সুখৰ সন্ধান (ড. লোচন শইকীয়া)

সুখ কাক নালাগে? পাবনে এনেকুৱা এজন মানুহ? সংসাৰ ত্যাগী ভিক্ষুকজনো সামান্যতম সুখৰ ভিক্ষুক৷ পেটৰ ভোকৰ ভিক্ষুক৷ ভোকৰ জ্বালা কেনেকুৱা ক্ষুধাতুৰক সোধক৷ মানুহৰ কল্যাণৰ ভিক্ষুকো আছে৷ সমগ্ৰ পৃথিবীবাসীৰ দৌৰা-দৌৰি কিহৰ বাবে? পুৱাৰ পৰা গধূলি, গধূলিৰ পাচত ৰাতি, ৰাতিৰ পাচত পুনৰ আকৌ এটা পুৱা৷ একেই কৰ্ম ধাৰা৷ জীয়াই থকাৰ তাড়না নে সুখৰ বালিঘৰ সজাৰ প্ৰতিযোগীতা? সুখ কি?

যতেই নাথাকোঁ, যেনেকৈয়ে নাথাকোঁ, আমি সকলো সুখৰ সন্ধানত৷ সুখৰ পলৰীয়া স্বভাৱে লুকা-ভাকু খেলি সুখক আৰু আকৰ্ষণীয় কৰি ৰাখিছে৷ এই ধৰা দিয়ে, এই অদৃশ্য হৈ পৰে৷ সৰু লৰা-ছোৱালীবোৰৰ কথা সদায় সুকীয়া৷ এওঁলোক নিজেই সুখৰ আকৰ৷ সেইটো বয়স সhappinessকলোৱে এদিন পাৰ হৈ আহে৷ लौटा दे मेरे बचपन के दिन …৷ वो कागज की कस्ती …..৷ এৰি অহা সময়বোৰ (লৰালি, পঢ়াশলীয়া জীৱন, কলেজীয়া জীৱন, সমনীয়াৰ সৈতে পাৰ কৰা মুহূৰ্ত্ত, ভালপোৱাজনৰ সৈতে নিবিড়তাৰ অতীত ইত্যাদি) যেন বৰশীৰ পৰা এৰাই যোৱা ডাঙৰ মাছতো৷

সুখৰ অনুভূতি মানসিক স্তৰৰ৷ বুজিব পৰা, ভাল-বেয়া বিচাৰ কৰিব পৰা হোৱাৰ পিচত সুখ-দুখৰ ছয়াময়া ৰূপে জীৱন ছন্দোময় কৰি ৰাখে৷ দিনৰ পিচত ৰাতি অহাৰ দৰে, ৰাতিৰ পিচত দিন আহে৷ দুয়োটা একে সময়ত অনুপস্থিত৷ সুখ-দুখ জীবনৰ ইপিঠি-সিপিঠি৷

সুখী হবলৈ কোনে নিবিচাৰে? সুখৰ সন্ধানতে মানুহে দেহা-মন খটুৱাই কাম কৰিছে৷ কি গোটোৱা নাই সুখৰ কাৰণে? নিজৰ কাৰণে, সন্তানৰ কাৰণে, প্ৰেমৰ কাৰণে আমি ঢপলিয়াই ফুৰিছোঁ৷ সুখ তাৰ মানে সেইবোৰো? সুখো এনেকুৱা যে ই গাধৰ মূৰত বন্ধা মাৰিডালৰ ইমূৰত বন্ধা গাজৰতোৰ দৰে৷ দৌৰত সুখ আমাৰ আগত, আমি সুখৰ পিচত৷ সুখে যদি আমাৰ পিচ ললেহেঁতেন! ৰৈয়ে দিলোঁহেঁতেন৷ কান্ধত কান্ধ মিলাই সুখ নাহে৷ আমাৰ খোজৰ লগত সমানে একে দুৰত্ত্বত গাজৰৰ ব্যৱধান৷

“সুখ সুখ বুলি মানুহ বলীয়া, নেদেখে সুখৰ মুখ৷
সুখ বিচাৰোতে পায় সংসাৰত দুখৰ ওপৰি দুখ৷ ৷ ”

জন্মা মাত্ৰেই বিচাৰক বা নিবিচাৰক, ই অবধাৰিত, মনে মানুহক এটা পৰ্য্যায়ত নিজৰ সুখ-দুখৰ নিজৰ আৱৰ্ত্তলৈ লৈ আহে৷ অহৰ্নিশে চাৰিওকাষে ঘটি থকা হাই-কাজিয়া, মতানৈক্য, অন্যায়-অবিচাৰ, দুৰ্নীতি, ঠগ, মিছা, প্ৰবঞ্ছনা লুণ্ঠণ, লাঞ্ছনা-গঞ্জনা, ধৰ্ষণ, হত্যা এইবোৰ দেখি-ভূগি মানুহে মনৰ স্থিৰতাই হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে৷ সুখৰ উপলব্ধি যেন হেৰাই গৈছে৷

০০০০ প্ৰশ্নই প্ৰশ্ন ০০০০

এতিয়া মূল প্ৰশ্নটোৱেই হৈছে সুখ কি? সুখৰ পৰিচয় কি? সুখৰ কিবা সূত্ৰ আছে নেকি? সুখপ্ৰাপ্তিৰ নিৰ্দিষ্ট পথ আছে নেকি? আচাৰ-ব্যৱহাৰ সুখৰ মাধ্যম হয়নে? প্ৰাপ্তি কিয় সুখৰ সুৰসুৰণিৰ প্ৰাথমিক স্তৰ? সুখ কিয় সদায় পলৰীয়া, পোৱাৰ পিচতো পায়ো নোপোৱা যেন কিয় লাগে? সুখ কিয় স্থায়ী নহয়?

দৰ্শন আৰু ধৰ্মই সুখক সুস্থ ভাব আৰু সুন্দৰকৈ জীয়াই থকাৰ ওপৰত গুৰুত্ব দিয়ে৷ আবেগিক আনন্দতকৈ স্বত:স্ফূৰ্ততাক সুখৰ ওচৰ বুলি গণ্য কৰে৷ মানুহৰ সভ্যতা বিকাশৰ সময়ৰ লগত সুখী মানুহৰ আত্মসন্তুষ্টিতকৈ, ভাল গুণেৰে বিভুষিত হৈ কৰ্মৰ জড়িয়তে সুখ আনিব পৰাতহে গুৰুত্ব দিছে৷

০০০০ মনোবিজ্ঞানত সুখ ০০০০

মনৰো অধ্যয়ন কৰিব পাৰি৷ অধ্যয়নৰ জৰীয়তে সুখক বুজি পোৱা যায়নে? পঢ়ি, বুজি পালেই যদি সুখ পায়, এই পথ সহজেই গ্ৰহণ কৰিব৷ যিটো স্বীকাৰ কৰিবলৈ টান৷ তেনেহলে আমি কিহৰ ভিত্তিত সুখৰ বিষয়ে অধ্যয়ন কৰিব লাগে? পলৰীয়া সুখে এনেকৈয়ে মনক আকৰ্ষণ কৰি লৈ যায়৷

মনোবিজ্ঞানীসকলে কয় হয়, সুখৰ বিষয়ে অধিক জনাৰ প্ৰয়োজন আছে৷ তথ্য-প্ৰমাণৰ ভিত্তিত সুখকলৈ কৰা পৰীক্ষা, আলোচনা, লিখনি বা কিতাপ অধ্যয়নৰ গুৰুত্ব আছে৷ মানসিক ৰোগৰ ক্ষেত্ৰত ঘটা লক্ষণ সমূহে মানসিক অস্বাস্থ্যৰ ছবি দাঙি ধৰে৷ আমি আমাৰ মানসিক সুস্থতাৰ বিষয়ে অধ্যয়ন কৰিলে পৰম শক্তিৰ উমান পাওঁ আৰু সুখী অনুভৱ কৰোঁ৷ ভালদৰে, সুস্থ চিন্তা কৰিব পাৰিলে আমাৰ আশা জাগ্ৰত হয় আৰু আশাই মানসিক অসুস্থতাক আতঁৰাই বা বাধা দি সুখী হবলৈ শিকিবলৈ আৰম্ভ কৰায়৷ মানুহৰ ভাল গুণ, ধনাত্মক শক্তিয়ে ব্যক্তিক সমাজত জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়৷

Happiness: Unlocking the Mysteries of Psychological Wealth, কিতাপৰ মনোবিজ্ঞানী ও লিখক Ed Diener এ সুখৰ বিষয়ে বৰ্ণনা কৰোঁতে লিখিছে যে ব্যক্তি এজন সুখী হোৱাতো নিৰ্ভৰ কৰে তেওঁৰ জীবনভৰ ঋনাত্মক আবেগতকৈ ধনাত্মক আবেগেৰে পৰিচালিত হোৱা মাত্ৰাৰ ওপৰত৷

আন এজন উল্লেখনীয় গৱেষক ও Authentic Happiness কিতাপৰ লিখক Martin Seligman এ কৈছে সুখ হৈছে “অৰ্থবহ ভাবে আনন্দিত হৈ কৰ্মত জড়িত হোৱা৷ ” সুখী হবলৈ সুন্দৰ জীৱনৰ নিজৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু চখবোৰ লগতলৈ ভাল কামসমূহত বহল ভিত্তিত জড়িত হৈ পৰা৷

মহামুনি বাল্মিকীৰ ‘ৰামায়ণ’ত শ্ৰীৰামে পিতৃবাক্যৰ সাৰ্থকতা ৰাখিবলৈ গৈ কৈছে “दुर्लभं हि सदा सुखं ”৷ সুখ সদায়েই দুৰ্লভ৷ প্ৰতিটো কামৰ ফল ৰূপী অদৃশ্যমান সুখৰ মৰিচীকাই মনক প্ৰভাবাম্বিত কৰে৷ বেদব্যাসকৃত ‘মহাভাৰত’ৰ অন্তৰ্গত গীতাত, সেয়ে কৰ্ত্তব্যৰ প্ৰতি অৰ্জুনক সকিয়াই দিয়া শ্ৰীকৃষ্ণৰ বাণী সদায়েই উৰ্দ্ধৃত৷
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन৷
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ ২-৪৭

মনোবিজ্ঞানী সকলে সুখ কি বুজিবলৈ বিভিন্ন স্তৰৰ পৰা যত্ন কৰিছে৷ পাৰিপাৰ্শ্চিক বাতাবৰণ, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক স্তৰৰ পৰা আৰু শাৰীৰিক, মানসিক পৰ্য্যায়ৰ পৰা সুখক বিশ্লেষণ কৰি চাই বিভিন্ন মত আগবঢ়াইছে৷ তলৰ পৰ্য্যায়ৰ পৰা ঘৰুৱা পৰিবেশ, পৰিয়াল, শিক্ষা, বিবাহ আৰু আয় ইত্যাদিক প্ৰাধান্য দিয়া হৈছে৷ আকৌ ওপৰৰ পৰা বিশ্লেষণ কৰোঁতে সুখক ব্যক্তিকেন্দ্ৰিক কৰি গুৰুত্ব দিয়া হৈছে৷ ব্যক্তিকেন্দ্ৰিক কাৰণতো এই যুক্তিৰ আধাৰত লোৱা হৈছে যে এজন মানুহৰ ব্যক্তিত্ব, আবেগ, তেওঁৰ কামত নিৰ্দিষ্ট প্ৰভাৱ পৰা কাৰণ ইত্যাদিয়ে সুখ-দুখ উপলব্ধি কৰাত সহায় কৰে৷ (ব্যক্তিকেন্দ্ৰিক ভাগতোতে যৌন জীবন, বিবাহ এই বিষয় দুটা মই এৰি চলিছোঁ, যিবিষয়ক সম্পূৰ্ণ বেলেগ শিতানত আলোচনাৰ প্ৰয়োজন আছে )৷

অসমীয়াত এটা প্ৰবাদ আছে-ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনতো৷ মানুহৰ সুখ অনুধাৱনৰ ক্ষেত্ৰত মূলত: জাতি, ধৰ্ম, ভাষা, দেশ এইবোৰৰ স্থান নাই৷ নিজৰ আত্মোকৰ্ষই সুখ উপলদ্ধি হোৱাত সৰ্বোচ্চ সহায় কৰে৷

মানসিক স্তৰৰ মনৰ ইচ্ছা-অনিচ্ছা ও গতি বুজা ইমান সহজ নহয় যে সুখ কি বুজিলেই সুখ উপলব্ধ হব৷

০০০০ সুখৰ বাবে সংগীত ০০০০

এইখিনিতে এটা বিৰতি লৈছোঁ আৰু অকণমান সংগীতৰ ফালে ঢাল খুৱাইছোঁ৷ উদ্দেশ্য একেটাই৷ সংগীতেও সুখ দিব পাৰে, ইয়াত দ্বিমত থাকিব নালাগে৷ নতুম চাম যুৱক-যুৱতীৰ মন পচন্দৰ সংগীত সুকীয়া৷ এইটো বিষয় নিজৰ৷ যুক্তি-অযুক্তিলৈ নাযাওঁ৷ প্ৰাচ্য-পাশ্চাত্য একো ভাগ নাই৷ আনন্দ উপভোগ কৰি থকা সামাজিক অনুষ্ঠান একোটাত দুখ লগা সংগীত নিশ্চয় অতি কমেই বাজিব৷ দু: খী মনে আনন্দ, সুখ একোৱেই অনুভৱ কৰিব নোৱাৰে৷ অথচ দুখ লগা সংগীতে সময়ত ব্যক্তিভেদে সুখৰো অনুভূতি দিয়ে৷ পৃথিবীৰ সকলো সংগীত জগতত দুখ ভৰা, হিয়া ভগা, কান্দোন, অকলশৰীয়া হৈ পৰা, হুমুনিয়াহৰ গীত ভৰি আছে, তাৰ সীমা-সংখ্যা নাই৷ এনেকুৱা সংগীত কিয় ৰচনা কৰা হয়, কিয় ভাল পায়, উত্তৰ এটাই দুখৰ সুৰ বিলালেও সংগীতে সুখৰ জগত সৃষ্টি কৰিব পাৰে৷
“चान्द फिर निकला, मगर तुम न आये৷ जला दिल मेरा, करु कया मे. हाय৷ ….”৷ (লতা মঙ্গেশকাৰ, পেয়িং গেষ্ট, ১৯৫৭)

তেনেহলে প্ৰশ্ন উঠিবই আমি কিয় দুখৰ গান ভাল পাওঁ? এনে সংগীতে কিয় সুখৰ অনুভূতি আনে? ইয়াৰো কিবা মনোবৈজ্ঞানিক বিশ্লেষণ আছে নেকি? আছেনে পৰীক্ষামূলক তত্ত্ব?

সদ্য সমাপ্ত তেনেকুৱা সমীক্ষা এটাৰ বিষয়ে কওঁ৷ টকিঅ কলা বিশ্ববিদ্যালয়ত নিজে আগ বাঢ়ি অহা সংগীতজ্ঞ আৰু সংগীতজ্ঞ নোহোৱা ৪৪ জন পৰীক্ষাৰ্থীক দুখ লগা আৰু সুখ যেন লগা বেলেগ সংগীত শুনাই সংগীতৰ প্ৰতি নিজৰ ভাল লগা বা বেয়া লগা জুখিবলৈ কোৱা হৈছিল৷ এই পৰীক্ষাত দুখ লগা সংগীতে সৃষ্টি কৰা অনুভূতিক বেলেগ ধৰণৰ আবেগ, কম ৰোমাণ্টিক লগা, অমিয়া সুখ লভা বুলি পৰীক্ষাৰ্থী সকলে অভিহিত কৰিছিল৷ অৱশ্যেই ব্যক্তিভেদে এই ধৰণৰ মাপদণ্ড লৈ মতামত থাকিব৷ এইখিনিতে উল্লেখ কৰা ভাল হব যে তেওঁলোকক শুনোৱা সংগীত বেছি দুখজনক আছিল আৰু সেয়ে নিজৰ জীবনৰ দুখৰ সৈতে তুলনাত্মক শান্তনা লভিছিল৷ গৱেষকৰ বিশ্লেষণ আছিল যে শুনোৱা সংগীতত দুখ বেছি থাকিলেও, ই কেতিয়াও ভীতি সঞ্ছাৰ নকৰে, বৰং যিমান নিজৰ জীবনৰ দুখে কৰে৷ সেই কাৰণেই দৈনন্দিন জীবনত ঘটি থকা দুখজনক ভাববোৰ দুখৰ সংগীতেই কমাই পেলায়৷

এই চেগতে নিজে ভালপোৱা দুখজনক গীত এটি বাচি লওক আৰু শুনক, আপুনি মোক ধন্যবাদ নিদি নোৱাৰিব৷ দুখত থাকিও ক্ষন্তেকলৈ হলেও সুখৰ এই বিচিত্ৰ সক্ষমতা আৰু একো শক্তিৰে নাই৷

০০০০ অৰ্থ ও ধৰ্ময়ো সুখৰ অনুভূতিৰ তাৰতম্যতা ৰাখে ০০০০

অৰ্থনীতিত উন্নত দেশবোৰৰ সুখৰ বিশ্লেষণ সামান্য বেলেগ৷ একোখন দেশে নিজৰ বিকাশ জুখিবলৈ আয় জুখিবলৈ Gross Domestic Product and Gross Net Product ব্যৱহাৰ কৰে৷ বিকাশশীল দেশবোৰ দুখীয়া দেশবোৰতকৈ বেছি সুখী৷ হলেও অৰ্থনীতিৰ চাহিদা ও যোগানৰ মূল সূত্ৰ অৱধাৰিত ৰূপত প্ৰদৰ্শণ হয়৷ সম্পদ বঢ়াৰ লগতে সুখো কমে৷ এটা উদাহৰণ কান্ধতে লাগি থকা চীন দেশ৷ সকলোৱে জানে অতি দ্ৰুত গতিত কি দৰে চীন দেশে অৰ্থনীতিক বিকাশৰ পথলৈ আগুৱাইছে৷ নিজকে সুখী বুলি কোৱা চীনা মানুহ আকৌ এবাৰ দ্বিদ্ধাগ্ৰস্ত হৈছে আৰু নিজকে কিমান সুখী বুলি নিজকে প্ৰশ্ন কৰি সুখৰ সোৱাদ হেৰুৱাইছে৷
San Diego ত অৱস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক Richard Madse এ চীনা সকলৰ সুখৰ ওপৰত গবেষণা কৰি লিখিছে যে চীনা মানুহৰ অৰ্থনৈতিক উন্নতিৰ লগতে নৈতিক পতনৰ কাৰণত সুখৰ মাত্ৰাৰ অনুভৱ কমিবলৈ আৰম্ভ কৰিছে৷ মাৰ্কসিজিমৰ মূল্য কাহানিবাই কমিল৷ চহৰীকৰণ প্ৰক্ৰিয়া দ্ৰুত হোৱাৰ লগতে তেওঁলোকৰ মূল্যবোধৰো পৰিবৰ্ত্তন ঘটিছে৷ ইও সুখ কমাৰ এটা কাৰণ বুলি কোৱা হৈছে৷ অৰ্থাৎ অৰ্থই সুখৰ একমাত্ৰ আকৰ নহয়৷ ১.৩ বিলিয়ন চীনা মানুহৰ সুখ জোখা ইমান সহজসাধ্যনে বুলি মেডসেক প্ৰশ্ন কৰা হৈছে৷ তাৰ উত্তৰত মেডসেই সুখ জুখিবলৈ অৰ্থনীতিৰ সুত্ৰৰ আধাৰত নানা প্ৰশ্ন সুধি ১ৰ পৰা ১০লৈ তুলনা কৰা সূচ্যাঙ্কৰ সূত্ৰ অনুকৰণ কৰিছে৷ মেডসেই তেওঁৰ গবেষণাত ধৰ্ম(religion)কো সাঙুৰিছে৷ বিশ্বাসৰ ভেটীত থকা, মাজতে এৰি দিয়া কিছুমান আচাৰ-ব্যৱহাৰ পুণৰ ঘূৰাই আনি তাক পালন কৰাত চীনাসকলে গুৰুত্ব দিছে, যাতে সুখ বাঢ়ে৷ নিজ বংশ, নিজা গাওঁৰ সৈতে সম্পৰ্ক চিগি যোৱা চহৰমূখী চীনাসকলে নিজৰ শিপাৰ সন্ধান কৰিছে আৰু পুৰনি ৰীতি-নীতিৰ মন্দিৰ নিৰ্মানতো আগভাগ লৈছে৷ পাহৰণিৰ গৰ্ভলৈ যোৱা সম্পৰ্কীয় মৃতকৰ মৰিশালি, কবৰস্থান বিচাৰি উলিয়াই সংৰক্ষন কৰি তালৈ সঘনাই যোৱাৰ দিহা কৰিছে৷ ই বাৰু কি সূচায়? সুখৰ খাতিৰত ধৰ্মোদ্ধাৰ, প্ৰাচীন ৰীতি-নীতি উদ্ধাৰৰ প্ৰচেষ্টা? টাইৱানৰ চীনাসকলে বৌদ্ধ মন্দিৰত গৈ আৰাধনা কৰাতকৈ বৌদ্ধধৰ্মৰ মানবীয় প্ৰমূল্য, জনসেৱা, দান-দক্ষিনাক অধিক গুৰুত্ব দিছে৷ এইবোৰ চহৰতহে ঘটিছে৷ গাওঁৰ মন্দিৰ পৰিবেশ একেই আছে৷ মূল কথাত এইয়া সুখৰ সন্ধান৷
আমাৰ ভাৰতবৰ্ষতে ধৰ্মীয় আচাৰ ভিত্তিত পালন কৰা সৰ্বজনীনতাৰ ৰূপ লোৱা উত্সব (গণেশ পূজা, দুৰ্গা পূজা, ৰাম নৱমী, বহাগ বিহু, অন্য ধৰ্মীয় উত্সৱ আদি উদাহৰণ) বিলাকত জড়িত হৈ এচাম সমাজপ্ৰিয় মানুহে ক্ষণিকলৈ হলেও সুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷ জাক-জমকতা, বাহ্যিকতা এইবোৰ উদ্যোক্তা সকলৰ ব্যৱসায়৷ উত্সবত ভাগ লোৱা সকলে এইবোৰ লৈ মূৰ নঘমায়৷ এই ক্ষেত্ৰত মতামতৰ কিছু ৰক্ষণশীলতাও দেখা যায়৷

লগতে নকৈ নোৱাৰিছোঁ কুটিল বাস্তৱতে সম-সাময়িক ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বাঢ়িছে, আমাৰ সুখো কমিছে৷ ৰাজনীতিত ধৰ্মক ব্যৱহাৰ কৰিলে কি হয় তাৰ নিকৃষ্ট উদাহৰণ ভাৰত, আফগানিস্থান, পাকিস্তান, বাংলাদেশ, চিৰিয়া ইত্যাদি৷

ইহুদীদকলে সুখী হোৱাৰ ওপৰত ভগৱানৰ সেৱাত ৰত হবলৈ গুৰুত্ব আৰোপ কৰিছে৷ একে ধৰণে খ্ৰীষ্টান ধৰ্মৰ কেথলিক পণ্হাত সৌভাগ্যক সুখৰ লগত ৰিজাইছে আৰু পৰম সুখ এই জীৱনত পোৱা সম্ভৱ নহয় বুলিয়ে কৈছে৷ লগতে এইটোও কৈছে এই জনমত ভাল কাম কৰি পিচৰ জন্ম (পৰকাল)ত পোৱাৰ পথ সুগম কৰিবলৈ কৈছে৷

পাৰমাৰ্থিক (spiritual) পণ্হী সকলে প্ৰাৰ্থনাক সুখৰ লগত জড়িত কৰিছে৷ প্ৰাৰ্থনাই মনত প্ৰশান্তি আনে৷ মুচলিম চুফী অল-ঘজলী (১০৫৮-১১১১), যোগসূত্ৰৰ লিখক পতণ্জলীয়ে আদিয়েও সুখী হবলৈ মানসিক প্ৰাৰ্থনাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে৷

০০০০ দেহা থাকিলেহে বেহা ০০০০

২০১২ চনৰ এখনি বহুল জনপ্ৰিয় ও বিক্ৰী হোৱা কিতাপ The Emotional Life of Your Brain ৰ লিখক Richard Davidson এ যুক্তি প্ৰদৰ্শণ কৰিছে যে ধনাত্মক আবেগ আৰু সুখ অনুভূতিয়ে দীৰ্ঘকাল সুস্বাস্থ্য প্ৰদান কৰিব পাৰে৷

২০০৫ চনত University College London ত Steptow আৰু Marmot এ চলোৱা বৃটিছ চৰকাৰী চাকৰিয়াল ওপৰত এটা সমীক্ষা৷ ৪৫ৰ পৰা ৫৯ বছৰ মধ্যবয়সীয়া সুস্বাস্থ্যৰ ১১৬ গৰাকী মহিলা আৰু ১০০ জন পুৰুষৰ ওপৰত চলোৱা এই লানি পৰীক্ষাত শৰীৰ তত্ত্বৰ তিনিটা মূল প্ৰধান বিষয় বাচি লৈছিল৷ এই বিষয় তিনিটা আছিল- হৃদপিণ্ডৰ স্পন্দন, কৰ্টিচলৰ আৰু প্লাজমা ফিব্ৰিনজেনৰ পৰিমাণ৷ এই সমীক্ষাত স্পষ্ট ৰুপত ওলাইছিল যে যিসকলে নিজকে কম সুখী বুলি গণ্য কৰিছিল তেওঁলোকৰ কৰ্টিচলৰ পৰিমাণ সুখী বুলি ভবা ব্যক্তি সকলতকৈ ৪৮ শতাংশ বেছি ওলাইছিল৷ কম সুখী ব্যক্তি সকলত ক্ষেত্ৰত চাপ বৃদ্ধি কৰা কাম যেনে আয়নাত প্ৰতিবিম্বিত হোৱা তৰা চাবলৈ দি প্লাজমা ফিব্ৰিনজেনৰ পৰিমাণো বেছি পাইছিল৷

০০০০ ৰাজনৈতিক স্বাৰ্থবিহীন সহায় ০০০০

জীবনতো কেনেকৈ যাপন কৰা হব, সেইটো কোনেও নিৰ্দ্ধাৰণ কৰি দিব নোৱাৰে৷ জীবন যাপন সুখৰ হওক এটা ৰাষ্ট্ৰীয় ধাৰণাও হব পাৰে৷ অনেক সামাজিক গোট, সংস্থা কিছুমানেও আনৰ সুখৰ প্ৰতিও সচেতন হোৱা পৰিলক্ষিত হয়৷ এই ধৰণৰ কামবোৰ শিক্ষা, চিকিত্সা, পিতৃ-মাতৃহীন লৰা-ছোৱালীৰ দায়ীত্ব, অকলশৰীয়া হৈ পৰা বয়সস্থ লোকৰ সংস্থাপন আৰু পালন, পুৱা-গধূলি ফুৰিবলৈ পাৰ্ক ইত্যাদি অনেক কল্যাণমূলক আচনি হব পাৰে৷ এই কামবোৰে কৰা সকলে পোনপটীয়াকৈ উদাহৰণ দেখুৱায় যে এনেকুৱা কামবোৰ চৰকাৰেও কৰি নিজৰ দেশৰ নাগৰিকৰ সুখ বঢ়াব পাৰে, আৰু দেশখনক সুস্থিৰ কৰি ৰখাত সহায় কৰিব পাৰে৷ এই ধাৰণা এতিয়াৰ নহয়, বৰং সম্ৰাট অশোকে কৰা বহুত জন-হিতকৰ কামবোৰলৈ আঙুলিয়াই দেখুৱাব পাৰি৷

নট্ৰে ডাম বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক Benjamin Radcliff এ গণতন্ত্ৰ শাসন পদ্ধতিৰ দেশসমূহৰ নাগৰিকৰ সন্তুষ্টিক দেশখনৰ শ্ৰমিকমূখী বজাৰ, বলিষ্ঠ শ্ৰমিক সংগঠন ও সামাজিকভাবে সুৰক্ষিত অৱস্থাৰ লগত তুলনা কৰিছে৷ ঠিক একে ধৰণে দাৰিদ্ৰ-নিৰ্মূলীকৰণ, উচ্চস্তৰৰ অতি কম শ্ৰমমূল্য ব্যৱস্থা এটাক সুখৰ লগত জড়িত কৰিছে৷ লগতে এইটোও কৈছে যে সুখৰ কাৰণে লোৱা ব্যৱস্থা সমূহ পুৰনি ৰীতি-নীতিসমূহৰ বিকল্প হব নোৱাৰে৷

০০০০ প্ৰাপ্তি সুখ লাভৰ মূল চালিকা শক্তি ০০০০

কৰ্মৰ সুখক সুখ লাভৰ মূল চালিকা শক্তি বুলি যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ এৰিষ্টটলে উল্লেখ কৰিছে (Nicomachean Ethics, 350 BCE) যে ভাল হৈ থাকি ভাল কাম কৰি মানুহে নিজে ধন, সন্মান, স্বাস্থ্য আৰু বন্ধু গোটাই সুখেই বঢ়াব বিচাৰে৷ এৰিষ্টটলে সুখক কোনো এটা অৱস্থা বুলি নকৈ সুখক নীতিবান কামৰ ফলৰ লগত জড়িত কৰিছে৷

২০১২ ৰ পৃথিবীৰ সুখৰ ৰিপৰ্টত (World happiness Report, 2012) কৰ্মৰ মাজেদি ব্যক্তিৰ ভালদৰে চলি থকা অৱস্থাৰ ধাৰাবাহিক জীবন পূৰ্ণতা আৰু আবেগিক সন্তুষ্টিক গুৰুত্ব দিছে৷
ৰাষ্ট্ৰসংঘই ২০ মাৰ্চ তাৰিখতো আন্তৰাষ্টীয় সুখৰ দিন হিচাবে ঘোষনা কৰি সুখ সকলোৰে বাবে চিহ্নিত কৰিছে যাতে সকলোৱে সকলোৰ সুখৰ কাৰণ ও আকৰ হৈ উঠিব পাৰে৷
আহক, সুখী হবলৈ আমি সত্ পথেৰে, সকলোৰে প্ৰতি সত্ হৈ, সত্ কৰ্মেৰে জীয়াই থকাৰ যত্ন কৰোঁ৷ সুখ নিজেই আহি আমাৰ দুৱাৰদলিত টোকৰ মাৰিবহি৷

(এই লিখনিতো লিখোঁতে মোৰ আগৰ লিখনি কেইটা কিয় লিখোঁ…., মন তোমাক কিমান চিনি পাওঁ, প্ৰশংসা, সমালোচনা আৰু আত্মসন্মানবোধ – এক মানসিক অৱতৰণ এইকেইটাও সুখৰ লগত জড়িত কথাত সোমাই আছে৷ অকবৰ পাঠকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী যিহেতু বাহুল্য ভয়ত মই উক্ত বিষয় কেইটা ইয়াত আলোচনা কৰিবলৈ এৰি আহিছোঁ৷ )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments