সুনন্দি মহাজন (অশোক এম. বি. বৰুৱা )

জীৱন আলেখ্য (খণ্ড ১)

দুখৰ কথা যে অসমত আমি অতি কমসংখ্যক উদ্যোগপতিৰ বিষয়ে জানো ৷ তেনেকুৱা এগৰাকী উদ্যোগপতি আছিল নলবাৰীত জন্ম গ্ৰহণ কৰা আৰু মঙলদৈত জীৱন নিৰ্বাহ কৰি ব্যৱসায় গঢ়ি তোলা বিশিষ্ট ব্যৱসায়ী আৰু সৰ্বজন সমাদৃত সুনন্দ ৰাম ডেকা ৷ ১৯১১ চনত জন্ম লাভ কৰি ১৯৯৬ চনত ইহলীলা সম্বৰণ কৰা সুনন্দ ডেকাৰ বিষয়ে মঙ্গলদৈ বণিক সন্থাই ড৹ বিজয় কৃষ্ণ দেৱশৰ্মাৰ সম্পাদনাত বিভিন্নজনৰ দৃষ্টিত কেবাটাও লিখনিৰে এখন জীৱনী গ্ৰন্হ প্ৰকাশ কৰি উলিয়ায় ৷ এই গ্ৰন্থখনৰ কিয়দাংশ অ.ক.ব.ৰ মজিয়াত প্ৰকাশ কৰিলো ৷

১) ফণীন্দ্ৰ নাথ কলিতা-

” সুনন্দ ডেকাক পাঁচ বছৰ বয়সত পিতাকে নলবাৰীৰ বৰনৰ্দ্দী মজলীয়া বিদ্যালয়ত নাম লগাই দিছিল ৷ কিন্তু পিতাকৰ আৰ্থিক অ‌ৱস্থা বেয়া হোৱাৰ বাবে তৃতীয় শ্ৰেণীতে সুনন্দ ডেকাই পঢ়া-শুনা এৰিব লগীয়া হৈছিল ৷ আৰু জীৱিকাৰ সন্ধানত গাঁৱৰেই দুগৰাকী ব্যক্তিৰ লগত টংলা গৈ পাইছিল ৷ তাৰ পৰা দুদিন খোজকাঢ়ি মঙ্গলদৈ গৈ পায় ৷ তাত তেঁও প্ৰথমতে দিন হাজিৰাৰ কাম কৰে ৷ কিন্তু সৰু ল’ৰা বুলি বহুতে কাম দিবলৈ আপত্তি কৰে ৷ নিৰুপায় হৈ গাঁৱৰ মানুহ দুজনে ডেকাক নিজৰ লগত ৰাখি তেওঁলোকৰ ভাত ৰন্ধা কাম কৰিবলৈ দিলে ৷ এইদৰে থকাৰ কিছুদিন পাছত এদিন সুনন্দ ডেকাই জগবন্ধু নামৰ ঠিকাদাৰ এজনৰ ঘৰত কাম কৰিবলৈ লয় ৷ ঠিকাদাৰৰ সহায়তে তেওঁ ইঞ্জিনীয়াৰ এজনৰ ঘৰত থাকে ৷ ইঞ্জিনীয়াৰজনৰ লগত থকাৰ কেইমাহমান পাছত তেওঁ সুনন্দক অফিচলৈ লৈ গ’ল আৰু এখন বহীত চহী কৰিবলৈ দি দুমাহৰ দৰমহা ২২ টকা দিলে ৷ তেতিয়াহে সুনন্দ ডেকাই জানিলে যে তেঁওঁ অফিচত চাকৰি পাইছে ৷ তেঁও আনন্দত অধীৰ হৈ পৰি চাহাবক ধন্যবাদ দিলে ৷ ছয়মাহমান অফিচত কাম কৰাৰ পিছত ইঞ্জিনীয়াৰজন বদলি হোৱাত সুনন্দকো লগত নিব খুজিলে ৷ কিন্তু তেওঁ নগ’ল ৷ কাৰ্য্যালয়ত কাম কৰি উঠি আজৰি সময়খিনি তেওঁ মহেন্দ্ৰ দাস নামৰ মানুহ এজনৰ চাহ মিঠাইৰ দোকানত কাম কৰিছিল ৷ দোকানৰ কাৰীকৰ জন বঙালী লোক আছিল আৰু সেই কাৰীকৰ গৰাকীৰ পৰাই সুনন্দ ডেকাই বিভিন্ন ধৰণৰ মিঠাই বনোৱা কাম শিকি লৈছিল ৷ পিছত তেওঁ বিস্কুট আৰু পাউৰুটি বনোৱা কামো শিকি লৈছিল ৷ ডেকাই সেইসময়ত মাহেকত ১১ টকা দৰমহা পাইছিল ৷ চাৰিবছৰ অফিচত কাম কৰাৰ পিছত মাহেকত তেওঁৰ দৰমহা ১৫ টকা হৈছিলগৈ ৷ কিন্তু সুনন্দ ডেকাই দোকান দিবলৈ ইচ্ছা প্ৰকাশ কৰি চাকৰি ইস্তাফা দিয়ে আৰু মাহেকত পাঁচ টকা ভাড়াত এটা ঘৰ লয় ৷ তেতিয়া ডেকাৰ হাতত মূলধন আছিল মাত্ৰ এটকা ৷ সেয়ে তেওঁ মঙ্গলদৈৰ পৰা টংলালৈ পিছদিনা খোজকাঢ়ি আহি তাৰ পৰা ৰেলগাড়ীত ভাড়া দহ অনা দি নলবাৰী পায়হি ৷ নলবাৰী ষ্টেচনৰ পৰা খোজ কাঢ়ি ৰাতি নিজ গাওঁ বৰনৰ্দ্দী পায়হি ৷ ঘৰ পাই সুনন্দ ডেকাই দেউতাকক সকলো কথা বিবৰি কলে ৷ দোকান দিয়াৰ ইচ্ছা প্ৰকাশ কৰাত পুত্ৰৰ উন্নতিৰ হকে মাকৰ সৈতে আলোচনা কৰি দেউতাকে সাঁচতীয়া ধন বুলি থকা নগদ তিনিকুৰি টকা দিয়ে ৷ সেইখিনি টকা লৈ তেওঁ পুনৰ মঙ্গলদৈ পায় ৷ পিছদিনাখন ঘৰলৈ যোৱাৰ আগেয়ে ঠিক কৰি থোৱা ভাড়াঘৰটোতে চিনা-জনা মানুহৰ দোকানৰ পৰা চেনি, আটা আদি লাগতিয়াল বস্তুবোৰ আনি চাহ মিঠাইৰ দোকান এখন আৰম্ভ কৰিলে ৷ প্ৰথম অৱস্থাত তেওঁ কোনো মানুহ ৰখা নাছিল ৷ সকলো কাম অতি কষ্টেৰে হলেওঁ নিজে কৰিছিল ৷ দোকানৰ অৱস্থা দিনক দিনে ভাল হৈ আহিল ৷ ইয়াৰ পিছতেই বিস্কুট বেকাৰী আৰম্ভ কৰে দুজন কাৰীকৰ ৰাখি ৷ লগতে দুখন গৰুৰ গাড়ী কিনি ধান, চাউলৰ ব্যৱসায় আৰম্ভ কৰে ১৯৩১ ইং চনত ৷ এইদৰে তেখেতৰ ব্যৱসায়ত যোগ হয় – গেলামালৰ দোকান, গাই গৰু পালন, ৰিপোজ চাহ-হোটেল , ৰুটি বিস্কুট তৈয়াৰী বেকাৰী , আটা, ময়দা, চুজিৰ মিল ৷ এইদৰে এদিন দিন হাজিৰা কৰি দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰি জীৱন যুদ্ধ আৰম্ভ কৰা সুনন্দ তেৰ-চৈধ্য বছৰৰ ভিতৰতে হ’লগৈ সুনন্দি মহাজন ৷ এইবোৰ ব্যৱসায়ৰ লগতে ১৯৫৩ চনত সুনন্দ ডেকা তিনিখন ট্ৰাকৰ মালিক হোৱাৰ উপৰিওঁ উন্নীত হয় এগৰাকী প্ৰথম শ্ৰেণীৰ ঠিকাদাৰলৈ ৷

 

২) ড৹ কমলাকান্ত চহৰীয়া –

” অফুৰন্ত কামত ব্যস্ত থকা হেতুকে অনেক সংগঠনৰ লগত যোগসূত্ৰ ৰখাৰ কাৰণে আৰু সামাজিক তৎপৰতাৰে বিভিন্ন উন্নয়নমূলক কামত ব্ৰতী থকাৰ কাৰণে তেখেতক মৃত্যুৰ আগলৈকে একান্তভাৱে লগ পাব পৰাটো অত্যন্ত বিৰল কথা আছিল ৷ ব্যক্তিগতভাৱে তেখেতক মই যেতিয়াই লগ পাইছিলোঁ, বহু লোকেৰে আ‌ৱেষ্টিত এটা পৰিৱেশতহে পাইছিলোঁ ৷ শিক্ষাৰ পৰিৱেশত মোৰ জন্ম আৰু তেনে পৰিৱেশতে ডাঙৰ হৈছোঁ ৷ উচ্চ শিক্ষাৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন স্বনামধন্য অনুষ্ঠান আৰু শিক্ষকৰ তলত শিক্ষা লাভ কৰিছোঁ ৷ ইয়াৰ পৰা দুটা কথা উপলব্ধি কৰিছোঁ – প্ৰথমতে জীৱনত উন্নতি কৰিবলৈ হ’লে এক সুস্পষ্ট ধাৰণাৰ দৰকাৰ ৷ দ্বিতীয়তে সেই ধাৰণাক সম্পূৰ্ণভাৱে প্ৰকাশ, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সুব্যৱস্হা কৰাৰ প্ৰয়োজন আৰু ইয়াৰ বাবে কৰ্মসংস্কৃতিৰ দৰকাৰ ৷ সুনন্দৰাম ডেকা দুয়োটা গুণৰ অধিকাৰী আছিল ৷ প্ৰথম কথা তেখেতে কি কৰিছে বা কি কৰিবলৈ ওলাইছে, সেই সম্পৰ্কে তেখেতৰ সুস্পষ্ট ধাৰণা সদায় আছিল ৷ দ্বিতীয়তে অতি সুন্দৰভাবে তেখেতে নিজৰ পদক্ষেপ সম্পৰ্কে সহজে আগবাঢ়ি যাব পাৰিছিল ৷ তেখেতে কাহানিও ধাৰ কৰা নীতিৰে কাম নকৰিছিল ৷ নিজৰ সংস্কাৰ, ধাৰণা আৰু অভিজ্ঞতা ইমান পূৰঠ আছিল যে কাৰোবাৰ পৰা ধাৰ কৰি অনা বিদ্যাৰে কাম কৰিবৰ প্ৰয়োজনেই নহৈছিল ৷ ”

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Satyen
5 years ago

Khub xundar procesta Xahitya.org r