সিদ্ধান্ত (মল্লিকা শৰ্মা)

দৰ্জাখন খোলোতেই চকুত চকু পৰিছিল৷ বগা চেলোৱাৰ কামিজ জোৰেৰে প্ৰসাধনবিহীন মুখখন, আসঃ ইমান উজ্জ্বল…

ৰিদিপৰ বিয়া পাতিব বুলি শুনাৰে পৰা বিয়াৰ বয়সৰ ছোৱালী থকা মাককেইগৰাকীৰ গাত তৎ নাই৷ ন’হবনো কিয়, বিদেশত কৰ্মৰত ৰিদিপৰ বংশ, পৰিয়াল, ঘৰ সকলো ভাল৷ তাতে আকৌ একমাত্ৰ ল’ৰা৷ বায়েক এজনী আছে তাইৰো বিয়া হৈ গৈছে৷ এইখন ঘৰলৈ ছোৱালী দিব পাৰিলে মহাৰাণীৰ দৰে থাকিব পাৰিব৷

এইকেইদিন ঘৰলৈ অহা প্ৰতিজন মানুহৰ মুখত কেৱল ছোৱালীৰ কথা৷ ৰিদিপৰ হাঁহি উঠে মানুহবোৰৰ তৎপৰতা দেখি৷ তথাপি সি মাক দেউতাকৰ ওপৰতে সকলো এৰি দিছে৷ বহুতে ভাবিছিল বিদেশত থকা ল’ৰাই তাৰে ছোৱালী নিজে পচন্দ নকৰি ইয়ালৈ আহিবনে! হওঁতে তাৰ কাকোৱেই ভাল নলগা ধৰণৰ নহয় কথাটো৷ পিছে মাক দেউতাকৰ একান্ত বাধ্য ল’ৰা সি জানে, মাকৰ যে নিজৰ পচন্দৰ ছোৱালীৰ লগত তাৰ বিয়াখন ধুম ধামেৰে পাতিবলৈ কিমান হেঁপাহ …

বহুতো খা খবৰৰ শেষত, ৰিদিপহঁত, মাহীয়েকে খবৰ দিয়া ছোৱালী এজনী চাবলৈ গ’ল আজি৷ মাক, দেউতাক আৰু দুজনী ছোৱালীৰে সৰুকৈ পৰিয়ালটো৷ সৰুজনী পৰী, বায়েক নীৰাৰ বিয়া হৈছিল যদিও এবছৰ আগতে গিৰিয়েকক হেৰুৱাবলগীয়া হ’ল৷ শহুৰেকৰ ঘৰৰ লগত সম্পৰ্ক ভালে আছে যদিও তাই মাকৰ ঘৰতেই থাকে৷

পৰী অপূৰ্ব সুন্দৰী, তাইক দেখিলে আপত্তি কৰাৰ কোনো কথাই নাহে৷ মাকহঁতৰো ফটোত দেখিয়েই ছোৱালীজনী পচন্দ হৈছিল৷ এক কথাত দুয়োখন ঘৰৰে সম্পূৰ্ণ মত আছে৷ পিছে ৰিদিপৰহে জানো কি হ’ল৷ অকলে দুয়োকে কথা পাতিব দিয়াৰ পিছত মত সোধাত, “ভাবিবলৈ অলপ সময় লাগে“ বুলি মাকক ক’লে৷ সকলো আচৰিত হ’ল, এনে দীপলিপ ছোৱালীজনীৰ কথা আৰু কি বা ভাবিবলগীয়া আছে!

ঘৰলৈ আহিহে আচল কথাটো ক’লে সি৷ পৰীৰ লগত কথা পাতি সি জানিব পাৰিছিল যে, পৰীৰ বিয়াত অলপো মত নাই৷ বিদেশত থকাৰ কথা যে তাই ভাবিবও নোৱাৰে৷ আনহাতে তাই মনে প্ৰাণে ভালপায় কাৰোবাক, যিয়ে তাইক কথাও দি থৈছে৷ মাক দেউতাকৰ ইচ্ছাৰ মান ৰাখিহে তাই এনেদৰে সিহঁতৰ সন্মুখত ওলাইছে৷ বায়েকক লৈ আগৰে পৰাই তেওঁলোক দুখী, তাতে যদি তাইও এইবোৰ কয়, তেওঁলোকৰ চিন্তা দুগুণ বাঢ়িব৷ সেয়ে কথাখিনি তাক কৈ দিম বুলি আগৰেপৰাই ভাবি থৈছিল তাই৷ এতিয়া সিদ্ধান্ত তাৰ…৷ একো লুক ঢাক নাৰাখি তাই কোৱা কথাখিনি মাক দেউতাকক জনালে ৰিদিপে৷ তাৰ মাক দেউতাকে কথাখিনি শুনাৰ পিছত অলপ হতাশ হ’ল যদিও এককথাত ভালো পালে, কথাখিনি যে বিয়া ঠিক হোৱাৰ আগতে জানিলে বহুত ভাল হ’ল৷ ক’ব গ’লে, পৰীৰ ওচৰত কৃতজ্ঞ হ’ল৷ এতিয়া আৰু সিদ্ধান্ত ল’বলৈ কি আছে, তেওঁলোকক আচল কথাটো ক’ব লাগিব, গতিকে কালিলৈ ৰাতিপুৱাই দেউতাকে ফোনত জনাব৷

ৰাতিপুৱা সেইখন ঘৰৰ লগত শেষবাৰৰ বাবে কথা পাতিব দেউতাকে, কথাটোত সি সন্তুষ্ট হ’ব পৰা নাই কিয়? চকু মুদিলেই বগা চেলোৱাৰ জোৰেৰে প্ৰসাধনবিহীন মুখখন আৰু শান্ত চকুযুৰি সন্মুখত আহি পৰে৷ আচৰিত, মাত্ৰ এদিনৰ চিনাকিতে এনেকুৱা আগতে কাৰো লগতেই হোৱা মনত নপৰে তাৰ৷ গোটেই ৰাতি ৰিদিপৰ মনত আন এটা কথাই খেলিমেলি লগাই থাকিল৷ প্ৰথম দৃষ্টিতে ভাল লাগি গৈছিল তাৰ নীৰাক৷ শান্ত, সৰল ছোৱালীজনী, বয়সত তাতকৈ দুবছৰ মানৰ সৰুহে হ’ব৷ সি দেখিছিল, তাইৰ চকুত ভৰি থকা বিষাদ৷ বিধৱা হ’ল বুলিয়েই তাইৰ জানো একো হেঁপাহ নাই? তাইৰ এতিয়া জীৱন ৰঙীন কৰাৰ বয়স৷ এই বয়সতে উকা হৈ থাকিবলগীয়া হৈছে, কিহৰ দোষত? এজন মানুহৰ অবৰ্তমানত আন এজনৰ এইদৰে শেষ হৈ যাব নেকি জীৱন? কিমান চাগে হেঁপাহ আছে, যিবোৰ তাই নিজৰ মনটোতে বন্দী কৰি ৰাখিবলগীয়া হৈছে, সমাজৰ ভয়ত…

বহু চিন্তা ভাৱনাৰ অন্তত, এই মুহূৰ্তত সি সঠিক সিদ্ধান্তটোত উপনীত হৈছেগৈ৷ মাক- দেউতাকক পুৱাই তাৰ মনৰ কথা জনাব, তাৰ বিশ্বাস সমাজৰ অযুক্তিকৰ নিয়মবোৰ নমনা, সকলোৰে ভাল চিন্তা কৰা মাক-দেউতাকে তাৰ কথাত আপত্তি নকৰে৷ আপত্তি কৰিলেও সি বুজাব পাৰিব৷ বাকীখিনি তাৰ ভাগ্যই নিৰ্ধাৰণ কৰিব৷ তাৰ ফালৰ পৰা চেষ্টাৰ অকণো ত্ৰুটি নাৰাখে সি৷ বিশ্বাস, হৃদয়ৰ এই নিঃস্বাৰ্থ সিদ্ধান্ত কেতিয়াও ভুল হ’ব নোৱাৰে…৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments