সুশান্ত সিং ৰাজপুত, ডিপ্ৰেচন আৰু মই – দিগন্ত লস্কৰ

কথাবোৰ যেন হঠাতে আৰম্ভ হৈছিল। যোৱা বছৰ মেট্ৰিকৰ পৰীক্ষাৰ বহী চাবলৈ যোৱা সময়ৰ কথা। দিনটো কাঠৰ বেঞ্চত বহি তলমূৰকৈ বহী চাব লগা হোৱাত মোৰ ডিঙি, গলধন বিষাবলৈ ললে। বিষত শুব নোৱাৰাত দুদিন পিচত চিকিৎসকৰ কাষ চাপিলো। তেখেতে প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা কৰিবলৈ দি তিনিবিধমান টেবলেট দিলে। খাই খুৱ সুন্দৰ টোপনি আহে। কেইদিনমানতে ভাল পালো। ইতিমধ্যে বহী চোৱা কামটোৰ পৰা অব্যাহতি ললো।
কিন্তু তাৰ পিচত কেতিয়াবা হঠাতে মোৰ টোপনি নোযোৱা হ’ল কোনো কাৰণ নোহোৱাকৈ। মই ভয় খালো। মোৰ কি হৈছে, কোন বিভাগৰ চিকিৎসকৰ ওচৰলৈ গলে ভাল হব ধৰিব নোৱাৰি, খা-খৱৰ কৰি, গুৱাহাটীৰ মাইণ্ড ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোলৈ কাউঞ্চেলিঙৰ বাবে গলো। তাত থকা মহিলা কাউঞ্চেলৰ গৰাকীয়ে মোৰ দৈনন্দিন জীৱনৰ বিষয়ে ভালেমান প্ৰশ্ন সোধাৰ অন্তত মন্তব্য দিলে যে মই জীৱনত পাৰফেক্ট হব বিচৰাৰ বাবে সমস্যা হৈছে। অলপমান মেডিকেচনৰ প্ৰয়োজন হৈছে, ঠিক হৈ যাব। তেওঁৰ কাষৰ কোঠা এটাতে বহা চিকিৎসক জনক লগ কৰিব কলে। প্ৰায় তিনিঘণ্টামান পিচত চিকিৎসকজন অহাত তেখেতক লগ কৰিলো। তেখেতেও মোক বিভিন্ন প্ৰশ্ন কৰিলে। মই সুধিলো যে কাউঞ্চেলিং কৰা বাইদেউগৰাকীৰ লগত তেখেতৰ যোগাযোগ হৈছেনে নাই। তেখেতে নাই হোৱা বুলি কলে। এমাহৰ ঔষধ দিয়া প্ৰেচক্ৰিপশ্যনখন লৈ নামটো চালো; ডাঃ বিষ্ণু বৈশাল, চাইকিয়াট্ৰিষ্ট।
ঘৰলৈ আহি ঔষধ খোৱা আৰম্ভ কৰিলো। কিন্তু হিতে বিপৰীত হ’ল। টোপনিৰ সমস্যাটোৰ সমাধান নহ’ল, বৰঞ্চ একো খাবলৈ মন নোযোৱাৰ লগতে অস্থিৰতা বাঢ়িল। দুৰ্বল হৈ গলো।
প্ৰায় এসপ্তাহ পিচত পুনৰ গুৱাহাটী পালোগৈ। ডাঃ বৈশালে কলে অন্য মানুহে এংজাইটিৰ ঔষধ খালে গেছ ভাল হয় কিন্তু আপোনাৰ ওলোটা হৈছে কিয়? তেখেতে ঔষধ সলাই দি লগতে কলে এইকেইটা ঔষধত টোপনি নাহিলে এইবিধ খাব। পিচদিনাখন ঔষধ খাই ৰাতি শুলো যদিও টোপনি একেবাৰে নহাত ডাক্তৰে দিয়া আনবিধ ঔষধ খালো। কিছু দেৰিকৈ টোপনি গল। কিন্তু মই জলকা লাগিলো। মনতে কিবাকিবি ভাবি ঔষধ কেইটাৰ নাম লিখি গুগলত চাৰ্চ কৰিলো। দেখিলো সেইকেইটা ডিপ্ৰেচনৰ ঔষধ। ঔষধকেইটাৰ বিভিন্ন পাৰ্শ্চক্ৰিয়া লিখাৰ লগতে এবিধৰ ক্ষেত্ৰত এইবুলি সাৱধানবাণী লিখা আছিল যে তাৰ ব্যৱহাৰৰ ফলত আত্মহত্যাৰ প্ৰবণতা জাগে। গতিকে যাতে পৰিয়ালৰ মানুহবোৰ সাৱধান হৈ থাকে। মই ভয় খালো। ৰাতিটো উজাগৰে কটাই ৰাতিপুৱাই ড্ৰাইভাৰ এজনক লৈ নগাৱঁৰ মেডিচিনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ এন এন ডেকাৰ ওচৰ পালোগৈ। তেখেতে মোৰ সমস্যাৰ বিষয়ে মন দি শুনিলে আৰু দুই এটা প্ৰশ্ন কৰি গুৱাহাটীৰ ডাক্তৰে দিয়া প্ৰেচক্ৰিপশ্যন চালে। তেখেতে মন্তব্য কৰিলে যে ডাক্তৰে ডিপ্ৰেচন বুলি ভাবিছে যদিও সেয়া নহয়। তেখেতে মূলতঃ গেছ আৰু টোপনিৰ ঔষধ দিলে।
ইতিমধ্যে মই মোৰ ঘনিষ্ঠ বন্ধু পশু চিকিৎসক ডাঃবিনয় বৰদলৈক মোৰ সমস্যাৰ বিষয়ে অবগত কৰো। উল্লেখযোগ্য যে তেখেতেও তিনিবছৰমান আগেয়ে প্ৰায় একেধৰণৰ সমস্যাত ভুগিছিল। সাংঘাতিক পজিটিভ ব্যক্তি বৰদলৈয়ে মোক পতিয়ন নিয়ালে যে যি হৈছে মোৰ ভালৰ কাৰণেই হৈছে। লগতে তেখেতে মোৰ হাতত তুলি দিলে ডঃ লক্ষ্মীনন্দন বৰাৰ গ্ৰন্থ “অফুৰন্ত যৌৱনৰ সঁচাৰকাঠি।” মই কিতাপখন পঢ়ি আৰু বৰদলৈৰ পৰামৰ্শ অনুসৰি যোগাসন কৰিবলৈ আৰম্ভ কৰিলো।
নগাৱঁৰ ডাক্তৰৰ ঔষধ খাই টোপনি আহিছিল যদিও শৰীৰ দুৰ্বল হৈ পৰাৰ লগতে বিভিন্ন আনুষংগিক সমস্যাই দেখা দিলে। ডাক্তৰৰ কাষ চপাত লাহে লাহে ভাল হব বুলিলে। মই যোগত মনোযোগ বঢ়ালো। চেপ্তেম্বৰৰ দহ তাৰিখৰপৰা ওচৰৰে খুৰী এগৰাকীৰ লগত যোগ প্ৰাণায়ম কৰিবলৈ ললো এঘণ্টাকৈ। এই বিষয়ত খুৰীয়ে এসময়ত প্ৰশিক্ষণ লৈছিল। প্ৰায় এমাহ বেমাৰ আৰু যোগাসনৰ চেপাত মই বহু খীণাই গলো। সহকৰ্মী বাইদেউ এগৰাকীৰ হেঁচাতেই গুৱাহাটীৰ প্ৰসিদ্ধ ডাক্তৰ ভবদেৱ গোস্বামীৰ ওচৰ পালোগৈ। ডাক্তৰে মোৰ ওজন চোৱাত দেখা গল মে মাহৰ ওজনতকৈ সাত কেজি কমিল। তেখেতে তেজ আৰু পেটৰ বিভিন্ন পৰীক্ষা কৰিবলৈ দিলে। গধূলিকৈ ভয়ে ভয়ে ৰিপ’ৰ্টবোৰ আনি সকলো নৰ্মেল দেখিলো। পিচদিনা পুৱা এণ্ডস্কপী কৰা হ’ল। ডাক্তৰে ৰিপ’ৰ্ট চাই বাইল ৰিফ্লাস্ক‌ গেচট্ৰাইটিচ বুলি লিখিলে। মূলতঃ গেছ আৰু টোপনিৰ একোটাকৈ টেবলেট দৈনিক খাবলৈ দি তিনিমাহৰ পিচত মাতিলে। এই তিনিমাহৰ ভিতৰতে ভাল হবলৈ সংকল্প ললো।
যোগাসন প্ৰাণায়াম চলি থাকিল। সদায় খোজকঢ়াৰ অভ্যাস আগৰে আছিল। নৱেম্বৰৰ পৰা অকলে যোগাসন কৰিব ললো। সময় বঢ়ালো। যোগাসন প্ৰাণায়ম সম্পূৰ্ণ কৰোঁতে দুঘণ্টা লগা হ’ল। ঔষধ খাই থাকো। এগৰাকী জ্যেষ্ঠ শুভাকাঙ্খীয়ে উপদেশ দিলে শ্লিপিং টেবলেটৰ পৰিবৰ্তে অলপ অলপ ৱাইন খাবলৈ। বৰদলৈলৈ ফোন কৰিলো। তেখেতে একে আষাৰে মানা কৰিলে, যোগত মাদকদ্ৰব্য নিষিদ্ধ। বহু পৰিমাণে আৰোগ্য হলো। জানুৱাৰীত পুনৰ ডাঃ গোস্বামীৰ ওচৰলৈ গলো। তেখেতে পুনৰ তিনিমাহৰ ঔষধ দিলে। ইতিমধ্যে যোগাসন জীৱনৰ অভিন্ন অংগ হৈ পৰিল। কিবা খোকোজা লাগিলেই বন্ধু বৰদলৈলৈ ফোন লগাওঁ। ফেব্ৰুৱাৰী মাহৰ পৰাই লাহে লাহে ঔষধ বাদ দি মাৰ্চৰপৰা সম্পূৰ্ণ ত্যাগ কৰিলো।
বন্ধু বৰদলৈয়ে দেখুৱাই দিয়া পথেৰে বাট বুলি যোগাসনৰ কৃপাত এতিয়া কোনো পৰিস্থিতিয়ে মোৰ স্বাভাৱিক টোপনিত ব্যাঘাত জন্মাব নোৱাৰে। এতিয়া ভাবো, বৰদলৈয়ে কোৱাৰদৰেই বেমাৰটো মোৰ ভালৰ বাবেই হৈছিল, যি মোক যোগ সাধনা কৰিবলৈ শিকাই থৈ গল।
কালি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ মৰ্মান্তিক খবৰটো পাই মোৰ ব্যক্তিগত কথাবোৰ লিখিবলৈ তাগিদা অনুভৱ কৰিলো। কাৰোবাৰ কিজানি কামত আহেই! শেষত কওঁ জীৱন জীৱন বৰ অনুপম! বৰ সুন্দৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক