সেই কথা কোৱা কলিজাটো(মূল: এডগাৰ এলেন প’ ( A tale tell heart)) – অনুবাদ: ৰাজশ্ৰী শৰ্মা

হয়, এইটো একেবাৰে সঁচা কথা যে মই বৰ অসুখীয়া হৈ পৰিছো৷ কিন্তু তুমি কিয় এনেদৰে কৈছা যে মই মোৰ বোধশক্তিও হেৰুৱাইছো? মোক পাগল বুলিয়েই বা ক’বা কিয়? মোৰ নিজৰ মন-মগজুৰ ওপৰত সম্পূৰ্ণ আধিপত্য আছে৷ মই পাগল নহয়, বুজিলানে? আৰু সঁচা ক’বলৈ গ’লে এই বেমাৰটোৰ কাৰণে মোৰ মনটো; নহয় কেৱল মনটোৱেই নহয়, মোৰ অনুভূতি, মোৰ ইন্দ্ৰিয় সকলোখিনিয়েই আগতকৈ বহুত বেছি শক্তিশালী হৈ পৰিছে৷ মোৰ শ্ৰৱণশক্তি হৈ পৰিছে অবিশ্বাস্যভাৱে সংবেদনশীল যাৰ ফলত আগতে নুশুনা শব্দ কিছুমানো এতিয়া মই শুনা পাওঁ৷ এতিয়া মই স্বৰ্গৰ ধ্বনি শুনিবলৈ পাওঁ, আৰু নৰকৰো৷

শুনা, শুনা! এতিয়া মই তোমাক ক’ম আচলতে নো কি ঘটিছিল মোৰ লগত৷ তেতিয়াহে তুমি গম পাবা যে প্ৰকৃততে মোৰ বোধশক্তি কিমান সুস্থ হৈ আছে৷

প্ৰথম সেই চিন্তাটো মোৰ মনত কেতিয়া আহিল মই ঠিক ক’ব নোৱাৰিম৷ মই যিটো কাম কৰিলো তাৰ তেনেকুৱা কোনো কাৰণ নাছিলেই আচলতে৷ সেই বুঢ়া মানুহজনক মই বেয়াও নাপাইছিলো৷ সঁচা অৰ্থত ভালেই পাইছিলো৷ তেওঁ মোৰ একো ক্ষতিও কৰা নাছিল বা কোনোদিনে তেওঁৰ টকা পইচাৰ প্ৰতিও মোৰ লোভ লগা নাছিল৷ মই ভাবো যে এই সকলোবোৰ একমাত্ৰ তেওঁৰ কুলক্ষণীয়া চকুটোৰ কাৰণেহে ঘটিবলৈ পালে৷

বুঢ়াজনৰ সেই চকুটো একেবাৰে শগুণৰ চকুৰ দৰে৷ সেই যে বীভৎস চৰাইটো অ’, কিবা জীৱ জন্তু যে মৰিবলৈ অধৈৰ্য্যভাৱে অপেক্ষা কৰি থাকে আৰু তাৰ পিছত যে মৰাশটোৰ ওপৰত পৰি এফালৰ পৰা টানি খুটিয়াই খুটিয়াই খায়৷

যেতিয়াই বুঢ়া মানুহজনে মোৰ পিনে চায়, তেওঁৰ সেই শগুণৰ দৰে চকুটোৰ ওপৰত দৃষ্টি পৰিলেই মোৰ তেজ গোট মৰা যেন লাগে৷ কিবা এটা যেন হিমচেঁচা অনুভৱ! বৰ অস্বস্তি পাওঁ মই, বৰ অস্বস্তি! সেইকাৰণে অৱশেষত মই মানুহজনক হত্যা কৰিবলৈ বাধ্য হ’লো, সেই চকুটোও মুদ খাব তেতিয়াহে, চিৰকালৰ বাবে!

তেন্তে তুমি ভাবা নেকি মই পাগল বুলি? পাগল এজনেতো একো পৰিকল্পনা কৰিব নোৱাৰে৷ কিন্তু তুমি মোক দেখিব লাগিছিল৷ গোটেই সপ্তাহটো মই বৃদ্ধজনক যিমান পাৰোঁ সংগ দিলো, বুজিছা৷ মৰমেৰে, বিশ্বাসভাজন বন্ধু হৈ৷

সদায় ৰাতি, প্ৰায় বাৰটামান বজাত মই লাহেকৈ তেওঁৰ কোঠাৰ দুৱাৰখন খোলো৷ যেতিয়া দুৱাৰখনৰ মাজেৰে মূৰটো সুমুৱাব পৰা হয়, তেতিয়া মোৰ মূৰটো সুমুৱাই দিওঁ৷ মোৰ হাতত ডাঠ কাপোৰেৰে ঢাকি এটা টৰ্চ লাইট লৈ যাওঁ যাতে কোনো পোহৰ ওলাব নোৱাৰে৷ কোঠাটোৰ সন্মুখতে শান্ত হৈ ৰৈ থাকোঁ, তাৰ পাছত লাহে লাহে কিন্তু বৰ সাৱধানে কাপোৰখনৰ এটা কোণ অকমাণ দাঙিলো যাতে পোহৰ অকমাণ সেই চকুটোৰ ওপৰত পৰে৷

সাতৰাতি মই এই কামটোৱেই কৰিলো, সাতটা দীঘল ৰাতি আৰু সদায়েই মাজৰাতিৰ সময়ত৷ কিন্তু প্ৰতিবাৰেই মই নিৰাশ হ’লো৷ চকুটো বন্ধ হৈ আছিল, সেইকাৰণে মোৰ কামটো কৰাটোও অসম্ভৱ হৈ পৰিছিল৷ কাৰণ বুঢ়াজনকটো মোৰ হত্যা কৰাৰ অভিপ্ৰায় নাছিল, তেওঁৰ চকুটোহে যত’ কূটৰ ঘাই৷ সেই বীভৎস চকুটো!

সদায় ৰাতিপুৱা মই তেওঁৰ কোঠালিলৈ গৈছিলো, একেবাৰে হাঁহি মাতি৷ ৰাতি টোপনি ভাল হ’ল নে সোধো৷ তেওঁ সপোনতো কল্পনা কৰিব নোৱাৰিছিল যে প্ৰত্যেক ৰাতি তেওঁ শুই থাকোঁতে মই চাই থাকোঁ৷

অষ্টম দিনা মাজৰাতি দুৱাৰখন খোলোঁতে মই অন্যদিনাতকৈ বেছি সাৱধান হৈ আছিলোঁ৷ ঘড়ীৰ কাঁটাকেইডালো মোৰ হাত দুখনতকৈ খৰকৈ ঘূৰিছিল যেন৷ মোৰ নিজৰ শক্তিৰ ওপৰত পূৰ্ণ বিশ্বাস আছিল আৰু সফলতা পাম যেনেই লাগিছিল৷

মই যেতিয়া দুৱাৰমুখত ৰৈ আছিলোঁ, তেতিয়া বুঢ়াজন শুই আছিল৷ হঠাৎ তেওঁ বাগৰ সলালে৷ তুমি ভাবিব পাৰা যে মই ভয় খালোঁ, কিন্তু নাই; মই ভয় খোৱা নাছিলোঁ৷ কোঠাটোও অন্ধকাৰ আছিল৷ মই জানো তেওঁ মোক দেখা পোৱা নাছিল৷ ময়ো লাহে লাহে দুৱাৰখন ঠেলিলোঁ৷ প্ৰথমতে মূৰটো সুমুৱালোঁ, তাৰ পাছত হাত দুখন৷ ঢাকি থোৱা লাইটটো হাততে লৈ আছিলোঁ৷ হঠাৎ মানুহজন বিছনাতে উঠি বহিল আৰু চিঞৰিলে, “কোন আছে তাত? “

মই মনে মনে একেথৰে থিয় দি থাকিলোঁ৷ প্ৰায় এঘণ্টাৰ ওপৰ সময় মই লৰচৰেই নকৰিলোঁ৷ বুঢ়াজন শোৱাৰো কোনো শব্দ পোৱা নাছিলোঁ৷ তেওঁ তাতে বহি আছিল, শুনিবলৈ চেষ্টা কৰি কৰি৷ তেনেতে মই এটা ক্ষীণ, ভয়াৰ্ত কান্দোন শুনিবলৈ পালোঁ৷ মই বুজিলো বেচেৰা বুঢ়াজনে ভয়তে কঁপি কঁপি বিছনাতে বহি আছে৷ মই যে তাত আছোঁ তেওঁ বুজি পাইছে৷ তেওঁ মোক তাত দেখা পোৱা নাছিল৷ মোৰ একো শব্দও শুনা নাছিল৷ তেওঁ মাত্ৰ মোক অনুভৱ কৰিছিল৷ বুজি উঠিছিল যে মৃত্যু এতিয়া দুৱাৰদলিত!

একেবাৰে লাহে লাহে অলপ অলপকৈ মই টৰ্চটোৰ ওপৰৰ পৰা কাপোৰখন আঁতৰালো৷ এটা ক্ষীণ পোহৰ তাৰ পৰা ওলাল আৰু গৈ পৰিল ক’ত – সেই শগুণৰ দৰে চকুটোত! মেলা ঢেল খোৱা চকুটো – ইমান ঘৃণনীয়! মোৰ খংটো বাঢ়ি গ’ল যেতিয়া দেখিলোঁ সেইটোৱেও মোৰ চকুলৈয়ে চাই আছে৷ বুঢ়া মানুহজনৰ মুখখনত মোৰ চকুৱে নপৰিল৷ কেৱল সেই চকুটো – সেই নীলা ঢেল পৰা মৰা মাছৰ দৰে চকুটো! উফ্, মোৰ গোটেই শৰীৰৰ তেজখিনি গোট মাৰিহে যাব যেন৷

তোমাক ক’লোনে মই, মোৰ যে আজিকালি শ্ৰৱণশক্তি আচৰিতভাৱে বাঢ়িছে? এতিয়া মই এটা ক্ষীণ, সৰু কিন্তু ঘন ঘন শব্দ শুনিবলৈ পালোঁ৷ ঠিক যেন দেৱাল ঘড়ী এটাহে৷ অ’, এয়া বুঢ়াজনৰ কলিজাৰ ঢপ ঢপনিহে আছিল৷ মই শান্তভাৱে থিয় হৈ থাকিবলৈ যত্ন কৰিলোঁ৷ কিন্তু, কিন্তু সেই শব্দটো দেখোন লাহে লাহে বাঢ়িহে আহিব ধৰিলে৷ বুঢ়াটোৰ ভয়টো বেছি হৈ গৈছে নিশ্চয়৷ শব্দটো বাঢ়িয়েই আছে, বাঢ়িয়েই আছে আৰু সেইটো শুনি শুনি মোৰ খংটোও বাঢ়ি গৈছে লাহে লাহেকৈ৷ বৰ কষ্ট পাইছিলো মই, বৰ কষ্ট! খঙতকৈও বেছি কিবা এটা যেন৷ সেই নিস্তব্ধ ৰাতিটোত, অন্ধকাৰ শোৱাকোঠাটোৰ ভিতৰত মোৰ খংটোও যেন আতংকলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছিল৷ সেই কলিজাটোও ইমান জোৰে জোৰে ঢপঢপাইছিল যে মোৰ বৰ ভয় লাগিছিল কোনোবাই শুনিব পাৰে বুলি৷ মই অধৈৰ্য্য হৈ পৰিছিলোঁ৷ সেই চৰম মুহূৰ্তটো আহি পৰিছিল আৰু কোঠাটোলৈ মই হুৰমুৰাই সোমাই পৰিছিলোঁ৷ “মৰি যা, মৰি যা! “ বুঢ়া মানুহজনে আতংকত চিৎকাৰ কৰি উঠিছিল এবাৰ৷ মই তেওঁৰ গাৰ ওপৰত উঠি লৈ বিছনাচাদৰকেইখনেৰে টানকৈ মূৰটো হেঁচা মাৰি ধৰিলোঁ৷

কলিজাটোৱে তেতিয়াও ঢপঢপায়ে আছিল৷ তথাপিও মোৰ ওঁঠত হাঁহি ফুটি উঠিছিল কাৰণ মই জানিছিলোঁ যে মই সফল হ’মেই৷ কলিজাটোৱে কিন্তু কেইমিনিটমান ঢপঢপায়ে আছিল৷ তাৰ পিছত বন্ধ হ’ল৷ বুঢ়াজন ঢুকাল৷ মই বিছনাচাদৰকেইখন গুচাই বুকুত কাণ পাতি শুনি চালোঁ৷ নাই, একো শব্দ নাছিল আৰু তাত৷ হয়, সি মৰিল! শিল এটাৰ দৰেই মৰি থাকিল সি৷ সেই চকুটোৱে আৰু কেতিয়াও মোক দিগদাৰ নিদিব!

সেইকাৰণেই তুমি মোক বলিয়া বুলি কৈছা ন? তুমি দেখিব লাগিছিল মই কিমান সাৱধানে কোনেও বিচাৰি নোপোৱাকৈ মৰাশটো লুকুৱাইছিলোঁ৷ প্ৰথমতে মই মূৰটো কাটিলোঁ, তাৰ পাছত হাত আৰু ভৰি দুখন৷ ইমান সাৱধানে কামটো কৰিছিলোঁ যে এটোপ তেজো মজিয়াত পৰা নাছিল৷

সেইখিনি কৰি মই কাঠৰ মজিয়াখনৰ তিনিখন তক্তা উঠালোঁ৷ মৰাশটোৰ টুকুৰাবোৰ তাৰেই ফাকবোৰত হেচি হেচি সুমুৱালোঁ৷ তাৰ পাছত আকৌ অশেষ যত্নেৰে তক্তাবোৰ পাৰি দিলোঁ৷ ইমান সুন্দৰ আৰু পৰিপাটীকৈ মই কামটো কৰিছিলোঁ যে কোনো মানুহৰ চৰ্মচকুৱে তাত একো পাৰ্থক্য বিচাৰি নাপাব৷

কামখিনি কৰি অটাওঁতেই দুৱাৰত কাৰোবাৰ কৰাঘাত শুনিলোঁ৷ পুৱতিনিশা চাৰি বাজিছিল যদিও বাহিৰত আন্ধাৰ হৈয়েই আছিল তেতিয়া৷ মোৰ ভয় লগা নাছিল, সেইকাৰণে মই দুৱাৰখন খুলিবলৈ গ’লো৷ দুৱাৰমুখত তিনিগৰাকী আৰক্ষী বিষয়া ৰৈ আছিল৷ ৰাতি হেনো ওচৰ চুবুৰীয়া এজনে বুঢ়া মানুহজনৰ চিঞৰটো শুনি পুলিচলৈ ফোন কৰিছিল; এতিয়া সেইকাৰণে তিনিও ঘৰটো পৰীক্ষা কৰিবলৈ আহিছে৷

মই তেওঁলোকক ভিতৰলৈ মাতিলোঁ৷ চিঞৰটো ময়েই সপোনত মৰা বুলিয়েই ক’লো৷ বুঢ়াজনে তেওঁৰ গাঁৱৰ ঘৰলৈ বন্ধু এজনক লগ কৰিবলৈ যোৱা বুলি কৈ থ’লো৷ মই পুলিচ কেইজনক গোটেই ঘৰটো ঘূৰাই পকাই দেখুৱালোঁ আৰু তন্ন তন্নকৈ বিচাৰিব ক’লো৷ অৱশেষত তেওঁলোকক মই শোৱাকোঠাটোলৈ লৈ গ’লো৷ মোৰ খুব ফূৰ্তি লাগিছিল, মনেৰে আমোদজনক খেল এটাহে যেন খেলিছো তেনেকৈয়ে তেওঁলোকক মই অলপ সময় বহি কথা পাতিবলৈ অনুৰোধ জনালোঁ৷

মোৰ শান্ত শিষ্টভাৱে কথা কোৱাৰ ধৰণটোৱেই তেওঁলোকক মোৰ কাহিনীটোত পতিয়ন নিয়াইছিল৷ তেওঁলোকেও মোৰ লগত বন্ধুসুলভভাৱেই কথা পাতিবলৈ আৰম্ভ কৰিলে৷ যদিও মই বেছ সপ্ৰতিভ ভাৱেই কথা পাতি আছিলোঁ তথাপিও কিন্তু মই মনেৰে তেওঁলোক গুচি যোৱাটোৱেই কামনা কৰি আছিলোঁ৷ মূৰটো বিষাইছিল আৰু কাণদুখনেৰে কিবা এটা অদ্ভুত শব্দ শুনি আছিলোঁ৷ মই সেইকাৰণে কথা বেছিকৈ ক’ব ধৰিলোঁ, আগতকৈ খৰকৈ৷ শব্দটোও লাহে লাহে স্পষ্ট হৈ আহিল৷ কিন্তু তেওঁলোক বহিয়েই আছিল৷

হঠাৎ মোৰ এনে লাগিল যেন সেই শব্দটো মোৰ কাণৰ ভিতৰত হৈ থকা নাই৷ কথাটো ভবাৰ লগে লগেই মই চাগৈ শেঁতা পৰি গৈছিলোঁ৷ মই সেইটো ঢাকিবলৈ আৰু খৰকৈ আৰু জোৰে জোৰে কথা ক’বলৈ ধৰিলোঁ৷ শব্দটোও বাঢ়ি আহিছিল৷ এইটো এটা ক্ষীণ, সৰু অথচ ঘন ঘনকৈ বজা শব্দ আছিল৷ ঠিক যেন দেৱালখনৰ সিফালে থকা ঘড়ী এটাহে! শব্দটো, এই শব্দটো যে মোৰ খুবেই চিনাকি৷ শব্দটো এতিয়া বাঢ়ি আহিছিল, আৰু বাঢ়িছে আৰু জোৰেৰে৷ এই মানুহকেইটা নাযায় কিয়? উফ্ আৰু জোৰেৰে বাজিছে শব্দটো৷ মই থিয় দিলো আৰু কোঠাটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ খোজকাঢ়িবলৈ ধৰিলোঁ৷ সেই বীভৎস শব্দটো পাতলাবৰ কাৰণে মোৰ চকীখনো মজিয়াত খুন্দিয়াই ঠকঠকাই দিলোঁ৷ মই আৰু জোৰেৰে কথা ক’বলৈ ধৰিলোঁ৷ তথাপিও মানুহকেইটা বহিয়েই থাকিল, আৰু হাঁহিলেও৷ সঁচাকৈয়ে সিহঁতে বাৰু একো শুনা নাইনে?

নাই, নাই! সিহঁতে শুনিছে! মই পূৰা নিশ্চিত৷ সিহঁতে কথাটো জানে৷ এতিয়া সিহঁতে মোৰ লগত খেল খেলিছে৷ মই সহ্য কৰিব পৰা নাই কথাবোৰ, সিহঁতৰ হাঁহি, সিহঁতৰ কথা আৰু আৰু সেই শব্দটো৷ ইমান ডাঙৰ শব্দ, ইমান প্ৰচণ্ড শব্দ৷ আস্ মোৰ মূৰটো ফাটি যাব যেন! ধং ধং ধং…. মই, মই আৰু সহ্য কৰিবলৈ নোৱাৰিলোঁ৷ মজিয়াৰ তক্তাবোৰলৈ আঙুলিয়াই চিঞৰি উঠিলোঁ, “অ’ মই তাক মাৰি পেলালোঁ৷ এইবোৰ উঠাই নিজে চাই ল তহঁতে! মাৰি দিলোঁ তাক মই৷ কিন্তু তাৰ কলিজাটোৱে এতিয়াও ঢপঢপাই আছে কিয়? এইটো বন্ধ নহয় কিয়? কিয়? কিয়?

Subscribe
Notify of
7 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সৌৰভ শৰ্মা
1 year ago

মজা লাগিল, সুন্দৰ অনুবাদ ।

ৰাজশ্ৰী শৰ্মা
1 year ago

ধন্যবাদ দাদা।

অবিনাশ শৰ্মা
1 year ago

ভাল লাগিল৷

Nilakshi Devi Deka
1 year ago

বহুত সুন্দৰ আৰু সাৱলীল অনুবাদ।

ডলী তালুকদাৰ
1 year ago

ভাল লাগিল। সুন্দৰ অনুবাদ

কমলা দাস
1 year ago

বৰ ভাল লাগিল ।ভয়ো লাগিল

Anonymous
1 year ago

বঢ়িয়া