সেই সময়বোৰ – দিম্পল কলিতা

 

জীৱনটোৰ আটাইতকৈ ভাল লগা কিছু অভিজ্ঞতা বুকুত সদায় কঢ়িয়াই লৈ ফুৰিব পৰা সময়টোৱেই হ’ল শৈশৱ৷
সাঁতোৰ শিকিবলৈ পাগল আছিলো এটা সময়ত৷ কিন্তু ঘৰৰ মানুহৰ ভয়ত পানীত নামিবলৈ সাহস কোনোদিনে কৰা নাছিলো৷ একে লগৰবোৰে সাঁতুৰি থাকে আৰু মই স্কুলৰ পৰা আহি ভাতকাঁহী মাৰি ভাল ল’ৰাৰ দৰে দুপৰীয়া শুই চকু মোহাৰি সদায় পাৰত বহি সিহঁঁতৰ ফুৰ্তিবোৰ চাওঁ৷ ঘৰৰ পাছফালে পথাৰখনত ট্ৰেক্টৰে মাটি কাটি নিয়া দ দ ঠাইবোৰত পানী জমা হয় আৰু তাৰে মন পছন্দৰ খাল এটাত লগৰবোৰে পাছবেলা তিনি মান বজাতে আহি এঘণ্টা মান সাঁতুৰে আৰু তাৰে পিছৰ সময়খিনিত আকৌ ফুটবল খেলে৷ ফুটবল খেলত দৌৰা হয় বাবে সিহঁতে সাঁতুৰি অহাৰ অলপো চিন চাব নাথাকে৷ এদিন লগৰে এজনে খালৰ পৰা চিঞৰি কৈছিল, “তয়ো নামি আহ একো নহয় ঘৰত গম নাপায়, আমাক চা আজিলৈ গম পাইছে নেকি? “ এজনে কোৱা এই কথাখিনিয়ে মোকো কিবা এটা সাহস দিলে যদিও সেইদিনা খালত সাঁতোৰ শিকিবলৈ নানামিলো৷

পিছদিনা সাহস গোটালো৷ শুই থকাৰ এক্টিং কৰি মায়ে যেতিয়া তাতশাঁলত বহাৰ শব্দ পালো লাহেকৈ ঘৰৰ আগফালৰ দুৱাৰেদি ওলাই আহিলোঁ৷
সিহঁতৰ হাতত হাত দি নামি গ’লো৷ তেনেকৈ আৰম্ভ হ’ল মোৰ মিছন সাঁতোৰ৷ সেউজীয়াময় হৈ থকা বিশাল ধাননি পথাৰখনৰ মাজত সেই খালটো হোৱা বাবে বহুতে আমাক দেখি নাপাইছিল৷ তেনেকৈ চলি গৈছিল আমাৰ ফুৰ্তি আৰু সাঁতোৰ৷ কিন্তু এই ফুৰ্তি, সাঁতোৰ বেছি দিনলৈ নাথাকিল, আমাৰ ওচৰৰে দাদা এজনে গৰুক পানী খুৱাবলৈ আহি সেইপিনে যাওঁতে দেখিলে আমাক৷ বাকীবোৰৰ ঘৰলৈ গ’ল নে নগ’ল নাজানিলোঁ কিন্তু আমাৰ ঘৰত গৈ আমাৰ কাহিনীখিনি বহলাই ব্যাখ্যা কৰিলে৷ মই ফুটবল খেলি ঘৰ সোমাই দেখিলোঁ যে মাৰ চকুত কিবা বেলেগ চাৱনি, মুখৰ মাত এটাও নাই৷ অইনদিনা যেনেকৈ হাত মুখ ধোৱাই দিয়ে আজি নাই৷ সেইদিনা গধূলি মাক ভাল লগাবলৈ সোনকালেই কিতাপ মেলিলো, চাহ একাপৰ দেখা দেখিতো নায়েই, আনকি মুখেৰে মাত এষাৰো মতা নাছিল মায়ে৷ কিছু সময় পঢ়ি কিবা এটা খাবলৈ মন যোৱাত চিঞৰ এটা মাৰিছিলোঁ মাত্ৰ এনেতে আনিলে নহয় মায়ে তাঁতশালৰ সেই ফুল বচা বাঁহৰ সঁজুলি এবিধ হাতত৷

মায়ে দুকুব লগায়েই ক’লে, “ক সঁচা কথা তই শুবলৈ এৰি ক’ত গৈছিলি, কাৰ পুখুৰীত নামিছিলি? “ আৰু দুকুব৷
মই বাৰে বাৰে ক’লো, “নাই, মই নাই নমা পুখুৰীত৷ সি মিছা কৈছে, সি আজি ফুটবলত আমাৰ লগত হাৰিলত মই তাক বহুত জোকালো, জোকাওতে সি খঙতে তোমাক লগালে৷ হয় মই সোনকালে উঠিযোৱাটো হয় কিন্তু মই খেলিবলৈহে গৈছিলোঁ৷ “ – মায়ে অলপ বিশ্বাস কৰিলে৷
মায়ে দুদিন মান পিছত বাটত লগ পাওঁতে মোৰ সন্মুখতে দাদাজনক কথাটো ক’লে দাদাজনে ঠিক আছে বুলি গুচি গ’ল৷ কেইদিনমান মই সাঁতোৰ বিদ্যাৰ পৰা অলপ আঁতৰি থাকিলো৷ বিপদৰ বতাহজাক গুচি যোৱালে ৰৈ আছিলো৷
আকৌ দুদিন পিছত আৰম্ভ হ’ল মিছন সাঁতোৰ, চিধা সাঁতোৰৰ পৰা ইতিমধ্যে অমুকাই ওল্টা সাঁতোৰ দিব প’ৰা হ’লোয়েই৷ আনকো লাহে লাহে শিকাব পৰা হ’লো৷

দিনবোৰ গ’ল, পানী শুকাবলৈ ধৰিছে লাহে লাহে খৰাং নামিল গতিকে সাঁতোৰত বেছি সময় দিলো৷ এদিনাখন সাঁতোৰ সমাপ্ত কৰি যেতিয়া পাৰলে উঠি আহো হঠাত বুকুখন চিৰিং কৈ মাৰিলে “মোৰ কাপোৰযোৰ নাই“ ইফালে সিফালে ধাননিৰ মাজে মাজে বহুত দূৰলৈ বিচাৰিলো নাই ক’তো৷ খালটোৰ পাৰত বহি উচুপি বহুত সময় কান্দিলো৷

বিনা কাপোৰেৰে মই কেনেকৈ সেই মানুহৰ মাজেৰে ঘৰলৈ যাম, গধূলি আমাৰ চুবুৰীৰ সকলোবোৰে ৰাষ্টাতে ঠিয় হৈ আড্ডা দি থাকে৷ এখন গামোচা থকা হ’লেও কিবাকে পিন্ধি গ’লো হয়৷ এবাৰ ভাবিলো কচুপাত ল‌ওঁ, নাই কচুপাতো ফালিযোৱাৰ চাঞ্ছ আছে৷ লাহে লাহে সূৰ্যটো ৰঙা হৈ পাহাৰখনৰ পাছফালেৰে নোহোৱা হ’ল৷ বাকী লগৰ এজনৰ বাহিৰে লগৰ প্ৰায়বোৰ ঘৰা-ঘৰি গ’ল নিজৰ নিজৰ গৰুবোৰ লৈ৷
মোৰ পিঠিত মায়ে ফুল বচাটো খাটাং আজি, সেইবোৰ সহিম মই কিন্তু বিনাবস্ত্ৰে খোজ কাঢ়ি মানুহৰ মাজেৰে, উফ নোৱাৰো যদিও সৰু আছিলো লাজ কি জানিছিলো৷

গধূলি হ’ল নামঘৰৰ দবাৰ শব্দ আমাৰ কাণত পৰিছিল, লাইটবোৰো জ্বলিব ধৰিছে৷ লগৰ জনেও যাওঁ যাওঁ লগালে নহ’লে দেৰি হ’লে সিও ঘৰত মাৰ খাব৷ পথাৰখন খালি হ’ল সকলোৱে গৰুবোৰ নিলে লাহেকৈ ধানৰ মাজৰ পৰা ওলাই আহিলোঁ দুয়ো৷
তাৰ ওচৰত লাজ একো নাথাকিল মাজে মাজে সি হাঁহিছিল মোৰ অৱস্থা দেখি৷ মই তাক একো কব পৰা অৱস্থাত নাছিলোঁ একমাত্ৰ সি আছিল সেই আন্ধাৰৰ সময়ত পথাৰখনত৷ এখোজ দুখোজকৈ পথাৰৰ পৰা আমাৰ ঘৰৰ চুবুৰীটোৰ ৰাস্তাটোত উঠিলোঁ৷ আন্ধাৰত মানুহৰ মুখবোৰ নেদেখিলো যদিও কথা, হাঁহি ফুৰ্ত্তিবোৰ কাণত পৰিছিল৷

বহু সময় গছজোপাৰ ওচৰত জুপি কাণ থিয়কৈ ৰাখিছিলোঁ জানোচা মানুহবোৰ ঘৰত সোমাই৷
নাই এনেকৈ ৰৈ নাথাকো, লগৰজনলৈ চালো, “তই মোক এটা সহায় কৰিবি? “ সি অলপ পিছুৱাই গ’ল৷
সি ভাবিছিল তাৰ পেণ্টত মই চকু দিছোঁ৷
“তই মোক মাত্ৰ তোৰ গেঞ্জীতো দে, মই সেইটোৰে কিবা মিলাম“ – মই কথাষাৰ কোৱাত সি বেছি নাভাবিলে বিপদৰ বন্ধুৰ দৰে সি দিলে গেঞ্জীতো খুলি৷ মই দুই ভৰিৰে গেঞ্জিটো সোমোৱালো, পাক এটা মাৰি তাক মাত্ৰ কলো “ মই যাওঁ তোক কালিলৈ গেঞ্জীটো দিম“ এক, দুই, তিনি, মানুহবোৰৰ মাজেৰে ভিৰাই দৌৰি একেবাৰে ঘৰৰ চোতালত ব্ৰেক মাৰিলো যেন, এক সফলতা আছিল সেয়া৷
বাৰাণ্ডাত মা আৰু সেই দাদাজন বহি আছে, মাৰ কাষতে মোৰ সেই কাপোৰযোৰ আৰু কেঁচা চেকনী এডাল৷
মিছা কথা কোৱাৰ বাবে মাকৰ সংবিধানত থকা পুতেকক দিব পৰা শাস্তিৰ গোটেইখিনি শাস্তি সেইদিনা মই পালোঁ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments