সুদামা – হিৰন্ময়ী গগৈ কোঁৱৰ

তাৰ নাম ধৰি মাকে কেইবাবাৰো মাতি আছিল! মাজে মাজে সৰুমইনাৰ কলকলনিবোৰো তাৰ কাণত পৰিছিল৷ সি মুখেৰে মতা নাছিল যদিও কাপোৰকেইটা পিন্ধি-পিন্ধি সেইফালেই কাণ উনাই আছিল৷ এই মনে মনে থকা স্বভাৱটোৰ বাবে সি প্ৰায়েই মাকৰ ধমক খায়৷
লৰালৰিকৈ চুলিখিনি আঁচুৰি সি দৌৰ মাৰি অহাদি ওলাই আহিল৷ মাকে ভাত বাঢ়ি থৈয়ে ওলাই গৈছিল চাগে’৷ ভাতখিনিৰ পৰা ধোঁৱা ওলাই আছিল৷ কাঁহীখনৰ কাষতে এবাটি শাকৰ জোল৷ দুয়োটাৰে গোন্ধ একেলগে নাকত লাগিলতে তাৰ জিভাখন চপচপীয়া হৈ পৰিল৷
সেইখিনি আদা-নহৰুৰে তেল মৰা মচুৰ দাইল দিয়া শাকৰ জোল৷ চিনাকি গোন্ধ৷ সি ভাল পায় কাৰণে মাকে প্ৰায়েই ৰান্ধে৷ সিহঁতৰ বাৰীত শাক ঢেৰ, মাকৰ লগত কেতিয়াবা সিও বুটলে৷ সেইদিনা মাকে তাক শনিবৰীয়া বজাৰৰ পৰা মৰাণ আদা দুডোখৰমান লৈ আহিবলৈ কৈছিল৷ স্কুলৰ পৰা আহোঁতে বজাৰখন বাটতে পৰে৷ মৰাণ আদা দিয়া মাছৰ জোলকণ মাকে ইমান সোৱাদকৈ ৰান্ধে যে সি শলাগি তত নেপায়৷
“তই বৰ জুতি বুধি জান” বুলি মাকে সন্তোষৰ হাঁহি মাৰে৷ তেনেকুৱা শাকৰ জোল তাৰ সদায় খাবলৈ মন যায়৷ সেইকণ জোল পালে সি ভাত খুজি খুজি খায়৷ ভাত এহেতা তাৰ কাঁহীখনতে দি মাকেহে ডবিয়াই উঠে গা গধূৰ হ’ব বুলি!
কেতিয়াবা তাৰ লগত একো নিদিয়াকৈ মচুৰ দাইল খাবলৈয়ো মন যায়৷ মাকে মাজে মাজে তেনেকৈয়ো ৰান্ধে৷ সি নেমু অকণ চেপি লয়৷ লগত আলু এটা ভাজি দিয়ে৷ মচুৰ দাইলৰ বৰ দাম বুলি সি জানে৷ আজিকালি বজাৰ কৰিবলৈ সিয়েই যায়৷ কালি মন্দিৰা বাইদেৱে দাইল, মাছ, মাংস, কণী এইবিলাকৰপৰা প্ৰটিন আৰু শাক-পাচলিৰ পৰা ভিটামিন পায় বুলি কৈছিল৷ তেহে বোলে শৰীৰটোৱে বল পায়৷ আজিকালি সেইকাৰণে সি শাক-পাচলিবোৰ খাবলৈ চেষ্টা কৰে৷ গধূলি ক’লীগৰুজনী টানিবলৈকে তাক ভালেখিনি বল লাগে৷ কেতিয়াবা বৰ আজলমঠালিখন কৰে তাই৷ মাকে তাক গাখীৰ খীৰাবলৈয়ো শিকাব বুলি কৈছে৷ এইজনী বোলে বৰ লক্ষী গাই৷ বাপেকৰ আহি পাওঁতে প্ৰায়ে গধূলি হয় আৰু সোণমইনাক লৈ মাকৰ বৰ অসুবিধা হয়৷ খোৱাবস্তুৰ ভিতৰত তিঁতা কেৰেলাটোহে সি খাব পৰাগৈ নাই৷ ইমান তিতা লাগি থাকে মুখখন! ভাবিলেই মুখখন কেনেবা হৈ যায় তাৰ! ইমান তিঁতাটোৰ পৰা কিনো ভিটামিন পায়! নেখালেনো কি হয়! ভাবে সি৷ সদায় মাছৰ জোল খোৱাৰ কথাহে চিন্তা কৰে সি৷
প্লাষ্টিকৰ জাৰটোৰ পৰা গিলাচটোত পানী অলপ লৈ সি পাছফালৰ চালিখনৰ পানীপোটাতে হাতখন ধুলে৷ অকণমান পানী তাৰ নীলা পেণ্টটোতো ছিটিকি পৰিল৷ পানী ঢলা শব্দ শুনি মাকে পাছফালৰ ডাঁৰডালত কাপোৰ মেলি থকাৰ পৰা মূৰ তুলি তাৰ ফালে ঘোপাকৈ চালে৷
“অকণমান আঁতৰলৈ যাব নোৱাৰ নে কি? পিচল কৰি পেলালি দুৱাৰমুখখন৷ সৰুমইনা পৰিবগৈ এতিয়া!”
তাৰ বেয়া লাগিল৷ সৰুমইনাই চোতালতে থুপুক-থাপাককৈ ইফাল সিফাল কৰি আছিল৷ এনেয়ো সি পৰিয়েই থাকে৷ মাটিত বহি টিকাটো তেনেই লেতেৰা কৰি পেলালে৷ ভায়েকক তাৰ একোলা দাঙি লবলৈ মন গ’ল৷ বৰ মৰম লগা লোদোৰ-পোদোৰটো হৈছে৷ সিয়ো ককায়েকৰ কোঁচত উঠিবলৈ পালে ভাল পায়৷
কিন্তু সি ততাতৈয়াকৈ সোমাইহে আহিল৷ শাকৰ জোলকণৰ গোন্ধে তাক অধৈৰ্য্য কৰি তুলিছিল৷ তাতে স্কুললৈ দেৰি হোৱাৰ ভয়৷ এইখিনি খোজকাঢ়ি যাওঁতে তাৰ বিশমিনিটমান লাগে৷ অহাবছৰ তাক চাইকেল এখন কিনি দিয়াৰ কথা আছে৷ সময়তকৈ আগতেই গৈ নাপালেগৈ তাৰ লাজ লাগে৷ সি অন্য ল’ৰাৰ দৰে নহয়, সি শ্ৰেণীত সদায় প্ৰথম হোৱা ল’ৰা৷ সেইবাবে ছাৰ-বাইদেউসকলে তাক বৰ মৰম কৰে আৰু ভালদৰে পঢ়িবলৈ কয়৷
সি শুনিছে ভালদৰে মেট্ৰিক পাছ কৰিলে বোলে কিছুমান কলেজত ফিজ নিদিয়াকৈয়ে পঢ়িব পাৰি৷ তেতিয়া আৰু মাক-দেউতাকে চিন্তা কৰিব নালাগে৷ ভায়েককো সি পঢ়ুৱাব পাৰিব৷ মন্দিৰা বাইদেৱে পিন্ধাৰ নিচিনা ধুনীয়া মুগাৰ মেখেলা মাকক আনি দিব৷ এইবাৰ সি বৃত্তি পৰীক্ষাও দিব লাগিব৷ সেইবাবে সি পঢ়া-শুনাত সদায় মনোযোগ দিয়ে!

#

“এইখন লোৱা” বনানীয়ে কাগজ এখন তাৰ হাতত গুজি দিলে৷ সি খকমক খাই উঠিল৷ বজাৰৰ লিষ্ট!
“ইমান মাতি আছোঁ অথনিৰে পৰা! কি চিন্তা কৰি আছা? “সোনকালে যোৱা৷ ৰ’দ চোকাকৈ ওলাইছে আৰু শাকবোৰ সৰহকৈ নানিবা৷”
সি মূৰ জোকাৰি শলাগ ল’লে আৰু লিষ্টখন চাৰ্টৰ পকেটত ভৰাই বাহিৰলৈ ওলাই আহিল৷ বাইকখন ষ্টাৰ্ট কৰি সি বজাৰৰ ফালে পোনালে৷ গাড়ী আনিলে পাৰ্কিঙৰ অসুবিধা৷
বজাৰত মানুহৰ ভিৰ আৰম্ভ হৈছিল৷ পুৰণি বজাৰ৷ সিহঁতৰ গাঁৱৰ শনিবৰীয়া বজাৰখনতকৈও বহুত পুৰণি বোলে৷ সি সদায় থোৱা ঠাইখিনিতে বাইকখন ৰখালে৷ আজিকালি এইখিনিলৈকে বজাৰখন বাঢ়ি আহিছে৷ চাৰ্টৰ পকেটৰ পৰা লিষ্টখন উলিয়াই এবাৰ চকু ফুৰাই লৈ সি আগবাঢ়িল৷
বনানীয়ে লিখি দিয়ামতে পাচলিকেইটা লৈ সি মাছৰ বজাৰৰ ফালে গ’ল৷
চিনাকী দোকানীকেইজনে তাক আঁতৰৰ পৰাই চিঞৰি মাতিলে৷ সি এজনৰ ওচৰলৈ আগুৱাই গ’ল৷ বেপাৰীজনে লগে লগে মাছসমূহৰ বিজ্ঞাপন দিবলৈ আৰম্ভ কৰিলে৷ সি তাৰে এটা চাই মেলি কাটি দিবলৈ ক’লে৷ বাকীকেইজনে অন্য গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে৷
বেপাৰীজনৰ হাত তীব্ৰ গতিত চলিল৷ সি একান্তমনে চাই থাকিল৷ তাৰ দেউতাকেও বৰ ধুনীয়াকৈ মাছ বাচিছিল আৰু সি ওচৰতে বহি চাই থাকে৷ বাহঁৰ কাম কৰিবলৈয়ো ব্যৱহাৰ কৰা সেইখন দা তেওঁ চিকচিকিয়া কৰি ৰাখিছিল৷ সিহঁতক চুবলৈকে নিদিছিল তেওঁ৷
বেপাৰীজনে মাছটো কাটি-বাচি পলিথিনৰ মোনাত ভৰাই তাৰ ফালে আগবঢ়াই দিলে৷
“দাদা লওক৷”
“কিমান হ’ল?” পকেটৰ পৰা পাৰ্চটো উলিয়াই সি সুধিলে৷
“চাৰিশ পঞ্চাছ টকা দাদা৷”
এইজন তাৰ চিনাকী বেপাৰী৷ ভাল মাছ দিয়ে আৰু অলপ কমায়ো দিয়ে৷ সেয়ে সি দৰ-দাম নকৰে৷
মাছৰ দামটো দি সি টোপোলাটো লৈ চাৰিওফালে চাই পঠিয়ালে৷ শাক অলপ ল’ব লাগিব৷ বনানীৰ লিষ্টখনত অৱশ্যে ধনীয়াৰ বাহিৰে অন্য শাকৰ উল্লেখ নাই৷ সি পাহৰিলেও পাহৰক বুলি চাগৈ! শাকৰ বেপাৰীকেইবাজনো তাৰ চকুত পৰিল৷ প্ৰায়ভাগেই তাৰ চিনাকিও হৈ গৈছে৷ সি এজনৰ পৰা পালেং এমুঠি আৰু খুতৰা এমুঠি ল’লে৷ ধনিয়া এমুঠিও তেওঁ লগতে ভৰাই দিলে৷ সি আগতেই ধনিয়া দুমুঠিমান লৈছিল যদিও আপত্তি নকৰিলে৷ এইখিনি ধনিয়াৰ গোন্ধটো ভাল৷ আগতে সি শাকেৰেই বজাৰৰ মোনা ভৰাইছিল৷ আজিকালি বনানীয়ে দঢ়াই দঢ়াই কমকৈ নিবলৈ কৈ পঠিয়ায়৷ বেছিকৈ নিলে নষ্ট হয়৷ ফ্ৰিজত বেছিদিন থৈ খাবলৈ ভাল নালাগে৷
বজাৰ কৰি আহে মানে ছোৱালীজনীক নাচৰ ক্লাছলৈ নিবৰে হ’ল ৷ ল’ৰাটো টিভিত কাৰ্টুন চোৱাত ব্যস্ত৷ দুপৰীয়া বনানীয়ে খুতৰা শাকেৰে মাছৰ জোল ৰান্ধিলে৷ ল’ৰা-ছোৱালীকেইটাইও ভাল পায়৷ সিহঁতে শলাগি-শলাগি খালে৷ সঁচাকৈ বৰ সোৱাদ হৈছিল৷ মাকৰ দৰেই বনানীৰ হাতো পাকৈত৷
ভাত খাই উঠি সি এণ্টাচিদৰ বটলটো বিচাৰি হাতে পোৱাকৈ থ’লে৷ শাক খালেই তাৰ এচিডিটি বাঢ়ে৷


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক