সুৰ পিয়াসী শিল্পী জয়ন্ত হাজৰিকা (নিবেদিতা হাজৰিকা)

সুৰ পিয়াসী শিল্পী জয়ন্ত হাজৰিকা

 

নিবেদিতা হাজৰিকা

“মই সূত্ৰগত ভাৱে সুৰ বিচাৰি নুফুৰোঁ। সুৰ মই ভাল পাওঁ। উৎস কি বা ক’ত মই নিজেই নাজানো। কাৰণ পৃথিৱী খনেই সুৰৰ তৰঙ্গৰে ভৰপূৰ।“-এয়া আছিল অতি কম বয়সতে কিম্বদন্তী হৈ অকালতে পৃথিৱীৰ পৰা হেৰাই যোৱা আমাৰ অতি মৰমৰ শিল্পী জয়ন্ত হাজৰিকাৰ মনৰ কথা। নিচেই সৰুৰে পৰা বিভিন্ন বাদ্য-যন্ত্ৰত হাত বুলাই নানান গীতৰ কলি গুণ গুণাই থাকি সময়ৰ লগে লগে সঙ্গীতৰ জগতত আত্মপ্ৰকাশ কৰি গায়ক,বাদক,সুৰকাৰ,সঙ্গীত পৰিচালক আদি ৰূপত আত্ম-প্ৰতিষ্ঠা লাভ কৰা এই মহান শিল্পী জনাৰ কণ্ঠত,সুৰত আছিল এক অনন্য আৱেদন। আজিও তেওঁৰ গীত সমূহে মানুহক আৱেগিক কৰি তোলে।

১৯৪৩ চনৰ ২০ ছেপ্টম্বৰত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল মঙ্গলদৈত। অৱশ্যে পিছলৈ তেওঁলোক গুৱাহাটীত থাকিবলৈ লয়। সৰু অৱস্থাত তেওঁক সকলোৱে ৰাণা বুলি মাতিছিল। পিচত তেওঁৰ জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকা দেৱে তেওঁৰ নাম ৰাখিছিল জয়ন্ত। শৈশৱৰে পৰা জয়ন্ত হাজৰিকা এটা সঙ্গীতময় পৰিবেশত ডাঙৰ হৈছিল। তেওঁ জন্ম সূত্ৰে এনে এটা পৰিয়াল পাইছিল য’ত প্ৰায় সকলোৱে সঙ্গীত চৰ্চা কৰিছিল। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা,সুদক্ষিণা শৰ্মা,দিলীপ শৰ্মা আদিৰ দৰে মহান শিল্পীৰ পৰা তেওঁ অনুপ্ৰেৰণা লাভ কৰিছিল। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে শিল্পীৰো সান্নিধ্য লাভ কৰিছিল তেওঁ নিচেই সৰু কালতে।

জয়ন্ত হাজৰিকাই সৰুৰে পৰাই মাউথ অৰগেন বজাব পাৰিছিল। সৰুতে তেওঁ য’লৈকে গৈছিল লগত লৈ গৈছিল মাউথ অৰগেনটো। পিচত ভূপেনদাই ভায়েক ৰাণাৰ বাবে আমেৰিকাৰ পৰা এখন গীটাৰ লৈ আহিছিল। লাহে লাহে তেওঁ মাউথ অৰগেন বজাবলৈ এৰি গীটাৰ বজাবলৈ লৈছিল। মাজে মাজে তেওঁ সেই সময়ৰ বিখ্যাত গীটাৰ বাদক ভৱ বেনাৰ্জী আৰু শ্ৰী বিনয় দাসৰ পৰাও গীটাৰ শিকিছিল। ভূপেন হাজৰিকাৰ –‘সাগৰ সঙ্গমত….’ গীতটোত মাত্ৰ ন বছৰ বয়সতে তেওঁ গীটাৰ বজাইছিল। তেওঁৰ দেহৰ প্ৰতিটো বিন্দুতে যেন সঙ্গীতৰ মূৰ্ছনা প্ৰৱাহিত হৈ আছিল। তেওঁ মাউথ অৰগেনৰ পৰা আৰম্ভ কৰি গীটাৰ,মেণ্ড’লিন,হাৰমনিয়াম,একৰ্ডিয়ান আদিও অতি কম বয়সতে নিজে নিজে আয়ত্ব কৰি লৈছিল। ককায়েক ভূপেন হাজৰিকা দেৱে পাঁচ-ছয় বছৰ বয়সতে জয়ন্তৰ হাতত তুলি দিছিল এটি ইয়োক্ৰেনিয়াম ‘ডোম্ব্ৰা’। সেই বাদ্যটো তেওঁ নিজে নিজেই বজাবলৈ শিকিছিল। এই ডোম্ব্ৰা বজাই তেওঁ আলি আকবৰ খাঁ চাহাবৰো মন মুহিবলৈ সক্ষম হৈছিল। ভূপেনদাৰ লগত জাৰ্মেনীলৈ যাওঁতে এই ‘ডোম্ব্ৰা’ ষ্টেজত বজোৱা দেখি তেওঁলোকে ইমান ভাল পাইছিল যে –‘মিনিষ্ট্ৰি অৱ কালচাৰ’ৰ পৰা তেওঁক এটি ‘লাওঠাৰ’ উপহাৰ দিছিল। লাওঠাৰ হ’ল – এটি পুৰণি জাৰ্মান বাদ্য। শিল্পী জনাৰ অকাল বিয়োগৰ পিচত এই সকলোবোৰ বাদ্য মৌন হৈ পৰি ৰ’ল নিজৰা পাৰৰ সৰু ঘৰটোত জয়ন্ত হাজৰিকাৰ স্মৃতি বুকুত বান্ধি।

জয়ন্ত হাজৰিকাই প্ৰথমে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গুৱাহাটীৰ St. Mary convent স্কুলত। পিছত ‘কামৰূপ একাডেমী স্কুল’ত পঢ়ি থকাৰ সময়ত তেওঁ Music Secretary হোৱাৰ উপৰিও বাৰ্ষিক সন্মিলন,মৌমেল,বিভিন্ন সঙ্গীত প্ৰতিযোগিতা আদিত ভাগ লৈ দক্ষতা প্ৰদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল। সেই সময়ত সদৌ অসম ভিত্তিত স্কুল বিলাকৰ মাজত ‘ভাৰতৰ জাতীয় সঙ্গীত’টো (জনগন মন…) ৪৫ চেকেণ্ডৰ ভিতৰত নিখুঁতকৈ গোৱাৰ প্ৰতিযোগিতা হৈছিল। তাত জয়ন্ত হাজৰিকাই প্ৰথম পুৰস্কাৰ লাভ কৰি স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও স্কুলৰ একাঙ্কিকা নাট প্ৰতিযোগিতা আদিৰ সঙ্গীত পৰিচালনাৰো ভাৰ পৰিছিল সদায় জয়ন্ত হাজৰিকাৰ ওপৰত। অতি কম বয়সতে সঙ্গীতৰ জগত খনত আধিপত্য বিস্তাৰ কৰা এই মহান শিল্পী জনাৰ কিন্ত্ত কলেজলৈ যোৱাৰ সৌভাগ্য হোৱা নাছিল। কাৰণ তেওঁ মেট্ৰিক পৰীক্ষাত অনুৰ্ত্তীৰ্ণ হৈছিল। মেট্ৰিক পৰীক্ষাত বেয়া কৰি তেওঁ অন্তৰত অত্যন্ত আঘাট পাইছিল আৰু পৰীক্ষাৰ ফলাফল ল’বলৈ গৈ ঘৰলৈ ঘূৰি অহা নাছিল। ঘৰত তেওঁক বিচাৰি হুৱা-দুৱা লাগিছিল,পুলিছত খৱৰ দিয়া হৈছিল,বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল। এসপ্তাহ মান পিচতহে খৱৰ পাইছিল তেওঁ গৌৰীপুৰত আছেগৈ বুলি। এই সময় খিনিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰত থাকি তেওঁ আহৰণ কৰি আছিল গোৱালপৰীয়া লোকগীতৰ সোৱাদ। যদিও তেওঁ কলেজলৈ যোৱাৰ ভাগ্য নহ’ল তথাপিও স্কুলত থাকোতেই All Assam Inter College Music Competition আদিত ভাগ লৈছিল হাৰমনিয়াম,গীটাৰ আদি বজাই। স্কুলত পঢ়ি থাকোতেই তেওঁ ভাৰতীয় গণনাট্য সংঘ (Indian People’s Theatre Association) তো গীত গাইছিল। ১৯৬০-৬১ চনত ভাষা আন্দোলনৰ সময়ত সুধাকণ্ঠ ভূপেন হাজৰিকা,হেমাঙ্গ বিশ্বাস আদিয়ে গঠন কৰা দলত যোগ দি গীত গাই গোটেই অসম ভ্ৰমণ কৰিছিল।

১৯৬৯ চনৰ ৪ আগষ্টত জয়ন্ত হাজৰিকাই বিয়া কৰাইছিল কলকাতাৰ মনীষা সেনগুপ্তক। তাৰ পিচত মনীষা সেনগুপ্ত হৈ পৰিল অসমীয়া বোৱাৰী মনীষা হাজৰিকা(মিঠু বৌ)। সঙ্গীত ভাল পোৱা পৰিয়ালৰ জীয়ৰী, গায়িকা, নৃত্য শিল্পী মনীষাৰ লগত চিনাকিও সঙ্গীতৰ ক্ষেত্ৰ খনতে। তেওঁলোকৰ সংসাৰ বৰ সুখৰ আছিল। ১৯৭০ চনত তেওঁলোকৰ পুত্ৰ সন্তান ময়ূখ হাজৰিকা(ৰাজা) ৰ জন্ম হয়। তেওঁলোকৰ জীৱনলৈও যে দুখ অহা নাছিল তেনে নহয়। বিশেষকৈ এটা সময়ত তেওঁলোকে আৰ্থিক ক্ষেত্ৰত বৰ দুৰ্বল অনুভৱ কৰিছিল। কিন্ত্ত এই সকলো অসুবিধাৰ মাজতো তেওঁলোক দুয়ো সঙ্গীত সাধনা আৰু সঙ্গীত সেৱাত ব্ৰতী হৈ থাকি সকলো সমস্যা হাঁহি হাঁহি অতিক্ৰম কৰিছিল। সুযোগ্যা পত্নী মনীষা হাজৰিকাই দাম্পত্য জীৱন আৰু সঙ্গীত জীৱনৰ প্ৰতিটো মুহূৰ্ততে স্বামীৰ লগত সহযোগ কৰি তেওঁক অনুপ্ৰেৰণা যোগাইছিল। তেওঁ স্বামীৰ মৃত্যুৰ পিচতো সঙ্গীতৰ ক্ষেত্ৰ খনত ব্ৰতী হৈ জয়ন্ত হাজৰিকাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে অহৰহ চেষ্টা চলাই গৈছে। জয়ন্ত হাজৰিকাৰ সুযোগ্য পুত্ৰ ময়ূখ হাজৰিকাইও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লগতে নিজৰ সঙ্গীত সাধনাৰ ক্ষেত্ৰটো আত্মনিয়োগ কৰিছে। তেওঁলোকে জয়ন্ত হাজৰিকাৰ সমগ্ৰ গীতৰ সুৰ-চানেকী প্ৰকাশ কৰাৰ সংকল্প লৈ প্ৰথম পদক্ষেপ হিচাপে ২০০২ চনত মনীষা হাজৰিকাৰ সম্পাদনাৰে ময়ূখ হাজৰিকাই ‘জয়ন্ত হাজৰিকাৰ গীতৰ সুৰ চানেকী’ নাম দি শিল্পীজনাৰ ২৫ টা যুগজয়ী গীতৰ স্বৰলিপি প্ৰস্তুত কৰি উলিয়াইছে। ইয়াত তেওঁলোকক স্বৰলিপি কৰাত সহায় কৰিছে শাস্ত্ৰীয় সঙ্গীতৰ শিল্পী নন্দ বেনাৰ্জীয়ে। এয়া আমাৰ উঠি অহা নতুন চাম শিল্পীৰ বাবে নিশ্চয় সুখৰ খৱৰ। ইয়াৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মইও জয়ন্ত হাজৰিকাৰ সুৰৰ বৈচিত্ৰ্যতাৰ মাজত বিচাৰিব পাৰিব নতুন নতুন চিন্তাৰ সমল।

জয়ন্ত হাজৰিকাই প্ৰথম সুৰ দিছিল ককায়েক নৃপেন হাজৰিকাৰ এটি গীতত। তাৰ পিচত কামৰূপ একাডেমীত ক্লাচ নাইনত পঢ়ি থাকোতেই আলিমুন্নিছা পিয়াৰৰ ‘জেতুকা পাতেৰে দুহাত বোলালি ….’গীতটোত সুৰ দিয়ে। ইয়াৰ পিচত অসমৰ অন্যতম কবি হীৰেন ভট্টাচাৰ্য দেৱৰ ‘ফুলৰ চাকি উৰণীয়া, মনৰ পক্ষী জুৰণীয়া…..’এই গীতটোৰ সুৰ কৰে। তাৰ পিচত তেওঁ আৰু কোনো দিনে থমকি ৰ’ব লগা নহ’ল মৃত্যুৰ আগমুহূৰ্তলৈকে। ক্ৰমান্বয়ে তেওঁ গীটাৰ,একৰ্ডিয়ানত সুৰ সৃষ্টি কৰিবলৈ ধৰে। হাৰমনিয়াম,গীটাৰ,একৰ্ডিয়ান আদিয়েই তেওঁৰ লগৰীয়া হৈ পৰে। যি কোনো সময়তে কেতিয়াবা আন্ধাৰত,কেতিয়াবা জোনাকত বহি বিভিন্ন সুৰ কৰি গৈছিল। তেওঁ অন্তৰৰ সুখ-দুখ,মান-অভিমান আদি সকলো যেন সুৰেৰেই প্ৰকাশ কৰিছিল।

১৯৬২ চনত জয়ন্ত হাজৰিকাৰ প্ৰথম দুটা গীতৰ Commercial Recording হয়। স্বনামধন্যা সাহিত্যিক,কবি,গীতিকাৰ স্বৰ্গীয়া নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা গীত দুটিত সুৰ দিছিল জয়ন্ত হাজৰিকাই নিজে। গীত দুটি হৈছে – ‘আগলি বতাহে কঁপালে কলৰে পাত…’ আৰু ‘কৃষ্ণচূড়া ৰঙেৰে জীৱন এবাৰ ৰঙাই তোলা….’। পিচলৈ এই গৰাকী মহান লেখিকাৰ বহুতো গীতৰ সুৰ কৰিছিল জয়ন্ত হাজৰিকাই। কেতিয়াবা নিৰ্মল প্ৰভা বাইদেউৰ গীতত জয়ন্ত হাজৰিকাই সুৰ কৰিছিল আৰু কেতিয়াবা জয়ন্ত হাজৰিকাৰ সুৰত নিৰ্মল প্ৰভা বাইদেউৱে গীত লিখিছিল। এই দুয়োজন গীতিকাৰ আৰু সুৰকাৰৰ যেন আচৰিত ধৰণৰ মনৰ মিল আছিল। গীতবোৰ অন্তৰেৰে উপলদ্ধি কৰি শুনিলে তেনে ভাৱেই মনলৈ আহে। এনে লাগে জয়ন্ত হাজৰিকাৰ সুৰে কি বিচাৰিছিল সেয়া যেন বাইদেউৱে বুজি পাইছিল আৰু সুৰবোৰত কথাবোৰ দি গৈছিল। তেখেতে লিখা প্ৰতিটো গীত শুনিলে এনে লাগে যেন সেয়া জয়ন্ত হাজৰিকাৰ মনৰ কথাহে। অসমৰ গৌৰৱ এই দুয়োগৰাকী শিল্পী-সাহিত্যিকৰ যুটীয়া প্ৰচেষ্টাত সৃষ্টি হ’ল বহু কেইটা অতি মৰ্মস্পৰ্শী যুগজয়ী গীত,যি যুগে যুগে সঙ্গীত প্ৰেমীৰ মন জুৰাই থাকিব।

জয়ন্ত হাজৰিকাই কেইখনমান ভ্ৰাম্যমান নাটকতো সঙ্গীত পৰিচালনা কৰিছিল। মৃত্যুৰ আগে আগে তেওঁ লখিমী থিয়েটাৰৰ বাবে কেইবাটাও গীতৰ সুৰ কৰি থৈ যায়। লখিমী থিয়েটাৰৰ বাবে নিৰ্মল প্ৰভা বাইদেউৱে লিখা মুঠ ১১ টা গীতত তেওঁ সুৰ কৰি বাণীবদ্ধ কৰি থৈ যায়। কোনে বাৰু জানিছিল থিয়েটাৰৰ বাবে গোৱা – ‘হে দয়াময় কৰিছোঁ কাকুতি চৰণে শৰণ দিয়া,মিছা মৰীচিকা যাতনাৰে পৰা শ্ৰীঘ্ৰে মুকুতি দিয়া……’ আৰু ‘আকাশ আজি মোৰ নাই নাই,বতাহ নাই,নদী মৰু হৈ যায়….’ আদি গীত সমূহেৰে তেওঁ নিজৰ কথাকে কৈ গৈছিল বুলি ! সঙ্গীত জীৱনৰ খুব কম সময়তে শিল্পীজনে সকলো স্তৰৰ সঙ্গীত প্ৰেমী ৰাইজৰ শ্ৰদ্ধা,স্নেহাশীষ,মৰম আৰু আন্তৰিকতা লাভ কৰিবলৈ সক্ষম হৈছিল। অগ্ৰজ ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰেৰণাৰে অথচ তাতেই নতুনত্বৰে সজাই নিজস্ব বৈশিষ্ট্যৰ সুৰ সৃষ্টি কৰি অসমীয়া আধুনিক গীতৰ জগত খনত জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। কেৱল সুৰতেই নহয় তেওঁৰ কণ্ঠটো আছিল অপৰিসীম মাদকতা। তেওঁৰ –‘মোৰ মন বাগ….’,আগলি বতাহে কঁপালে কলৰে পাত….’, ‘মোৰ মন চাতকৰ কণ্ঠই….’, ‘কেতিয়াবা বেজাৰতে….’, মই যি বাটেৰে ওলালো আজি….’, ‘কৃষ্ণচূড়া….’, মোৰ মিনতি তৰা হয় যদি…’,সাৰ পাম মই পুৱতি নিশাতে….’ আদি গীতবোৰ শুনিলে আজিও হৃদয়ত যেন এক বুজাব নোৱাৰা আলোড়ণ সৃষ্টি হয়,অনুভৱ হয় তেওঁ যেন সুৰৰ সেতুৰে আমাক অন্য এখন জগতলৈ লৈ যায়।

জয়ন্ত হাজৰিকাই নেপথ্য কণ্ঠ শিল্পী হিচাপে কণ্ঠদান কৰা প্ৰথম কথাছবিখন আছিল ‘মণিৰাম দেৱান’। তাত তেওঁ ভূপেন হাজৰিকাৰ সঙ্গীত পৰিচালনাত পশ্চিমবঙ্গৰ বিখ্যাত গায়ক শ্যামল মিত্ৰৰ সৈতে দ্বৈত কণ্ঠত গাইছিল জনপ্ৰিয় গোৱালপৰীয়া লোকগীত ‘সোনাৰ বৰণ পাখিৰে…’গীতটো। তাৰ পিচত ভূপেন হাজৰিকা দেৱৰ দুখন ছবিত সহকাৰী সঙ্গীত পৰিচালক হিচাপে সুৰ ৰচনা কৰাৰ উপৰিও দুয়োখন ছবিতে একোটিকৈ গীতো গাইছিল। সেই গীত দুটা হ’ল – ‘জীৱনটো যদি অভিনয় হয়….’(লটিঘটি) আৰু ‘মৃত্যু সাবটি সমাধি তলিত অকলে আছোঁহি শুই….’(চিকমিক বিজুলি)। উল্লেখযোগ্য যে লটিঘটি ছবিত গোৱা গীতটোৰ দৃশ্যত তেওঁ অভিনয়ো কৰে মনীষা হাজৰিকাৰ লগত। তেওঁ স্বতন্ত্ৰ ভাৱে সঙ্গীত পৰিচালনা কৰা প্ৰথম কথাছবিখন আছিল অতুল বৰদলৈ পৰিচালিত-‘বনৰীয়া ফুল’। এই ছবিত তেওঁ সুৰ সংযোজনা আৰু আৱহ সঙ্গীত দুয়োটা দিশতে দক্ষতাৰ পৰিচয় দিছিল। এইখন ছবিৰে ভূপেন হাজৰিকাই কণ্ঠ দিয়া –‘ঐ নিলাজ পাহাৰ….’ গীতটি আজিও স্মৰণীয় হৈ আছে। ‘বনৰীয়া ফুল’ৰ পিচত তেওঁ ‘বৃষ্টি’, ‘ধৰ্মকাই’, ‘নিয়তি’ আদি ছবিৰো সঙ্গীত পৰিচালনা কৰে। উপেন কাকতিয়ে সঙ্গীত পৰিচালনা কৰা ‘ফাগুনী’ নামৰ ছবি খনতো জয়ন্ত হাজৰিকাই গীত গায়। জয়ন্ত হাজৰিকাই সহ্গীত পৰিচালনা কৰা শেষ ছবিখন আছিল ‘নতুন আশা’। জয়ন্ত হাজৰিকাই চাৰিখন তথ্যচিত্ৰৰো আৱহসঙ্গীত ৰচনা কৰিছিল। সেই কেইখন হ’ল – ‘হুইলছ এণ্ড দ্য হৰাইজন’ (Wheels and the Horizon), ‘ফ্লৰা এণ্ড ফ’না অৱ নৰ্থইষ্ট ইণ্ডিয়া’ (Flora and Fauna of Northeast India), ‘সন্মান’ আৰু ‘জ্যোতি চিত্ৰবন’।

সুধাকণ্ঠ ভূপেন দাৰ লগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত তেওঁ যোগদান কৰিছিল। ভূপেনদাই গালে তেওঁ গীটাৰ বজাইছিল। দুয়োজনে একেলগে অসমৰ গাঁৱে-নগৰে কত যে গীত গালে,বজালে! প্ৰায় এযুগ কাল এনেদৰে যন্ত্ৰ সঙ্গীত আৰু কণ্ঠ সঙ্গীতেৰে শ্ৰোতাৰ মন মুহি ৰাখিছিল এই মহান শিল্পী ভাতৃদ্বয়ে যৌথভাৱে। ইয়াৰ উপৰিও তেওঁ ভূপেনদাৰ লগত বাংলাদেশ,জাৰ্মান আদি দেশতো অনুষ্ঠান পৰিবেশন কৰি বিভিন্ন দেশৰ শিল্পী সকলক লগ পাই সঙ্গীতৰ পৰিসৰ বৃদ্ধি কৰিছিল। ১৯৭৩ চনত বাৰ্লিনত অনুষ্ঠিত বিশ্ব মহোৎসৱতো তেওঁলোকে যোগদান কৰিছিল। জয়ন্ত হাজৰিকাই যেন অনুভৱ কৰিছিল যে গীত গাবলৈকে কেৱল গীতৰ উদ্দেশ্য নহয়। সেই কথা হৃদয়ঙ্গম কৰিয়েই হয়তো তেওঁ ‘সুৰ বাহিনী’ৰ প্ৰধান উদ্যোক্তা হৈ পৰিছিল। তেওঁ সুৰ বাহিনীৰ শিল্পী তথা কৰ্মকৰ্তা সকলক লৈ বাটে বাটে গীত গাই জনসাধাৰণৰ পৰা সাহায্য গোটাইছিল দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰিবৰ বাবে। সুৰ বাহিনীত গীত গাই তেওঁ শ্ৰদ্ধাৰ মঘাই ওজাৰ চিকিৎসাৰ বাবেও সহায় আগ বঢ়াইছিল। কিন্ত্ত ভাগ্যৰ বিচাৰত তেওঁ মঘাই ওজাতকৈ আগতেই এই পৃথিৱীৰ পৰা বিদায় মাগিছিল। তেওঁ ভাবিছিল সুৰ বাহিনীক জাতীয় সংগঠন হিচাপে গঢ়ি তোলাৰ কথা। কিন্ত্ত ইয়াৰ বাবে তেওঁ কম সময় পালে। তেওঁৰ এই সুৰ বাহিনীৰ আদৰ্শই আজিও আমাৰ শিল্পী সকল তথা অসমীয়া ৰাইজক অনুপ্ৰেৰণা যোগাই আছে।

‘নতুন আশা’ কথাছবিৰ আৱহ সঙ্গীতৰ কামৰ বাবে ১৯৭৭ চনৰ ১২ তাৰিখে জয়ন্ত হাজৰিকা গৈছিল কলকাতালৈ। পিচে তাৰ পৰা তেওঁ আৰু ঘূৰি নাহিল,মাথোঁ ঘূৰি আহিল তেওঁৰ নশ্বৰ দেহা। হঠাতে অসুস্থ হৈ ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ নিশা কলকতাৰ পি.জি হস্পিটালত অসমবাসীৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে। এই দৰেই নৱগ্ৰহ শ্মশানৰ চিতাত বিলীন হৈ গ’ল অসমৰ এটি উজ্জ্বল প্ৰতিভা। হাঁহি হাঁহি জীৱন বুটলিবলৈ অহা জয়ন্ত হাজৰিকা ‘মৃত্যু গছকি সমাধি তলিত….’ বৰ সোনকালে শুই থাকিলগৈ। মাত্ৰ ৩৫ টা বসন্তৰ দুৱাৰদলি গছকা শিল্পীজনাই অসমবাসীক কন্দুৱাই অকালতে গুচি গ’ল। মাথোঁ কৈ গ’ল – ‘মই নাথাকিলেও সাজৰ তৰাই মোৰেই কথাকে ক’ব……’।

তেওঁ আঁতৰি গ’ল সঁচা,তথাপি জনতাৰ শিল্পীজনাই অসমী আইৰ সংস্কৃতিৰ বেদীত দি গ’ল কেতিয়াও মৰহিব নোৱাৰা সুৰৰ অঞ্জলি। আমি উঠি অহা নৱ প্ৰজন্মক এই মহান শিল্পী জনাৰ জীৱন অধ্যয়ণ কৰি তেওঁৰ গীতেৰে, তেওঁৰ সুৰেৰে, তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ প্ৰেৰণা দিলেহে জনতাৰ শিল্পী জনাক প্ৰকৃত সন্মান দিয়া হ’ব। অসমবাসী ৰাইজেহে বচাই ৰাখিব পাৰিব এই বিৰল প্ৰতিভা ভৰা শিল্পীজনাৰ সুমধুৰ স্মৃতি আৰু সৃষ্টিৰাজি।

(বিঃদ্ৰঃ- এই প্ৰৱন্ধত ব্যৱহাৰ কৰা তথ্য সমূহ জয়ন্ত হাজৰিকাৰ পৰিয়ালৰ লোক আৰু শুভাকাংক্ষীয়ে বিভিন্ন সময়ত তেওঁৰ বিষয়ে লিখা, লেখা সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে- নিবেদিতা হাজৰিকা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments