সুধাকন্ঠৰ ঘোঁৰা (অমিতাভ মহন্ত)

ৰাজেনৰ ইন্টাৰভিউটো ভালেই হ’ল ৷ ইন্টাৰভিউ শেষ কৰিয়েই সি ৰে’লৱে ষ্টেচনলৈ বুলি অটো এখনত উঠিল, সোনকালে গৈ পালে ৰে’ল খনত ঘৰলৈ যাব পাৰিব৷ নহ’লে আকৌ ৰাতিটোৰ বাবে হোটেল ল’ব লাগিব৷ ষ্টেচনৰ বাহিৰত নামিয়েই অটোৱালাক ভাৰাটো দি ৰাজেন ভিতৰলৈ লৰ মাৰিলে৷ নাই, তাৰ ভাগ্য বেয়া৷ এক মিনিটমানৰ কাৰণে ৰে’লখন নাপালে৷ তেতিয়াহে তাৰ হুঁচ আহিল, সৰ্বনাশ, বেগটো দেখোন অটোখনত এৰি আহিল৷ অটোখন বিচাৰি ষ্টেচনৰ বাহিৰ চলাথ কৰিলে৷ কিন্তু নাই, অটোৰ টিকনিয়েই দেখিবলৈ পোৱা নগ’ল৷ কাপোৰ-কানি,টকা-সিকা বেছিভাগ বেগতেই আছিল৷ এতিয়া পকেটত মাত্ৰ এশ টকা আছে৷কি কৰিব, কি নকৰিব ভাবি নোপোৱা হ’ল সি৷ হোটেলত থাকিবলৈ টকা নাই, কোনো চিনাকী মানুহো গুৱাহাটীখনত নাই৷ ষ্টেচনত টো চোৰ ডকাইতেই ভৰ্তি৷

 

ইতিমধ্যে ৰাতি হৈ আহিল৷ বাহিৰৰ হোটেল এখনত ভাত কেইটা খাই লৈ সি উদ্দেশ্যবিহীন ভাবে ষ্টেচনৰ ওচৰে পাজৰে ঘূৰি ফুৰিবলৈ ধৰিলে৷ তেনেতে সি এটা ধুনীয়া পুখুৰী দেখিলে, পুখুৰীটোৰ পাৰতে ভূপেনদাৰ এটা প্ৰতিমূৰ্তি৷ ‘ অ, এয়াই তাৰমানে দীঘলী পুখুৰী’, মনতে ভাবিলে সি৷ ৰাতিটো ষ্টেচনৰ চোৰ, ডকাইত কেইটাৰ লগত থকাতকৈ দেখোন ভূপেনদাৰ লগত পৰি থকাই ভাল৷মনলৈ ভাবটো অহাৰ লগে লগে সি ভিতৰলৈ সোমাই আহিল৷ দিনটোৰ সমস্ত ভাগৰে তাক হেঁচা মাৰি ধৰিলে৷ প্ৰতিমূৰ্তিটোৰ তলতে সি শুই পৰিল৷

 

হঠাৎ মাজৰাতি ৰাজেনে তাৰ শৰীৰত এক শীতল স্পৰ্শ অনুভৱ কৰিলে৷ চকু মেলি দেখে যে ভূপেনদা তাৰ কাষত শুই আছে৷ তাকে দেখি ৰাজেনৰ ভয়ত অৱস্থা নাই৷ তাৰ সেই অৱস্থা দেখি ভূপেনদাই মাত দিলে,

 

: বাচা, ভয় নকৰিবা৷ মই তোমাৰ একো অনিষ্ট নকৰো৷ মই ভূপেন হাজৰিকা হে৷ মোক চিনি পোৱা নাই নেকি?

: চিনি কিয় নাপাম ভূপেনদা৷ কিন্তু আপুনি মূৰ্তিটোৰ পৰা বাহিৰলৈ কেনেকৈ আহিল?

: মই সদায়েই ৰাতি এনেকৈ বাহিৰলৈ আহোঁ৷ দিনটো থিয় হৈ থাকি ভৰি দুখন টনটনাই যায় হে৷ তাতে এই গৰমখনত বৰ কষ্ট পাওঁ মই৷ ছাতি এটাও নিদিলা তোমালোকে৷ সেইবাবে ৰাতি অলপ বাহিৰলৈ আহি আৰাম কৰোঁ৷ কেতিয়াবা অলপ ওচৰে পাজৰে ফুৰিবলৈ যাওঁ৷ দূৰলৈ যাবলৈ টান পাওঁ আজিকালি, বয়সো হ’ল নহয়৷

 

অলপ ৰৈ তেওঁ আকৌ আৰম্ভ কৰিলে,

: হেৰা মোক এটা বস্তু লাগিছিল, তুমি যোগাৰ কৰি দিব পাৰিবা নেকি?

: কি কওকচোন৷ আপুনি বিচাৰিছে যেতিয়া নিশ্চয় দিম৷

: মোক ইফাল সিফাল ফুৰিবলৈ বাহন এখন লাগে হে৷ নহ’লে এটা কাম কৰা, পল্টন বজাৰত যে নেতাজীৰ এটা ঘোঁৰা আছে, তেনেকুৱা ঘোঁৰা এটাকে দিয়া৷ নেতাজীয়ে সদায় ঘোঁৰাটোত উঠি ৰাতি ৰাতি ঘূৰি ফুৰে৷ তেওঁক দেখি মোৰো বৰ ফুৰিবলৈ মন যায়৷ পৰহি, মানে স্বাধীনতা দিৱসৰ দিনা তেওঁ আহি ৰাস্তাৰ সিপাৰৰ পৰা মোক ‘ য়ে আজাদী ঝুঠী হ্যায়’ বুলি কৈ গৈছে৷

 

মাজতে ৰাণাক অটোখন ভাল কৰাই ল’বলৈ কলো,ৰাণাই ক’লে পেট্ৰলৰ দাম বোলে বহুত হ’ল৷ নহ’লে আমি দুয়ো ভাই ৰাতি ৰাতি অটোৰিক্সা খন লৈয়েই ওলালোঁহেঁতেন৷ জ্যোতি ককাইদেৱে বহুদিনৰ পৰা ভৰলুমুখলৈ মাতি আছে৷ তেওঁলোক বহুকেইজন একেলগে থাকে নহয়, ভাল আড্ডা বহে বোলে ৰাতি ৰাতি৷ পিছে যাবলৈ সাহসেই হোৱা নাই বুইছা৷

সেইদিনা চান্দমাৰীলৈ গৈছিলোঁ প্ৰতিমাৰ তালৈ৷ আহি ভৰিৰ বিষত দুদিন টোপনি নাই৷ পাৰিবানে বাছা মোক ঘোঁৰা এটা আনি দিবলৈ?

 

ৰাজেনৰ ভূপেনদাৰ কথা শুনি হাঁহিও উঠিল, দুখো লাগিল৷ ভূপেনদাইটো নাজানে তাৰ কি অৱস্থা৷ খেতিৰ মাটি বন্ধকত৷ তথাপি তেওঁৰ মনৰ ইচ্ছা কিবা কৰি পূৰণ কৰিবই লাগিব৷ কি কৰিব পাৰি ভাবি ভাবি ৰাজেন নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল৷

 

ৰাতিপুৱা চৰাই চিৰিকটিৰ মাতত সি সাৰ পালে৷ বহুত ভাবি চিন্তি সি সমষ্টিৰ বিধায়কজনক লগ ধৰি কথাখিনি কোৱাতো থিৰাং কৰিলে৷ ন বজাতে গৈ তেওঁৰ ওচৰ পালে৷ তেওঁ তাৰ গোটেইখিনি কথা শুনি তাক কিলাবলৈহে বাকী৷ এনেকুৱা ফাঁকি দি আজিলৈ কোনেও তেওঁৰ পৰা পইচা খোজা নাই৷ দেহৰক্ষীৰ হতুৱাই তাক বাহিৰ কৰি দিলে৷

 

ৰাজেন কিন্তু নিৰাশ নহ’ল৷ সচিবালয়ৰ বাহিৰত ৰৈ সি অন্য কাৰোবাক পতিয়ন নিয়াবৰ অপেক্ষাত থাকিল৷ হঠাৎ সি একে গাঁৱৰে বাবুলক দেখা পালে৷ বাবুল কোনোবা মন্ত্ৰীৰ ব্যক্তিগত ৰান্ধনী৷ সি বাবুলক গোটেই ঘটনাটো কলে৷ বাবুলে তাৰ কথা শুনি তাক লৈ মন্ত্ৰীৰ ওচৰ পালেগৈ৷ মন্ত্ৰীয়ে গোটেইখিনি শুনি ক’লে,

 

: তই সঁচাই তেওঁক দেখিছতো?

: মা কামাখ্যাৰ শপত চাৰ, বহুত সময় কথাও পাতিছোঁ৷ আপুনি তেওঁক ঘোঁৰাটো দি দিয়ক চাৰ৷ বহুত নাম আৰু পুণ্য হ’ব আপোনাৰ৷

: ঠিক আছে৷ মই ৰাতি দহটা মানত গৈ কাষতে ক’ৰবাত লুকাই থাকিম৷ তেওঁ অহাৰ লগে লগে মই ওলাই গৈ প্ৰথমে এটা জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনাম৷ ফিউজ লাইভ, চি ৱাই সকলো ৰেডী থাকিব৷

তেওঁলোকে মোৰ আৰু ভূপেনদাৰ মিলনৰ কভাৰেজটো কৰাৰ পিছত বাকী কাম হ’ব৷ কেমেৰাৰ আগত তই আকৌ দাঁত নিকটাই নাথাকিবি৷

: হ’ব চাৰ৷

: যা এতিয়া৷ অই বাবুল, ইয়াক ভাত খুৱাই পঠাবি৷

 

ভাত খাই উঠি বাবুলৰ পৰা টকা এহেজাৰ ধাৰলৈ লৈ ৰাজেন মনৰ আনন্দত বিগ বাজাৰ পালে৷ ফিউজ লাইভত ওলাব আজি সি, ক’ম কথানে৷ ভাল চোলা এটা কিনি ল’লে ৰাতি পিন্ধিবলৈ৷

 

ৰাতি যথা সময়ত সি দীঘলী পুখুৰী পালেহি৷ ভূপেনদাৰ প্ৰতিমূৰ্তি তলতে বহি তেওঁলৈ অপেক্ষা কৰিবলৈ ধৰিলে৷ চিলমিল টোপনি ধৰোঁতেই সি শুনিবলৈ পালে সেই যাদুকৰী কন্ঠ,

: ৰাজেন, আহিছা?

 

মাত শুনিয়েই ৰাজেন খপজপকৈ উঠিল,

: হয় ভূপেনদা৷ কেতিয়াবাই আহিলো৷

: ঘোঁৰাৰ কিবা যোগাৰ কৰিলা নেকি ৰাজেন ? জ্যোতি ককাইদেউৰ তালৈ যাবলৈ বৰ মন গৈছে৷

 

ৰাজেনে লাহে লাহে ক’লে,

: ভূপেনদা, আপোনাৰ পৰানো কি লুকুৱাম৷ দৰাচলতে মোৰ আপোনাক ঘোঁৰা কিনি দিয়াৰ সামৰ্থ নায়েই৷ তথাপি আপোনাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই মই আজি দিনটো ঘুৰি আপোনাৰ ঘোঁৰাৰ যোগাৰ কৰিছোঁ৷ কাইলৈৰ পৰা আপুনি হেঁপাহ পলুৱাই ফুৰিব পাৰিব৷

: ভগৱানে তোমাৰ মঙ্গল কৰক ৰাজেন৷ ক’ত মোৰ ঘোঁৰাটো?

 

ৰাজেনৰ ইংগিতত মন্ত্ৰী জোপোহাৰ পৰা ওলাই আহিল৷ পিছে পিছে কেমেৰাৰ সমদল৷ মন্ত্ৰী আহিয়েই ভূপেনদাক জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে৷

 

মন্ত্ৰীক দেখি ভূপেনদাই বিৰক্তিৰে ৰাজেনৰ ফালে চাই ক’লে,

 

: হেৰা ৰাজেন, টকা কম আছিল যদি মোৰ পৰা লৈ যাব লাগিছিল৷ টকা কেইটামান মোৰ পকেটতে আছিল৷ গোটেই গুৱাহাটীখন মোৰ চিনাকী৷ গাধত উঠি ঘুৰি ফুৰিবলৈ মোৰ লাজ লাগিব হে৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক