সেওঁতাত হেঁপাহৰ পলাশ- (নীত কাশ্যপ)

 

– – – সেওঁতা – – –

“যেতিয়া ভালপাব শিকিম,
তোমাকেই ভালপাম…
তেতিয়া নক’বা ইমান মৰম মোক নালাগে বুলি৷
দীঘলীয়া তোমাৰ সেওঁতাত মইয়ে আঁকিম
হেঁপাহৰ ৰঙা পলাশ৷’

নয়না উচুপি উঠিছিল৷ তাইৰ হাত এখন তেতিয়াও তন্ময়ৰ দুহাতৰ মাজত৷ জীৱনৰ সংগ্ৰামে তাৰ দুচকুৰ পানী বহুত আগতেই শুকুৱাই পেলাইছিল৷ আৰু এদিন নয়নাক নিজৰ পৰা আন এজনলৈ আঁতৰাই পঠিয়াব লগীয়াও হৈছিল এই সংগ্ৰামৰ বাবেই৷ দেউতাকৰ মৃত্যুৰ পাছত তাৰ ওপৰতেই আছিল তাৰ তলৰ দুই ভাইৰ জীৱন গঢ়াৰ দায়িত্ব৷ সি নয়নাৰ উকা সেওঁতালৈ চালে৷ পলম
হ’ল বহুত৷ প্ৰৌঢ় তাৰ হাতৰ সেন্দূৰৰ পৰশত দগমগাই উঠিল নয়নাৰ সেওঁতা৷
দ্বিতীয়বাৰলৈ


… … … … … … … … … …
– – – হেঁপাহ – – –

ওৰণিখন দীঘলকৈ টানি যেতিয়া তাই ভৰি চুইছিল বিনন্দ আৰু লীলাৰ চকু ভৰি আহিছিল৷ ওৰণিখন মূৰৰ মাজলৈ উঠাই দি লীলাই নয়নাৰ মুখনলৈ ৰ’ লাগি চাই ৰ’ল৷ যেন সাইলাখ প্ৰতিমাহে৷ বিনন্দৰ চকুলৈ চাইছিল তেওঁ৷ চকুত তেওঁৰ বান্ধ ভগা নৈ৷ অতদিনৰ দুখ যেন ভদীয়া লুইত হৈ বৈ অহিছিল বিনন্দৰ দুচকুৰে পাৰ ভাঙি৷ তেওঁৰ ভুলৰ বাবেই জানো প্ৰতিমাই চিপ লোৱা নাছিল৷ বুকু মোচৰ খাই গ’ল লীলাৰ৷ একমাত্ৰ জী প্ৰতিমা! প্ৰেমাস্পদৰ পৰা আঁতৰাই আনি
আনলৈ বিয়া দিব বিচৰাৰ পৰিনাম যে ইমান ভয়াবহ হ’ব পাৰে বিনন্দইও জানো ভাবিছিল! কিমান যে হেঁপাহ আছিল প্ৰতিমাক কইনা সাজত চোৱাৰ তেওঁৰ৷ ঘৈনীয়েক লীলাৰ হাতৰ টিপাত প্ৰস্তুত হৈ পৰিল বিনন্দ৷ নয়না জানো
প্ৰতিমাতকৈ কম৷ কোনোদিনেতো তাইক অকল বোৱাৰী বুলি ভবা নাই সিহঁতে৷ চকুপানীখিনি মচি নয়নাৰ হাত এখন তন্ময়ৰ হাতত তুলি দিলে তেওঁ৷ আজি যে তেওঁৰ অতদিনৰ হেঁপাহ পূৰ হ’ল৷

… … … … … … … … … …
– – পলাশ – –

প্ৰজ্ঞানৰ ফটোখনত শেষবাৰলৈ চাকিটো জ্বলাওঁঁতে বুকুৰ কোনোবা এটা কোণত বিষ এটা অনুভৱ কৰিছিল নয়নাই৷
– বকুল কিয় তোমাৰ প্ৰিয়?

– বকুলৰ সুগন্ধ মোৰ প্ৰিয়৷

– কিন্তু ই যে উকা! পলাশ মোৰ প্ৰিয়৷ পলাশৰ ৰঙা মোৰ প্ৰিয়৷ তোমাৰ সেওঁতাৰ সেন্দূৰকণৰ দৰে৷

মিচিকিয়াই কৈছিল প্ৰজ্ঞানে৷

নয়নাৰ বকুল উকা সেওঁতাত আজি পুনৰ তন্ময়ৰ পলাশ ৰঙা সেন্দূৰ৷ প্ৰজ্ঞানৰ মৃত্যুৰ পাছত ক’ৰবাৰ পৰা অনাই পলাশ এজোপা ৰুৱাইছিল নয়নাই পদূলিত৷ প্ৰজ্ঞানৰ অবৰ্তমানত এই পলাশজোপাই আছিল নয়নাৰ বিষণ্ণ মুহূৰ্তবোৰৰ সংগ৷ পলাশজোপাৰ পিনে আগবাঢ়িছিল নয়না৷ যেন প্ৰজ্ঞানৰ কাষলৈ গৈ অছিল তাই লাহে লাহে বিদায়পৰত৷
পলাশজোপাৰ তল পাই থমকি ৰৈছিল নয়না! সেয়া যেন তাই সদায় দেখি অহা ঠাইটুকুৰা নহয়৷ সেন্দূৰৰ টেমা এটাহে যেন উফৰি পৰিছে৷ সৰি পৰা পলাশেৰে ৰাঙলী গোটেই তলখন৷ হাজাৰ পলাশৰ মাজৰ পৰা হেঁপাহেৰে এপাহ তুলি লৈ সেওঁতাত লগাই বুকুলৈ চপাই ল’লে নয়নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments