সেই শিক্ষক — জয়ন্ত আকাশ বৰ্মন

কাটি নিয়া ধাননি পথাৰত
চোপে-চোপে নৰাৰ মূঢ়া।
এই দুই হাতেৰেই কোৰ মাৰি
এন্ধাৰ জাৰণি ভাঙি এদিন তেওঁ‌
চাৰিটা বাঁহৰ খুঁটা পুতিছিল,
যিদুখন হাতেৰে আজি তেওঁ বিদায়ী পত্ৰখন তুলি লৈছে।
তেওঁৰ দুহাত কঁ‌পিছে, বুকুৰ উশাহ গোট মাৰিছে।

চাৰিখুঁ‌টাৰ এই পথৰুৱা ঘৰটোৰ মূধচত
কাঠৰ তক্তা এখনত
এদিন গাঁ‌ৱৰ অতনুৱে লিখি দিছিল, বকুলতল প্ৰাথমিক বিদ্যালয়।

কুঁ‌ৱলী ফালি অহা ৰ’দচেৰেঙাৰ দৰে
শিশুবোৰে হাতত চিলথ-পুথি লৈ মাটিৰ এই কেঁ‌চা বাটেদিয়েই অহা-যোৱা কৰিছিল।

মাটিৰ চিলথত খড়িমাটিৰে ঘঁহি-ঘঁহি
তেওঁ ছাত্ৰবোৰক যোগ-বিয়োগ অথবা ভগ্নাংশৰ অংক শিকাইছিল।
হৰ আৰু লব
লব আৰু হৰ
নৱকান্তৰ ভালপোৱা আকাশৰ কবিতাটো তেওঁ মাতি গৈছিল আগে-আগে
বাহিৰৰ বটগছৰ শিপাত বহি সিহঁ‌তে আওৰাই গৈছিল-
“ভালপাও পথাৰৰ ৰং সেউজীয়া,
ধাননি কঁ‌পাই বলা বতাহ বলিয়া।“
দিগন্তৰ পৰা যেন নামি আহিছিল জ্ঞান পোহৰ

যেতিয়া তেওঁৰ চাইকেলখন দেখা গৈছিল, ছাত্ৰ-ছাত্ৰীবোৰে দৌৰি আহি
বকুলবন বিদ্যালয়ৰ চোতালত শাৰী পাতি প্ৰাৰ্থনা জুৰিছিল।

তেখেতৰ চকুৰ আগতেই সিহঁ‌ত তৰপে-তৰপে ডাঙৰ হ’ল,
গুচি গ’ল,
আকৌ আন এটা তৰপ
আকৌ এটা …
তেওঁৰ বুকুত তৰপবোৰ জীৱাশ্ম হৈ বহি ৰ’ল।

সিহঁত মানুহ হ’ল, কোনোবা বিদেশলৈ গ’ল
কোনো ব্যৱসায়ী, কোনোবা শিক্ষক,
কোনোবা লেখক অথবা কোনোবা চিকিৎসক।

তেওঁ তেওঁ হৈয়েই থাকিল। মুখত বলিৰেখা পৰিল।
সংসাৰৰ ভাৰ বাঢ়িল, দেহৰ ভাৰ কমিল।

চকুৰ শক্তি কমিল, বিতচকুৰ পাৱাৰ বাঢ়িল।
তেওঁৰ ঘৰৰ খুঁ‌টাবোৰ পঁ‌চিল, চাল উৰুখি গ’ল।

থৰক-বৰক খোজেৰে এদিন তেওঁ ওলাই আহিল,
কেঁ‌চা ৰাস্তাটোৰে বকুলবন বিদ্যালয়লৈ গৈ থাকিল।

কোনেও তেওঁক নিচিনিলে, ঘৰটো পকী হ’ল, ৰাস্তাটোত শিলগুটি পৰিল।

বঁ‌টজোপা একেই আছে। গছ হেনো বাঢ়ি থাকে, নাথামে আমৃত্যু। গছে হেনো নাপাহৰে কাৰো স্মৃতি।

বটগছজোপাই এছাটি বা বলাই তেওঁক মাতিলে।
শিপাত তেওঁ বহি ল’লে। বুকু ভৰাই অম্লজান ল’লে।

এইখন বিদ্যালয়ৰ পৰাই তেওঁ অৱসৰ ল’লে, দৰমহা শব্দটো তেওঁ শুনিয়েই নাপালে।
স্কুলৰ সভাপতিগৰাকীয়ে বিদায় সভাত তেওঁক কৈছিল,
আপোনাৰ নিস্বাৰ্থ সেৱাৰ বাবে সময়ে আপোনাক মনত ৰাখিব।

হয়, বটগছজোপাই সময়।
বাকী আৰু কোনেও তেওঁক চিনি নাপায়।


Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
HRIDAY JAAN
1 year ago

অন্তৰ চুই গল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক