সিহঁতৰ উৎপাত আৰু তেখেতসকলৰ নীৰৱ বিদায় -(দেৱব্ৰত গগৈ)

সিহঁতৰ উৎপাত আৰু তেখেতসকলৰ নীৰৱ বিদায়
-(দেৱব্ৰত গগৈ)

প্ৰথমতে অলপ ব্যক্তিগত : তেতিয়া দশমমানত । মেট্ৰিকৰ বাবে সাজু হৈছো । তেনে এটা দিনতে আগৰটো বছৰত আমাৰ বিদ্যালয়ৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈ সমগ্ৰ অসমৰ ভিতৰতে দ্বিতীয় স্থান পোৱা ছাত্ৰজনক সৰ্ম্বধনা জনাবলৈ এখনি সভাৰ আয়োজন কৰিছিল । সভাখনত সেই মেধাবী ছাত্ৰজনেও এটি ছুটি ভাষণ দিছিল । ভাষণৰ মাজতে তেখেতে কৈছিল – “ ………. মোৰ এই সফলতাত আমাৰ স্কুলৰ ছাৰ-বাইদেউসকলৰ যথেষ্ঠ অৰিহণা আছে । তেওঁলোকে মোক সকলোপ্ৰকাৰে সহায় কৰিছিল …….” । ছাত্ৰজনৰ ভাষণ আমাৰ বৰকৈ কাণত সোমোৱা নাছিল । আমাক তেওঁ উপদেশও দিছিল বহুতো । পিছে দিলে কি হব ? নিজৰ ৰিজাল্ট আগতেই জানো কাৰণ দ্বিতীয় স্থান পোৱাটো ভাতৰ লগত পানী খোৱা কথা নহয় । গল কথা গুচিল । সভা সামৰণি পৰাত আমিবোৰ ঘৰাঘৰি হলো ।

পাছদিনাখনৰ কথা । অসমীয়াৰ শ্ৰদ্ধেয় লাচিত ফুকন ছাৰে শ্ৰেণী চলি থাকোতেই হঠাৎ আমাক সুধিলে — “ কালি ই আমুকে যে ভাষণ দি আছিল, ভাষণটোত বাৰু কি ভুল আছিল ? কব পাৰিবি ?” সৌভাগ্যক্ৰমে আমাৰ প্ৰায় সত্তৰটা অঘাইটংৰ এটাইও কব নোৱাৰিলো সেই ভুলটো । শেষত ছাৰেই ক’লে – “সি ছাৰ-বাইদেউহঁতৰ কথা কওতে “তেওঁলোক” বুলি কৈছিলে । সন্মান সহকাৰে কাৰোবাৰ বিষয়ে কথা ক’লে, বয়োজ্যেষ্ঠসকল আৰু কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ে কথা কবলৈ হ’লে সদায় “তেখেতসকল” বুলি কব লাগে, “তেওঁলোক” বুলি কব নালাগে” । কিয় জানো ছাৰৰ সেই উপদেশ মিশ্ৰিত কথাখিনি মোৰ মনত থাকি গ’ল আৰু পাছৰ জীৱনত তাক অনুসৰণ কৰিবলৈ চেষ্টা কৰি আছো ।

সঁচা কাহিনী এক : প্ৰাক্তন উগ্ৰপন্থীৰ আধুনিকা পত্নী । প্ৰাসাদোপম ঘৰত কোনোবা আততায়ীয়ে শূন্যলৈ গুলী চালনা কৰিলে । আমাৰ খৱৰ ভোকাতুৰ সাংবাদিকে গৈ আধুনিকা (লগতে হয়তো উচ্চ-শিক্ষিতা , কাৰণ ইংৰাজী আখৈ ফুটাদি ফুটিছিল ) পত্নীৰ সাৎক্ষাতকাৰ লোৱাত ক’লে — ” ফাৰ্ষ্ট ফ্লৰত মই আছিলো । তলত মোৰ মাদাৰ-ইন-ল আৰু ছাৰ্ভেণ্টতো আছিল । গুলীৰ শব্দ শুনি মই মাদাৰ-ইন-ল হঁতক মাতিলো কিন্ত সিহঁতি শুনা নাপালে ……..”।

সঁচা কাহিনী দুই : বেচৰকাৰী টি.ভি চেনেলৰ মালিকনী ( মন্ত্ৰীৰ পত্নী নহয় ) । কিবা এটা বিষয় লৈ নিজৰ টি.ভিতে সাৎক্ষাতকাৰ দিছে । এখন অনাথ আশ্ৰমৰ তত্বাবধায়কৰ বিষয়ে কৈছে — ” ….. সিহঁতৰ কষ্টক আমি ৰিকগনিশ্ব্যন দিবই লাগিব”।

সঁচা কাহিনী তিনি : ফেচবুকে অসম গৰম কৰাৰ সময়ৰ কথা । ইফালে ফেচবুকৰ বাবে অসম বন্ধ দিছে আৰু সিফালে অনবৰত চৰকাৰৰ জয়গান গাই থকা বেচৰকাৰী নিউজ চেনেলৰ সম্পাদকৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিছে । তাকো জীৱন্ত । অনুষ্ঠান চলি থকাৰ মাজতে তাতে ভাগ লোৱা ৰচকী এগৰাকীয়ে টাই আহোম ছাত্ৰ সন্থাক ঊদ্দেশ্যি প্ৰশ্ন কৰিছে — “…… সিহঁতি ফেচবুক কেনেকৈ কৰে সেইটো জানে জানো …… ?”

সঁচা কাহিনী চাৰি : শুক্ৰাণু দান কৰিবলৈ হেনো গুৱাহাটীৰ বহু ডেকা ল’ৰা আগবাঢ়ি আহিছে । এই সংক্ৰান্তত টি.ভি চেনেলত এজন চিকিৎসকে বক্তব্য আগবঢ়াইছে — ” সিহঁতে উইলিংলি এই কামটো কৰিবলৈ আহিছে …..” ।

শেষত আকৌ অলপ ব্যক্তিগত : বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা এগৰাকী উচ্চশিক্ষিতা যুৱতী । এটা ৰাসায়নিক দ্ৰব্য বিচাৰি আমাৰ কাৰ্য্যালয় পালেহি । সেই বিশেষ দ্ৰব্যটো আমাৰ নাছিল । যুৱতীগৰাকীয়ে সেই কথাটো নিজৰ গাইডক জনাবলৈ মোৰ সন্মুখতে ফোন কৰিলে ” …. ছাৰ ইহঁতৰ ওচৰত এইটো নাই”।

এনে লাগে যেন আমি যিমানেই উচ্চ শিক্ষিত হৈ গৈ আছো, সিমানেই যেন আমাৰ মৰমৰ ভাষাটোৰ শৰাধ পাতিবলৈ উদ্বাউল হৈ পৰিছো ! ছাত্ৰ অৱস্থাত থাকোতে “তেওঁলোক” শব্দটোকও মান্যাৰ্থত সতকাই ব্যৱহাৰ নকৰা আমিবোৰে এতিয়া গৈ গৈ “সিহঁতৰ” লগত সহাৱস্থান কৰিছো । “তেখেতসকলক” লুইতত উটুৱাই দিয়া বহুদিনেই হ’ল । “তেওঁলোক” এতিয়া কেলোঢোপকৈ বাচি আছে । ” সিহঁত” আৰু “তাহাঁতক” আগস্থান দি আমি আমাৰ বৌদ্ধিক দৈন্যতা আৰু সামাজিক অভদ্ৰামীৰ পৰিচয় দিছো আৰু এই অভদ্ৰামী এতিয়া আমাৰ জাতীয় জীৱনৰ চাৰিত্ৰিক বৈশিষ্ট্য ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক