সুখ (অগস্ত্য বৰুৱা)

চেৰেকীৰ পাকত

মেৰ খাই থকা দুখবোৰ

তেওঁ মেলি দিলে দীঘলীয়াকৈ
সময়ৰ বাণিয়ে

গাঁঠি দিলে

একোটা কুহুমীয়া সপোন
দীঘল চাদৰখন লৈ

ঘূৰি চালে

চেৰেকীটো উকা হৈ পৰিল।।

***********************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments