সেই চোৰজন (মূল-ৰাস্কিন বণ্ড, অনুবাদ-স্বাগতা বৰুৱা)

অনিলক লগ পোৱাৰ সময়তো মই এজন চোৰেই আছিলো৷ যদিও তেতিয়া মোৰ বয়স মাত্ৰ পোন্ধৰ বছৰহে হৈছিল তথাপিও এই বৃত্তিটোত মই যথেষ্ট অভিজ্ঞ তথা সফল আছিলো৷

অনিলে মল্লযুঁজ এখন উপভোগ কৰি থকাৰ সময়ত মই তেওঁৰ সৈতে পৰিচয় হবলৈ আগবাঢ়িছিলো৷ তেওঁ আছিল প্ৰায় ২৫ বছৰীয়া এজন দীৰ্ঘকায় ক্ষীণ ব্যক্তি৷ দেখাত তেওঁক খুব মৰমীয়াল আৰু সৰল যেনেই বোধ হৈছিল, যিটো মোৰ বাবে আছিল অতি লাভদায়ক৷ মোৰ এনে লাগিছিল যেন মই অতি সহজেই এই ডেকাজনৰ বিশ্বাসৰ পাত্ৰ হব পাৰিম৷

“আপোনাক দেখাত প্ৰায় মল্লযোদ্ধা যেনেই লাগে“ – সময় অপব্যয় নকৰি মই অনিলৰ কাষলৈ গৈ তেওঁক উদ্দেশ্যি ক’লো৷ উচ্চ প্ৰশংসাই বন্ধু বৃদ্ধি কৰাত সহায় কৰে বাবে মই তেওঁক তেনেদৰে তোষামোদ কৰিলো৷

কিন্তু ওলোটাই যেতিয়া তেওঁও মোক একেই প্ৰত্যুত্তৰ দিলে মই কিছু পৰিমাণে লজ্জিত হ’লো, কিয়নো সেই সময়ত মই বহুত ক্ষীণ আছিলো৷ তথাপিও মই সেই ভাবটো প্ৰকাশ পাবলৈ নিদি তেওঁক ক’লো যে মাজে সময়ে মই মল্লযুঁজ কৰো৷

“তোমাৰ নামটো কি? “ – এইবাৰ অনিলে মোক মোৰ নামটো সোধাত মই নিজকে হৰি সিং বুলি পৰিচয় দি তেওঁক মিছা মাতিলো৷ প্ৰতি মাহতে একোটা নতুন নাম সলাই থকাৰ হেতুকে পুলিচ আৰু আগৰ মালিকবোৰৰ পৰা মই হাত সাৰি থাকো৷ চিনাকিপৰ্বৰ পাছত অনিলে মল্লযুঁজাৰুবোৰৰ সন্দৰ্ভত কিবাকিবি অলপ ক’লে কিন্তু তাত কবলগীয়া মই বিশেষ বিচাৰি নাপালো৷ তাৰপাছত অনিল আগবাঢ়ি গ’ল আৰু ময়ো তেওঁক অনুসৰণ কৰিলো৷ কিছুপৰৰ পাছত মই এটা আবেদনসূচক হাঁহিৰে তেওঁৰ হৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিলো৷ অনিলে মোক জনালে যে কাম কৰাৰ বিনিময়ত তেওঁ মোক কোনো ধৰণৰ মূল্য দিবলৈ অপাৰগ৷ কিছুসময় চিন্তা কৰাৰ পাছত মোৰ এনে বোধ হ’ল যেন অনিল নামৰ মানুহজনকলৈ মই কৰা ধাৰণাটো ভুল আছিল আৰু মই তেওঁ সুধিলো যে তেওঁ মোক খুৱাব পাৰিবনে নাই৷

“তুমি ৰন্ধা-বঢ়া কৰিব জানানে? “ অনিলে মোক প্ৰশ্ন কৰিলে৷

“হয়, জানো? “ – মই পুনৰ মিছাৰ আশ্ৰয় ল’লো৷

“ঠিক আছে তেনেহ’লে, তুমি ৰান্ধিব জানাই যেতিয়া মই তোমাক মোৰ লগত লৈ যাব পাৰো৷ “

ইয়াৰ পাছত তেওঁ মোক জুমনা চুইট শ্বপলৈ লৈ গ’ল আৰু জনালে যে মই বেলকনিতে শুব লাগিব৷ কিন্তু সেই নিশা মই হয়তো খুবেই ভয়ানক খাদ্য তৈয়াৰ কৰিলো যাৰ বাবে তেওঁ সেই সমস্তখিনি কুকুৰ এটাক খাবলৈ দি দিলে আৰু মোক তেওঁৰ ঘৰৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিলে৷ কিন্তু মই ক’লৈকো নগৈ সেই আবেদনসূচক হাঁহিটোৰে তেওঁৰ কাষতে ৰৈ থাকিলো আৰু উপায়ন্তৰ হৈ অৱশেষত অনিলেও নাহাঁহি নোৱাৰিলে৷ পাছত অনিলে মোক মৰমেৰে বুজালে যে তেওঁ মোক ৰন্ধা-বঢ়া শিকাব৷ তেওঁ ইয়াৰ লগতে মোক নিজৰ নামটো লিখিবলৈ শিকালে আৰু ক’লে যে কিছুদিনৰ পাছত সম্পূৰ্ণ বাক্য গঠন আৰু সংখ্যা যোগ কৰিবলৈও মই তেওঁৰ পৰা শিকিব পাৰিম৷ মই কৃতজ্ঞ হ’লো৷ মই জানিছিলো যে এবাৰ মাত্ৰ শিক্ষিত মানুহ এজনৰ দৰে লিখা-পঢ়া শিকি লব পাৰিলে মোৰ প্ৰাপ্তিৰ কোনো সীমা নাথাকিব৷

অনিলৰ বাবে কাম কৰি মই যথেষ্ট আপ্লুত হৈছিলো৷ পুৱা চাহকাপ বনাই উঠি বজাৰ কৰিবলৈ যাওঁতে মই নিতৌ এটকাকৈ লাভত থাকো৷ অনিলে হয়তো জানিছিল এই বিষয়ে কিন্তু তেওঁ কোনোদিন ইয়াক লৈ আপত্তি দৰ্শোৱা নাছিল৷ তেওঁৰ নিজা উপাৰ্জনো অনিয়মিত আছিল – কেতিয়াবা যদি কাৰোবাৰ পৰা টকা ধাৰলৈ আনিবলগীয়া হৈছিল তেন্তে কেতিয়াবা কাৰোবাক ধাৰলৈ দিব পৰাকৈ ধন ৰৈ গৈছিল৷ টকাৰ চেকখন পোৱাৰ আগলৈকে যেনেদৰে উৎকণ্ঠাত কটাইছিল চেকখন হাতত পোৱাৰ লগে লগেই কিন্তু উদযাপনত ব্যস্ত হৈ পৰিছিল৷ অনিলে হয়তো কোনো কাকতৰ বাবে লিখা-মেলা কৰিছিল, মুঠতে এক অদ্ভুত জীৱন-প্ৰণালী!

এদিনাখন আবেলি তেওঁ টকাৰ টোপোলা এটা হাতত লৈ ঘৰলৈ আহিল আৰু জানিবলৈ দিলে যে তেওঁৰ কিতাপ এখন প্ৰকাশকক বিক্ৰি কৰিছে৷ টকাখিনি ৰাতি তেওঁ শোৱা তুলিখনৰ তলতে থৈ দিয়া মই মন কৰিলো৷

অনিলৰ ঘৰত ইতিমধ্যে মই প্ৰায় এমাহেই চাকৰি কৰিলো৷ কিন্তু বজাৰৰ পৰা দুই- এটকা ইফাল সিফাল কৰাৰ বাদে আন একো চুৰি কৰা নাছিলো৷ তেনে সুযোগ বহুতো পাইছিলো, অনিলে আনকি ঘৰৰ চাবি এপাটো মোক দি ৰাখিছে যাতে তাক ব্যৱহাৰ কৰি ইচ্ছামতেই মই অহা-যোৱা কৰিব পাৰো৷ মই জীৱনত লগ পোৱা সকলোতকৈ বিশ্বাসযোগ্য ব্যক্তিজন তেখেত আৰু সেইকাৰণেই তেওঁক লুটাটো অনেক কঠিন আছিল মোৰ বাবে৷ লুভীয়াক লুটপাট কৰিব পাৰি কিন্তুু চিন্তাৰহিত ব্যক্তি এজনৰ তাত চুৰি কৰাটো আটাইতকৈ কষ্টকৰ৷ কিয়নো কোনো কোনো সময়ত এনে লোকে গমেই নাপাই যে তেওঁৰ তাত এটা চুৰি কাৰ্য সংঘটিত হৈ গ’ল আৰু এই কথাটোৱে চুৰিৰ সকলো আনন্দ নষ্ট কৰি পেলায়৷ এই সকলো ভাবৰ যতি পেলাই বাস্তৱলৈ ঘূৰি আহি মই নিজকে কৈ উঠিলো যে এইয়াই সময়, এতিয়াই যদি মই টকাখিনি চুৰ নকৰো অনিলে হয়তো এইখিনি তেওঁৰ কোনোবা বন্ধুৰ সৈতে উৰাই দিব, যিহেতু কামৰ বাবদ মোক তেওঁ কোনো পাৰিশ্ৰমিক নিদিয়ে৷

ৰাতিৰ সাজ খাই অনিল শুই পৰিছিল৷ বেলকনিৰে জোনৰ ৰশ্মিৰ কিছু অংশ সৰকি বিছনাখনত পৰিছিলহি৷ মই মাটিতে বহি পৰিলো আৰু গোটেই কথাখিনি এবাৰ জুকিয়াই চালো – এতিয়াই যদি টকাখিনি লৈ মই পলাই যাওঁ তেন্তে লক্ষ্ণৌ লৈ যোৱা ১০: ৩০ৰ ট্ৰেইনখন ধৰিব পাৰিম৷ গাত লোৱা কাপোৰখন আঁতৰাই মই লাহেকৈ অনিলৰ বিছনাৰ কাষলৈ চুঁচৰি আহিলো৷ তেওঁ শান্তিপূৰ্ণভাবে শুই আছে৷ পৰিষ্কাৰ মুখমণ্ডল, আনকি মোৰ মুখতে যথেষ্ট চিন আছে, যদিওবা সেইবোৰৰ বেছিভাগেই দাগ‌৷

হাতখন তুলিখনৰ তললৈ সুমুৱাই মই টকাখিনি বিচাৰিবলৈ লাগিলো আৰু এটা সময়ত যেতিয়া বিচাৰি পালো নিঃশব্দে তাক উলিয়াই আনিলো৷ অনিলে টোপনিতে হুমুনিয়াহ কাঢ়ি মুখখন মোৰফালে ঘূৰাই বাগৰ সলালে৷ মই ক্ষন্তেকৰ বাবে থতমত খালো আৰু তাৰপাছত যিমান পাৰো সোণকালে টকাখিনি হাতত লৈ কোঠাটোৰ পৰা ওলাই আহিলো৷

ৰাস্তা পোৱা মাত্ৰকে দৌৰিবলৈ আৰম্ভ কৰি দিলো৷ টকাখিনি মোৰ কঁকালৰ খোঁচনিত আছিল৷ ক্ৰমান্বয়ে দৌৰৰ গতি খোজলৈ পৰিণত হ’ল আৰু এপাকত এঠাইত ৰৈ মই পইছাখিনি গণিবলৈ ধৰিলো – মুঠ ছশ টকা, গোটেইকেইখন পঞ্চাশ টকীয়া নোট৷ ইমানখিনিৰেতো মই বেছ কিছু সপ্তাহ ধনী আৰবৰ জীৱন যাপন কৰিব পাৰিম৷

ষ্টেচন পোৱা মাত্ৰকে টিকট কাৰ্যালয়ৰ সন্মূখত ক্ষন্তেকো নোৰোৱাকৈয়ে মই প্লেটফৰ্মৰ ফালে অগ্ৰসৰ হ’লো (জীৱনত মই কোনোদিনেই টিকট কিনি নাপালো)৷ লক্ষ্ণৌ এক্সপ্ৰেচখন যাবলৈ ধৰিছিল যদিও গতি লবলৈ এতিয়াও কিছু বাকী আছিল৷ জাপ মাৰি ডবা এটাত মই উঠি লব পাৰিলোহেতেন, কিন্তুু কি এক সংকুচবোধে মোক আৱৰি ধৰিলে মই নিজেই কব নোৱাৰিলো আৰু সেইবাবেই মই তাৰ পৰা আঁতৰি অহাৰ সুযোগ হেৰুৱাই পেলালো৷ ট্ৰেইনখন ইতিমধ্যে গুচি গৈছিল, শূন্য ষ্টেচনটোত মই নিজকে অকলশৰে ৰৈ থকা পালো৷ নিশাটো কিদৰে কটাম মই তাৰ একো আওঁভাওঁ পোৱা নাছিলো৷ মোৰ কোনো বন্ধুবৰ্গও নাছিল কিয়নো মই এই কথাত বিশ্বাসী আছিলো যে বন্ধুবোৰে সহায়তকৈ বেছি অসুবিধাৰহে সৃষ্টি কৰে৷ তদুপৰি ষ্টেচনৰে ওচৰৰ কোনোবা হোটেলত থাকি অনাহকতে উদগ্ৰীৱতাৰ সৃষ্টি কৰিব বিচৰা মই মুঠেও নাছিলো৷ সেই সময়ত পৰিচিত এজনেই লোকৰ কথা মোৰ মনলৈ আহিছিল আৰু সেইজন হৈছে অনিল, যাৰ পৰা কিছু সময়ৰ পূৰ্বে মই টকাখিনি লুটি লৈ আনিছো৷ ষ্টেচনটো এৰি মই লাহে লাহে বজাৰৰ দিশে খোজ ল’লো৷

চুৰি জীৱনৰ অভিজ্ঞতাৰ পৰা মানুহৰ মুখবোৰ অধ্যয়ন কৰিবলৈ মই শিকি গৈছিলো৷ তেনেকৈয়ে গম পাইছিলো যে নিজৰ বস্তু হেৰুৱাৰ পাছত এজন লুভীয়া লোকৰ মনত ভয়ৰ সঞ্চয় হয়; ধনী ব্যক্তি এজন উগ্ৰ হৈ পৰে আৰু দুখীয়াই কথাটো ভাগ্যৰ লিখন বুলি নিৰ্বিবাদে স্বীকাৰ কৰি লয়৷ কিন্তুু মই জানো চুৰি কাৰ্যটো পোহৰলৈ অহাৰ পাছত অনিলৰ মুখখনত এটা বিষাদভাবে খেলা কৰিব, টকাখিনি হেৰুৱাৰ দুখত নহয় বৰঞ্চ বিশ্বাস ভংগ হোৱাৰ বাবেহে৷

কথাবোৰ ভাবি ভাবি মই মৈদান পালোগৈ আৰু লাহেকৈ তাৰে এখন বেঞ্চত বহি পৰিলো৷ ৰাতিটো যথেষ্ট ঠাণ্ডা, নৱেম্বৰ মাহৰ আৰম্ভণি আছিল তেতিয়া৷ লাহে লাহে মূষলধাৰে বৰষুণ পৰিবলৈ ধৰিলে৷ গাৰ চোলা পেণ্টযোৰ মোৰ শৰীৰত লিপিত খাই লাগি ধৰিছিলহি, শীতল বতাহ এজাকে মোৰ গালে-মুখে চুই গ’ল৷

মই পুনৰ বজাৰখনৰ ফালে গতি কৰিলো আৰু সুউচ্চ ঘড়ীটোৰ তলতে বহি পৰিলো৷ নিশা বাৰ বাজিছিল৷ হঠাৎ মোৰ টকাখিনিৰ কথা মনত পৰিল যিবোৰ ইতিমধ্যে বৰষুণত ভিজি গৈছে৷

পুৱা হয়তো অনিলে মোক সেই টকাৰ পৰাই দুটকামান দিলেহেতেন চিনেমা চাবলৈ বুলি৷ কিন্তুু এতিয়া এই গোটেইখিনিৰ মালিক মই৷ পূৰ্বৰ দৰে মই এতিয়া অনিলৰ খাদ্য তৈয়াৰ কৰিব অথবা বজাৰলৈ কিবা এটা আনিবলৈ বুলি দৌৰি যাব নোৱাৰিম, লগতে সম্পূৰ্ণ বাক্য এষাৰি শিকাৰ পৰাও মই বঞ্চিত হব লাগিব৷ চুৰিৰ উত্তেজনাই মোক এই সকলোবোৰ পাহৰাই ৰাখিছিল৷ মই জানো, লিখা-পঢ়াই মোক এই ক্ষুদ্ৰ টকাকেইটাতকৈও বহুত কিবাকিবি দিব পাৰে৷ চুৰি কৰাটো যেনেকৈ সহজ ঠিক তেনেকৈ চুৰি কৰি ধৰা পৰাটোও অসহজ নহয়, কিন্তু এজন প্ৰকৃতাৰ্থত ডাঙৰ, চতুৰ তথা সন্মানীয় ব্যক্তি হোৱাটো বেলেগ এটা বিষয়৷ মই উপলব্ধি কৰিব ধৰিলো যে জীৱনত ডাঙৰ মানুহ হবলৈ হ’লে মই অনিলৰ ওচৰলৈ ঘূৰি যাবই লাগিব৷

কথাখিনি বুজি উঠা মাত্ৰকে ততাতৈয়াকৈ মই অনিলৰ ঘৰটোলৈ উভতি আহিলো৷ কিন্তুু উভতি আহিহে বিচলিত হৈ পৰিলো কিয়নো ধৰা নপৰাকৈ টকাখিনি ঘূৰাই দিয়াটো মোৰ পক্ষে বৰ কঠিন৷ দুৱাৰখন নিঃশব্দে মেলি মই দুৱাৰমুখতে কিছুপৰ তভক মাৰি ৰ’লো৷ অনিল তেতিয়াও টোপনিত৷ টকাখিনি আগৰ ঠাইত থবলৈ মই হাতখন তেওঁ শুই থকা বিছনাখনৰ মুৰৰ শিতানৰফালে আগবঢ়াই নিলো৷ অনিলৰ নিশ্বাসৰ পৰশ মই মোৰ হাতত অনুভৱ কৰিছিলো৷ কিছুসময় জঠৰৰ দৰে ৰৈ থাকি মই টকাখিনি তুলিৰ তলত থৈ আঁতৰি আহিলো৷

পুৱা যেতিয়া সাৰ পাওঁ তেতিয়া দেখো যে সেইদিনা অনিলে নিজেই চাহকাপ তৈয়াৰ কৰিলে৷ মোক দেখা পাই তেওঁ হাতখন মোৰ ফালে আগুৱাই দিছিল – তেওঁৰ আঙুলিৰ মাজত পঞ্চাচটকীয়া নোট এখন৷ ধৰা পৰাৰ ভয়ত মোৰ বুকুখন কঁপি উঠিল৷

“কালি কেইটকামান যোগাৰ কৰিব পাৰিলো, এতিয়াৰে পৰা তোমাক নিয়মিত দৰমহা দিব পাৰিম‌“ – অনিলে কৈ উঠিল৷
মোৰ মনলৈ বল ঘূৰি আহিল, কিন্তুু নোটখন স্পৰ্শ কৰি অনুভৱ কৰিলো যে ৰাতিৰ বৰষুণত তিতি যোৱাৰ বাবে সেইখন এতিয়াও সেমেকি আছে৷

“আজিৰ পৰা তোমাক সম্পূৰ্ণ বাক্য গঠন কৰিবলৈ শিকাম৷ “ অনিলে পুনৰ ক’লে৷

অনিলে সত্যটো জানিছিল কিন্তু তেওঁৰ চকুত বা মুখত তাৰ কোনো চিন প্ৰকাশ পোৱা নাছিল৷ মই তেওঁৰফালে চাই মোৰ আবেদনসূচক হাঁহিটো মাৰিলো, কিন্তুু এইবাৰ কোনো চেষ্টা নকৰাকৈয়ে স্বতঃস্ফুৰ্তভাবে হাঁহিটো ওলাই আহিল৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments