সেই পখিলাটোৰ সাধু (প্ৰশান্ত কুমাৰ বৰা)

সেই পখিলাটোৰ সাধু

 

এজন মানুহে ক’ৰবাত পখিলাৰ লেটা এটা পাই ঘৰলৈ লৈ আনিলে আৰু তাক সযতনে থৈ দিলে। এদিন লেটাটোত সৰু ফাঁট এটা মেলা দেখা গ’ল। তেওঁ লেটাটোৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকি পখিলাটোৰ জন্ম যন্ত্ৰণা প্ৰত্যক্ষ কৰিবলৈ ধৰিলে। লেটাটোত মেলা সৰু ফাঁটটোৰে পখিলাটোৱে নিজৰ শৰীৰটো বাহিৰলৈ উলিয়াবৰ বাবে সংগ্ৰাম কৰাত লাগিল। কিন্তু হঠাতে ই ৰৈ গ’ল, যেন আৰু আগবাঢ়িবলৈ তাৰ শক্তিয়েই নোহোৱা হ’ল।

সেইবাবে মানুহজনে পখিলাটোক সহায় কৰাৰ সিদ্ধান্ত ল’লে। তেওঁ এখন কেঁচি আনি লেটাটোৰ বাকী অংশটো এৰুৱাই দিলে। পখিলাটো সহজেই ওলাই আহিল, কিন্তু তাৰ শৰীৰটো বীজলুৱা আৰু পাখি দুখন বৰ দুৰ্বল হৈ থাকিল।

মানুহজনে পখিলাটোক পুনৰ প্ৰত্যক্ষ কৰাত লাগিল। তেওঁ আশা কৰিছিল যে পখিলাটোৱে ক্ষন্তেক পিছতে তাৰ পাখি দুখন মেলি ধৰি শৰীৰটোক থিৰ কৰিব পাৰিব, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেনে কেতিয়াও নঘটিল। পখিলাটোৱে তাৰ অৱশিষ্ট জীৱনকাল ইফালে-সিফালে বগুৱা বায়েই ফুৰিলে, ই কোনোপধ্যেই উৰিব পৰা হৈ নুঠিল।

দয়ালু মানুহজনে খৰখেদা কৰিবলৈ গৈ কি অবিবেচক কাম কৰিলে, তেওঁ নিজেও বুজি নাপালে। আচলতে লেটাটোৰ পৰা নিজকে মুক্ত কৰিবলৈ কৰা সংগ্ৰামখিনি পখিলাটোৰ জীৱনৰ বাবে বৰ প্ৰয়োজনীয় আছিল। কাৰণ, এই সংগ্ৰামে পখিলাটোৰ শৰীৰত লাগি থকা বীজলুৱা তৰলখিনি এৰুৱাত সহায় কৰি তাৰ পাখি দুখনক উৰিব পৰাকৈ শক্তিশালী কৰি তুলিলেহেঁতেন।

আমাৰ জীৱন যাপনৰ বেলিকাও সময়ে-সময়ে সংগ্ৰামৰ মুখামুখি হোৱাটো অতি প্ৰয়োজনীয়। এক সংগ্ৰামহীন জীৱন-যাত্ৰাই আমাক পংগু কৰিও তুলিব পাৰে। যাৰ ফলত আমি যি হ’ব পাৰিলোঁহেঁতেন, তাত উপনীত হোৱাত ব্যৰ্থ হ’ব পাৰো। অন্যথা সেই পখিলাটোৰ দৰেই আমি চিৰদিনৰ বাবে উৰিবলৈ পাহৰিও যাব পাৰোঁ।

(ইংৰাজীৰ পৰা কৰা ভাৱানুবাদ: মূল লেখক অজ্ঞাত৷)

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
11 months ago

Comment text..