সেউজীয়া গান (মনোহৰ দত্ত)

আপুনি হয়তো জানে যে
জীৱনলৈ সুসময় সহজতে নাহে।

অবাক কৰি দুনয়ন
উৰি উৰি আহে কেতিয়াবা একো একোটি
সুমধুৰ ক্ষণ
গজি উঠে উৰণীয়া ডেউকা।

এদিন মইও
ডেউকা মেলি ভ্ৰমিলো নীলা আকাশ।

বোকোচাত বান্ধি আনিলো
কতনা জিকমিক তৰা
সৰ্বশৰীৰ তিৰবিৰ পোহৰেৰে ভৰা।

অজানিতে ভাঙি গ’ল সেই ডেউকা।

এতিয়া আকাশতো নাই মই
নাইযে মই ধৰাৰ বুকুত।

তথাপি মই যেন আজিও এক পথিক
সমুখৰ বাট হেৰুওৱা।

ৰাতিয়ে দিনে বুকুত বাঢ়িছে ভুলৰ হুল
বিদীৰ্ণ আজি সেউজীয়া।

টোপা টোপে সৰিছে কলিজাৰ তেজ
তেজ নহয় যেন একো একোটি প্ৰাৰ্থনা।

ঈশ্বৰ যদি আছে তেতিয়াও
ঈশ্বৰ যদি নাই তেতিয়াও
মৰুময় জীৱনত থাকিব ফুলি
এপাহি ফুল যুগমীয়া।

তুমি আপোন, তুমি সপোন, তুমি স্বাভিমান
তুমি হেঁপাহৰ এটি
সেউজীয়া গান।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments