সুন্দৰ সন্ধানী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (বিদ্যা দাস)

(আলোক মানে পোহৰ। পোহৰ লাগে কাৰণ পোহৰ নাথাকিলে ৰং নেথাকে। বৃহদাৰণ্যক উপনিষদত ‘তমসো মা জ্যোতিগৰ্ময়’ অৰ্থাৎ মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া এই বাণী আছে। জ্যোতিপ্ৰসাদৰ সাহিত্যতো আলোকৰ প্ৰতি আহ্বান আছে। )
বহুমুখী প্ৰতিভাৰ আকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্য, শিল্প সাধনাক কলাৰ বাবে কলা (Art for art’s sake ) এই নিৰ্দিষ্ট সিদ্ধান্তৰ মাজতে আবদ্ধ কৰা নাছিল। তেওঁৰ মতে কলা মানুহৰ বাবে, কলা জীৱনৰ বাবে, কলা সমাজৰ বাবে। সেই কাৰণেই তেওঁৰ দ্বাৰা সৃষ্ট শিল্প, সাহিত্য কলাৰ মাজত সাধাৰণ জনতাৰ আশা-আকাংক্ষা,হা-হুমুনিয়াহ, হতাশ, দুখ-বেদনা প্ৰতিফলিত হৈছে। জীৱনক বাদ দি, সমাজক বাদ দি সাহিত্য কলা সম্ভৱ নহয়।ফ্ৰয়েডে যৌন আবেদনৰ দ্বাৰা মানুহৰ আচৰণ-পাতি
নিৰ্ধাৰিত হয় বুলি কৈছিল। প্লেটোয়ে কৈছিল আদৰ্শ দ্বাৰাই সম্ভৱ। প্লেটোৰ বাবে আদৰ্শৰ মানুহজন হ’ল দাৰ্শনিক।মাৰ্ক্সৰ মতে অৰ্থনীতিয়েহে মানুহৰ আচৰণ নিৰ্ধাৰিত কৰে। জ্যোতিপ্ৰসাদৰ মতে মানুহৰ আচৰণ নিৰ্ধাৰিত হয়। সাংস্কৃতিক আবেদনৰ দ্বাৰা। গতিকে জ্যোতিপ্ৰসাদৰ
কি শিল্প কি সাহিত্য সকলোৰে উদ্দেশ্য আছিল এজন সংস্কৃতিৱান মানুহ গঢ়া। এইক্ষেত্ৰত তেওঁ কৃষ্ণ চৰিত্ৰকে আদৰ্শ হিচাবে গ্ৰহণ কৰিছে। কাৰণ কৃষ্ণ সংস্কৃতিৰ প্ৰতীক। সংস্কৃতিৰ বিমূৰ্ত কৃষ্ণ সংস্কৃতিৰ মাজেদিয়েই
জ্যোতিয়ে সংস্কৃতিক মূৰ্ত কৰি তুলিছে।সংস্কৃতিৱান মানুহ এইবাবেই প্ৰয়োজন যে সংস্কৃতিয়ে মানুহৰ সৌন্দৰ্য উপলব্ধিলৈ লৈ যায়। সৌন্দৰ্য উপলব্ধিয়েও মানুহক সংস্কৃতিৱান কৰি তুলে। জ্যোতিপ্ৰসাদে এই দ্বান্দিক সম্পৰ্কটো বুজি পাইছিল। যেতিয়া সম্পূৰ্ণ সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব
তেতিয়া মানুহে সত্য, শিৱ, সুন্দৰক বাস্তৱায়িত কৰিব পাৰিব। জ্যোতি সাহিত্য শিল্প-কলাৰ মাজত এই প্ৰচেষ্টা বিদ্যমান। সংস্কৃতিৱান মানুহ গঢ়িবলৈ প্ৰথমতে মানুহৰ মাজৰ পৰা শিল্পী সত্তাটোক বিচাৰি আনিব লাগিব। জ্যোতিৰ এইটোৱেই প্ৰধান কাম আছিল। কাৰণ তেওঁৰ মতে শিল্পীজনাই হ’ল আদৰ্শ মানুহ । শিল্পীজনেহে এখন সমাজ সুন্দৰ কৰিব পাৰে। তেওঁৰ প্ৰধান উদ্দেশ্যই আছিল এখন শিল্পীৰ পৃথিৱী ৰচনা কৰা য’ত কেৱল মাত্ৰ সৌন্দৰ্যই বিৰাজ কৰিব। তেওঁৰ সমাজৰ পৰিৱৰ্তন
এইবাবেই বিচাৰিছিল যাতে শিল্পী সত্তাটো উৎঘাটন কৰিব পাৰি, শিল্পীক জন্ম দিব পাৰি, মানুহক শিল্পীলৈ উত্তৰণ ঘটাব পাৰি। শিল্পীলৈ উত্তৰণ হ’লেহে মানুহ জন্তুৰ পৰা আচল মানুহলৈ ৰূপান্তৰিত হ’ব ।’নিমাতি কন্যা’ নাটকত শিল্পীয়েহে নিমাতি কন্যাৰ মাত উলিয়াব পাৰিছে। গতিকে সৰ্বসাধাৰণৰ মুখৰ মাত শিল্পীয়েহে উলিয়াব পাৰিব, সুপ্ত হৈ থকাজনক জাগ্ৰত কৰি মুখত ভাষা দিব পাৰিব। শিল্পীজনহে আন্তঃৰাষ্ট্ৰীয় ভাবাপন্ন হ’ব পাৰে, জাতিৰ ঊৰ্দ্ধলৈ উঠিব পাৰে। কাৰণ শিল্পী হ’ল-
“গাঁৱৰ গণ্ডীতো থাকি উপজিয়ে
হয় আহো বিশ্ব নাগৰিক।”
শিল্পী হ’ব পৰাটোৱে জীৱনৰ সাৰ্থকতা। কিন্তু শিল্পী অকল ছবি অঁকা শিল্পী হ’লে নহ’ব। প্ৰকৃতিৰ মাজত থকা সুন্দৰতাক উলিয়াই অনাজন প্ৰকৃত শিল্পী। মানসিকভাৱে সুন্দৰ জনেই শিল্পী, সুন্দৰতাইহে কদৰ্যতাক, সংস্কৃতিয়েহে দুষ্কৃতিক নাশ কৰিব পাৰে। সেয়ে জ্যোতিয়ে লিখিছে-
“ছবি অঁকা শিল্পী নহওঁ মই
যদিও আঁকো ছবি
গান কবিতাৰ শিল্পী নহওঁ
যদিও ময়েই কবি
কলাৰ মাজত যদিও প্ৰকাশ মোৰ
জীৱন-কালক ধুনীয়া কৰি
মানুহকেই মানুহ কৰি
থৈ যাবলৈ
বাস্তৱৰেই কেন্দ্ৰস্থলীত
লৈছো স্থিতি
যুঁজিবলৈ দুষ্কৃতিক দুৰ্ঘোৰ।”
“শিল্পীৰ মই পালো যে নতুন অৰ্থ….
মানুহৰ মই ন-ৰূপ দিম
পৃথিৱীখনকো পুনৰ গঢ়ি…।”
মাক্সে কৈছিল বিপ্লৱ হ’ল সাম্যবাদৰ ধাইমাক, জ্যোতিপ্ৰসাদে কৈছিল সুন্দৰক ওপজাবলৈ শিল্পীৰূপী ধাইমাকৰ একান্ত প্ৰয়োজন আৰু জ্যোতি নিজেই আছিল সুন্দৰক বিচাৰি ফুৰা এজন সৌন্দৰ্যপিয়াসী ব্যক্তি। সুন্দৰ আহিব লাগিব জীৱনলৈ ,সমাজলৈ, কিন্তু কেনেকৈ আহিব? পৰিৱৰ্তন লাগিব। “আৱৰ্তন, বিৱবৰ্তন, সংবৰ্তন, পৰিৱৰ্তন।” পৰিৱৰ্তন লাগে অসাম্য,অসামঞ্জস্য আঁতৰাবলৈ। বতাহ ,ধুমুহা, ভূমিকম্প এইবোৰ প্ৰকৃতিৰ বুকুলৈ অহা সাম্যৱস্থা সংৰক্ষিত কৰিবৰ নিমিত্তে। নদীখন সাগৰলৈ বৈ যায় সাম্যৱস্থা ৰক্ষাৰ বাবে। পৰিৱৰ্তন বিচৰাজন সদায় প্ৰগতিবাদী হ’বই লাগিব, কাৰণ পৰিৱৰ্তনেহে নতুনত্ব আনে। কিন্তু যিকোনো ধৰণে হ’লে নহ’ব। ওভতনি পৰিৱৰ্তন হ’লে নহ’ব, কাৰণ পৰিৱৰ্তনৰ চকা সদায় আগফালে ঘূৰে, পাচফালে নুঘূৰে। পৰিৱৰ্তন হ’ব লাগিব সাম্যলৈ, সুন্দৰলৈ, সামঞ্জস্যলৈ। শিল্পীজনহে সুন্দৰক চিনি পায়। বস্তুৰ মাজত থকা সুন্দৰক শিল্পীয়েহে উলিয়াই আনিব জানে। কাৰণ
শিল্পীজনৰ বাবে “ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে,
এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ।”
সাহিত্য-সংস্কৃতি এইবোৰ হ’ল চেতনাৰ ৰূপ, সাহিত্য হ’ল সৌন্দৰ্য  উৎঘাটনৰ উপায়। যি চেতনাই সাহিত্যৰ ৰূপ দিব পাৰে সেই চেতনা সুন্দৰাত্মক হ’বই লাগিব। সুন্দৰৰ মন্ত্ৰ শিল্পীয়ে জানে-
“সুন্দৰ যে ফুলাৰ মন্ত্ৰ
আহোৰাত্ৰী মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে।”
সকলোতে সুন্দৰ দেখা শিল্পী প্ৰাণ মানুহজনৰ মন কেতিয়াও অসুন্দৰ হ’ব নোৱাৰে।জ্যোতিয়ে সমাজক সুন্দৰ কৰিবৰ বাবে শিল্প-সাহিত্যক মাধ্যমৰূপে গ্ৰহণ কৰিলে। কবিতা,গল্প, নাটক, উপন্যাস, শিশু-সাহিত্য আদিৰ মাজেৰে জ্যোতিৰ সাহিত্য বিকশিত হ’ল। প্ৰতিটো ৰূপৰ মাজত সমাজ সুন্দৰ কৰাৰ মনোভাৱ ব্যক্ত হ’ল। কিন্তু সমাজ  সুন্দৰ কৰিবলৈ যোৱা মানুহে বাধা পাবই। নদী এখন বৈ যাওঁতে বাটত বাধাৰ সৃষ্টি কৰা শিল, জাবৰৰ দম আদি নদীয়ে লগতে লৈ যোৱাৰ দৰে বাধা অতিক্ৰমি মানুহো আগবাঢ়ি যাব পাৰিব লাগিব। এই বাধাবোৰ সুন্দৰ কোঁৱৰে অতিক্ৰম কৰিছে, লভিতায়ো অতিক্ৰম কৰিছে, সুন্দৰ কোঁৱৰে ‘কাৰেঙৰ
লিগিৰীক ৰাজমাও শতবাধা নেওচি ওলাইছিল শেৱালিক বিয়া কৰাবলৈ, কাৰেঙৰ লিগিৰীক কাৰেঙৰ কুঁৱৰী কৰিবলৈ।’ এয়া আছিল ‘তুমিও নেৰা, ময়ো নেৰো ভাবৰ প্ৰতিক্ৰিয়া।’
কিন্তু শেষত-“বুজালি শেৱালি মোক, মৰমেৰে বুজালি,
জীৱনেৰে বুজালি, মোৰ জীৱন-যজ্ঞত তোৰ জীৱন আহূতি
দিলি” বুলি অনুশোচনা কৰিছে। সুন্দৰে শেৱালিৰ সাহচাৰ্যৰ
মাজত সৌন্দৰ্য বিচাৰি পাইছিল।
মানুহৰ জীৱনৰ সাৰবশু কি? Essence of human life কি?
জ্যোতিয়ে কৈছে সৌন্দৰ্যয়ে আত্মা। উপনিষদতো কৈছে ‘আত্মানং বিদ্ধি’ জ্যোতিৰ মতে সৌন্দৰ্যক জানিলেই আত্মাক জনা হয়।সৌন্দৰ্য মানে সুষমা। এখন সমাজত তেতিয়াই সৌন্দৰ্য থাকিব যেতিয়াই সুষমা থাকিব। জ্যোতিৰ সাহিত্যৰ মাজত আছে আলোক বুজোৱা বহুত শব্দ।আলোকৰ যাত্ৰা, আলোক বন্দনা,আলোকৰ ঢল,মহা আলোক, আলোক পূজাৰী,আলোক বাতি,আলোক বিজয়ী,আলোক মন্ত্ৰ ইত্যাদি। আলোক মানে পোহৰ। পোহৰ লাগে কাৰণ পোহৰ নাথাকিলে ৰং নেথাকে। বৃহদাৰণ্যক উপনিষদত ‘তমসো মা জ্যোতিগৰ্ময়’ অৰ্থাৎ মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া এই বাণী আছে। জ্যোতিপ্ৰসাদৰ সাহিত্যতো আলোকৰ প্ৰতি আহ্বান আছে। জ্যোতিৰ নাটকৰ প্ৰধান চৰিত্ৰসমূহে সুন্দৰক ভাল পাইছিল। লভিতায়ো সুন্দৰক ভাল পাইছিল। কিন্তু পৰাধীনতাৰ মাজত সুন্দৰক পাব নোৱাৰি। পৰাধীনতাৰ মানে অসাম্য,সমতা ৰক্ষাৰ বাবে স্বাধীন হ’বই লাগিব। লভিতা ওলাই আহিছিল
কাৰণ কনকলতা প্ৰতিভূস্বৰূপ লভিতাই দেশৰক্ষাৰ নিমিত্তে ওলাই আহিছিল। জ্যোতিৰ কলমৰ মাজেৰে প্ৰকাশিত হৈছে সমাজৰ এটি ৰূপ-
“লক্ষ বাতিৰে জ্বলা সভ্যতাৰ গছাৰ তলত
ছাঁৰ আন্ধাৰত যি প্ৰাণীয়ে তেল আৰু শলিতা যোগায়
এদিনলে প্ৰদীপৰ পোহৰ নাপায়
গছাৰ তলত সেই শিল-ধূলি-বালিতেই।
জীৱনৰ বিননি বিনায়
জীৱনৰ প্ৰকাশ নাপায়
উপজি পচি সৰি যায়
জেকা জেলুকীয়া তাৰ
শেলুকীয়া বোকাতেই
জহি পৰি যায়।”
এয়াই সৰ্বহাৰাৰ স্বৰূপ। সৰ্বহাৰা অথবা পুঁজিপতি থাকিলে সমাজ সুন্দৰ নহয়। ইয়াৰ মাজত আছে শ্ৰেণী বিভাজন। শ্ৰেণীৰ অবলুপ্তিয়েহে সমাজ সুন্দৰ কৰিব। কাৰণ তেতিয়াহে সুন্দৰৰূপী সাম্যই বিৰাজ কৰিব।সমাজ
সুন্দৰ হ’বলৈ প্ৰকৃত প্ৰেমৰ প্ৰয়োজন। যৌনতা আৰু প্ৰেম দুয়োটাই মানুহৰ মাজত বিৰাজমান। যৌনতা প্ৰেমলৈ ৰূপান্তৰিত হোৱটো শিল্প প্ৰক্ৰিয়া। প্ৰেম হ’ল যৌনতা যোগ সৌন্দৰ্য। প্ৰেম সংস্কৃতি ।পশু জগততো প্ৰেম বিৰাজমান, কিন্তু পশু জগতৰ কিছুমান নিজা নিয়ম আছে। কিন্তু
মানুহ ইচ্ছাৰ দ্বাৰা পৰিচালিত। সেয়ে মানুহ সুন্দৰ ভাবৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। তেতিয়াহে মানুহ যৌনতাৰ পৰা প্ৰেমলৈ উত্তৰিত হ’ব পাৰিব।
মানৱ জীৱনতো বিভিন্ন উপাদানৰ এক সমন্বয় প্ৰক্ৰিয়া। ইটোৰ
লগত সিটো এক এৰাব নোৱাৰা সম্পৰ্ক। জ্যোতিয়ে কৈছেঃ “মানৱৰ গোটেই জীৱন বিকাশে যেতিয়া মই সংস্কৃতিৰ অভিধান বুলিছো, তেতিয়া বোধকৰোঁ মই কিয় শিল্পী হৈ সাংস্কৃতিক প্ৰসংগত ৰাজনীতি, ধৰ্ম নীতি, অৰ্থনীতি,দৰ্শন, বিজ্ঞান আৰু সুকুমাৰ কলাৰ কথা একেলগে সামৰি কওঁ-বুজিব পাৰিছে। আচলতে মানুহৰ জীৱনটো এটা অবিভাজ্য গোট।”
সংস্কৃতিৰ লগত মানুহৰ এৰাব নোৱাৰা সম্পৰ্ক। মানৱ সৃষ্ট জগতে কৃষ্টি ৰচনা কৰে। এই কৃষ্টিৰ লগত যেতিয়া সৌন্দৰ্য সংযোগ কৰে তেতিয়াই সি সংস্কৃতি হৈ পৰে। সংস্কৃতি গঢ়োতা মানুহজনেই শিল্পী। সকলোকে সুন্দৰ
আৰু সমান কৰাৰ যি কাম সিয়ে সংস্কৃতি। সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত জ্যোতিয়ে কৈছিল— “অহিংসাৰে যদি নোৱাৰে সহিংসাৰেই মানুহ বৰ্তিবলৈ বিচাৰিবই। সংস্কৃতি ৰক্ষা কৰিবই।” ঋগবেদৰ দশম মণ্ডলৰ শেষ শ্লোকত সকলো মানুহৰ বাবে এক মন্ত্ৰ, এক সমিতি, এক মন, এক চিত্তৰ আহ্বান জনোৱা হৈছে। আমাৰ জ্যোতিপ্ৰসাদেও কলা-সংস্কৃতিৰ মাজেৰে
জনতাৰ মূল মন্ত্ৰ উচ্চাৰণ কৰিছে—
“আজি এক হোৱা, যত মানৱ সন্তান
একেলগে কথা কোৱা গোৱা একে গান।” (সহায় লৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক