সুবাস – জ্যোতিমণি দেৱী

আমাৰ যৌথ পৰিয়ালটো ভাগ হৈ যোৱাৰ পিচত আমাৰ ঘৰৰ পৰিবেশটো আছিল এনেধৰণৰ — এটাই ঘৰ দক্ষিণৰফালে, বাটৰ ফালৰ পকা বাৰাণ্ডাখনত মা’ই ইটা পাৰি মাটিৰে লেপি ধুনীয়াকৈ ভাত ৰন্ধা চৌকা সজাই লৈছিল৷ তাত ভাত ৰান্ধেহে, খাবলৈ তাত কাঁহী পাৰি ল’বলৈ ঠাই নাই৷ এখন অস্থায়ী পাৰ্টিচন দি দুটা থকা কোঠা কৰি লোৱা হৈছে৷ তাত ৰন্ধা কোঠাৰ কাষত থকা কোঠাটোত দাদা আৰু পেহীৰ ল’ৰাজনে(অষ্টম মানৰ পৰা ডিগ্ৰী পঢ়ালৈকে পেহীৰ দ্বিতীয় তথা সৰু পুত্ৰক দেউতাই ৰাখি পঢ়ুৱাইছিল) পঢ়ে৷ টেবুল বুলিবলৈ এখনেই, তাৰ ওপৰত এটি কাঠৰ চাবোনৰ বাকচ দি আমাক কিতাপ থ’বলৈ সুবিধা কৰি দিছিল৷ ইমান কষ্ট আৰু মোকাবিলাৰে আমি মা-দেউতাৰ সংসাৰখন জোৰা-টাপলি মাৰি চলোৱাত সহায় কৰিছিলোঁ যে সময়ত পেঞ্চিল এটুকুৰা লাগিলেও আমি ক’বলৈ বহুবাৰ চিন্তা কৰিছিলোঁ৷ ব্ৰহ্ম-পুৱাতেই মা’ই গাঁৱৰ তিৰোতাবোৰৰ সৈতে জাল, টনি, থোৰোকা কান্ধত লৈ নদী অভিমুখে মাছলৈ যায়, তেতিয়ালৈ আমি বিছনাতে থাকোঁ৷ আমি শুই উঠি মুখ-হাত ধুই চাহ কৰালৈ মা মাছৰ পৰা আহে৷ খালৈৰ পেটলৈ মাছ লৈ মা আহি যেতিয়া চোতালত থিয় হয়, মাৰ কঁকালৰ খোচনিত থাকে এটোপোলা মকুৱা৷ কিছুমানৰ গুটিবোৰ ৰঙা আৰু অলপ বিজলুৱা, আৰু কিছুমান ক’লা ৰঙৰ৷ আমি সততে ক’লা ৰঙৰবোৰ বিচাৰি লওঁ, কাৰণ ৰঙাবোৰৰ স্বাদবোৰ অলপ তিতিকি বাবে৷ কেতিয়াবা পথাৰৰ ফালে মাছ মাৰিলে শেলুক লৈ আহে৷ তেনেকৈয়ে চিনাকি আমাৰ শেলুকৰ লগত৷ মা অহাৰ লগে লগে খালৈৰ মাছ চালনীত বাকি দিওঁ, চেলেকনা মাছ, পুঠিমাছে জিলমিলাই থাকে৷ কেতিয়াবা সেই ঠোঁট থকা কঁকিলা মাছটোও আহে, আহে লাওপতি বুলি ৰূপালী ৰঙত ৰঙা মিনা কৰা অলংকাৰ খটুওৱা চেপেটা মাছবিধ, জেব্ৰাৰ ৰঙৰ বালিবতিয়া, বৰিয়ালা মাছ, কেতিয়াবা বৰালি লেটা আদি৷ মাৰ মুখৰ পৰাই চিনাকি হৈছিলো এই মাছবোৰ৷ মা’য়েই আছিল এই পৰিবেশৰ শিক্ষক৷ এই মা’য়ে মাছ মাৰি আহিলে নদীৰ পানী আৰু মাছৰ গোন্ধ মিহলি এটি গোন্ধ লাগি আহে, আৰু মোৰ ইমান ভাল লাগে যে কিছুসময় সেই গোন্ধত মই আচ্ছন্ন হৈ থাকি চালনীৰ মাছ বাচিবলৈ লওঁ৷ মাৰ বাবেই মই মাছ বচাত সৰুৰে পৰা পাকৈত হৈ উঠিছিলোঁ৷ পিচলৈ বহু মানুহে বন্দুক লৈ ওলাল বুলি তিৎকাৰি মৰা আৰম্ভ কৰাত আমাৰো বেয়া লাগি যোৱাত বাধা দিয়া হ’লোঁ৷ লাহে লাহে নৈ বিলবোৰত মাছো কমি আহিল, মাহঁত মাছলৈ নোযোৱা হ’ল, কিন্তু মাৰ গাৰ সেই মাছ আৰু নদীৰ পানীৰ মিশ্ৰিত গোন্ধটো মোৰ নাকত চিৰদিনলৈ বন্দী হৈ ৰ’ল৷ মোৰ অনুভৱ হয় সেই এটি প্ৰাকৃতিক সুবাস মোক কোনো বজাৰৰ সুগন্ধিয়ে দিব নোৱাৰে৷ বয়সৰ লগে লগে দুৰ্বল হৈ অহা মা’লৈ চাই কেতিয়াবা সেই সুবাসটো বিচাৰি ব্যাকুল হৈ উঠোঁ৷ এই সুবাস একক, অনন্য আৰু আত্মাক পুলকিত কৰা সুবাস, যাক মই স্মৃতিৰ মাজত বন্দী কৰি থ’লোঁ আমৰণ৷
০০০০০০০
“বন শাকৰ আঞ্জা“

কেতিয়াবা ভাবোঁ, মাৰ দৰে পাকৈত গৃহিণী এগৰাকী পোৱাটো হয়তো এখন ঘৰ, এটা পৰিয়াল, এখন সংসাৰৰ বাবে সৌভাগ্যৰ কথা৷ ঘৰত বজাৰ নাই, মিঠাতেল নাই, পাচলি নাই, প্ৰায় একোৱেই নাই বুলিলেও ভুল নহয়৷ তাতে সপ্তাহৰ বজাৰ কৰি উঠি যদিহে বজাৰবাৰলৈ নাথাকে, মা’ই দেউতাৰ পৰা গালি খোৱাটো নিশ্চিত৷ ইমানৰ পিছতো সীমিত বজাৰৰ পৰা মা’ই মমতাৰে উপচাই ৰখা একমাত্ৰ ননদ আমাৰ পেহীজনীলৈ এটোপোলা বান্ধি দি পঠিয়ায়, যাৰবাবে মৃত্যুৰ সময়তো পেহীয়ে কৈ থাকিল সদায়ে “সেইজনী মোৰ বৌ নহয়, মা”৷ তাৰপাছত –সপ্তাহ নোজোৰা বস্তুখিনি কেনেকৈ মিলাই এতিয়া? মা’ই দুপৰীয়া জাল, জাকৈ লৈ আমাৰ চুবুৰিৰ বাঁহনিডৰাৰ মূৰত থকা মৰনৈ পুখুৰীলৈ ওলায়৷ কেতিয়াবা যদি মেটেকা দাঙি মাছ পালে, কেতিয়াবা কেইটিমান কাঠ বেচা, দুটিমান মোৱা আৰু কেইটামান মিছামাছ লৈয়ে সন্তুষ্ট হ’বলগীয়া হয়গৈ৷ পাবৰ দিনা আমাৰ আঞ্জাৰ সোৱাদ অনন্য বুলি নক’লেও হয়৷ কিন্তু নাপাবৰ দিনা এই এমুঠিমান মাছ মায়ে এতিয়া কিদৰে ভগাব? অথচ আমি ছয়টা আৰু পেহীৰ ল’ৰাৰে সাতটা প্ৰাণীয়ে দুপৰীয়াৰ সাজ খাবই লাগিব৷ মাছ মাৰি আহিয়ে মাই বাৰীখনত ঢপলিয়াই ফুৰে আৰু চিনাকি খাব পৰা শাক গোটায়, কণ বিলাহী বোটলে৷ চিনাকি শাক বুলিনো বেলেগ কি? মিঠা হেলেচিৰ পাত, ভাত কেৰেলাৰ পাত, মাটিকাঁদুৰীৰ পাত, জলকীয়াৰ পাত, মাঠুক্‌ঠুকাৰ পাত, কচুৰ থোৰ, আদাৰ পাত, নৰসিংহৰ পাত আদি৷ দুটিমান সৰু আলুগুটিৰে সৈতে জালদিয়া আঞ্জাখন আজিৰ কোনো বিলাসী ব্যঞ্জনে পাত্তা নাপাব৷ প্ৰথমে মা’ই মাছকেইটা নামমাত্ৰ তেলত আধা ভাজি ল’ব, তাৰপাছত আলুখিনি আধা ভাজি মিহলাই খাৰ, আদা, জলকীয়া বটা দি পানীৰে উতলাই লৈ উতলত পেলাই দিয়ে সেই বনৰীয়া শাকবোৰ৷ শাকখিনি কোনোমতে সিজেহে, আদা, নৰসিংহৰ পাত কুটি চটিয়াই দি নমাই থ’লে৷ কেইটামান আলুগুটি, কণবিলাহী মিহলাই মিছামাছ কেইটাৰে জোল কৰিলে৷ আৰু কি লাগে, মাৰ হাতৰ যাদুত পাগ লৈ উঠা সেই আঞ্জাৰ সুবাস নাকত লাগিলে দুপৰীয়াৰ ভোক দুগুণ চৰি কেতিয়া খাবলৈ পাওঁ, কেতিয়া খাবলৈ পাওঁ এনে লাগে৷ আজিৰ শিশোৱে এই শাকবোৰ চিনি পাবনে? মাৰ দৰে পাকৈত গৃহিণী, ৰান্ধনীবোৰৰ বাবেই আমি চাগৈ কোনোদিনে “ভোক নাই”, “অভোক”, “একো নাখায়”, “খাবলৈ ইমান টান পায় ”জাতীয় শিশু হ’ব নোৱাৰিলোঁ আৰু ভোকক কলালৈ ৰূপান্তৰ কৰা মন্ত্ৰ শিকি পেলালোঁ৷ আজিৰ শিশুৰ ভোক নোহোৱা আবদাৰবোৰ শুনিলে আমাৰ ভোকৰ দিনৰ সেই সুবাসবোৰে হাত বাউলি মাতে আৰু কাঁহী ভৰ্ত্তি ভাতসাজে ’মোক খা মোক খা’ কৰি আজিও মন মতলীয়া কৰি তোলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments