সেউজীয়া পাতৰ স্মৃতি (দুলাল বৰুৱা) ২য-ভাগ

সেউজীয়া পাতৰ স্মৃতি (দুলাল বৰুৱা)

২য-ভাগ :-

যি নিজৰ নিজৰ ভাষা-সংস্কৃতিক জলাঞ্জলি দি অসম দেশৰ চেনেহী কোলাত সানমিহলি সংস্কৃতিৰে সামাজিক জীৱন, ধাৰ্মিক জীৱন, সাংস্কৃতিক জীৱন বিকশিত কৰি তুলিছিল, বিভিন্ন ভাষা-ভাষী বনুৱাহঁতে অসমীয়া ভাষা মিলাই এক নতুন ভাষাৰে সিহঁতে মনৰ ভাৱক কথাৰে / গীতেৰে প্ৰকাশ কৰিছিল | তাৰে আভাষ – “আসাম হামনিকে লাগে, হামনি আসামকে/হামনি চাহ জনজাতি লাগে আসামকে / চাহ বাগান আসামকে/..তাৰ ওপৰিও “ভাল কৰি খাইবি, ভাল মতন কাম কৰবিৰে, ভাল মতন দেখবি” ইত্যাদি | বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ জনগোষ্ঠীবোৰৰ মাজত বহুতো দেৱ-দেৱীৰ কাহিনীৰে ভৰপুৰ হৈ  আছে | ঝুমুৰ গীতবোৰ সিহঁতৰ মুখে মুখে প্ৰচলিত হৈ আহিছে | চাহ জনজাতিৰ মাজত থকা মানৱতাবোধ, সৌন্দৰ্য, সৃষ্টিৰ প্ৰতিভা আৰু সংমিশ্ৰিত সংস্কৃতিৰ মাজত কিমান যে লোক বিশ্বাস, অলৌকিক কাহিনী সোমাই আছে তাৰ লেখজোখ নাই | সেই কাৰণেই চাহ-জনজাতিটোৰ কাৰণে ঝুমুৰ গীত আৰু নৃত্য অতিকৈ আদৰৰ, অতিকৈ চেনেহৰ, বুকুৰ আপোন | ঝুমুৰ গীত আৰু নাচ চাহ জনজাতিৰ প্ৰাণ আৰু প্ৰেৰণাৰ উত্‍স, প্ৰীতি-প্ৰণয়ৰ চানেকী আৰু সম্প্ৰীতিৰ এডালি সোণালী সূঁতাৰ এনাজৰী | শ্ৰদ্ধা-ভক্তি, প্ৰেম-প্ৰীতি, মৰম চেনেহ, সুখ-দুখ, আনন্দ-বিষাদৰ প্ৰতিধ্বনি, ঝুমুৰ গীত বিলাকত ছন্দে, ছন্দে সুমধুৰ সুৰত শুণিবলৈ পাইছিলো |

“জগত মোহন কালা মকে দেলাই বড়ি জ্বালা ৰে

মহন কি বা জগ জানে না ?

বনিক বাহৰাই কুন দেখা গ’

নাম ধৰে কাহে বাঁশী ফুঁকেনা ?

মৰ স্বামী মকে কাহে পিটেনা…!!!”

 

বাগিচাত কাম কৰা বনুৱাবোৰে মতা-মাইকী উভয়ে দেহ আৰু মনৰ অৱসাদ ক্লান্তি গুচাবৰ বাবে মাইকীবোৰে নিজৰ হাতেৰে লাওপানী তৈয়াৰ কৰিছিল ঘৰতে, আমি সিহঁতৰ হাঁহি-স্ফূৰ্তিবোৰ আমাৰ ঘৰলৈকে লাইনৰ পৰা ভাহিঁ অহা শুনিছিলো | মই নিচেই সৰুৰে পৰাই এই লাওপানী গোন্ধটোৰ লগত একেবাৰে অভ্যস্ত হৈ পৰিছিলো | চাহ পাত আৰু লাওপানীৰ সানমিহলি গোন্ধটোত কিবা এক চিনাকী চিনাকী লগা মিঠা মাদকতা মই সদায় পাইছিলো |

বনুৱাবোৰৰ আৰু এটা অতি প্ৰিয় আৰু আকৰ্ষণীয় বস্তু হ’ল হিন্দী চিনেমা | সিহঁতে চিনেমাৰ ভাষা বুজক বা নুবুজক, নাম-ধাম জানক বা নাজানক, সেই বোৰৰ প্ৰতি তেওঁলোকৰ ভ্ৰুক্ষেপ নাছিল। চকুৰ তৃপ্তি আৰু কাণৰ তৃপ্তিয়েই উপভোগৰ উত্‍স | সেই কাৰণে চিনেমা চাই ভুলে-শুদ্ধই সিহঁতে হিন্দী চিনেমাৰ গীত বেসুৰাকৈ হ’লেও গাই আনন্দ পাইছিল | বাগিচাবোৰত শ্ৰমিক শ্ৰেণীক আনন্দত ৰাখিবৰ কাৰণেই মাহত এখন কৈ চিনেমা দেখুওৱাটো নিয়মেই আছিল | ওচৰৰ বাগিচাত কেনেবাকৈ চিনেমা দেখুৱাৰ খবৰ পালেই বাটকুৰি বাই হ’লেও সকলোৱে চিনেমা চাবলৈ গৈছিল | সেই চিনেমাবোৰৰ মাজতে সমস্যাজৰ্জৰ জীৱনৰ ঘাট-প্ৰতিঘাট, দুখ-কষ্টবোৰ পাহৰিব পাৰিছিল খন্তেকৰ কাৰণে হ’লেও | বনুৱাবোৰৰ আন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল প্ৰতি মঙ্গল বাৰ আৰু বৃহস্পতি বাৰে বহা হাট দুখন | হাটত সৰু-সুৰা বস্ত, কাপোৰ-কানিকে আদি কৰি নানা তৰহৰ কম দামী বস্তুৰ সমাহাৰ ঘটিছিল | সেই সময়ত বনুৱা শ্ৰেণীটো ইমানে সাধাৰণ আছিল যে চাহবাগিচাৰ বাহিৰে অন্য কোনো ঠাই দোকান-পোহাৰ চিনি নাপাইছিল | বাগিচাত কাম কৰা মানুহখিনিয়ে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বস্তবোৰ কিনি অভাৱ-অনাটনবোৰ দূৰ কৰিছিল | সিহঁতৰ পৃথিবীখনৰ পৰিসৰো সিমানতেই সীমাবদ্ধ আছিল |

চাহ জনগোষ্ঠীৰ বিয়া-বাৰু ক্ষেত্ৰতো বাগিচাৰ মানুহ খিনিয়ে যথেষ্ট আনন্দ-স্ফূৰ্তি কৰাটো নিয়ম আছিল | নিজৰ পৰম্পৰা অনুসৰি নিয়ম নীতি মানি সাধাৰণ ভাৱে গীত গাই, মাদল বজাই, নাচ-বাগ কৰি বিয়া অনুষ্ঠান আদি আনন্দময় কৰি তুলিছিল | বিয়া ঘৰত বিভিন্ন ৰকমৰ ফুল পাত আঁকি বিভিন্ন ৰঙৰ পাতল কাগজ কাটি ৰছীৰে বান্ধি বিয়াঘৰৰ আগচোতাল শিল্পীসুলভ প্ৰতিভাৰে সজাই-পৰাই বিয়াঘৰৰ পৰিবেশ সজাইছিল | বিয়াত অতিথি সুধিবৰ কাৰণে কলহে কলহে লাওপানী তৈয়াৰ কৰিছিল | দৰাই ধুতি-কামিজ পিন্ধি আৰু কইনাই চকমকাই থকা শাড়ী নিজৰ পছন্দ মতে পিন্ধি লগতে আ-অলংকাৰো পিন্ধি, নিজকে আকৰ্ষণীয় কৰি তুলিছিল | বিয়া-বাৰুত সকলোৱে মিলিজুলি লাওপানী খাই আনন্দত মতলিয়া হৈ পৰিছিল |

” কতি ধূৰে আহে বাবা হাথী বল ঘ্ড় গ’

কতি ধূৰে আহে বৰিয়াত |

কতি ধূৰে আহে বাবা নয়না সুন্দৰ বৰ

চান্দ সুৰূজ ট্গমগ |

দশ কোশে আহে বাবা হাথীৰে ঘ্ড়া গ’

বিশ কোশে আহে বৰিয়াত |

আশি কোশে আহে বাবা নয়ন সুন্দৰ বৰ…!!!”

ইয়াৰ উপৰিও চাহ জনগোষ্ঠীয়ে মহা পয়োভৰে পালন কৰে দূৰ্গা পূজা, লক্ষ্মী পূজাও | দূৰ্গা পূজাত দেৱীৰ দৰ্শন লাভ কৰাটো যেন মনোবাঞ্ছা পূৰণ কৰা উত্‍সৱ | পূজা বুলি নতুন কাপোৰ-কানি লৈ পুজা চাবলৈ যোৱাটো তেওঁলোকৰ এটা নিয়ম | তাৰ ওপৰিও হোলী উত্‍সৱত চাহ জনগোষ্ঠীসকলে হোলী গীত গাই নৃত্য কৰে | এই উত্‍সৱক “ফাগুৱা পৰৱ” বুলি কয় | এই উত্‍সৱত সিহঁতে হাতে হাতে ডেৰ-দুফুটৰ কাঠী একোডাল লৈ গোল হৈ ঘূৰি ঘূৰি গীত গাই নৃত্য কৰে, এই গীত “কাঠী নাৰৰ গীত” আৰু নৃত্যক “কাঠী নাচ” বুলি কোৱা হয় |

“লালে লালে ভাই, লালে লাল

বাগীয়ামে ফুল ফুটে, লালে লাল |”

 

” কাঠি বীৰবল কাঠি

কাঠিৰ পাশা খেলে ৰে

শুন বাছা নিমাই ৰে

চখে কাণে লাগে গেলে

মৰণ সমান ৰে ..!”

প্ৰথম অৱ্স্থাত চাহ জনগোষ্ঠীয়ে দীপাৱলী উত্‍সৱ পালন কৰা দেখা নাপাইছিলো যদিও পিছলৈ এই উত্সৱকো চাকি জ্বলাই উলাহেৰে পালন কৰিবলৈ লোৱা দেখা গৈছে | এনেকৈয়ে চাহ জনগোষ্টীবোৰৰ সংমিশ্ৰিত সংস্কৃতিৰ কোঁহে কোঁহে লুকাই আছে মানৱতাবোধ, সৌন্দৰ্যবোধ, সৃষ্টিৰ প্ৰতিভা, সামজিক সচেতনতা আৰু কৃষ্টি-সংস্কৃতিৰ মেটমৰা সম্ভাৰ |

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক