সেউজী সপোন – নিকুঞ্জ কাশ্যপ

শাওণৰ পথাৰ৷ জীৱনে পথাৰত মৈ দি গৈছে৷ আজি ভূঁই ৰোব৷ বাকীখিনি ৰোৱা প্ৰায় শেষ হৈছেই এই কঁঠীয়াতলি দৰাহে আছেগৈ৷ মৈ দিয়াৰ লগে লগে পুঠি, খলিহনা, ডৰিকনা মাছ কেইটাই ঘোলাপানীত ওপৰলৈ মুখ উলিয়াই ওপঙি উঠিছে৷ পিছে পিছে জোন আৰু পখিলীয়ে এটা এটাকৈ মাছবোৰ বুটলিছে৷ সিহঁত দুয়োটায়ে বোকা পানীৰে লুতুৰি পুতুৰি৷ জোৰকৈ চিঞৰি মাছ এটা দেখুৱাই পখিলীয়ে জীৱন মোমায়েকক কৈছে –
“মামা এইটো ধৰিলো ’৷
তাৰপিছত কিমান যে ফূৰ্তি৷ হ’বই দিয়াচোন গৰমৰ বন্ধত চহৰৰ পৰা সিহঁতহাল গাঁৱৰ মামাকৰ ঘৰলৈ আহিছে৷ শাওণৰ পথাৰত খেতিয়ক মোমায়েকৰ লগত হেঁপাহ পলুৱাই বোকা খেলিছে, মাছ ধৰিছে৷ চহৰতনো সিহঁতে সেইবোৰ ক’ত দেখা পায় আৰু সেইকাৰণে সিহঁতে গাঁৱৰ মোমায়েকহঁতৰ ঘৰলৈ আহিলে যাবলে মনেই নকৰে৷ আনকি কেইদিনমানলৈকে মাক দেউতাকলৈও মনত নেপেলায়৷ জীৱনেও সেইকাৰণে সিহঁত দুয়োকে পথাৰলৈ লৈ আনিছে কেঁচামাটিৰ সোৱাদ দিবলৈ৷

তৰালিয়ে চাহ লৈ আহি ভাগিন-ভাগিনী দুয়োকে বোকাত উমলি থকা দেখি সিহঁতক কৈছে – “জোন, পখিলী বেছিকৈ বোকা পানীত উমলিলে জ্বৰ হ’ব, চাওঁ দুয়ো এইপিনে অহা মোমায়েৰৰ লগত জলপান খোৱাহি৷ আৰু কথা নুশুনিলে মই কিন্তুু মাৰাক ফোন কৰি কৈ দিম তেতিয়া কিন্তুু তোমালোকক লৈ যাবহি৷ ”
নাই সিহঁতে মামীয়েকৰ কথা ক’ত শুনে৷ ওলোটাকে জীৱনেও তৰালিকহে বুজনি দিলে – ” উমলিব দিয়াহে একো নহয়৷ এইখিনি সময় বোকা পানী খেলাৰে সময়৷ অকণমান কেঁচা মাটিৰ গোন্ধ সিহঁতেও লওকচোন৷ মুকলি পথাৰখন চাওক সিহঁতেও৷ খেতি কেনেকৈ কৰে শিকক৷ বাৰিষাৰ পথাৰৰ আমেজ লওক৷ আৰু এইবোৰেই এসময়ত সিহঁতৰ কাৰণে মধূৰ স্মৃতি হৈ ৰ’ব বুজিছা৷ আজিকালি ল’ৰা ছোৱালী বহু কমেহে এইখিনি সুখ পায়৷ গতিকে সিহঁতক মন ভৰি লব দিয়া আনন্দবোৰ৷ দুদিন পিছত আকৌ সেই চহৰৰ কোলাহলৰ মাজলৈ যাবগৈয়ে “৷

তৰালিয়ে একো নামাতিলে কথাখিনি তাইয়ো হয়তো উপলব্ধি কৰিলে আৰু হাতত কঠীয়া লৈ জীৱনে হাল আৰু মৈ দিয়া বোকাত বৰ হেঁপাহেৰে এমুঠি এমুঠিকৈ ভূঁই ৰুই যাব ধৰিলে৷ মামীয়েকক দেখি জোন আৰু পখিলীয়েও ভূঁই ৰোবলৈ শিকিলে৷ জীৱনে হালৰ গৰুহাল সামৰি একাষে থৈ জলপানৰ টোপোলাটো খুলি ল’লে৷ ভাগিন ভাগিনীয়েকক মাতি নি কাষত বহুৱাই পকা কঁঠালৰ সৈতে কোমল চাউলৰ জলপান খোৱাত লাগিল৷

হঠাতে তৰালিৰ ভূঁই ৰুই থকা অৱস্থাতেই পেটৰ ভিতৰত সৰু বিষ অনুভৱ কৰিছিল তাই৷ পথাৰৰ আলি এটাতে তাই লাহেকৈ বহিল৷ পুৱাৰে পৰা হেনো দুবাৰকৈ বমিও কৰিছে তাই৷ হলেও তাই মনে মনে বহুত সুখী হৈছিল৷ তাই নিজে অনুভৱ কৰিবলৈ লৈছিল পেটত এটি নতুন প্ৰাণে থিতাপি লৈছিল৷ পিছে নিজৰ মানুহজনকো কথাটো কবলৈ কিয়বা জানো তাইৰ লাজ লাগিছিল৷

তেনেতে সৰু ভাগিন-ভাগিনীয়ে আচহুৱাভাৱে মামীয়েকৰ মুখলৈ চাই সুধিলে কি হৈছে মামীৰ? তৰালিয়ে একো নকলে জীৱনৰ মুখলৈ চাই মিচিকিয়াই হাঁহিলে৷ জীৱনৰ বুজি পাবলৈ আৰু বাকী নাথাকিল৷ তৰালি নিশ্চয় মাতৃত্ব হোৱাৰ দিশে আগবাঢ়িছে৷ বহুদিনীয়া হেঁপাহ এটা পুৰণ হবলৈ গৈ আছে সিহঁত দুয়োৰে৷ সি মনতে ভাবিলে কঠীয়াখিনি ৰুই শেষ কৰি আজি আবেলিয়েই তৰালিক লৈ ডা° শ্ৰুতি মেডামৰ ওচৰলৈ যাব লাগিব৷ তাৰ মনত উৎসাহ আৰু পৰম আনন্দ৷

জীৱনে অনুভৱ কৰিছিল সিহঁত দুয়োৰে সপোনবোৰ শাওণৰ পথাৰখন দৰে সেউজীয়া হবলৈ গৈ আছিল৷ সি বৰ মৰমেৰে তৰালিৰ ওচৰলৈ আহি তাইৰ হাতত ধৰি ক’লে –
“এইখিনি মইয়ে ৰোব পাৰিম তুমি যোৱা আৰাম কৰাগৈ আৰু ইহঁত দুটাকো লৈ যোৱাগৈ৷ ’
জীৱনৰ কথা শুনি তৰালিয়ে ভাগিনহঁতক লৈ পথাৰৰ পৰা ঘৰলৈ উভতিল৷ জীৱনে পিছপিনৰপৰা কিছুপৰ একেথৰে চাই থাকিল সিহঁত যোৱাৰ পিনে সেউজীয়া কঠীয়া এমুঠি হাতত লৈ৷ দুপৰীয়া ৰ’দ পৰি পথাৰৰ কেঁচা আলিবোৰ তেতিয়া জিলিকি উঠিছিল৷ বগলি কেইটামান আহি শাৰী পাতি সন্মুখৰ আলিটোত বহিছিল৷ সি ততাতৈয়াকৈ বাকী থকা কঁঠীয়াখিনি ৰুৱাত লাগিল৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক