সুখটান (-ভাস্কৰ মজুমদাৰ)

সুখটান

 

ভাস্কৰ মজুমদাৰ

 

 

 

 

°° বিধিগত সতৰ্কীকৰণ – চিগাৰেট খোৱাটো শৰীৰৰ পক্ষে হানিকৰ৷ °°

 

(প্ৰায় সচাঁ ঘটনা৷ কেইবছৰমান আগতে ইংৰাজীত লিখিছিলোঁ । অলপ সাল-সলনি কৰা হৈছে৷)

 

ডিচেম্বৰ মাহৰ কোনোবা এটা দিন আছিল কিজানি,  গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালত, কিবা এটা অনুষ্ঠান (event) আছিল৷ অনুষ্ঠানটোৰ  পিছত প্ৰায়ে অহাৰ দৰে আমি আমাৰ ঘৰলৈ আহিলো৷ মই, চন্দ্ৰ আৰু পৰাগ৷

তেতিয়া মোৰ কোঠাটো প্ৰথম মহলাত আছিল৷ ঘৰৰ বাকি মানুহবোৰ তলত থাকে৷ ওপৰলৈ আহিবলৈ এডাল লোহাৰ জখলা৷ কোনোবাই তাত বগালে কেৰেক্ কৈ শব্দ হয় – আৰু সেইয়াই আমাৰ বাবে এলাৰ্ম৷ এনেও তালৈ ঘৰৰ মানুহ কাত্চিৎ হে আহিছিল৷ সেইটো আমাৰ গ্ৰুপৰ ষ্টাডিৰ পৰা ককটেইল পাৰ্টিলৈ, কম্পিউটাৰ গেইমৰ পৰা মাৰাথন ভাবে চিনেমা চোৱালৈ সকলো কামৰ ঘাটি আছিল৷

 

সেইদিনা আহোঁতে পলম হৈছিল৷ লগত দুপেকেট চিগাৰেট৷ গোটেই ৰাতি চিনেমা চোৱাৰ প্লেন৷ গতিকে সেই ঠাণ্ডাত সাৰে থাকিবলৈ চিগাৰেট লাগিবই৷ চিনেমা আৰম্ভ হ’ল৷ আমি আৰামত লেপৰ তলত৷ ঘৰৰ সকলোৱে শোৱা বুলি গম পোৱাৰ পিছত পৰাগে এটা চিগাৰেট উলিয়ালে৷ জুইশলাটো উলিয়াওঁতেহে গম পালে তাত যে কাঠী নাই৷

 

সকলোতে বিচাৰিলোঁ, নাই৷ টেবুলৰ ড্ৰয়াৰটো মজিয়াত লুটিয়াই দিয়াত যেনিবা এডাল ভঙা কাঠী পোৱা গ’ল৷ মম-বাতি এডোখৰো আছিল৷ কাঠীডালেৰে মম-বাতি জ্বলাম৷ চন্দ্ৰ জুইশলা লৈ সাজু৷ পৰাগৰ হাতত মম৷ সকলো উৎকণ্ঠিত৷ থাচ্.. – দিলে চন্দ্ৰই জুইশলা মাৰি৷ কিন্তু ই কি? ফচচ্ কৈ কাঠীডাল জলি নুমাই থাকিল৷ মমৰ কাষলৈ নিবলৈকে নাপালে৷

 

ছেহঃ.. এতিয়া কি কৰা যায়? সময় প্ৰায় নিশা ১ বজা৷ তললৈ গৈ কাকো ক’বও নোৱাৰোঁ যে জুইশলা লাগে; দোকানো খোলা নেথাকে তেতিয়া৷ গতিকে ছয়্মাইল চকলৈ যাবলৈ ঠিক কৰিলোঁ৷ তাত নৈশ বাচবোৰৰ বাবে দোকান পোহাৰ খোলা থাকিব পাৰে৷ গেইটত তলা মৰা আছিল বাবে বগাই পাৰ হৈ গ’লো৷ চিগাৰেটতো খাবই লাগিব, যেন নাখালে মৰিম হে৷

 

অলপ দূৰ গৈ লগ পালো এক মদাহী মহাশয়ক, টলং-ভটং কৈ গৈ আছে৷ সুধিলোঁ জুইশলা আছে নেকি? সেই জ্ঞানী পুৰুষে কলে বোলে নাই, তেওঁ চিগাৰেট নাখায়৷ শৰীৰৰ বাবে বেয়া হেনো৷ জ্ঞান লৈ কুঁৱলীৰ মাজে মাজে কঁপি কঁপি আগবাঢ়িলোঁ৷ এইবাৰ আহক পুলিচৰ গাড়ী এখন । পেটুৱা পুলিচ এজনে সুধিলে ইমান ৰাতি পথত কি কৰিছোঁ৷ “চাৰ, আমাৰ মানে পৰীক্ষা আহি আছে৷ একেলগে পঢ়ি আছিলোঁ৷আমনি লগাত অলপ ফুৰিবলৈ ওলাই আহিলো৷” – যিমান পাৰি সিমান সৰল দেখাবলৈ চেষ্টা কৰি ক’লো৷ দেখিবলৈ চোৰ যেন লগা নাছিলোঁ চাগে; সাৱধানে ওভতিবলৈ কৈ তেওঁলোক গ’লগৈ৷

 

আমিও অলপ ভয় খালো৷ জুইশলাৰ আশা বাদ দি ঘৰমুৱা হ’লো৷ প্ৰায় ঘৰ পাওঁ পাওঁ; এনেতে দেখিলো এখন ট্ৰাক ৰৈ আছে৷ আৰু দেখিলো কি? খিৰিকীৰে ওলাই আছে ধোঁৱা৷ ভিতৰত কোনোবাই চিগাৰেট খাইছে৷পৰাগ দৌৰি গ’ল৷ চালক জনৰ পৰা খুজি জুইশলা কাঠী দুডালমান ল’লে৷ অলিম্পিকত মেডেল পোৱা যেন আনন্দ লাগিছিল সেই সময়ত৷

 

লৰালৰিকৈ ঘৰলৈ আহি মম জ্বলালোঁ৷ তাৰ পিছত হাঁওফাঁও ভৰি যোৱাকৈ চিগাৰেট হোঁপাত লাগিলোঁ৷ সুখত চকু মুদ খাই আহিল৷ সেই সুখটানৰ আমেজ চিগাৰেট খোৱাজনেহে বুজিব৷

বাকিচোৱা ৰাতি লানি-নিচিঙা চিগাৰেট, Robin Williams আৰু ল’ৰাহঁতৰ লগত কটালোঁ৷ মানে dead poet’s society চিনেমাখন চালো – O’ Captain, my Captain!!

 

এতিয়াও চিনেমাখন মাজে মাজে চাওঁ, ভাল লাগে৷ চিগাৰেট পিছে কেতিয়াবাই এৰিলোঁ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক