সুখ-দুখৰ ভাবৰ বুৰবুৰণি (দিগন্ত যাদৱ শৰ্মা)

কেতিয়াবা সৰু সৰু কথা কিছুমানে বহু সময়লৈ মনটোক বিষাদগ্ৰস্ত কৰি ৰাখে। একোখন অচিনাকি মুখে বহু সময়লৈ মনটোক আমনি কৰি থাকে। তাতে যদি দিনটোৰ আৰম্ভণিতে এনে হয় তাৰ পিছৰে পৰা কোনো কামতে মন বহুৱাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। আমি বহুতেই ইয়াক উপলব্ধি কৰো। বোধকৰো বহুতে কৈ দিব -“ধেৎ এইবোৰ কথা হ’ল নেকি? তোমাৰতো একো লোকচান হোৱা নাই। আৰু ইফালে তেওঁ হয়তো এইবোৰ কথা একো ভবাই নাই। হ’ল হ’ল আৰু। তুমি নিজকে ‘চেন্টিমেন্টেল ফুল’ কিয় সজাইছা।” হলেও উপাই নাই! নাভাবিম বুলিও বিষাদৰে ভৰা সেই বিশেষ মুখখনে অথবা কথাবোৰে মাজে মাজে আমনি কৰি থাকে। কেতিয়াবা আকৌ কোনো এটা ভাল লগা ঘটনাই মনটোক আনন্দময় কৰি তোলে। বিষাদবোৰ আতঁৰাই পেলাই। সন্ধিয়া ঘৰলৈ খোজ লৈয়ে কথাবোৰ ভাবি ভাবি মনটো ভাল লাগি যায়। অলপ খৰছ কৰি হলেও পৰিয়াল অথবা প্ৰিয়জনৰ বাবে হাতত কিবা এটা লৈ একেলগে উপভোগ কৰিবলৈ মন যায়। অথচ দিনটোৰ এই গোটেই ঘটনাৰাজিৰ সৈতে ব্যক্তিগতভাবে কোনো লাভ-লোকচানৰ কথা জড়িত হৈ নাথাকে।

জীৱনটো বহুতো খলাবমা আৰু ছন্দোময় গতিৰে ভৰা। জীৱনৰ প্ৰতি খোজতে নিজৰ, চিনাকি-অচিনাকি লোকৰ সুখ-দুখ, আনন্দ-বিষাদ এইবোৰেৰেই ভৰি থাকে। আৰু এই চিনাকি-অচিনাকি মুখবোৰে বহু সময়ত, দিনটোৰ কোনোবা সময়ত মনটোক প্ৰভাবিত কৰি ৰাখে। সেইয়া বিষাদৰে ভৰাই হওঁক অথবা আনন্দৰেই ভৰা হওঁক। বিশেষ কিছু মুহুৰ্তত এৰি অহা কথা কিছুমানে আমাৰ মনলৈ ভূমুকি মাৰে। আপোনাৰো নিশ্চয় এনে হয়।

এই মুহূৰ্তত কেইবাবছৰৰ আগৰ কোনো এটা দিনৰ কেইটামান সৰু সৰু কথা মনলৈ আহিছে। অসম চৰকাৰে বিশেষ কোনো ফল নধৰা ‘ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ’ নামৰ এবিধ কাৰ্য্যক্ৰমণিকা আৰম্ভ কৰিছিল। আমি নিজেও এইবোৰৰ লগত চৰকাৰী ভাবে জড়িত হৈ পৰিছিলোঁ। তেতিয়া আমি কিছুমান আত্মসহায়ক গোট গঠন কৰাত গুৰুত্ব আৰোপ কৰিছিলোঁ। বিশেষকৈ সমাজৰ দৰিদ্ৰ আৰু পিছপৰা মহিলা সকলক লৈ হস্ত-তাঁত, পশুপালন, মীন পালন, কৃষি ইত্যাদি ক্ষেত্ৰসমূহত গোট গঠন কৰাত জোৰ দিয়া হৈছিল। ইয়াত খন্ড উন্নয়ন, গ্ৰামউন্নয়ন, ৰাষ্ট্ৰীয়কৃত আৰু ক্ষেত্ৰীয় বেংক, প্ৰায় সকলো চৰকাৰী বিভাগক জড়িত কৰা হৈছিল। সেই কথা বাৰু পিছলৈ থাকক। দিনটো দেওঁবাৰ আছিল। আবেলিলৈ পঞ্চায়ত কাৰ্য্যলয়ত ‘ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ’ৰ সভা অনুষ্ঠিত কৰা হৈছিল। দিনৰ ভাগত নেতৃস্থানীয় এজনৰ লগত নদী পাৰ হৈ তেওঁৰ ঘৰলৈ গৈ আছিলো। বৃত্তিগত কাৰনত। এখন সৰু নদী। নাম ৰুকনী। নাওঁখনো সৰু। অৱশ্যে নাৱৰীয়াই দহ-বাৰজন মানুহৰ সৈতে কিছু বয়-বস্তুৰে নাওঁখন সিপাৰলৈ লৈ যাবলৈ সমৰ্থ। এইবোৰ সৰু সৰু ঠাইত দেওঁবাৰে বিশেষ হাট-বজাৰ বহিছিল। আমি ইতিমধ্যে নাওঁখনত বহিছিলোঁ। নেতৃস্থানীয় লোকজনৰ সৈতে যোৱাবাবে নাওঁৰীয়াই আমাৰ দুজন নে তিনিজনৰ সৈতে যাত্ৰা আৰম্ভ কৰিবলৈ অনিচ্ছুক স্বত্তেও সাজু হৈছিল। তেনেতে ঘাটলৈ আদবয়সীয়া মলিয়ন কাপোৰ পিন্ধা তিৰোতা এগৰাকীক কোবাকোবিকৈ অহা দেখা গ’ল। মুৰত ওপৰত বেছ ওজন থকা টুকুৰী এটা। নিশ্চয় ঘৰৰ শাক-পাচলি বেছিবলৈ আনিছে। দুৰৰ পৰা দেখিলেই বুজিব পাৰি। নদীৰ সিপাৰতে বজাৰখন বহে। বোধকৰো সোনকালে গৈ নাপালে অইনে ঠাই দখল কৰি বহিব। নাওঁৰীয়াই নাও এৰিবলৈ সাজু হৈছিলেই। কিন্তু তিৰোতা গৰাকীয়ে বৰকৈ চিঞৰ-বাখৰ কৰাত ৰখিবলৈ ধৰিছিল। নেতৃস্থানীয় লোকজনৰ হেচাত কিন্তু তিৰোতা গৰাকী নাওঁৰ কাষ চাপোতেই নাওঁখন এৰি দিবলৈ বাধ্য হৈছিল। দৌৰাদৌৰিৰ কোবত আৰু ঘটনাৰ আকস্মিকতাত টুকুৰীটোৰ সৈতে তাই হামখুৰি খাই পৰি গৈছিল। ইতিমধ্যে শাক-পাচলিবোৰ বাগৰি আহি নদীৰ ভৰা পানীত উটি গৈছিল। নাওঁখনে পাৰ এৰি আহি মাজ পাইছিলহি। তিৰোতা গৰাকীৰ কৰুন হৈ পৰা মুখখন, নদীত উটি গৈ থকা তাইৰ বাৰিৰ অমিতাকেইটা, পানীলাওঁকেইটালৈ চলচলিয়া চকুকেইটাৰে চাই থকা মুখখন আজিও চকুৰ আগত ভাহি উঠে। নিজকে দোষী দোষী লাগিছিল। তাই বা সেইদিনা বিক্ৰি কৰি পোৱা টকাকেইটাৰে কি কৰিম বুলি ভাবি আহিছিল। কাৰণ তেওঁলোকৰ প্ৰয়োজন বহুতো, কিন্তু পুৰাবলৈ অসমৰ্থ।

দিনটোৰ গোটেই সময়ছোৱা মনটো বিষাদৰে ভৰি থাকিল। আৱেলি পঞ্চায়ত কাৰ্য্যলয়ত ‘ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ’ অনুষ্ঠানত উপস্থিত হলোহি। কিছু স্থানীয় ৰাইজ, কেইটামান আত্মসহায়ক গোট, চৰকাৰী বিভাগসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে সভাখন সময়মতেই অনুষ্ঠিত হৈছিল। মঞ্চত মোৰ সৈতে স্থানীয় বিদ্যালয়খনৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনো উপস্থিত আছিল। কিছুসময় পিছত চক্ৰ বিষয়াজনো আহি আসন গ্ৰহণ কৰিছিল। মাজে মাজে সভা উত্তপ্ত হৈছিল। এটা আত্মসহায়ক গোটে ‘ব্যাংক’ত ‘একাউন্ট’ খোলাত অসফল হৈছিল। দৰিদ্ৰ পৰিয়ালৰ ২৫ৰ পৰা ৪০ বছৰ বয়সলৈকে পোন্ধৰ জনীয়ে ছয়-সাত মাহমান আগয়ে এটা আত্মসহায়ক গোট গঠন কৰিছিল। তেওঁলোকৰ ভাবি আছিল চৰকাৰে ঘৰতে আহি বিভিন্ন সুবিধা প্ৰদান কৰিবহি। ‘ব্যাংক’ত ‘একাউন্ট’ খোলাৰ পিছত ঋণ পাব বুলি আশা কৰিছিল। তাৰে কিবা ব্যবসায় কৰিব বুলি ভাবিছিল। কিন্তু কথা পাতি জনা গ’ল কি কৰিব তেওঁলোকৰ কোনো পৰিষ্কাৰ ধাৰণা নাছিল। চক্ৰ বিষয়াৰ লগতে ময়ো কিবাকিবি বুজালো। ইতিমধ্যে তেওঁলোকে ভাবিছিল ব্যাংকে ঋণ নিদিলে তেঁওলোকে একো কৰিব নোৱাৰিব। কেইজনীমানে উচাত মাৰি যাবলৈ ওলাইছিল। মোৰ মনলৈ হঠাত কিছুমান ভাব আহিছিল। মই সুধিছিলো-
: আপোনালোকে হাতত টকা-পইচা নোহোৱাকৈ কৰিব পৰা কোনো হাতৰ কাম জানেনে?
: নাই চাৰ! আমি ঠিক বুজা নাই।
: মই সুধিছো ঘৰতে বহি এনে কোনো কৰিব পৰা কাম, যিটোৰ বাবে বিশেষ কোনো টকা-পইচাৰ দৰকাৰ নহয়।
এজনীয়ে কিবা এটা ভাবি কলে-
: মই বাঁহৰ কাঠীৰ বিচনী, কুলা আদি সঁজুলি তৈয়াৰ কৰিব পাৰো।
আন দুজনী উঠি কলে-
: চাৰ আমি শীতল পাটী তৈয়াৰ কৰিব জানো।

অলপ সময় ৰৈ কলো-
চাওঁক কাম আপোনালোকৰ হাততে আছে। আপোনালোকে কালিৰে পৰা শীতল পাটী তৈয়াৰ কৰা কামত হাত দিয়ক। আনসকলে বিছনী, কুলাৰ লগতে ঘৰত ব্যবহৃত হোৱা সজুঁলিসমূহ তৈয়াৰ কৰাত হাত দিয়ক। আমি সকলোৱে জানো শীতল পাটীত ব্যৱহাৰ হোৱা বনবিধ আপোনালোকৰ ওচৰে-পাজৰে প্ৰচুৰ পৰিমানে পোৱা যায়। গতিকে কেঁচা সামগ্ৰী বিনামুলীয়া। বাঁহতো সকলোৰে ঘৰে ঘৰে আছেই। শীতল পাটী, আন আন এই সজুঁলিবোৰৰ কিমান চাহিদা আপোনালোকে জানেই। আৰু বেছ ভাল মূল্যই পোৱা যায়। আপোনালোকৰ গোটটো অতি সোনকালে ঠন ধৰি উঠিব। আৰু লগতে আপোনালোকৰ দৈনিক প্ৰয়োজন পুৰাব পৰাকৈ হাতলৈ ধনো আহিব। ব্যাংকৰ ঋণৰ কোনো আৱশ্যকো নাই। তেওঁলোকৰ উজ্বল চকু-মুখবোৰ দেখি মনটো ভৰি গৈছিল। কিন্তু ইমানৰ পিছতো ছয়-সাতজনী মানৰ মুখবোৰ ম্লান পৰি আছিল। মই সুধিলো-
: আপোনালোকে মনবোৰ মাৰি আছে যে! কিয়? এই ধাৰণাটো ভাল লগা নাই?
: নহয় চাৰ! আমি বেলেগ এটা কথাহে ভাবিছো। আমি এইকেইজনীয়ে এই কামবোৰ নাজানোঁ। গতিকে গোটটোৰ পৰা বাহিৰ হব লাগিব বুলি মনবোৰ বেয়া লাগিছে।
: কিয় গোটৰ পৰা বাহিৰ হ’ব। নাজানে বাবে ভালহে হৈছে। গোটেইবোৰে যদি এইবোৰ সাজিবলৈ লয় তেনেহলে কেঁচা সামগ্ৰী গোটোৱা, বাহিৰত বিক্ৰী কৰা এই কামবোৰ কোনে কৰিব?

এইবোৰ সৰু সৰু কথা হ’ব পাৰে। সৰু সৰু মানুহ। সৰু সৰু ধাৰণা। কিন্তু পোন্ধৰজনী মহিলাৰ মুখত হাঁহি বিৰিঙাব পৰাটো বিষাদৰে ভৰা দিনটোৰ শেষত মনটোত আনন্দ দিব পৰাকৈ যথেষ্ট আছিল। কেইমাহমান পিছত খবৰ পাইছিলো আত্মসহায়ক গোটটোৱে সেইমতেই কৰ্ম কৰি উন্নতি সাধিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা প্ৰয়োজনত কোনো কোনো ঠাইত এইখিনি কথা কৈছো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments