পায়ো তাই যেন কিবা অলপ হেৰুৱাই পেলালে! কিয়? কেনেকৈ? তাই নিজেও নাজানিলে। আজি বয়সে দুকুৰিৰ দেওনা পাৰ হোৱাৰ পিছত কথাবোৰ যুকিয়াই, ফঁহিয়াই চাই দেখিছে তাইৰ ভুলবোৰ। যিবোৰ এদিন তাইৰ জেদ আছিল। নে অভিমান আছিল জীৱনৰ ওচৰত? জীৱনতকৈ বেছি বুলি ভবা কাৰোবাৰ ওচৰত? কথাবোৰ যিমানেই ভাবে সিমানেই জোঁট-পোট বেছিকৈ লাগে মিনতিৰ। এনে হোৱাৰতো কথা নাছিল! বহুত কিবাকিবি হোৱাৰেই কথা নাছিল, কিন্তু হ’ল। বহুত কথাই পাহৰি যোৱাৰ কথা আছিল কিন্তু পাহৰা নহ’ল। পাহৰিলোঁ বুলি নিজকে ভুৱা সান্ত্বনা দিলেও গুজৰি গুমৰি কথাবোৰ মনৰ ভিতৰতে অহা-যোৱা কৰি থাকে। কিমান দিনলৈ? কিমান দিনলৈ ফাঁকি দি থাকিব নিজক? হয়তো এতিয়া শাৰীৰিক প্রয়োজনবোৰ গৌণ। গৌণ পোৱা-নোপোৱাৰ হিচাপ-নিকাচবোৰো । কিন্তু এই যে দিনে দিনে বাঢ়ি অহা মানসিক অশান্তিবোৰ? ক’ত পুতি থ’ব এইবোৰ? মাকজনী নোহোৱা হোৱাৰে পৰা যেন বুকুৰ শূন্য গাতটো দ’ হৈ গৈ আছে। ভায়েক বোৱাৰীয়েকহঁতৰ অৱজ্ঞাৰ চাৱনিবোৰ কিমান দিনলৈ নেদেখাৰ ভাও ধৰি থাকিব তাই? নাই নাই, সিহঁতে মুখ ফুটাই একো নকয় তাইক। সৰুৰে পৰা পোৱা ঘৰখনৰ সংস্কাৰে তেনে কৰিবলৈ হাক দিয়ে সিহঁতক। জানে, মিনতিয়ে কথাবোৰ জানে, বুজে। বুজা নুবুজাৰ জপনাখনতে তথাপিওচোন কিন্তু এটা ওলমি থাকে। উপায়হীনতো নহয় তাই, তেতিয়াৰ দৰেই এতিয়াও। তেন্তে?
: বাইদেউ ৰাজুৱে মোক জোকাই আছে।
কোনোবা এজনীৰ চিঞৰত মিনতি ভাবনাৰ পৃথিৱীখনৰ পৰা ওলাই আহিল।
: তহঁতক কাজিয়া কৰিব দিছিলো নে পঢ়িব দিছিলো হা? হুলস্থূল কৰাত লাগিলি যে? চাও ৰাজু, এইফালে আহ।
এইটো নতুন কথা নহয়। প্রায় সদায়েই ৰাজুৰ ওপৰত এটা নহয় এটা আপত্তি থাকেই। অথচ আনদিনাৰ দৰে আজি মিনতিয়ে সামান্য ভেকাহি মাৰিয়েই কামটো নাসামৰি ৰাজুক মাতি আনি স্কেলপাতেৰে হাতত তিনি চাট লগায় দিলে।
: বাইদেউ ৰিণিয়ে মোৰ মাটি-পেঞ্চিলডাল ভাঙিলে কাৰণেহে তাইক দন্দুৰী বুলি জোকাইছিলো।
হাতখন মোহাৰি মোহাৰি জলজলীয়া চকুৰে ৰাজুৱে ক’লে।
কান্দো কান্দো কৰি থকা ৰাজুৰ চকুহাল দেখি মিনতিৰ মনটো সেমেকি খঙটো নাইকিয়া কৰি দিলে। চেহ, বেচেৰাটোক মিছাতেই চাটকেইটা দিয়া হ’ল। কথাটো মনতে ভাবি তাই ৰিণিকো মৃদু ধমক এটা দিলে।
স্কুল ছুটী দি আহি চাহপানী এটুপি খায়েই মিনতি তাঁতশালত বহিলগৈ। বিহুৰ আগেয়ে গামোছাকেইখন বৈ শেষ কৰিব লাগে। এনেই ইমান সময় নালাগে তাইৰ। মাথোঁ ফুল বাচোতেহে আজিকালি চকুদুটাই আগৰ দৰে লগ নিদিয়ে। ৰঙা ৰঙটোৱে বৰকৈ চকুত ধৰে। দোষ কৰি দুখ পাই জলজলীয়া হোৱা ৰাজুৰ চকুকেইটাৰ দৰে তাইৰো হয় কেতিয়াবা। দুচকু জলক-টবক কৰে, গামোছাত তোলা ফুলত খেলিমেলি লাগে। তাঁতশালত সপোন ৰচা তাই বাৰু জীৱনৰ বুটাবচা সপোনবোৰ দেখিবই নিশিকিলে নেকি?—তাই ভাবে! কথাবোৰ ভাবি ভাবি দীঘলকৈ এৰা হুমুনিয়াহবোৰে তাইক সংগ দিয়ে।
শান্ত, সহজ সৰল, সাদৰী মাকজনীলৈ মিনতিৰ বৰকৈ মনত পৰে। কেতিয়াও কাকো হুটা মাত এষাৰ দি নোপোৱা মাকজনীয়ে এদিন তাইক ঘৰৰ পিছফালে থকা চোমনিখনতে মুগাবোৰৰ আপদাল কৰি থাকোতে কৈছিল—
: এই যে দেখিছ পলুবোৰ। ইহঁতিও কিছুমান নিয়ম মানি চলে। কণী ফুটি পোৱালি ওলায়, লাহে লাহে ডাঙৰ হয়, যেতিয়া পকিব খোৱা বন্ধ কৰি নিজে গছজোপাৰ তললৈ নামি আহে, জালিত দি দিলে নিজকে নিজে বন্দী কৰি লেটা হৈ পৰে আৰু এদিন পখিলা হৈ নিজৰ বংশ বৃদ্ধি কৰে। এইবোৰ প্রকৃতিৰ নিয়ম। আমি মানুহবোৰেও সমাজে বান্ধি দিয়া নিয়ম কিছুমান মানি চলিব লাগিব বুজিছ। সময়ত লেটা হৈ সোমাব লাগিব আৰু পখিলা হৈ উৰিবও লাগিব। থাকো বুলিলেও সদায় পখিলা হৈ থাকিব নোৱাৰ।
মাকৰ কথাবোৰ শুনি তাই মাথোঁ মূৰটো সন্মতিসূচক ভংগীত দুপিয়াইছিল। স্কুলত এটা শ্রেণীও নপঢ়া মাকজনী জীৱনৰ অভিজ্ঞতাৰে অভিজ্ঞ আছিল। মিনতিৰ আঁকোৰগোজ স্বভাৱৰ কথা জানিয়েই মাকে মৰমেৰে বুজাইছিল তাইক—চা আই, জীৱনৰ সিদ্ধান্ত কিছুমান সঠিক সময়ত নল’লে তই আজীৱন নিজকে দোষ দি থাকিব লাগিব। যেতিয়া কথাবোৰ বুজি পাবি তেতিয়া তই সময়কো দোষ দিব নোৱাৰিবি। ভায়েৰ দুটাই বিয়া বাৰু কৰালেই। দুয়োৰে ল’ৰা-ছোৱালীবোৰো এদিন ডাঙৰ হ’ব। তোক এদিন মানুহৰ আগত চিনাকী দিবলৈ বেয়া পাব সিহঁতে। ভাই বোৱাৰীহঁতে লেই লেই চেই চেই কৰিব। কেনিও ওলাই যাব নোৱাৰি শামুকৰ পেটত সোমাই থকাৰ দৰে থাকিব লাগিব। শামুকৰ পেটত সদায় মাণিক নাথাকে আই। তোৰ এই আই-পিতাই থকালৈকেহে তই একো এটা নুশুনাকে থাকিব পাৰিবি। আৰু এই যে তই কিবা কেইটকামান উপার্জন কৰিছ সেয়ে তোক এতিয়া কোনেও আঙুলি টোঁৱাব নোৱাৰে। তই সমাজৰ কাৰণে দেহে-কেহে খাটি যিয়েই নকৰ কিয় এদিন সেই সমাজেই তোক আঙুলি টোঁৱাব। বুজিবি এদিন কথাবোৰ। কিন্তু বুজোতে ইমানো দেৰি নকৰিবি যে তোৰ হাতত কিবা কৰিবলৈ সময়েই নাথাকিব! সময়ৰ কামবোৰ সময়ত নিয়াৰিকৈ কৰি পেলাবি।
মাকজনী নাইকিয়া হোৱাৰ এবছৰ পিছতেই মিনতিয়ে কথাবোৰ বুজিছে। ঘৰলৈ ভায়েকহঁতৰ কোনোবা সমনীয়া আহিলে তাই অনুভৱ কৰে তাইৰ উপস্থিতি যেন কাৰোৰে কাম্য নহয়। ভায়েকে আপত্তি কৰে।
: বাইদেউ কাপোৰ সাজ সলায় ল’ব নোৱাৰনে তই? কথাবোৰো ভালকৈ ক’ব নিশিকিলি এতিয়াও!
মিনতিয়ে নিজৰ পিন্ধা কাপোৰখিনিত এবাৰ ভালকৈ চকু ফুৰাই দোষী দোষী ভাবেৰে কৈ উঠে—
: কিনো বেয়া দেখিছ অ’। নাইটিটো দেখোন সৌ সিদিনাহে লোৱা, নতুনেই হৈ আছে। আৰু কথাবোৰ দেখোন মোৰ এনেকুৱাই! তই আজিহে খুঁত পালি নে মোৰ কথাবোৰত?
: ডিঙিত নো গামোছাখন কিয় আঁৰি ফুৰিব লাগে?
মিনতিৰ বোবা চাৱনিটোৰ তীব্রতাক সহিব নোৱাৰি মুখৰ ভিতৰতে কিবাকিবি ভোৰভোৰাই ভায়েকে ফু ফুৱাই আঁতৰি যায়।
এই ‘নাইটি’ নামৰ পোছাকটোৰ স’তে মিনতিৰ চিনাকী হোৱা বহুত বেছি দিন হোৱা নাই। আগতে তাই মেখেলা চাদৰেই পিন্ধি থাকিছিল ঘৰত থাকিলেও। সময়ৰ ফাঁকে ফাঁকে ঘৰখনলৈ বহুত কিবাকিবি সোমাই আহিল। খৰিৰ ঠাইত ৰন্ধন গেছ আহিল। ঘৰটোও পকী কৰিবলৈ যো-জা চলিছে। জুহালখনো লাহে লাহে এলাগী হ’ব চাগৈ। আগফালৰ ফুলনিখন, বাঁহনিডৰা কাটি কুটি চিকুণাই পেলালে চাহৰ খেতি কৰিব বুলি। পিছফালৰ চোমনিখনো নাই। সৰুটো ভায়েকে ডাইনিং টেবুলখন অনাৰ দিনৰে পৰা জুহালত পীৰাত বহি আটাইকেইজনে একেলগে ভাত নোখোৱা ভালেদিন হ’ল! ভোকত ভাতৰ নিহনি খোৱা দিনবোৰ এতিয়া নাই মিনতিহঁতৰ। এতিয়া উৎকট গৰমত চোতালত ঢাৰি পাৰি বহি বিচনীৰ বা ল’বলৈও দৰকাৰ নহয়, কাৰো সময়ো নাই। এই নাই নাইবোৰৰ মাজত তেতিয়া নথকা বহুত কিবাকিবিয়েই আছে এতিয়া। কিবাকিবিবোৰৰ লগতেই নাইটিটো আহি কেতিয়া তাইৰ গাত সোমালে তত্‌কেই ধৰিব নোৱাৰিলেচোন! তাইৰ ইচ্ছাত যে অহা নাছিল তাই জানে। তেন্তে ইহঁতৰ কিয় আপত্তি? বুজে তাই কথাবোৰ…।
সপোনবোৰ আঁকুহী-বাকুহী সময়ে ক’লে—

সময়ৰ কি দোষ, যদি সময়ৰো হয় অসুখ?
কুঁচি-মুচি পৰি ৰয় জীৱনৰ পথ্য
শেষ আশ্রয় মাথোঁ আন্ধাৰ চুক!
_____________________________________________________________________________
আকাশ চুব নোৱাৰি বুলিয়েই আকাশখনক জানো বেয়া পাব পাৰি? তাতেই যে থাকে লুকাই প্রিয় বৰষুণজাক, প্রিয় জোনাক। সপোনবোৰ থপিয়াই ধৰিব নোৱাৰি বুলিয়েই জানো এৰিব পাৰি সপোন দেখিবলৈ? সপোনতেই যে সাজিব পাৰি হাজাৰ ৰামধেনু।
মিনতিয়ে নতুনকৈ অলপমান হিচাপ-নিকাচ কৰিছে নিজৰ বাবে। ইমানদিন তাই অনর্থক ঠেহ পাতি আছিল। যোৱাবোৰ গ’ল। ল’ৰালিৰ লগৰী আছিল তাইৰ। গাঁৱৰ বোকাপানী খচি একেলগে ডাঙৰ হৈছিল। অভাৱ-অনাটনৰ মাজতো সপোনে পোখা মেলিছিল। বহল আকাশৰ তলত সিহঁতেও উৰিব খুজিছিল। উৰিছিল। তেনে সময়তে সোণৰ অসম গঢ়াৰ নতুন বতাহ এজাকে জোকাৰিছিল গাঁৱৰ ডেকা-গাভৰুবোৰক। একেলগে যিজনৰ সৈতে ঘৰ এখন গঢ়াৰ সপোন মিনতিয়ে দেখিছিল, সেইজন, সোণৰ অসম গঢ়াৰ সপোন লৈ, দেশ স্বাধীন কৰাৰ পণ লৈ এদিন গাঁৱৰপৰা নোহোৱা হ’ল। মিনতিলৈ এৰি গৈছিল তিনিশাৰীৰ চিঠি এখন—“নিজৰ দেশখনেই যেতিয়া কাৰোবাৰ অধীন, তোৰ সৈতে কেনেকৈ বান্ধিম মই মজবুত ঘৰ এখনৰ ভেটি? কেনেকৈ স্বাধীন হৈ আকাশত উৰিম? মোলৈ ৰৈ নাথাকি ভাল ল’ৰা এটালৈ বিয়া হৈ যাবি।” ইমান সহজ আছিল নে? কর্পূৰৰ দৰে উৰুৱাই দিব পাৰিছিল নে মিনতিৰ আগত কৰা সংকল্পবোৰ? সপোনবোৰক এনেদৰে মোহাৰি পেলাব পাৰি নে? অলেখ প্রশ্নই খলকনি তুলিছিল মিনতিৰ মন-জগতত। উত্তৰৰ অপেক্ষাত আছিল তাই। সদায় ৰৈ থাকিছিল কিজানিবা আজিয়েই আহি সন্মুখত ঠিয় হৈ ক’ব “মই ঘূৰি আহিলো মিনতি। তোৰ বাবেই ঘূৰি আহিলোঁ।” অ’হো, তেনে একোৱেই নহ’ল। ঘৰখনৰ কাৰো কথা নামানি তাই মাথোঁ ৰৈ আছিল কিজানিবা খবৰ এটা হৈয়েই উভতি আহে মনৰ মানুহজন! কিজানিবা খবৰ কাগজত মৰা মানু্হজনৰ মুখখনকেই দেখিবলৈ পায়! সেনাবাহিনীৰ পৰা লুকাই লুকাই মাজৰাতি ঘৰত আশ্রয় ল’বলৈ অহা বহুজনৰ মুখবোৰ তাই খুঁটিয়াই খুঁটিয়াই চাইছিল। ইচ্ছা হৈছিল সুধি চাব নেকি এবাৰ ক’ত আছে সি? লগ পাইছিল নেকি কোনোবাই? কেনে আছে বাৰু সি? এপাকত ভাব হৈছিল তায়ো গুচি যাব নেকি সি যোৱাৰ বাটেৰে! নহৈছিল, কাকো একো সোধা নহৈছিল। কাকো একো কোৱাও নহৈছিল। নিজৰ মাজতে নিজক সামৰি থৈছিল। কাৰোবাৰ নীৰৱতাই বহুত কথা কয় বুলি কোৱা কথাটো যিদৰে সঁচা একেদৰেই ক’ব খোজা কথাবোৰ নক’লেও কোনোবাই বুজি পাব বুলি ভবাটো যে অর্থহীন, সেইটোও সঁচা। মিছাকৈ অভিমানী হৈ পৰিছিল নেকি বাৰু তাই? কাৰ ওচৰত অভিমান কৰি তাই এতিয়াও ৰৈ আছে ঘৰৰ মানুহকেইজনৰ অশান্তিৰ উৎস হৈ? যিজনৰ ওচৰত তাইৰ এই সমস্ত অভিমান সেইজনতো নাই তাইৰ অভিমানৰ উমান ল’বলৈ। তাঁতশালত চিগা সূতাবোৰে আউল লগোৱাৰ দৰে আউল লাগে তাইৰ ভাবনাত। যিজনৰ নামতেই আছিল তাইৰ সমস্ত সত্বা, সেইখিনিক আচলতে ভাগ-বাটোৱাৰা কৰি ল’বলৈ তাই অপাৰগ আছিল। নিজক ভগাই ল’বলৈ মনটোক সাজু কৰিব পৰা নাছিল ইমানদিন। অপেক্ষাৰ ক্ষণবোৰ এতিয়া নিমাত। শুকান চকুপানী। উৰুঙা পদূলিত নিথৰ সময়।
বুজিছিল তাই। শৰীৰটোক সুখী কৰিলেই সুখী নহয় আত্মা। ধুনীয়া কাপোৰে সজাই-পৰাই সুখী কৰি ৰাখিব পাৰি শৰীৰটোক। কিন্তু তাৰ আবুৰত লুকাই থকা আত্মাটোকো লাগে আশ্বাসৰ এখনি সবল হাত। মৰিলে চিতাত তুলিবলৈও জানো নালাগিব এখন কান্ধ! মাকে কোৱা কথাবোৰ মনতে এবাৰ আওৰালে মিনতিয়ে। সিদ্ধান্তটো লৈ পেলালে তাই। আজি ঘৰৰ কেউজনকে জুহালতে বহি একেলগে ভাত খাবলৈ ক’ব। আটাইকে ক’ব স্কুলৰ মেল-মিটিঙবোৰত লগ পোৱা মানুহজনৰ কথা, যি মিনতিৰ সৈতে একেলগে এটা সপোন ৰচিব বিচাৰে। সকলোৰে সন্মতি থাকিলে তাই গুচি যাব নতুন সপোন এটাক আদৰিবলৈ, সেই অকলশৰীয়া মানুহজনৰ সৈতে যিজনৰ পৰা সময়ে অকণো কৃপণালি নকৰাকৈ সকলো কাঢ়ি নিছে। সপোন দেখাৰ জানো বয়স থাকে! অনন্তঃ এজন মানুহকটো সুখী কৰিব পাৰিব তাই।
কথাবোৰ ভাবি ভাবি মিনতিৰ মনটোৱে কোনোবাখিনি পাইছিলগৈ। গধূলি হ’লেই। সকলোবোৰ চিন্তাৰ পৰা মনটোক মুকলি কৰি ফৰকাল মন এটা লৈ মিনতি গোসাঁইঘৰত সোমাল। চাকিগচি জ্বলাই বৰগীত এটা যুৰিলে। মাকলৈ মনত পৰি অজানিতে তাইৰ দুচকুৰে লোতক বাগৰিল। ধূপৰ সুগন্ধিৰ সৈতে ভাহি আহিল মিনতিৰ বৰগীত—“কেমনে পাইব হৰি চৰণ তোৰে, এ দুখ সাগৰে উদ্ধাৰ মোৰে…।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments