সীমাৰ সিপাৰে (আদিত্য ৰঞ্জন দত্ত)

সীমাৰ সিপাৰে

আদিত্য ৰঞ্জন দত্ত

ল’ৰাটোৰ মনেৰে:

ল’ৰাটো আহি পাইছেহিহে স্কুলৰ পৰা৷ বেগটো থৈয়েই দৌৰ মাৰিলে কাষৰ কোঠাটোলৈ৷ সিটো কোঠাৰ দুৱাৰখনত লাগি থকা পৰ্দাখনে ঘুৰি থকা ফেনখনৰ তালে তালে যেন নাচিহে আছে৷ ফেনখন চলি থকা দেখি তাৰ মনটো ভাল লাগি গ’ল৷ দেউতাক আহি পালেহি তাৰমানে৷ সি পৰ্দাখনৰ দাঙি লাহেকৈ সোমাই গ’ল কোঠাটোলৈ৷ দেউতাকে বেলকনীটোত থকা আৰামী চকীখনত বহী লৈ চিগাৰেট খাই আছে৷ সি চিগাৰেটৰ গোন্ধ বৰ বেয়া পায়৷ দেউতাকে জানে কথাটো৷ তাক দেখা পায়েই দেউতাকে আধাখোৱাকৈয়ে চিগাৰেটটোৰ বাকী থকা টুকুৰাটো পেলাই দিলে৷
তাৰ আজি দেউতাকৰ লগত ঢেৰ কথা পাতিবলৈ আছে৷ সোমবাৰেই কামলৈ যোৱা মানুহজন তিনিদিনৰ পাছত আজিহে আহি পাইছেহি৷ দেউতাক যোৱাৰ পিছদিনাৰে কথা৷ তাক স্কুলত বৰকৈ অশান্তি কৰা ওপৰৰ শ্ৰেণীৰ দাদাজনক কোনোবাই বৰকৈ মাৰিলে৷ সি জানে, সেয়া দেউতাকৰে কাম৷ তাক কোনোবাই অশান্তি কৰাটো তেওঁ একেবাৰেই পচন্দ নকৰে৷ তাৰ প্ৰতিটো প্ৰয়োজন চকুমুদি পুৰন কৰে তেওঁ৷ তথাপি ল’ৰাটোৱে তাৰ সুবিধা নলয়৷ সি আজি দেউতাকক সুধিব, তাক অকণমান অশান্তি কৰিলে বুলিয়েই দাদাজনৰ দুয়োখন ভৰি ভাঙি যোৱাকৈ মৰাৰ কি যুক্তি আছিল! অৱশ্যে দেউতাকৰ কিছুমান কাণ্ড তাৰ ভালো লাগে৷ এবাৰ তাৰ মাকক ওচৰৰে কোনোবা খুৰাক এজনে কিবা বেয়া কথা কৈছিল হেনো৷ পিছত দেউতাকে কথাটো কৰবাত গম পাই নামঘৰতে খুৰাকজনৰ ধূতিখন খুলি দিছিল৷ বৰ বেয়াকৈ লাজ পালে মানুহজনে৷

দেউতাকৰ মনেৰে:
সোমবাৰেই ওলায় গৈছিল তেওঁ৷ ওলায় যাওতেই ভাবিছিল, নবীন শইকীয়াৰ ওপৰত তেওঁৰ প্ৰতিশোধ লোৱাৰ সময় যেন আহি পালেহি৷ কমখন লটিঘটি কৰিছিলনে শইকীয়াই! এনে এটা সময় আছিল শইকীয়া ন’হলে তেওঁৰ কামেই নহৈছিল৷ শইকীয়া অফিছিয়েলি তেওঁৰ ব্যক্তিগত সহায়ক আছিল যদিও সমাজত দুয়োজন বন্ধুহে আছিল৷ পিছে বন্ধু শইকীয়াই সময়ত তেওঁৰ সকলো সম্পত্তি বুদ্ধিৰে নিজৰ নামলৈ লৈ আনে আৰু তেওঁক বাটৰ ভিক্ষাৰী কৰি তোলে৷ এতিয়া অৱশ্যে ঘৈণীয়েকে কিবাকৈ চাকৰি এটা গোটাইছে৷ পিছে তেওঁৰ প্ৰতিশোধৰ জ্বালাটো মাৰ যোৱা নাছিল৷ সেইদিনা পুতেকক শইকীয়াৰ পুতেকে স্কুলত অশান্তি কৰাৰ কথা শুনি তেওঁ আৰু ৰ’ব নোৱাৰিলে৷ সেইদিনা সন্ধিয়াই শইকীয়াৰ পুতেক মাতাল হৈ থাকোতেই তেওঁ তাৰ ভৰি দুটা মৰিয়াই ভাঙি থৈ আহিল৷ তাৰপাছত তেওঁ ভৰি দুখন এনেদৰে বান্ধি থৈ আহিল যে গোটেই জীৱনলৈ সি ঘূণীয়া হৈয়েই থাকিব৷ তাৰ পাছত তেওঁ শইকীয়াৰ ঘৰলৈ গৈ মনে মনে চিঠি এখন লিখি পেলাই থৈ আহিল: ইতি হেমন্ত কলিতা, গাওঁ : চৌদ্ধপুণীযা, জিলা:লখিমপুৰ৷

মাকৰ মনেৰে:
মানুহজনীৰ অশান্তি লাগিছেগৈ আৰু৷ কিমাননো যুজিব! সময়মতে সৰুকৈ চাকৰিটো পালে বুলিহে৷ কৰ্টৰ কেচটোৰ ফলাফল কাইলৈ ওলোৱাৰ কথা৷ তেওঁৰ ভয় হয় নবীন শইকীয়া যদি আকৌ এবাৰ জিকি যায়! তথাপি তেওঁ সাহসেৰে যুজি আছে৷ ল’ৰাটো বয়সত সৰু হৈ আছে যদিও যঠেষ্ট বুজনক্ষম হৈ পৰিছে৷ ল’ৰাটোৰ কথা ভাবিয়েই যুজি গৈছে তেওঁ৷ এইবোৰকে ভাবি ভাবি কোঠাটো ঠিক কৰাত লাগিল৷ মেজৰ ওপৰত আজিৰ বাতৰি কাকত কেইখনো সিঁচৰিত হৈ আছে৷ হাঁহি উঠি গ’ল তেওঁৰ৷ তাৰে স্থানীয় কাকতখনৰ প্ৰথম পৃষ্ঠাৰ মূল বাতৰিটো চাই কাষৰ চোফাত বহী থকা গিৰিয়েকক ডাঙৰকৈ মাতি শুনালে, “নবীন শইকীয়াৰ টকা বনাম হেমন্ত কলিতাৰৰ বিধবা পত্নী, আইনে শাস্তি দিবনে হেমন্ত কলিতাক ৮ বছৰৰ আগতে গুলিয়াই মৰা কুখ্যাত ব্যৱসায়ী নবীন শইকীয়াক!”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments