সেইদিনা আছিল এক এপ্ৰিল – নয়নমণি হালৈ

হাইস্কুলৰ আটাইতকৈ অঘাইটং, বাঘৰ আগতেল খোৱা ল’ৰাকেইটাই প্লেইন বনালে বোলে- আমি আজি শৰ্মাচাৰক ফুল বনাম৷ কিন্তু কেনেকৈ!

স্কুলৰ প্ৰথম শ্ৰেণীটোলৈ সোমাই অহা চাৰজনেই আছিল শৰ্মাচাৰ৷ স্কুলত আমি জোকাও ফৰিং চাৰ৷ কাৰণ চাৰে ফৰিঙৰ নিচিনা শ্ৰেণীটোত জপিয়াই ফুৰে৷ কিতাপখন মেলি লৈ এফালৰ পৰা মাতি যায়, কোনেও একো বুজি নাপায়৷ এনেয়ে কাৰোবাৰ পিঠিত বাঘঢকা দিয়া, চুলিকেইডাল ঘোটালি দিয়া এইবোৰ আছিল চাৰৰ ‘হাতৰ খজুৱতি’৷ ক্ষীণমীন চাৰে সদায় এটা হলৌ পেণ্ট আৰু হলৌমলৌ চোলা পিন্ধি আহে আৰু ককালত আটি আটি বেল্ট এপাত মাৰে৷ চিঁয়া ককালখনত পেণ্টটো অদ্ভুত ধৰণে ওলমি থাকে আৰু নাকৰ আগত ওলমি থকা চচমাযোৰৰ ওপৰেৰে চকুদুটা ফৰিঙৰ দৰেই নাচি থাকে৷ পেন্টৰ খোচনিত চিকনিডাল সদায়ে আনে, কলম হ’লে কোনোদিনে নানে৷ অৱশ্যে খঙত অগ্নিশৰ্মা নহ’লে চেকনিডাল সাধাৰণতে ব্যৱহাৰ নকৰে৷ ৰোলনং মতাৰ সময়ত সদায় সন্মুখৰ বেঞ্চত বহি থকা ল’ৰাটোৰ পৰা কলম খুজি নিয়ে৷ ল’ৰাকেইটাই ঠিক কৰিলে চাৰে ৰোলনং মাতিবলৈ যেতিয়া কলম বিচাৰিব তেতিয়া চাৰক এনে এটা কলম দিম, যিটো কলম দেখিবলৈ ধুনীয়া হ’ব ঠিকেই, কিন্তু তাৰ নিবটো হব ভঙা৷

মোৰ সেইসময়ত এটা চাইনিজ পেন আছিল৷ ডেৰ-দুই দশক আগৰ ছাত্ৰ-ছাত্ৰী সকলে ‘চাইনিজ কলম’ৰ গ্লেমাৰ কি বস্তু সেয়া নিশ্চয় জানিব৷ চোলাৰ পকেটত চাইনিজ কলম সুমুৱাই বাহিৰৰ ফালে সোপাটোৰ সোনালী অংশ উলিয়াই ৰখাটো এটা বেলেগ ধৰনৰ ‘চাল’ আছিল৷ চাইনিজ কলমটোৰ চিয়াঁহী ভৰোৱা কিটিপটোৱো আছিল বেলেগ৷ আন কলমত চিয়াঁহী ঢালি ভৰাব লাগে, চাইনিজ কলমৰ মুখখন দোৱাতত ভৰাই দিলে হ’ল, চিয়াঁহী নিজে নিজে সোমাই যায়৷ মোৰ কলমটো কিনাৰ বেছিদিন হোৱা নাছিল৷ কেৱল কিনাৰ দুদিনমান পিছতে হাতৰ পৰা পৰি নিবটো ভাঙি আছিল৷ দহ টকাৰে নিবটো কিনি লগাই দিলে হ’ল, কলমটো পুনৰ নতুন হৈ যাব৷

বাঘৰ আগতেল খোৱা কেইটাৰ চকুত পৰিল মোৰ কলমটোৰ ওপৰত৷ সিহঁতে মোক একপ্ৰকাৰ ঠিক কৰি পেলালে, যে প্ৰথম বেঞ্চত মই বহিম (এনেয়ে মই লাষ্ট বেঞ্চৰহে ছাত্ৰ), চাৰক কলমটো মই আগুৱাই দিম, চাৰে ৰেজিষ্টাৰ বহীত ‘প্ৰেজেন্ট’ লিখিবলৈ ঘঁহি থাকিব আৰু আমি চিঞৰি দিম- এপ্ৰিল ফুল, এপ্ৰিল ফুল৷ তাৰপিছত চাৰেও হাঁহিব, আমিও গিৰ্জনি মাৰি হাঁহিম৷

ভবামতেই কাম৷ শ্ৰেণী আৰম্ভ হোৱাৰ বেল পৰিল, স্বভাৱসুলভ ভংগীমাৰে চাৰ সোমাই আহিল, চচমাৰ ওপৰেৰে এবাৰ গোটেই ল’ৰাজাকক এক্সৰে কৰাদি চালে৷ ইয়াৰ পিচত মোৰ পাল আহিল৷ ৰেজিষ্টাৰ বহীটো মেলি হাতখন আগুৱাই দিয়াৰ লগে লগে মই মোৰ কলমটো আগুৱাই দিলো৷ চাৰে ধুনীয়াকৈ কলমটো লৈ “টুডেইজ ৰোলনং এক” বুলি মাত দিয়াৰ লগেলগে এক নম্বৰে চিঞৰি দিলে “প্ৰেজেন্ট চাৰ”৷ চাৰে প্ৰেজেন্ট লিখিবলৈ কলমটো ঘঁহিলে৷ তাৰপিচত দুবাৰমান জোকাৰিও চালে৷ পূৰ্ব পৰিকল্পনামতে ল’ৰাহঁতে গিৰ্জনি মাৰি উঠিল- এপ্ৰিল ফুল এপ্ৰিল ফুল৷

চাৰে এইবাৰ চচমাৰ ওপৰেৰে ল’ৰাহঁতলৈ চালে৷ ল’ৰাহঁতে দেখিলে ফৰিং চাৰৰ চকুত দুটা পকা অঙঠা তিৰবিৰাই উঠিছে৷ চাৰে এইবাৰ কৰিলে কি! কলমটো খোলা খিৰিকিৰে একেচাটে দলিয়াই দিলে৷ খিৰিকীৰ সিপাৰেই পুনী-মেটেকাৰে ভৰি থকা এটা খাল৷ খাল পাৰ হৈ কলম গৈ কোনোবা লংকাত পৰিল৷ মই বোলো- খা বাপ্পেকে মোৰ চাইনিজ কলমটো গ’ল৷ কিন্তু চাৰ ইমানতে ক্ষান্ত নহল৷

চাৰে এইবাৰ পেণ্টৰ খোচনিৰ পৰা তিৰতিৰিয়া চেকনিডাল উলিয়াই লৈ মোৰ ফালে আগুৱাই আহিল৷ সাক্ষাৎ যমনগৰীৰ কোনোবা যমৰ দূতক মই যেন সশৰীৰে দেখা পালোঁ৷ : ‘এপ্ৰিল ফুল হা এপ্ৰিল ফুল, আহ আজি তোৰ এপ্ৰিল ফুল উলিয়াই দিম’ বুলি চুলিকোচাত ধৰি মোক দাঙি লৈ যোৱাদি লৈ গৈ এইচা কোবন দিলে সেইদিনা, যে মোৰ এপ্ৰিল ফুল চকু আৰু নাকেৰে বাহিৰ হৈ গ’ল৷

বিশ্বাস কৰক, সেইদিনাৰ পৰা মই কাকো এপ্ৰিল ফুল কৰা নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক