সিদ্ধান্ত (প্ৰতিম প্ৰতাপ বৰুৱা)


“জিৰো টলাৰেঞ্চ, আই ৰিপিট, জিৰো টলাৰেঞ্চ । যিটো ভুল সেইটো ভুল, যিটো শুদ্ধ সেইটো শুদ্ধ ।“ – দুই-তিনিজনে একেলগে কথা কৈ থকাৰ মাজতে কঠোৰ ভাৱে অলপ ডাঙৰ মাতেৰে ক’লে উপ নিৰ্দেশক তথা ঘটনাটোৰ তদন্তকাৰী বিষয়া প্ৰকাশ বৰুৱাই ।
“ঠিক কৈছে চাৰ, দে মাষ্ট হেভ টু পে ফ’ৰ দিছ ।“ – প্ৰকাশ বৰুৱাৰ সমৰ্থনত আগবাঢ়ি আহিল ডিপাৰ্টমেন্টৰ সহকাৰী নিৰ্দেশক অবিনাশ দ্বিবেদী।
“চাৰ, আচল অপৰাধী ইতিমধ্যে ধৰা পৰিছে । সকলো কথা সৈ কাঢ়িছে ।এইবিলাক পুলিচৰ কাম, পুলিচে কৰিছে । কিন্তু ঘটনাটো ঘটিব নালাগিছিল । এই দুজন ল’ৰাক ক্ষমা কৰাটো হয়তো উচিত নহব, কিন্তু কিমান ডাঙৰ শাস্তি দিব লাগিবসেই সিদ্ধান্তটো আপুনি ভাবি-চিন্তি ল’ব ।“ – কম বয়সতে চাকৰিত সোমাই নিজৰ দক্ষতাৰে প্ৰকাশৰ নিজা টীমটোৰ সদস্য হৈ পৰা, উদ্ধত বুলি নাম থকা, অনবৰতে প্ৰকাশৰ গাৰ লগৰ ছাঁটো হৈ থকা ইঞ্জিনিয়াৰ বিষয়া প্ৰদীপ যাদৱে ক’লে ।
এটা হত্যাকাণ্ড হৈছিল, হত্যাকাৰী ধৰা পৰিছিল, পুলিচৰ অনুসন্ধানত সকলো কথা ওলাই পৰিছিল । অনুসন্ধানত ওলাই পৰা দুটামান কথাই এটা বিভাগৰ এটা বিশেষ লেভেলত কাম কৰা কেইজনমান লোকৰ কৰ্মদক্ষতাৰ ওপৰত সন্দেহৰ জন্ম দিছিল । সেইসন্দেহৰ ভিত্তিতেই বিভাগটোৱে এটা তদন্ত আৰম্ভ কৰিছিল । প্ৰাথমিক তদন্ততদুজন লোকৰ ওপৰত চাৰ্জছীট জাৰি কৰা হৈছিল আৰু দুয়োজনকে নিজৰ সমৰ্থনত যুক্তিডাঙি ধৰাৰ সুবিধা দিয়া হৈছিল । দুয়োজনে নিজৰ সমৰ্থনত বিশেষ একো ক’ব পৰানাছিল আৰু ফলত ঘটনাটোৰ এটা নিৰপেক্ষ তদন্ত কৰিবলৈ নিয়ম অনুসৰি বেলেগ এটা বিভাগৰ এজন বিষয়া প্ৰকাশ বৰুৱাক দায়িত্ব দিয়া হৈছিল ।
দায়িত্ব লৈপ্ৰকাশ বৰুৱাই গোটেই ঘটনাটো জানিবলৈ চেষ্টা কৰিছিল । পুলিচ বিভাগৰ পৰা ঘটনাটোৰ অনুসন্ধানৰ সকলোখিনি ফাইল অনোৱাই লৈছিল আৰু তাৰ কেইজনমান বন্ধুৰ সহায়ত ঘটনাটোৰ আন্‌অফিচিয়েল কথাখিনিও জানি লৈছিল । তাৰ পিছতহে তেওঁ অমিত আৰু মনোজ নামৰ অভিযুক্ত চাকৰিয়াল দুজনক মাতি পঠাইছিল ।

গোটেই ঘটনাটো বুজি পাবলৈ প্ৰকাশ বৰুৱাৰ বহুত সময় লাগিছিল । এটা হত্যাকাণ্ড হৈছিল । এজন ঠিকাদাৰৰ তলত কাম কৰা ভৰত কুমাৰ নামৰ মহৰী এজনক কেইজনমান মানুহে গুলীয়াইহত্যা কৰিছিল । হত্যাকাৰী কেইজন ধৰা পৰিছিল আৰু পুলিচৰ তদন্তত ওলাই পৰিছিল যে এজন হত্যাকাৰীৰ পত্নী চিম্‌ৰণ কিছুদিন আগলৈকে অনৈতিক কাম কৰাৰ অভিযোগত জেলত আছিল । জেলত থাকোতেই চিম্‌ৰণৰ লগত ভৰত কুমাৰৰ কিবা এটা বুজাপৰা হৈছিল ।ভৰতে চিম্‌ৰণক বাহিৰৰ পৰা টকা-পইচা দি সহায় কৰিছিল যাতে চিম্‌ৰণে জেলৰ ভিতৰত কিবা ভাল মনপচন্দৰ বস্তু কিনিবলৈ মজদুৰী কৰিব লগা নহয় । জেলৰ পৰা ওলোৱাৰ পিছত চিম্‌ৰণে ভৰত কুমাৰক লগ দিয়া নাছিল আৰু ভৰতে আৱিস্কাৰ কৰিছিল যে চিম্‌ৰণে ভৰতক নিজৰ নাম, ঠিকনা আদি সকলোবোৰ মিছাকৈ কৈছিল । তাৰ পিছৰ কথাবোৰ কেনেকৈ আগবাঢ়িছিল সেইখিনিত প্ৰকাশে সিমান মনোযোগ দিয়া নাছিল ।প্ৰকাশৰ অনুসন্ধানৰ মূল উদ্দেশ্য আছিল জেলৰ ভিতৰত থকা চিম্‌ৰণৰ লগত ভৰত কুমাৰৰ বুজা পৰাটো কেনেকৈ সম্ভৱ হ’ল সেইটো বিচাৰি উলিওৱা । কথাবোৰ বুজিযাওঁতে প্ৰকাশ বৰুৱাৰ চকু কপালত উঠিছিল ।
এখন মহিলা কয়দীৰ জেল ।সেই জেলখনত থকা কয়দীসকলৰ প্ৰায় আধা মাৰ্ডাৰ কেছত অভিযুক্তা আৰু বাকী বেচিভাগ ইম’ৰেল ট্ৰেফিকিঙৰ অপৰাধত অভিযুক্তা । বিচাৰৰ দিন পৰিলে সেইসকল কয়দী মাজে মাজে বিভিন্ন ক’ৰ্টলৈ যায় । ক’ৰ্ট কমপ্লেক্সত পুলিচ আৰু জেলৰ চিপাহীৰ পহৰাৰ মাজত থাকিও তেওঁলোকে দূৰৰ পৰাই কাৰোবাৰ লগত চাৰিচকুৰ মিলন ঘটায় । যাৰ লগত চাৰি চকুৰ মিলন ঘটে তেওঁলোক সাধাৰণতে বনুৱা, চাফাই কৰ্ম্মচাৰী, পিয়ন, ঠিকাদাৰৰ মহৰী আদি । কিবা কৰি সিজনক নিজৰ নাম দিয়ে, সিজনৰ নাম-ঠিকনা লয় । কেনেকৈ লয় জনা নাযায় | তাৰ পিছত সেইজনলৈ বুলি জেলতবহি চিঠি লিখে । সিজনেও চিঠিৰ উত্তৰ দিয়ে । চিঠিৰ উত্তৰত জেলৰপৰা আকৌ চিঠিযায় । কাণ্ডটো চলি থাকে । কিছুদিন পিছত দেখা যায় যে সিজনে নিজৰ উপাৰ্জনৰএটা অংশ সেই চিঠি লিখা গৰাকীৰ নামত মানি-অৰ্ডাৰ কৰি জেললৈ পঠাই দিয়ে । চিঠিগৈ থাকে, মানি-অৰ্ডাৰ আহি থাকে । মানি-অৰ্ডাৰ আহোতে দেৰী হ’লে চিঠি দুখনমান বেছিকৈ যায় । জেলত কয়দীসকলে লিখা চিঠিবিলাক জেলৰ বিষয়াসকলে চেঞ্চৰকৰি পোষ্ট কৰাৰ নিয়ম থকাৰ পিছতো এইধৰণৰ বিশেষ চিঠিৰ আদান-প্ৰদানটো কেনেকৈ হয় সেইটো এতিয়া প্ৰকাশ বৰুৱাৰ অনুসন্ধানৰ বিষয় ।

লগতে প্ৰকাশ বৰুৱাইএটা কথা ভাবি উত্তৰ পোৱা নাই যে সেই চিঠিবিলাকত এনে কি লিখা থাকে যে সি জনে নিজৰ দেহা মাৰি অৰ্জা টকাৰ এটা অংশ কাহানিও ভালকৈ দেখি নোপোৱা, কথা পাতি নোপোৱা, আগলৈ দেখা পোৱাৰ অতি কম সম্ভাৱনা থকা, অপৰাধত লিপ্ত হৈ জেলত থকা কাৰোবালৈ মানি-অৰ্ডাৰ কৰি পঠিয়াই থাকে ?
প্ৰকাশ বৰুৱাই নিজে সেই মহিলাকয়দীৰ জেলখন আৰু সেই মহৰীজনে কাম কৰা ক’ৰ্টখন চাবলৈ গ’ল । আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা, কয়দীসকলক কেনেকৈ ক’ৰ্টলৈ নিয়া হয়, ক’ৰ্টত তেওঁলোকক কেনেকৈ ৰখা হয়, সুৰক্ষাৰ দায়িত্বত থকাসকলে কেনেকৈ কাম কৰে, কি কি সুৰুঙা আছে সকলোবোৰ প্ৰকাশ বৰুৱাই নিজে বুজিবলৈ চেষ্টা কৰিলে । তাৰ পিছত এদিন তেওঁ অমিত আৰু মনোজ নামৰ সেই অভিযুক্ত চিপাহী দুজনক মতাই পঠালে । দুয়ো আহিল ।প্ৰায় ২৫ মিনিট বাহিৰত থিয় হৈ থকাৰ পিছত দুয়ো প্ৰকাশ বৰুৱাৰ অফিচ চেম্বাৰত সোমাবলৈ অনুমতি পালে ।

ইউনিফৰ্ম পৰিহিত দুয়োজন চিপাহীয়ে আহি প্ৰকাশ বৰুৱাক চেল্যুট দি চুচুক-চামাককৈ থিয় হৈ ৰ’ল । প্ৰকাশ বৰুৱাই পোনে পোনে সুধিলে – “চিম্‌ৰণক জেলৰ পৰা কোৰ্টলৈ অনা-নিয়া কৰোঁতে প্ৰত্যেকবাৰে চিম্‌ৰণে তোমালোকৰ ইজনৰ নহ’লে সিজনৰ হাতত চিঠি একোখন দিছিল আৰু তোমালোকে সেই চিঠিখন ভৰত কুমাৰক দিছিলাগৈ । ভৰত কুমাৰে উত্তৰ লিখি তোমালোকৰ এজনক দিছিল আৰু তোমালোকে আনি চিম্‌ৰণক দিছিলাহি । ভৰত কুমাৰক তোমালোকে বুজাই দিছিলা যে কেনেকৈ জেলৰ ভিতৰত থকা কয়দীৰ নামত বাহিৰৰ পৰা মানি-অৰ্ডাৰ কৰি টকা পঠাব পাৰি । সেই টকাৰ কিছু অংশ চিম্‌ৰণে তোমালোকক দিছিল । হয় নে নহয় ?”
অমিতে কঁপা কঁপা মাতেৰে ক’লে – “চাৰ, ঘৰত সৰু সৰু ল’ৰা-ছোৱালী আছে । এইবাৰলৈ মাফ কৰি দিয়ক চাৰ৷”
“হয় নে নহয় ?” – প্ৰকাশ বৰুৱাই পুনৰ সুধিলে ।
“হয় চাৰ । বহুত ডাঙৰ ভুল হৈ গ’ল চাৰ । চাৰ, চাকৰিৰ পৰা খেদাই নিদিব চাৰ ।“ – দুয়োখন হাত বুকুত লগাই মনোজে ভগ্নপ্ৰায় কণ্ঠেৰে ক’লে ।
“তোমালোকে জানানে, তোমালোকৰ এইটো কামৰ কাৰণেই এজন মানুহে নিজৰ জীৱন হেৰুৱালে । ইয়াতকৈও ডাঙৰ ঘটনা ঘটিব পাৰিলেহেতেন । তোমালোকৰ দৰে মানুহৰ কাৰণেই জেলত থাকিও বহুত গেঙষ্টাৰে নিজৰ গেং সুকলমে চলাই থাকিব পাৰে ।তোমালোকে জেল এখনৰ চিকিউৰিটি চিষ্টেমটো মূল্যহীন কৰি পেলাইছা । হব যোৱা ৷” – প্ৰকাশ বৰুৱাই অলপ খঙেৰে ক’লে ।
হাতযোৰ কৰি থিয় হৈ থকা চিপাহী দুজনে কিবা এষাৰ ক’ব খুজিছিল । হাত এখন ডাঙি বাধা দি প্ৰকাশ বৰুৱাই পুনৰ ক’লে – “হ’ব যোৱা ।“ চেল্যুট একোটা দি দুয়োজন চিপাহী ওলাই গ’ল ।
চিপাহী দুজনওলাই যোৱাৰ পিছত প্ৰকাশ বৰুৱাৰ অফিচ চেম্বাৰলৈ প্ৰকাশৰ টীমৰ অবিনাশ, প্ৰদীপআৰু ৰাজীৱ সোমাই আহিছিল । কথাবোৰ আলোচনা কৰি প্ৰদীপে প্ৰকাশ বৰুৱাক অলপভাবি-চিন্তি শাস্তি দিয়াৰ সিদ্ধান্ত লবলৈ কৈছিল । প্ৰকাশে সকলোকে ক’লে – “তোমালোকে নিজৰ নিজৰ কাম কৰাগৈ যোৱা । এইবিলাক আমাৰ ব্ৰাঞ্চৰ কাম নহয় । মইযি কৰিব লাগে কৰিম ।“
সেইদিনা অফিচৰ পৰা ঘৰলৈ গৈ প্ৰকাশ বৰুৱাই ভাবিথাকিল সেই চিঠিবিলাকত কি লিখা থাকে ? জেলৰ ভিতৰত বহি এগৰাকী অভিযুক্তা কয়দীয়ে এজন সম্পূৰ্ণ অচিনাকী, কোনোদিন ওচৰৰ পৰা নেদেখা, কোনোদিন কথা পাতি নোপোৱা মানুহক মাত্ৰ চিঠিত লিখা দুটামান কথাৰে কেনেকৈ বাধ্য কৰাই দিব পাৰেযে মানুহজনে কয়দী গৰাকীলৈ মাহে মাহে টকা পঠিওৱাত লাগি যায় ? কয়দীগৰাকী জেলৰপৰা ওলাই অহাৰ পিছত যদি মানুহজনে তেওঁক লগ পাব বিচাৰে তেন্তে সেয়া মানুহজনৰ বাবে দোষনীয কথা নেকি ? যিগৰাকী মানুহে মাত্ৰ চিঠিত লিখা কথাৰে এজন মানুহৰ দ্বাৰা ইমানখিনি কাম কৰোৱাই দিব পাৰে, সেইগৰাকী মানুহে সদায় দেখিথকা দুজন চিপাহীক চলাহী কথাৰে ভুলাই চিঠি একোখন কাৰোবাক দিবলৈ পাচিলে বাকাৰোবাৰ পৰা চিঠি একোখন আনি দিবলৈ ক’লে চিপাহী দুজনে না কৰিব পাৰিবনে ? কিয় নোৱাৰিব ? পাৰিব লাগিছিল চিপাহী দুজনে । সিমানখিনি কঠোৰ হব পাৰিব লাগিছিলচিপাহী দুজন । কিন্তু, কঠোৰ চিপাহী দুজনৰ কঠোৰতা কেনেকৈ ভাঙিব লাগে সেইটো সম্ভৱ এই চতুৰ মহিলাগৰাকীয়ে জানিছিল । তথাপিও । কথা বিলাকে পাক ঘূৰনি খাইছিল প্ৰকাশ বৰুৱাৰ মূৰত । অৱশেষত বহুত ভাবি-চিন্তি প্ৰকাশ বৰুৱাই এটাসিদ্ধান্ত লৈছিল ।
পিছদিনা প্ৰকাশ বৰুৱাই অফিছত বহি সেই অনুসন্ধানৰ ফাইলটোত লিখিলে – “….. and therefore both the officials may be suspended from their services for 6 months with immediate effect. However, their suspension may be reviewed after 3 months. Further it is suggested that necessary directions may be issued so that the officials who man the peripheral security system may be frequently transferred from one installation to another and the peripheral security cover may be brought under the surveillance of CCTV….”
গোটেই কথাখিনি আকৌ এবাৰ পঢ়ি চাই প্ৰকাশ বৰুৱাই তাত নিজৰ চহীটো কৰিলে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments