সুধাকন্ঠৰ আমেৰিকা যাত্ৰাৰ সেই তিক্ত অভিজ্ঞতা (- ভাস্কৰজ্যোতি দাস)

১৯৪৯ চন । চেপ্টেম্বৰ মাহৰ কোনো এটা দিনত সুধাকন্ঠ দুখলপীয়া উৰাজাহাজ এখনেৰে উৰি আহি ইডল্‌ঊইল্ড এয়াৰপ’ৰ্ট পালেহি (বৰ্তমানৰ নাম জন এফ কেনেডি ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট) ইথিগ্ৰেশ্যন বিভাগৰ আগৰ দীঘলীয়া শাৰীটোত তেওঁ থিয় হৈছে । চৌদিশে এবাৰ চকু ফুৰালে । কিজানিবা কোনোবা আহিছেই তেওঁক নিবলৈ । তেতিয়া চীনদেশক ইউ.এন.অ’. ৰ সদস্যপদ দিয়া-নিদিয়াকলৈ ভাৰত সৰব হৈ আছে । বিষয়টোত শুক্ষ্ম দৃষ্টি দি আছে আমেৰিকাত তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰদূত বিজয়ালক্ষ্মী পন্ডিতে । আচহুৱা তথা আধুনিক চহৰখনৰ গগনচুম্বী অট্টালিকাবোৰ চাই থকাৰ মাজতে এজন দীৰ্ঘদেহী আৰক্ষী বিষয়াই তেওঁক ক’লেহি- হেল্ল’, উই হেভ তু চেক আপ ইয়’ৰ পেপাৰচ এফ্ৰেচ্ । কাম উইথ মি” আৰক্ষী বিষয়াজনৰ প্ৰশ্নত তেওঁ আচৰিত হ’ল । সেই সময়তে ভাৰতীয় দুতাৱাসৰ পৰা কোনো এজন আহিল তেওঁৰ বাবে । দূতাৱাসৰ পৰা অহা ভদ্ৰলোকজনে ক’লে-“তুমি একো চিন্তা নকৰিবা । তুমি ক’ত পঢ়িবা, ক’ত থাকিবা, তোমাৰ আৱশ্যকীয় টকা-পইছা ইত্যাদিসমূহৰ ব্যৱস্থা হৈ গৈছে । পুলিচ বিভাগে তোমাক দুই চাৰিটা প্ৰশ্ন সুধিব আৰু তাৰ পাচতে তোমাক পুণৰ লগ পাম” মানুহজনৰ শান্তনাখিনিয়ে সুধাকন্ঠৰ বিবোধিত মনক কিছু সাহস দিলে । আৰক্ষী বিষয়াজনে এখন গাড়ীৰে তেওঁক সমুদ্ৰৰ পাৰলৈ লৈ গ’ল আৰু তাৰ পাচত ফেৰীৰ দৰে এখন সৰু জাহাজত তুলি এটা দ্বীপলৈ লৈ গ’ল । এইবোৰ ঘটনাক্ৰমত তেওঁ আচৰিত হোৱাটোও স্বাভাবিক । কাগজপত্ৰ পৰীক্ষা-নিৰীক্ষাৰ কামটোতো এয়াৰপ’ৰ্টতো কৰিব পাৰিলেহেতেন পুলিচ বিভাগে ।

দ্বীপটোত থকা সুউচ্চ প্ৰসাদসদৃশ কাৰাগাৰখনলৈ তেওঁক লৈ যোৱা হ’ল । সমুখত এখন ডাঙৰ ফলকত লিখা আছে “ৱাৰ প্ৰিজনাৰ্চ” আচৰিত হৈ তেওঁ পুলিচ বিষয়াজনক কথাটো কি সুধিলে, কিন্তু উত্তৰ হিচাবে একো নাপালে । মুক্তমণৰ অধিকাৰী উৰণীয়া মৌক এটা কোঠাত বন্দী কৰি ৰখা হ’ল । কোঠাটোত তেওঁ আন দুজন ডেকা ল’ৰাক দেখা পালে আৰু পৰিচয়ৰ বেলাত গম পালে যে এজনৰ নাম মিচ-বাহ-আৰ্লিচ । ইৰাকৰ ল’ৰা । আনজন কেনেডিয়ান যুৱক জেক । ইৰাকৰ যুৱকজনক তেওঁক কিয় কাৰাগাৰলৈ অনা হৈছে সোধাত তেওঁ উত্তৰ দিলে –“মোৰ দেউতা ইৰাকৰ ফৰেইন চাৰ্ভিচৰ অফিচাৰ । অলপ পলিটিকেল বেকগ্ৰাউন্ড আছে । হয়টো নেশ্যনেল চিকিউৰিটিৰ স্বাৰ্থতে মোক ইয়ালৈ লৈ আহিছে” কানাডিয়ান যুৱকজনৰো যে পলিটিকেল বেকগ্ৰাউন্ড আছে সেয়া আলোচনাকালত তেওঁ গম পালে । সুধাকন্ঠক সোধাৰ পৰত তেওঁ উত্তৰ দিলে যে তেওঁৰ কাগজ-পত্ৰৰ পুণৰ নিৰীক্ষণৰ বাবেই তেওঁক লৈ অহা হৈছে । এই উত্তৰটো শুনি দুয়োজন আচৰিত হ’ল । ইমান সৰু কথা এটাত কাৰাগাৰলৈ অনা হ’ব জানো ? হ’লেও তেওঁলোকে সুধাকন্ঠৰ সাহস বঢ়াবলৈয়ে ক’লে – হয়টো তোমাৰ হেলথ ৰিপ’ৰ্টত কিবা সমস্যা আছে । আজিকালি এচিয়াৰ পৰা কলেৰা, য়েল্ল’ ফিভাৰ ইত্যাদিসমূহ যাতে আহিব নোৱাৰে তাৰ বাবে হয়টো সাৱধানমুলক ব্যৱস্থা লৈছে আমেৰিকাৰ প্ৰশাসনে ।

কাৰাগাৰত সদায় ৰাতিপুৱা টেবুল টেনিচ খেলিবলৈ দিয়ে আৰু পৰৱৰ্তী সময়বোৰত নিৰ্দিষ্ট কোঠাটোতে আকৌ সোমোৱাই ৰাখে । কথা-কান্ডবোৰে সুধাকন্ঠক ক্ৰমাৎ বিবুধিত কৰি গৈ আছে । তাতে লগৰ যি দুটা আছে সেই দুটাৰে এটাৰ তিনিদিন আৰু আনটোৰ প্ৰায় সাতদিনমানেই পাৰ হৈছে কাৰাগাৰত । আৰু কেইটামান দিনৰ পাচতে বিশ্ববিদ্যালয়ত নামভৰ্তিৰো অন্তিম দিন । মনতে হাজাৰটামান প্ৰশ্ন লৈ যথেষ্ট উদ্বিগ্নতাৰ মাজতে ছয়টাকৈ দিন পাৰ হ’ল । ডাইনিং টেবুলত বহুকেইজনৰ লগত চিনাকী হ’ল । তাৰে মাজৰ এজনে ক’লে- “মই পল ৰবচনৰ দলত যোগ দিয়াৰ বাবে মোক আটক কৰি থৈছে” তেতিয়ালৈ সুধাকন্ঠই নিজকে প্ৰশ্ন কৰিলে-“মোৰ অপৰাধনো কি যে মোক আজি এসপ্তাহে ইয়াত বন্দী কৰি ৰাখিছে? তাতে পুলিচ কতৃপক্ষক কিবা সুধিলেও কোনো উত্তৰ পোৱা নাযায়”

সেইদিনাই এটা ঘটনা ঘটিল । কেনেডিয়ান যুৱক জেকে ৰাতি খিৰিকীৰ লোহাত নিজৰ মুৰটো মাৰিবলৈ ধৰিলে । হয়টো সি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে । বহু বুজনিৰ অন্তত সি স্বাভাৱিক অৱস্থালৈ ওভটিল । কিন্তু, পিচদিনা ৰাতিপুৱা ডাইনিং হললৈ যোৱা কৰিড’ৰটোৰ পৰা জাঁপ এটা মাৰি সি সমুদ্ৰৰ ফালে দৌৰিল । তাৰ যেন এই বন্ধ কোঠালিত জীৱণৰ সকলো ক্ৰমাৎ শেষ হৈ পৰিছিল । আত্মহত্যাৰ কথা মানুহে তেতিয়াহে চিন্তা কৰিব পাৰে যেতিয়া তেওঁৰ মন-মগজু তেওঁৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নাথাকে । পিচে সেইদিনা অঘটনটো ঘটিবলৈ নাপালে । কেইজনমান পুলিচ জেকৰ পিছে পিছে দৌৰিল আৰু তাক ওভটাই লৈ আহিল নিৰ্দিষ্ট কোঠাটোলৈ ।

বন্ধ কোঠালিটোত বন্দী উৰণীয়া মৌ । এম্বেচিৰ পৰাও কোনো খা-খবৰ অহা নাই । তেওঁ খিৰিকিৰে বাহিৰখন চালে এবাৰ । দুৰত ষ্টেচ্যু অৱ লিবাৰ্টি জিলিকি আছে । অজনা কাৰণত বন্দী । অশান্ত মন । তাতে বিশ্ববিদ্যালয়ত যোগদানৰ শেষ তাৰিখ চমু চাপি আহিয়েই আছে । পুলিচৰ ব্যবহাৰো সাধাৰণ । কি হৈছে তাকে গুনাগঁথা কৰি থাকোতেই সময়ে সপ্তমদিনৰ পুৱাত ভৰি থলেহি । সপ্তম দিনৰ আগবেলা এজন দীৰ্ঘকায়ী পুলিচে তেওঁক এজন বিচাৰকৰ ওচৰলৈ লৈ গ’ল ।

বিচাৰকে প্ৰাৰম্ভিক দুই-চাৰিটা কথা সোধাৰ পাচতে প্ৰশ্ন কৰিলে-“বিমান বন্দৰত পুলিচে কি সুধিছিল ? তুমি ‘টেম্পল অৱ ফ্ৰিডম্’ নামৰ এখন কিতাপ লিখিছা । কথাটো সঁচা নেকি ? অলপ বহলাই কোৱাছোন”
উত্তৰত ভূপেনদাই ক’লে-“পুলিচে মোক মোৰ নথিপত্ৰৰ পুণৰীক্ষণৰ কথা আছে বুলি সুধিছিল । দ্বিতীয়তে, মই আজিলৈকে কোনো ইংৰাজী কিতাপ লিখা নাই । কেৱল গানহে লিখিছো দুই চাৰিটা তাকো মোৰ মাতৃভাষা অসমীয়াত । বিষ্নু প্ৰসাদ ৰাভাৰ সৈতে অসমীয়াতে “মুক্তি দেউল” নামৰ এখন কিতাপ লিখিছিলো । তাতে মোৰ দুটা গীত আছিল । ৰাভা দা মোৰ গানৰ গুৰু । তেওঁৰ দেশপ্ৰেমৰ প্ৰতি সহযোগিতা আগবঢ়াই মই “অগ্নিযুগৰ ফিৰিঙতি মই” আৰু “সৰ্বহাৰাৰ সৰ্বস্ব মই ঘুৰাই আনিম” এই গীতদুটা লিখিছিলো । গীতৰ বিষয়বস্তু দেশভক্তিমুলক, কমিউনিষ্ট ভাৱসম্পন্ন আৰু বৃটিচ সাম্ৰাজ্যবাদৰ পৰিপন্থী”
তাৰমানে তুমি সেই কমিউনিষ্ট দলৰে সদস্য ?- পুণৰাই প্ৰশ্ন কৰিলে বিচাৰক জৰ্জে । উত্তৰত ভুপেনদাই নহয় বুলি কোৱাৰ লগতে প্ৰায় খঙেৰেই উত্তৰ দিলে- “তোমালোকে কি ৰিপৰ্ট চাই মোক এই দেশলৈ অহাৰ অনুমতি দিছা ?
পুলিচ বিষয়াজনে মাজতে ক’লে- তুমি খঙ নকৰিবা । আজিয়েই তুমি বিশ্ববিদ্যালয়লৈ যাব পাৰিবা । কেৱল আন দুই তিনিটামান প্ৰশ্নৰ উত্তৰ দিয়া ।
নতুন প্ৰশ্ন এটা আহিল এইবাৰ বিচাৰকৰ পৰা -“তুমি দেশৰ দৰিদ্ৰক লৈ গান লিখিছা । তুমি কিদৰে দেশৰ দৰিদ্ৰতা দুৰ কৰিবা ? উত্তৰত ভুপেনদাই ক’লে যে তেওঁ এজন ২৩ বছৰীয়া ছাত্ৰ । সেয়ে এইবোৰ চিন্তা কৰা বা পৰৱৰ্তী পদক্ষেপৰ বিষয়ে ভবাৰ সময় তেওঁৰ বাবে অহা নাই ।
এনেদৰে কিছুপৰ যোৱাৰ পাচত নাটকখনৰ যৱনিকা পৰিল । পুলিচ বিষয়াজনে তেওঁক ওভটাই লৈ গ’ল কাৰাগাৰখনলৈ বুলি । লগতে কৈ গ’ল-ডিচ ইজ অফিচিয়েল এমেৰিকা, প্লিজ ড’ন্ট মাইন্ড । কাৰাগাৰত সুধাকন্ঠই শুনিলে যে কিছুক্ষণৰ পূৰ্বে বিজয়ালক্ষ্মী পন্ডিতে এজন ভাৰতীয় ল’ৰাক অকাৰণতে বন্দী কৰি ৰখাৰ সন্ডৰ্ভত কতৃপক্ষৰ লগত যোগাযোগ কৰি অভিযোগ দাখিল কৰিছে ।

এইদৰে এসপ্তাহ মানসিক অন্তদ্বন্ডত ভুগি সুধাকন্ঠই ভৰি থলে নিউয়ৰ্কৰ ইন্টাৰনেশ্যনেল হাউচত । এটা সপ্তাহত তেওঁ তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰতি আমেৰিকাৰ সন্দেহবাদী মনোভাৱ ভালদৰে বুজি উঠিল । তেওঁক উক্ত আৱাসৰ যিটো মহলাত ৰখাৰ ব্যৱস্থা কৰা হৈছিল সেই মহলাত এটা কমন বাথৰূম আছিল । তাতে গামোচা, টাৱেলজাতীয় বস্ত্ৰ পৰিহিত এজন দেখি তেওঁ ভাৰতীয় মুলৰ হ’ব পাৰে বুলি ভাবি চিনা-পৰিচয়ৰ বাবে আগবাঢ়িল যদিও সিজনে কোনো সঁহাৰি নজনাই তাৰপৰা আঁতৰি গ’ল । মানুহৰ এইবোৰ আচৰণত তেওঁ আচৰিত হোৱাটোও স্বাভাৱিক । যিখন পৃথিৱীত তেওঁ মৌলিকতাৰ সন্ধানতে ব্যস্ত সেইখন পৃথিবীৰে এখন অজানা দেশত নিজৰ মানুহখিনিৰে ইমান কৃত্ৰিম আচৰণ ! সেইদিনা পিচবেলা যেনিবা এজনে আহি সুধাকন্ঠৰ সৈতে চিনাকি হ’লহি । পৰিচয়পৰ্বত নিজৰ পৰিচয় দিলে ঠিক এনেধৰণেৰে-“আই এম পল এগ, বেচিকেলি ফ্ৰম ৰাজস্থান প্ৰভিন্স অৱ ইন্ডিয়া” নামটোৰ লগত চেহেৰাৰ কোনো মিল নাই । পাচতহে গম পালে যে পল এগৰ আচল নাম হ’ল ধৰমপাল আগৰৱাল । কোনো আমেৰিকান ছোৱালী বিয়া কৰাইছে আৰু নিজৰ নামটোৰ আগে পিচে থকা বৰ্ণবোৰৰে কিছূ কাটি নিজৰ নামটো আমেৰিকান কৰি লৈছে । লাহে লাহে পিয়ান’ৰ সুৰে সুৰে এজন দুজনকৈ সুধাকন্ঠৰ বন্ধু বাঢ়ি গ’ল আৰু দহদিনমানৰ পাচত ফৰেইন ষ্টুডেন্টচ ইউনিয়নৰ সম্পাদক হিচাবে সকলোৱে সুধাকন্ঠকেই নিৰ্বাচিত কৰিলে । পৰৱৰ্তী সময়ত তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক অমিয় চক্ৰৱৰ্তীক লগ পায় আৰু গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ উপদেশমৰ্মে বিষয় বাচনি কৰে ।

এদিন তেওঁ হঠাতে শুনিলে যে পল ৰবচন বিশ্ববিদ্যালয়লৈ আহিব । উদ্দেশ্য হ’ল এগৰাকী স্বেতবৰ্ণৰ ছোৱালীক বলৎকাৰ কৰাৰ মিচা অভিযোগত ফাঁচীৰ আদেশ পোৱা কৃষ্নাংগ ল’ৰা এজনৰ অধিবক্তাৰ বাবে ধন সংগ্ৰহ আৰু জনমত গঠন । বিশ্ববিদ্যালয়ৰ পৰিৱেশটো উৎসৱমূখৰ হ’লেও কিছু গোমা । কোনো কোনোজন ব্যস্ত হৈ পৰিছে পল ৰবচনৰ দৰে পোচাক চিলোৱাত । কিছুসংখ্যক ব্যস্ত হৈ পৰিছে তেওঁৰ গীতসমূহ মুখস্থ কৰাত । কিন্তু আমেৰিকাৰ চোৰাংচোৱা সকল ব্যস্ত হৈ পৰিছে এই ঘটনাক্ৰমৰ খা-খবৰ ৰখাত । বগা চাল-ক’লা চালৰ মাজত যেন এক অঘোষিত তথা নীৰৱ যুঁজ । সময় তথা সুচী অনুযায়ী অনুষ্ঠানটো পাৰ হ’ল । পল ৰবচনৰ কান্ট্ৰি চংবোৰে সুধাকন্ঠৰ মনত সাঁচ বহুৱাই গ’ল ।

উন্নত দেশ এখনৰ বৰ্ণবাদী তথা সাম্ৰাজ্যবাদী ভাৱধাৰাৰ মাজত উৰণীয়া মৌ একাত্ম হ’ব নোৱাৰিলে । হ’লেও উচ্চশিক্ষাৰ স্বাৰ্থতে এনে পৰিৱেশৰ মাজতে পাৰ হ’ল যাযাবৰ, উৰণীয়া মৌৰ ঠিকনাবিহীন জীৱনৰ কিছূ বছৰ ।

সহায়: সব্যসাচী ড0 ভুপেন হাজৰীকা (লেখক- শ্ৰী বুদ্ধেশ্বৰ দাস)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক