সুগন্ধাৰ পৃথিৱী .(- গাৰ্গী দাস)

 

বহু বছৰৰ আগেয়েই এই যাত্রা আৰম্ভ হৈছিল । জীৱন আৰু মৃত্যুৰ খেলখনত বিজয়ী হৈ সুগন্ধা ঘৰলৈ ওলটিছিল । দুৰ্যোগ আৰু বিষাদৰ সেই দিনবোৰত সি ছায়াৰ দৰে তাইৰ কাষে – কাষে আছিল সকলো সময়তে । বহুত মানুহক সামৰি ৰেলগাড়ী চলি আছিল আগলৈ । পুৱাৰ কোমল ৰ’দজাক সুগন্ধাৰ গালে – মুখে পৰিছিল । দূৰৈৰ পৰাই সি তাইলৈ চাই ৰৈছিল । …. কি লিখি আছে তাই ইমানকৈ বহীখনত ! ক্লাচ টেনলৈ পাছ কৰোতে উপহাৰ হিচাপে সুগন্ধাক সি বহীখন দিছিল । টিউছন কৰি পোৱা পইচাৰ কিছু অংশৰে এখন বহী আৰু কলম এটা । ছোৱালী মানুহক কি উপহাৰ দিলে ভাল হয় বিশেষ আইডিয়া তাৰ নাছিল । ভিতৰুৱা গাঁও এখনৰ পৰা কটন কলেজত পঢ়িবলৈ যোৱা ল’ৰাটোৰ বেছি বন্ধুও নাছিল সেই সময়ত । তদুপৰি তাই চিঠিত লিখিছিল গোটেই প্রশ্নকাকতখনৰ ভিতৰত তাইৰ মাত্র তিনিটা অংকহে শুদ্ধ হৈছে । তিনিটা অংকত তাই ত্রিছ পাব । ( ইমান যে শুদ্ধ হিচাপ তাইৰ ! )

বহীখনৰ প্রথম পাতখিলাত সেউজীয়া চিঞাহীৰে সি ডাঙৰকৈ লিখিছিল ——- ” অংকবিলাক কবিতাৰ নিচিনাকৈ মুখস্হ কৰিবলৈ নহয় , বাৰে – বাৰে অভ্যাস কৰিবলৈহে । আশাকৰো বহীখনৰ সদব্যৱহাৰ হ’ব । ” মনে – মনে সুগন্ধাই ভাবি থাকে কথা এটা । উপহাৰো নিজেই দিব আৰু উপহাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব উপদেশো দিব । ইমান অপমান সহিব নোৱাৰি । অংকবিলাক তাই নিজাধৰণেই অভ্যাস কৰে । গান আৰু কবিতাৰ সুৰতে অংকবোৰ মুখস্হ কৰি ৰাখে । কপালখন কোচাই বহীখনত তাৰ হাতৰ আখৰবিলাকৰ তলত তাই কাঠপেঞ্চিলেৰে লিখি থয় —– উপদেশতকৈ আৰ্হি ভাল ।

সময় বাগৰে । বহীখনৰ কথা সিহঁতে পাহৰে । প্রতিবাৰেই কলেজৰ পৰা ঘৰলৈ যোৱাৰ পিছত তাই তাৰ এটা নতুন ৰূপ দেখে । যেন আগৰবাৰতকৈ কিছু উজ্জ্বল হৈ উঠিছে সি । লাইব্রেৰীৰ পৰা ঘৰলৈ নিয়া কিতাপবোৰ সি খুলি – মেলি তাইক দেখুৱায় । এইখন কবিতাৰ কিতাপ, এইখন গল্প পুথি …… তাই মুগ্ধ হৈ চাই থাকে । সি কিতাপৰ কথা কৈ থাকে আৰু তাই ভাবি থাকে তাৰ চকুযুৰি দেখোন গুৰুদত্তৰ চকুযুৰিৰ নিচিনা লাগে । কিছুদিনৰ পৰা তাই গুৰুদত্তৰ চিনেমা চাবলৈ লৈছে । গুৰুদত্তৰ কথাকোৱা ভংগিমা, একটিং, গানবোৰ তাইৰ বৰ মৰমৰ হৈ উঠিছে ।

সি তাইৰ পঢ়া – শুনাৰ খবৰ লয় । অংক, ইংৰাজী, বিজ্ঞান, সংস্কৃতৰ কিবা নুবুজা কথা থাকিলে সুধিবলৈ কয় । কিতাপবিলাক মেলি চায় আৰু তাৰ মাজৰ পৰা টান – টান প্রশ্ন কিছুমান সোধে । তাই বিবুধিত পৰে । কোনোমতে সেপ গিলি হা আৰু না সুৰত উত্তৰবিলাক দিবলৈ চেষ্টা কৰে । সি যোৱাৰ পিছত দেউতাকে সুগন্ধাক গালি দিয়ে । ইমান গুণী – জ্ঞানী ল’ৰাটোৱে ইমান আগ্রহেৰে কথাবিলাক সোধে আৰু তই হা আৰু না কৰি উত্তৰ দিয় । অলৌ – টলৌকৈ ঘূৰি ফুৰাতকৈ সি ঘৰত থকা কেইদিন তাৰ ওচৰতে ইংৰাজী অলপমান শিকিবলৈ যাবি । মেট্রিকত ভালদৰে পাছ কৰিব পাৰিলে তোক গুৱাহাটীতে পঢ়াম দে । এইকেইটাদিন ভালকৈ পঢ় ।

দেউতাকৰ কথা শুনি – শুনি তাই কল্পনা কৰে তায়ো গুৱাহাটীত পঢ়িবলৈ যাব ওলাইছে । দেউতাকে এটা মস্ত ট্রাংক ঘৰলৈ আনিছে । অলপমান পকোৱা আখৰেৰে ট্রাংকটোত তাই নিজৰ নামটো ডাঙৰকৈ লিখিছে । আস ! কথাবিলাক ভাবিয়েই ভাল লাগে ।

সেইকেইদিন তাই মনপুতি পঢ়ে । কটন কলেজত পঢ়িবলৈ যোৱা সপোনটোৱে তাইক আচ্ছন্ন কৰি ৰাখে । সেইকেইদিন তাৰ গালি খাই হ’লেও তাই ইংৰাজী গ্রামাৰৰ কথাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰে । …..

এমাহজুৰি চলা মেট্রিক পৰীক্ষাটোৰ শেষত তাই এখন দীঘল চিঠি লিখে তালৈ । বিজ্ঞানৰ ছবিবোৰ তাইৰ ভালেই হৈছে, অংকখনৰ চাৰিটামান অংক তাই এৰি থৈ আহিল । সংস্কৃতৰ বাখ্যা এটা লিখিবলৈ তাই সময় মিলাব নোৱাৰিলে……. ইত্যাদি ইত্যাদি । মুঠতে তাই ফেল নকৰাকৈ পাছ কৰিব । গতিকে সি চিন্তা কৰিব নালাগে । এই অভয়বাণী তাই তাক দিয়ে । …..

তাই নিজৰ কথাতকৈ গুৰুদত্তৰ কথাৰেই চিঠিখন ভৰায় । গুৰুদত্ত অমুক, গুৰুদত্ত তমুক । গুৰুদত্তৰ চিনেমাবোৰ, গানবোৰ ইমান ভাল লাগে । সকলোতকৈ ভাল লাগে গুৰুদত্তৰ চকুযোৰ । কৰুণাময়ী, মমতাময়ী চকু । উস ! দীঘল চিঠিখন পঢ়ি – পঢ়ি শেষ নহয়হে নহয় তাৰ । সদায় তই বুলি সম্বোধন কৰা সুগন্ধাই চিঠিত তাক তুমি বুলি সম্বোধন কৰা দেখি তাৰ অলপ লাজ লাজ লাগিব ধৰে । পাগলী ছোৱালী ! ইমান গুৰুদত্ত গুৰুদত্ত কৰি থাকিলে গুৰুদত্তৰ লগতে বিয়া দি দিম তোমাক ।

সুগন্ধাৰ ঠেহ লাগে । তাইৰ ইমানবোৰ শব্দৰ বিপৰীতে দুটি মাথোন বাক্য সি লেখি পঠিয়ায় । তাৰ বাৰু ঈৰ্ষা নোপজেনে এনেকৈ তাই কাৰোবাৰ কথা ক’লে ! এই প্রথম তাই গহীন হয় নিজৰ ওচৰত । তাইৰ পৃথিৱীত তাৰ অহা – যোৱাই কৰবাত এখন সেউজীয়া দেশ সাজিছে এই অনুভৱে ক্রমান্বয়ে যে তাইক গিলি নিব ধৰিছে ।

…………………………………………….

এই অহা – যোৱা শব্দটোৱে অনুভূতিৰ জগতখনক তোলপাৰ কৰি কিমান যে দুৱাৰ মুকলি কৰে । স্মৃতিৰ দুৱাৰ খুলি সুগন্ধা আগবাঢ়ে বহুত বছৰৰ আগলৈ ।

…………………………… ” আজি বহুতদিনেই হ’ল কোঠাটোতে বন্দী হৈ আছো । নিজান – নিস্তব্ধ এই পৰিৱেশত মাত শুনিছো কেৱল চৰাইবিলাকৰ । কোঠাটোৰ এখনেই খিৰিকী বাহিৰলৈ চোৱাৰ । বাহিৰত ফুলি থকা সোণাৰুজোপাই হালধীয়া পোহৰ আনি সিঁচি দিছে মোৰ আন্ধাৰ কোঠালীত । নীলা ৰঙৰ কোঠাটো হালধীয়া পোহৰে পোহৰাই তুলিছে । কোঠাটোৰ লগতে বাহিৰৰ পৃথিৱীখনো সলনি হৈ আহিছে লাহে – লাহে । যদি স্হিৰ হৈ ৰৈ গৈছে সেয়া সোণাৰুৰ হালধীয়াত বান্ধ খাই থকা সেই সময় !

হাৰ্টৰ জটিল অপাৰেছনটো হৈ যোৱাৰ পিছত যেতিয়া ঘৰলৈ ঘূৰি আহিছিলো প্রতিদিনেই আহিছিল গুৰুদত্ত । একো নোকোৱাকৈ মোৰ সৰু বহীখনত কিবাকিবি লিখিছিল সদায় । কৱিতাৰ শাৰী কিছুমান অথবা আঁকবাঁকেৰে ভৰাই তুলিছিল বহীখনৰ কিছু পৃষ্ঠা । কিবাকিবি উল্টা – পুল্টা কথাৰে ভৰি উঠিছিল সময় । মই ৰ’ লাগি চাইছিলো সেই সময়ক ।

মৃত্যুৰ লগত যুজিছিলো বাৰে – বাৰে আৰু মৃত্যুভয় অতিক্রম কৰিছিলো । এনে লাগিছিল জীৱনটো যেন অকণমানি কেঁচুৱা । মই ছায়া নিদিলে জীৱনটোক বাৰু কোনে চম্ভালে ! কেনে যে মায়া ই মমতাৰ !

এৰা, মমতাই । খুব অদ্ভূতভাৱে গঢ়ি উঠে যি …….. বাধা দিব নোৱাৰাকৈ ।

গুৰুদত্তৰ ভাল বান্ধৱী শেৱালীয়ে কৈছিল —– অপাৰেচনটো সঠিক সময়ত হৈ ভালেই হ’ল । এতিয়াহে তুমি আৰাম পাবা । নহ’লে যে আমাৰ চিন্তাই লাগিছিল । হঠাৎ কিবা এটা হোৱা হ’লে বহুত প্রবলেম হ’লহেঁতেন । অহামাহৰ পৰা তাৰ ফাইনেল এক্সাম …… । মই তাক বুজাওঁ তোমাৰ বেমাৰৰ লগত লাগি থাকিলে সি এক্সামত ফেইল মৰাটো খাটাং …. । তাক অলপ তোমাৰ পৰা আতৰায়ে ৰাখিবা , বুজিছা ?

মূৰ তুলি চাই মাথো দেখিছিলো মাস্কাৰা, আইশ্বেদৰ তলত লুকাই পৰিছে এযুৰি চকু । খুব সহজ সেই চাৱনিৰ উষ্ণতা । মোৰ চিনাকী । সেইদিনা এডাল নেদেখা লক্ষ্মণৰেখাৰ মাজত মই ৰৈ গৈছিলো । ক’ত আছিলো মই ইমানদিনে ? মায়াৱী সময়ে যেন মূৰ তুলি হাঁহিছিল ।

সময়বোৰ বাগৰিছিল অথবা ৰৈ গৈছিল । ………

আৰু এদিন বহুদিনৰ মূৰত মিচিকি হাঁহি এটিয়ে মোৰ চকুত লুকাভাকু খেলিছিল । ” মৌনতাত বিয়পি ৰৈছে এই মুহূ্ৰ্ত ! অলপ কথাৰে সজাওঁ আহা । ” লক্ষ্মণৰেখাৰ সিপাৰৰ পৰা কোনোবাই মোৰ কাণত ফুচফুচাই কৈছিল । সুদীৰ্ঘ দুবছৰৰ মৌনতাক মই সোণাৰুৰ হালধীয়াৰে ভাঙিছিলো ।

: কি ক’ম ! কি কথা ?

: কি ফুল ভালপোৱা ?

: সোণাৰু

: কি ৰং ভাল লাগে তোমাৰ ?

: হালধীয়া

: ইমান হালধীয়া কিয় ভালপোৱা

: নাজানো ….

মোৰ কোঠাৰ সন্মুখৰ সোণাৰুজোপালৈ এক অদ্ভূত ভালপোৱা গঢ় লৈ উঠিছিল । সেই উজ্জ্বল হালধীয়াই মন – প্রাণ হৰি নিছিল মোৰ । দিনে – ৰাতিয়ে মোৰ পঢ়াটেবুলৰ খিৰিকী খুলি থৈছিলো । কিয় ইমান হালধীয়া প্রীতি আছিল আজিও সঠিককৈ নাজানো । মাথো জানো মোৰ কথাকেইটা সামৰি – সুতৰি মৰমেৰে ৰাখি থৈছিল প্রশ্নকৰ্তাই আৰু এদিন মোৰ চকুৰ সন্মুখত মেলি ধৰিছিল এটি জলাশয় আৰু পাৰত শাৰী – শাৰী সোণাৰুৰে এখন হালধীয়াময় ছৱি । সেই ভাললগাক বুজাবলৈ তেতিয়াও কোনো শব্দ নাছিল আৰু আজিও শব্দৰেই অভাৱ । গুৰুদত্তৰ আঙুলিকেইটাত ৰং বিলাক লাগি আছিল । …… চঞ্চল ল’ৰাটো তেতিয়ালৈ কিছু গহীন – গম্ভীৰ হ’ব ধৰিছিল ।

মন্ত্রমুগ্ধ হৈ সেই ছবিখনলৈ চাওঁতে কিমান দিন যে বাগৰিছিল । দিন নে মাহ ! মাহ নে বছৰ ! হিচাপ কৰিছিলোনে ?? কোনোবা সপোনতে দেখিছিলো সেই জলাশয়ৰ বুকুৰ পৰা উঠি আহিছিল মোৰ ঈশ্বৰপুত্র ।

ঈশ্বৰপুত্র ! ইশ্বৰপুত্র …… মোৰ গুণগুণনিটো এটি সুৰ হৈছিল আৰু সুৰটো উৰি গৈ ঈশ্বৰপুত্রৰ বাঁহীটোত লাগি ধৰিছিল ।

দিন নে মাহ ! মাহ নে বছৰ ! মই সপোনতে উঠি গৈ সেই জলাশয়ৰ পাৰত ৰৈছিলোগৈ ।

সময়বোৰ বাগৰিছিল অথবা ৰৈ গৈছিল তেনেকৈয়ে । জীৱন – যাত্রাৰ অনেক সহযাত্রী । অনেক মুখ , অনেক কথা , আশা আৰু স্নেহৰ বতৰা । কাৰোৱাৰ সৈতে ভগাইছিলো মৌনতা , কাৰোৱাৰ সৈতে কথকতা । প্রাণগংগাৰ অজস্র ঢৌবোৰে বুকুত লিখিছিল অনেক নাম , অনেক কাহিনী । ”

………………….. সুগন্ধাই বহীখন জপাই থয় আৰু লাহে – লাহে স্মৃতিৰ দুৱাৰবোৰ বন্ধ কৰিব ধৰে যাৰ মাজেদি আগবাঢ়ি তাই বহু বছৰৰ আগৰ দিনবোৰত বিচৰণ কৰি ফুৰিছিল ।

……………………………………….

কিমান বছৰ বাগৰিছিল হিচাপ কৰাৰ কথা যে নাছিল । স্কুলত সোমোৱাৰ পিছৰে পৰা সৰু – সৰু ল’ৰা – ছোৱালীবিলাকে সুগন্ধাক আৱৰি ৰাখিছিল । সিঁহতৰ তিৰবিৰ চকুবোৰে , হাঁহি – ধেমালিবোৰে কেনেকৈ যে জীৱনটোক ইমান উশাহ দিছিল । আকাশৰ নীলাবোৰে , পৃথিৱীৰ সেউজীয়াবোৰে কেনেকৈ যে তাইলৈকে ৰ’ লাগি চাইছিল । সুগন্ধা জী উঠিছিল লাহে – লাহে ।

আৰু তেতিয়ালৈ কিমান ঘটনাই যে ৰূপ সলাইছিল সুগন্ধাৰ অজানিতে । সৰু ল’ৰাটো এদিন ডাক্টৰ হৈ ওলাইছিল । মানুহৰ সেৱাতে জীৱন দিয়া ল’ৰাটোৱে কৱিতা লিখিছিল , ছবি আঁকিছিল । সহযাত্রী হৈ আগবঢ়া শেৱালীৰ বাবে জীৱনটো কবিতা আৰু ছবিতে ৰৈ যোৱা নাছিল । অতিমাত্রা বস্তুবাদী শেৱালীয়ে নিজহাতে ভাঙি পেলাইছিল সংসাৰৰ এনাজৰী । আৰু এদিন দুয়োৰে বিবাহ – বিচ্ছেদ হৈ গৈছিল ।

তাৰপিছত ! তাৰপিছত !

হাঁহিমুখীয়া ল’ৰাটো এটা মৃতদেহত পৰিণত হৈছিল । আৰু এই মৃত ল’ৰাটোক সুগন্ধাই লগ পাইছিল আচম্বিতে জীৱনৰ অন্য এক কেঁকুৰিত ।

এটি মাথোন জীৱনে বাৰে – বাৰে ৰূপ সলাইছিল ।

জোনাকত সেমেকি থকা তাৰ চকুযোৰে কেনেকৈ সুখী হোৱাৰ অভিনয় কৰে ! তাইৰ কলিজা মোচৰ খায় । জোনাকত জিলিকি উঠা জোনটোক যেন আঁচলৰ ছাঁয়াতে বান্ধিব সুগন্ধাই । শিশুৰ দৰে সৰল মুখখনত আঁকি দিব চেনেহৰ চুমা । জঠৰ হোৱা সময়ক পুনৰ সেউজীয়া কৰি তুলিব বন্ধুত্বৰ সুবাসেৰে । সুগন্ধা সাৰে থাকে । এডাল লক্ষ্মণৰেখাৰ সিপাৰে তাই ৰৈ থাকে ।

ৰৈ থকা অথবা গৈ থকা , জী উঠা অথবা মৰি থকা কেনেকৈ যে আমি জীৱনটোক প্রদক্ষিণ কৰি থাকো !

………………………………………

ছবি আৰু কবিতা । কবিতা আৰু ছবি । এই দুয়োটাই দুয়োজনকে ছাঁয়া দিছিল । আৰু বহুযুগৰ পিছত এযুৰি মৃতচকুৰ মাজত সুগন্ধাই আন এযুৰি চকুৰ ছাঁয়া দেখিছিল । কৰুণাময়ী …… মমতাময়ী ছাঁয়া । কিমান দিনৰ মূৰত যে তাই তালৈ মূৰ তুলি চাইছিল । হস্পিটেলৰ বিছনাত শুই সুগন্ধাই আন এটা অপাৰেচন আৰম্ভ হোৱাৰ সময়লৈ অপেক্ষা কৰিছিল । এটি জোনাকী তাইৰ কাষে – কাষে উৰি আছিল । তাইৰ কাষত বহি সেইদিনা সি পুৰণি হালধীয়া বৰণ লোৱা বহীখনৰ এখিলা নিলিখা পাতত লিখিছিল ……………

তুমি ওপজাৰ দিনা

নীলাকৈ এচপৰা মেঘ মোৰ হাততে পৰিছিল

উশাহৰ অকণমান শব্দবোৰে যেন ৰ’দৰ দুৱাৰ এখনি মেলিছিল ।

কোনোবা সপোনতে শুই থকা আইজনী মোৰ

……………………….

দূৰৈৰ আকাশৰ কৰবাত যদি মই হেৰাই যাঁও

তোমাৰ আঙুলিবোৰেৰেই মোক ধৰি ৰাখিবা …… ।

কত’কাল পাৰ হৈ সিদিনাৰ সেই সন্ধিয়া । চকুৰ পানীৰে কবৰ দিয়া জীৱনৰ মহাসত্য প্রাণ পাই জী উঠিছিল । জী উঠিছিল বিষণ্ণ গধূলি প্রহৰ । উশাহত কঁপি উঠা চাৱনি ! চাৱনিত জী উঠা সময় ! প্রাণৰ স্পন্দনক জানো ভাষাৰে প্রকাশ কৰিব পাৰি ? সেই পাখিলগা সময় , সেই ৰৈ যোৱা সময় , সেই নিস্তব্ধ সময় , সেই বৈ পৰা চকুলো য’ত হাজাৰ বাৰ মৰি বাৰে – বাৰে জী উঠা যায় ——— সেই মুহূ্ৰ্তৰ সাক্ষী হ’ল প্রেম আৰু প্রাৰ্থনাৰ গুণগুণ নিৰ্গুণ শব্দবোৰ ….. ।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments