সু-সম্পৰ্ক – প্ৰদীপ কুমাৰ পাটোৱাৰী

লাহে লাহে তেওঁলোকে,
আমাৰ খবৰ নোলোৱা হ’ল;
হয়তো আমাক মনত নপৰা হ’ল!
আমাৰো খা-খবৰ লোৱা নহ’ল৷
কি জানো হ’ল!
কিয় খবৰ নোলোৱা হ’ল,
কিয়বা মনত নপৰা হ’ল?
কিয় বা নমতা হ’ল?
সময় নহ’ল?
নে সময় সলনি হ’ল?
আমিও কিবাকিবি,
হেৰোৱাৰ অভিমানত,
তেওঁলোকৰ খবৰ কৰা নাই!
খবৰ লোৱা নহ’ল,
বহুদিন পাৰ হ’ল,
অহা-যোৱাও নহ’ল৷
বিহুৱে-সবাহে লগালগি নাই,
বিয়া-পাৰ্বনে দেখাদেখি নাই৷
বহুদিন, বহু বছৰ গ’ল,
সকলো যেন সলনি হ’ল৷
পুৰণিচাম বুঢ়া হ’ল,
কোনোবাজন তপা হ’ল,
কোনোবাজন আকৌ শয্যাগত হ’ল!
দাড়ি-চুলি পকিল,
কোনোবা পৰিল,
কোনোবা সৰিল!
শিশুচাম ডেকা হ’ল,
দাড়ি-গোফে একাকাৰ হ’ল,
সকলোৱে দেখোন অচিনাকি হ’ল৷
কোনোবা বিদেশলৈ গ’ল,
স্বদেশত থাকিও কোনোবা,
বিদেশী যেন হ’ল!
মাতবোল নকৰা হ’ল,
খবৰ লোৱাৰ সময় নহ’ল৷
কোনেও কাকো খবৰ নকৰা হ’ল!
হয়তো,
“খবৰ কৰিব লগা” পাতত,
আমাৰ নামবোৰ মোচা গ’ল!
কোনেও কাৰো খবৰ লোৱাৰ,
সময় নাহিল!
আমাৰও অভিমান নাতৰিল!
এনেকৈয়ে,
মৰমৰ বান্ধোন চিঙি থাকিল,
এনেকৈয়ে,
সম্বন্ধৰ এখন ভাল নাটৰ,
যৱনিকা পৰিল৷
কিয় এই অভিমান,
কাৰ বাবে এই অভিমান?
অতি মৰম,
নে আন কিবা?
কিয় কাৰো সময় নোলাল?
এনেকৈয়ে মৰমৰ এনাজৰীত
মামৰ পৰিল৷
দুখন ঘৰৰ,
দুটি পৰিয়ালৰ, অথবা,
দুটি মনৰ মণিকোঠাত,
ঘূঁণে ধৰিলে৷
এনেকৈয়ে সকলো এদিন,
চিনাকি হৈয়ো,
অচিনাকি হৈ পৰিল৷
পিচৰ প্ৰজন্মই – কোন এওঁ,
কোন তেওঁ – বুলি,
পিচহুঁহুকি থাকিল৷
মৰমৰ এনাজৰীডাল
কোনেও নুবুটলিলে৷
কাৰো কাকো খবৰ লোৱাৰ,
অৱকাশ নহ’ল!
নতুন নতুন মানুহ আহিল,
নতুন নতুন সম্পৰ্ক গঢ়িল৷
আকৌ কিছুমান,
নতুন নতুন,
যোগ বিয়োগ,
আহি পৰিল৷
কিছুমানক
চুম্বকৰ এটি মেৰুৱে,
যদি আকৰ্ষণ কৰিলে,
আনটো মেৰুৱে,
কাৰোবাক বিদায় যাঁচিলে৷
এনেকৈয়ে ভালপোৱা,
ভাললগা ঘৰ এখন
বেয়ালগা হ’ল,
পুৰণি কথা-বতৰাবোৰ,
সাধুকথা হ’ল৷
এনেকৈয়ে —-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments