সুপ্তোত্থিতা (জয় চক্রৱৰ্তী)

মূল : ৰবীন্দ্ৰনাথ ঠাকুৰ

ঘুমটিৰ দেশত ভাঙিল নিদ্ৰা, জাগিল কন্ঠস্বৰ।
গছৰ শাখাত জাগিল পক্ষী, কুসুমত মধুকৰ।
অশ্বশালত জাগিল ঘোঁৰা, হস্তীশালত হাতী।
মল্লশালত মল্লবীৰ জাগি, ফুলায় বুকুৰ ছাতি।
জাগিল পথত প্ৰহৰীৰ দল, দুৱাৰত জাগে দ্বাৰী,
আকাশলে চাই নৱপ্রভাতত জাগিল শত নৰ-নাৰী।
উঠিল জাগি ৰজাধীৰাজ, জাগিল ৰাণীমাতা।
কচালি আঁখি ৰাজকুমাৰৰ লগত জাগিল ৰাজভ্ৰাতা।
নিভৃত ঘৰত ধূপৰ সৌৰভ, ৰত্নপ্রদীপ জ্বলা,
জাগি উঠিয়ে শেতেলিৰ পৰা শুধিলে ৰাজবালা —
‘কোনে পিন্ধালে এই মালা ?

খঁহি পৰা আঁচলখনি বুকুত তুলি নিলে ।
নিজৰ পিনে কেৰাহিকে চাই লাজতেই শিহৰিলে।
ত্ৰস্ত হৈয়ে চকিত চকুৰে চাৰিওফালে চালে—
নিৰ্জনগৃহত ৰত্নদ্বীপহে গৃহকোণত জ্বলে ।
গলৰ মালা খুলি লৈ তাই বুকুতে সাৱটি ধৰে
সোণৰ সূতাৰে যতনত গঁথা লিখনী খিনি তাই পঢ়ে।
পঢ়িলে নাম, পঢ়িলে ধাম, পঢ়িল লিপি তাৰ,
কোলৰ ওপৰত ৰাখি মালাখনি পঢ়িলে শতবাৰ।
শয়নশেষত ৰলেহি বহি, ভাবিলে ৰাজবালা —
‘নিজগৃহতেই শুইছিলো মই… নিতান্তই নিৰালা,
‘কোনে পিন্ধালে এই মালা ?

এনেকৈযে এটিএটি কৰি কাটিছে দিন ৰাতি।
বসন্তও বিদায় নিলে ধৰণীত যথাৰীতি ।
সঘন মেঘেৰে বৰষা আহিল, বৰষে ঝৰাঝৰ,
কাননত ফুলে নৱমালতী কদম্বকেশৰ।
স্বচ্ছ হাঁহিৰে শৰৎ আহে পূৰ্ণিমাৰ মল্লিকা,
সকলো মনকে আকুল কৰে শুভ্ৰ শেৱালিকা।
আহিল শীত লগতেলৈ দীৰ্ঘ দুখনিশা,
নিয়ৰত-সৰা তলসৰা ফুলেও যেন হেৰুৱায় দিশা।
ফাগুন-মাহত আকৌ আহিলে নতুন ফুলৰডালা,
খিৰিকিৰ-কাষত একলেই বহি ভাবিছে ৰাজবালা —
‘কোনে পিন্ধালে এই মালা ?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments