সেমেকা ৰাতিৰ এটা জীপাল অনুভব ডঃ দিব্যজ্যোতি ওজা

কিছুদিন আগৰ কথা৷ এঠাইত জৰুৰী কাম এটা সম্পন্ন কৰি ঘৰলৈ উভতি আহিবলৈ লৈছো৷ দূপৰ বেলা; পুৱা লৰালৰিকৈ আহিব লগা হোৱাত একো খোৱা নহ’ল৷ ভোকতে পেটতো কলমলাই উঠিছে৷ তেনেকুৱাতে পৰিবাৰে ফোন কৰি জনালে যে ল’ৰাটো পুৱা আত্মীয় এজনৰ ঘৰলৈ লৈ গৈছিল, এতিয়া খবৰ দিছে তাৰ জ্বৰ উঠিছে৷ গতিকে ঘূৰি আহোঁতে তাকো লগতে লৈ আনিব লাগে৷ ততাতৈয়াকৈ আহি তাৰ ওচৰ পালোহি৷ কপালখনত হাত দি চাই দেখোঁ গৰম৷ চিন্তাত পৰিলোঁ, কিয়নো ৰবিবাৰে ডাক্তৰ এজন সতকাই পোৱা নাজায়৷ অবশ্যে ঘৰত পেৰাচিটামল জাতীয় দৰৱ আনি থোৱা আছিল বাবে মনত কিছু স্বস্তিও অনুভৱ হ′ল৷ তাকলৈ পুনৰ ঘৰলৈ বুলি বাট বুলিলো৷
সৰু উপপথটোৰ পৰা মূল পথেৰে কিছুদূৰ আগবাহোঁতেই সম্মুখত দেখা পোৱা হৃদয়বিদাৰক দৃশ্যটোৱে মোক থমকি ৰ‘বলৈ বাধ্য কৰিলে৷ পথৰ দাঁতিতে বহি আছে এজনী তিৰোতা মানুহ৷ পিন্ধনত এখন ফটা-চিটা কাপোৰ৷ মূৰত টানকৈ এখন মলিয়ন কাপোৰ বান্ধি থোৱা আছে৷ য‘ৰ পৰা নিগৰি বোৱা তেজেৰে মুখত কঢ়াল বান্ধিছে৷ বাইকখন পথৰ দাঁতিতে ৰখাই মহিলা গৰাকীৰ কাষ চাপি গ‘লো; কোলাত তিনিবছৰীয়া অসুখীয়া ল‘ৰাটো৷ ৰ‘দচাটিও বৰ চোকা৷ সদাব্যস্ত পথ৷ ওপৰেৰে প্ৰতি মুহূৰ্ততে অসংখ্য লোকে অহা–যোৱা কৰি আছে৷ কাৰো এখন্তেক থমকি ৰোৱাৰ অৱকাশ নাই৷ কাষতে এখন পাণ-তামোলৰ দোকান৷ দোকানীজনৰ কাষ চপাত তেওঁ জনালে যে মানুহগৰাকী মানসিক বিকাৰগ্ৰস্ত৷ কিছুপৰ আগেয়ে কোনো তীব্ৰ বেগী গাড়ীৰ খুন্দাত এই অৱস্থা হ‘ল৷ পকেটত খেপিয়াই চালো, ফোনটো নাই৷ হয়তো ভুলক্ৰমে আত্মীয়জনৰ ঘৰতে এৰি আহিলোঁ৷ উপায়ন্তৰ হৈ কিবা এটা উপায়েৰে চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈ দোকানীজনকে খাটিলো৷ তেওঁ বহুতো অসুবিধাৰ কথা দোঁহাৰিলে৷ এইবাৰ কাষতে চিগাৰেট হুপি থকা চেঙেলীয়া ল‘ৰা দুজনলৈ চালো৷ বিপদ বুজি তেওঁলোকেও লৰালৰিকৈ দুটান মাৰি বাইক ষ্টাৰ্ট দিলে৷ অথাই সাগৰত পৰা যেন পালো৷ এফালে কোলাত অসুখীয়া ল’ৰাটো আৰু আনফালে দুৰ্ঘটনাগ্ৰস্ত অসহায় মহিলাগৰাকী৷ কিংকৰ্তব্যবিমোৰ অবস্থাতে কিছু দূৰৈত এজন নিৰাপত্তাৰক্ষী লোকক দেখা পালো৷ আগুৱাই গৈ তেওঁক সমস্যাটো বুজাই কোৱাত, আস্বাস দিলে যে এই ক্ষেত্ৰত তেওঁ যিখিনি পাৰে কৰিব৷ মনলৈ কিছু সকাহ আহিল৷ তেওঁ লগতে এইটোও ক‘লে যে যিহেতু ল‘ৰাটো অসুখীয়া তদুপৰি এনেবোৰ দৃশ্য দেখাতো তাৰ পক্ষে উচিতো নহয় গতিকে সদ্যহতে তাক ঘৰলৈ লৈ যাব লাগে৷ মানুহজনৰ প্ৰতি কৃতজ্ঞতাত মোৰ অন্তৰ ভৰি পৰিল৷
ঘৰলৈ আহি ল‘ৰাটোক মাকৰ হাতত গটাই ঘটনাটো বিৱৰি কোৱাত তেওঁ সমানেই ব্যথিতহৈ পৰিল৷ কিছুসময়ৰ পাছত পুনৰ সেই স্থানলৈ গ‘লো যদিও তাত কাকো দেখা নাপালোঁ৷
ঘটনাটোৱে পুৰণি ঘটনা এটালৈ মনত পেলাই দিলে৷ মোৰ সৰুকালৰ কথা৷ মা, দেউতাৰ লগত লক্ষীমপুৰৰ মামাৰ ঘৰলৈ গৈছিলোঁ৷ সেইদিনা মামাহতঁৰ গাঁৱত ভাওনা-সবাহ আছিল৷ দিনটো আনন্দেৰে লৱৰি-ঢাপৰি ৰাতি ভাওনা চোৱাত ব্যস্ত৷ এনেতে কাষৰ গুণগুণনিটোৱে মোৰ একাগ্ৰতা ভংগ কৰিলে৷ মাৰ ফালে চাই দেখো তেওঁ উৎকন্থিতভাবে মূৰটো ডাঙি বাৰে বাৰে এটা দিশৰ ফালে চাই আছে৷ প্ৰকৃততে কি ঘটিছে সেই বিষয়ে বুজিব নোৱাৰিলো যদিও বিষয়টোৰ কেন্দ্ৰবিন্দু যে মোৰ দেউতা সেইটো বুজিব পাৰিলোঁ৷ মই ঠিয়হৈ মায়ে চাই থকাৰ পিনে ভালদৰে লক্ষ্য কৰিলো৷ নামঘৰৰ দাঁতিতে এটা পানী শুকাই যোৱা পুখুৰী৷ তাৰ মাজতে জ্বলি আছে একুৰা জুই আৰু তাৰ কাষতে বহি মানুহ এজনে কিবা এটা কৰি আছে৷ সেইজনক চিনি পাবলৈ মোৰ একমুহূৰ্তও নালাগিল৷ মোৰ দেউতা! একে লৰে গৈ তেওঁৰ ওচৰত হাজিৰ হলোঁগৈ৷ দেখা পালোঁ দেউতাই প্ৰকাণ্ড ধানখেৰ এমুঠাৰ পৰা অলপ অলপকৈ শুকান খেৰ জুইকুৰাত জাপি দিছে৷ পুঁহ মাহৰ ঠেটুঁৱৈয়ে ধৰা ঠাণ্ডাতো তেওঁ গাৰ এৰি চাদৰখন নিলগাই থৈ এটা আঘাত প্ৰাপ্ত কুকুৰক সেক দি আছে৷ হয়তো দিনত কোনোবাই মৰিয়াই তাৰ কঁকালটো ভাঙি পেলাইছে৷ অসহ্য যন্ত্ৰণাত তাৰ মুখেৰে গেঁঙনি বাহিৰ হৈছে৷ মোক দেখা পাই দেউতাই বৰ সকাহ অনুভব কৰিলে৷ তেওঁ ক‘লে –
“তুমি জুইকুৰা নুমাবলৈ নিদিবাচোন, মই এই আহিছো৷ “
অলপ পাছত কলপটুৱাৰ খোল এটাত এখোল জলপান লৈ তেওঁ পুনৰ উভতি আহিল৷ জলপানখিনি কুকুৰটোলৈ আগবহাইদি পুনৰ তাৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰিল৷ লাহে লাহে পূবে ঢলফাট দিলে, ভাওনাও ভাগিল আৰু কুকুৰটোৱেও কিছু সুস্থহৈ লেকেচিয়াই লেকেচিয়াই দুই এখোজ দিব পৰা দেখি দেউতাৰ মুখত হাঁহি বিৰিঙি উঠিল৷
মোৰ দেউতা সমাজৰ অগণন সাধাৰণ লোকৰ মাজৰে এজন৷ সময়ৰ পৰিবৰ্তন হ‘ল যদিও বৰ্তমানৰ যান্ত্ৰিকতাই দেউতাৰ অনুভূতি প্ৰৱন হৃদয় খনক স্পৰ্শ কৰিবগৈ পৰা নাই৷ হয়তো বাকী দিন কেইতাও তেনেদৰেই অতিবাহিত হ‘ব৷ কৰ্মসূত্ৰে মই ঘৰৰ পৰা নিলগত থাকো৷ কিন্তু যেতিয়াই ক‘ৰবাত কোনো বিপদগ্ৰস্ত প্ৰাণীক দেখা পাওঁ, সেই সেমেকা ৰাতিৰ উমাল অনুভূতিখিনি মনলৈ আহে৷ মোৰ মনটোৱে উচপিচাবলৈ ধৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments