সৈনিকে পিন্ধা এটা সেউজীয়া টুপী (দিগন্ত যাদৱ শৰ্মা)


(এক)

শিবিৰটোৰ নঙলামুখতে এটা বিশেষ কাইদাত বিজয়ে দেউতাকে চলাই অহা চাইকেল খনৰ ‘কেৰিয়াৰ’ টোত উঠি ল’লে । সি অলপ থিয় হোৱাৰ নিচিনা কৰিলে । দেউতাকে ধমক দিলে “অ’ই কি কৰিছ, পৰি গৈ মুখ থেকেছা খাবি দেখোন । ভালকৈ বহ ।” বিজয়ে যেনেকৈহে থিয় হৈ ‘কেৰিকাচাৰ’ কৰি আছিল, দেউতাকে অলপ ভয়েই খাইছিল । কাৰন চাইকেলৰ হেন্দেলত দুয়োফালে দুটা ডাঙৰ ডাঙৰ গাখীৰৰ পাত্র ওলোমাই থোৱা আছিল । অৱশ্যে গাখীৰৰ পাত্র দুটা ইতিমধ্যে খালী হৈ আছিল । বিজয়ৰ দেউতাকে গাখীৰৰ ব্যৱসায় কৰে । ঘৰতো তিনিজনী গাই আছে, ৰাতিপুৱাই ওচৰৰ চাৰিঘৰ মানৰ পৰাও বেছ কেইলিটাৰমান গাখীৰ সংগ্রহ কৰি অইন লোকৰ ঘৰে ঘৰে বিলায়গৈ । মাহৰ শেষত টকা পইচাকেইটা সংগ্রহ কৰে ।

দেউতাকে পিছফালে ঘূৰি চাই দেখে, বিজয়ে দেখোন এবাৰ সোঁফালে চাই এবাৰ বাওঁফালে চাই হাতখনৰে বিশেষ ভংগী এটাৰে ‘চেল্যুট’ মাৰি আছে ।ইফালে সিফালে চাই দেখে ওচৰে পাজৰে কোনো নাই । মাজে মাজে মূৰৰ ওপৰতো হাতবুলায় । দুয়োখন হাতেৰে মূৰটোত কিবা এটা ঠিকঠাক কৰি লয় আৰু তাৰ পিছত আকৌ ‘চেল্যুট’ দিয়া আৰম্ভ কৰি দিয়ে । দেউতাকে বিজয়ৰ মূৰটোলৈ চালে, একো নকলে আৰুমাত্র মনে মনে মিচিকিয়াই হাঁহি এটাহে মাৰিলে । বিজয়ে সোঁৱে বাঁৱে যাকে পাইতাকেই ‘চেল্যুট’ মাৰিবলৈ ধৰিলে । গছ-গছনি, খাল ডোং, এবাৰ মাকৰ সৈতে ছাগলীপোৱালী দুটাকো ‘চেল্যুট’ মাৰিলে । ছাগলী পোৱালী দুটাই ভয় খাই মাকজনীৰ তলতসোমাবলৈ চেষ্টা কৰি্লে । পথৰ কাষৰ খালটোত কেইবাটাও বগলীয়ে মাছ ধৰিবলৈ চেষ্টা কৰি আছিল । বিজয়ৰ ‘চেল্যুট’ দিয়াৰ ভঙ্গী দেখি সিহঁতকেইটাও ওপৰলৈ উৰা মাৰিলে । তাৰ হাঁহি উঠি গল । আহি আহি সিহতঁৰ সৰু চহৰ খনলৈ নতুনকৈ অহা ভিক্ষাৰীটোকো বাটতে পাই, তাকো এটা ‘চেল্যুট’ মাৰিলে । ভিক্ষাৰীটোৱে বোধকৰো খুব স্ফূর্তি পালে, লেতেৰা দাঁত কেইটা উলিয়াই ঢেকঢেকাই হাহিঁ মাৰি দুবাৰমান জপিয়ালেও আৰু তাকো এটা ‘চেল্যুট’ মাৰিলে । বিজয়ে দেখি খুব ভাল পালে, ভিক্ষাৰীটো অলপ মানসিকভাৱে অস্থিৰো নেকি !! যিয়েই নহওঁক এজনকটো সি ‘চেল্যুট’ দিয়া কাৰ্য্যটো বুজাব পাৰিলে । কিছুমান মানুহ ভিক্ষাৰীটোৰ দৰে উন্মাদ বাঅস্থিৰ কিয় হয়, দেউতাকক এদিন সি সুধিছিলো, কিন্তু দেউতাকে কথাটোত গুৰুত্বই নিদিলে । এইবোৰ কথাৰ কাৰনে দেউতাকৰ ওপৰত কেতিয়াবা তাৰ খুব খং উঠে । কিনো চিন্তা কৰি থাকে ইমানকৈ ।

বিজয় এটা এঘাৰ বছৰীয়া লৰা । দেউতাক আৰু ঘৰখনৰ জীৱন সংগ্রামে তাক যে একো কথাই শিকোৱা নাই তেনে নহয় । তথাপিও সি যে বহু কথাই নুবুজে । সি শুনিবলৈ পায় ৰাতি হ’লে মাক দেউতাকে বহুতো কিবা কিবিকথা পাতি থাকে । তাৰ বায়েকজনীৰ কথাই বেছিকৈ পাতে, তাইৰ বিয়াৰ কথা । ইস কিবা!! বিনন্দি বাৰ বিয়া দিবলগীয়া হ’লেইনে, তাতকৈ সাতবছৰ মানৰহে ডাঙৰ । ওচৰৰে গৌৰিবা, নমিতাবা, ৰেছমাবা তাৰ বায়েকতকৈ কিমান ডাঙৰ । সিহঁতে দেখোন পঢ়িহেআছে । বিজয়ৰ বায়েকলৈ বেয়া লাগিবলৈ ধৰিলে । তাই এদিন তাক কৈছিল “তই ভালকৈপঢ়া শুনা কৰিবি দেই । মইতো পঢ়িবলৈ নোৱাৰিলোৱেই ।” বিজয়ে ঘৰৰ অলপ অচৰপ কথাজানে । সিহঁতৰ ইমান টকা পইচা নাই, তথাপিও দেউতাক আৰু মাকে কেতিয়াও সিহঁতক খোৱা পিন্ধাৰ অনুভৱ হ’বলৈ দিয়া নাই । আচলতে বায়েকজনী পঢ়াত সিমান ভালো নাছিল। সিহঁত সৰু থাকোতে বোলে মাত্র এজনীহে গাই আছিল । দেউতাকে আনৰ খেতি পথাৰতকাম কৰিবলৈ লোৱাত, একেবাৰে সময় নাপাইছিল । আৰু সেয়ে বায়েকজনীৰ পঢ়া শুনাৰদিশটোত অৱজ্ঞা কৰাৰ দৰেহে হৈছিল । লাহে লাহেহে সিহঁতৰ অবস্থা অলপ উন্নতহ’বলৈ ধৰিলে ।

ধেৎ আজি কিবা এইবোৰ কথা ভাবিবলৈ পাৰি নেকি!! বিজয়েএইবাৰ দুয়ো হাত ওপৰ কৰি নিজৰে মূৰটো চুই চালে, মানে মূৰৰ ওপৰত থকা টুপীটোচুই চালে । সি চাইকেল খনৰ ‘কেৰিয়াৰ’ খনত ভালকৈ বহি ললে । মুখত এটা ভূবনবিজয় কৰা হাঁহি । বিজয়ে এইবাৰ ইমান সময়ে মাজে মাজে চুই থকা, মূৰৰ ওপৰতপিন্ধি থকা টুপীটো খুলি আনি আলফুলে দুই হাতৰ মাজত ল’লে ।

এটা টুপী ।
এটা উৱলি যোৱা টুপী ।
এটা ৰং ধূসৰ হৈ যোৱা টুপী ।
অ’ত ত’ত সূতা ওলাই থকা এটা টুপী ।
ভিতৰখন মলিয়ন হৈ অ’ত ত’ত কিবা কিবি লাগি থকা এটা টুপী ।
ভিতৰত কেঁচা পকা চুলি লাগি থকা কিবা এটা তেল মিশ্রিত গোন্ধ থকা এটা টুপী ।
কিন্তু এটা সেউজীয়া টুপী … … … … … …।
এজন সৈনিকে পিন্ধা টুপী … … … … … … ।
যি সৈনিকে আমাৰ দেশ খনক অনবৰতে ৰক্ষা কৰিবলৈ অঙ্গীকাৰবদ্ধ হৈ থাকে । তেওঁলোকৰ মাজৰে এজন সৈনিকৰ টুপী ।
যি সৈনিকে আমাক ভবাই তোলে ‘এইখন মোৰ দেশ আৰু মোৰ দেশক ৰক্ষা কৰাটো আমাৰ সকলোৰে পবিত্র কর্তব্য । দেশ বুলিলে আদেশ নালাগে ।’
যি সৈনিকৰ বুট জোতাৰ শব্দত আমাৰ মনত দেশপ্রেমৰ জোৱাৰ-ভাটা আনে ।
যি সৈনিকৰ এটা চেল্যুটত আমৰ হৃদয়ত দেশৰ প্রতি থকা শ্রদ্ধা ভক্তি জাগ্রত কৰে ।
ঠিক তেনেকুৱা এজন সৈনিকে পিন্ধা এটা সেউজীয়া টুপি…

(দুই)

বিজয়হতঁৰ চহৰ খনত বোলে আগতে ইমান অশান্তি নাছিল । মানুহো ইমানকৈ নাছিল ।অ’ৰ ত’ৰ পৰা বিভিন্ন মানুহ আহি সিহঁতৰ সৰু চহৰখনৰ জনবসতি বঢ়াবলৈ ধৰিছিল ।মানুহবোৰৰ অভাৱো বেছি হ’ল । বেছ মাটি বাৰী থকা মানুহবোৰে খেতি মাটিবোৰ নতুনকৈ অহা মানুহবোৰৰ পৰা বেছি টকা পাই বিক্রী কৰি পেলালে । কিছু মানুহে প্রকৃততে কোনোদিনে বোলে কোনো অভাৱেই অনুভৱ কৰা নাছিল, কাৰন তেঁওলোকৰ মাটিবাৰী যথেষ্ট আছিল । নিজৰ ওচৰে পাজৰে থকা মাটি বাৰী নথকা মানুহখিনিয়ে তেঁওলোকৰ পৰা অলপ কম দামতে কিছু মাটি কিনিব খুজিছিল যদিও নিদিলে । ফলত কৃষি-কর্মৰ লগত জড়িত থকা মানুহখিনিৰ খেতি পথাৰবোৰো ভাগত কমকৈ পৰিবলৈ ধৰিলে ।বিজয়ৰ দেউতাকে আগতে বেছি মাটি থকা সকলৰ পৰা মাটি লৈ খেতি কৰিছিল । পিছলৈ বিজয়ো তেঁওলোকৰ মাজলৈ অহাত প্রয়োজনবোৰো বাঢ়িবলৈ ধৰিলে । ঠিক তেনে এটা সময়তে দেউতাকে কষ্ট কৰি গাই এজনী কিনিছিল । এতিয়া তিনিজনীলৈকে বাঢ়িল । লগত আকৌ তিনিটা দামুৰি পোৱালীও আছে । আটাইতকৈ সৰুটোৰ বয়স সাত দিন হৈছেহে ।খেলিবলৈ খুব ভাল লাগে সেই দামুৰি পোৱালীটোৰ লগত । বাপৰে কি জাপ তাৰ !!আগত যিথাকে তাকে খুন্দিয়াই থৈ যায় ।

সিহঁতৰ শান্ত চহৰখনত মাজে মাজেকিবা কিবি অশান্তি হ’বলৈ ধৰিলে । বিজয়ৰ এইবোৰ কথা ভাল নালাগে । সিবিচাৰে বকুল, চেলিম, হাৰাধন, পণ্ডিতৰ পুতেক, গয়াৰী ককাৰ ঘৰত থকা বিজেন্দ্রহতঁৰ লগত টাংগুটি, ফুটবল খেলিবলৈ । স্কুলৰ পৰা আহি ৰকিবহঁতৰ পুখুৰীটোত বৰশীৰে মাছ টুপিয়াবলৈ । নহ’লে দৈমাৰী খুৰাৰ পৰা গল্পৰ নিচিনাকৈ কোৱা সিহঁতৰ চহৰৰ বহু পুৰণি কথাবোৰ শুনিবলৈ । কিন্তু এই গণ্ডগোলবোৰ হ’লেহে তাৰ এই ভাললগা কথাবোৰত খেলিমেলি লাগি যায় । কিয় যে এনে হয় ! দৈমাৰী খুৰা, পণ্ডিতখুৰা, মজিদ ককাৰ নিচিনা ইমান জনা বুজা মানুহবোৰেনো কিয় জধে মধে নিজৰ মাটিবোৰ নজনা নুশুনা লোক সকলক দি দিব লাগে ! এদিন বিজয়ে তাৰ দেউতাকে চেলিম আৰু বিজেন্দ্রৰ দেউতাকহতঁৰ লগত এইবোৰ কথা আলোচনা কৰা শুনিছিল ।

চহৰ খনত নিজৰ মাজতে অশান্তি বোৰ বাঢ়িবলৈ লোৱাত পুলিচ মিলেটাৰী বোৰো আহিবলৈ ধৰিলে । দুই চাৰি জনক মাজে মাজে ধৰিও লৈ যায় । মানুহ বোৰ ইমান বেয়া, কষ্টকৰি সঁজা ঘৰ বোৰ ৰাতি হলে জ্বলাই দিয়ে । বিজয়হঁতৰ দেউতাকৰ এই লৈ বৰ চিন্তা, ভয়ো খাইছিল । এনেবোৰ হ’লে মানুহবোৰৰ বৰ কষ্ট হয় । সি এবাৰ নিজে দেখিছে, সিহঁতৰ স্কুলখনতে মানুহবোৰ আছিলহি । স্কুলৰ চাৰে কৈছিল এই মানুহবোৰৰ ঘৰবোৰকোনোবাই ৰাতি জ্বলাই থৈ গৈছিল । কেইজনমান ডাঙৰ ডাঙৰ মানুহে কান্দিছিল । সিপ্রথমতে অবাক হৈ চাই আছিল, ইমান ডাঙৰ মানুহেও এনেকৈ কান্দেনে !বিজয়েকিন্তু লগে লগে বুজি পাইছিল অন্তৰত কিমান আঘাট পালে এজন মানুহে নিজৰ ল’ৰাছোৱালীৰ আগত ফেকুঁৰি ফেকুঁৰি কান্দিব পাৰে ! সি পৰা হ’লে তাত থকা তাৰ সমানবয়সৰ কেইজনক নিজৰ ঘৰলৈ লৈ আনিলেহেতেন । স্কুলখনত কিমানযে কষ্ট কৰি আছেতেওঁলোকে ! কেনে ফটা-ছিটা মলিয়ন কাপোৰবোৰ পিন্ধি আছিল সিহঁতে ! খাবলৈয়ো ভালকৈ পোৱা নাছিল । এনেকৈয়ে কেইবাদিনো যায় । ৰঙা লাইট লগোৱা কেইবাখনো গাড়ীতএসোপামান পুলিছ-মিলেটাৰীৰ লগত কেইজনমান লোক আহে, সভাও অনুস্থিত কৰে ।কিছুমান মানুহ আহি গানো গাই যায়হি । মানুহবোৰৰ মনবোৰ বোধকৰো অলপ ভাল লাগে, ভয়ো কমে আৰু আকৌ নিজ নিজ ঠাইলৈ উভতি যায় । কিন্তু হ’লে কি হ’ব, আকৌ কেতিয়াবাসেই বেয়া কামবোৰৰ পুনৰাবৃত্তি হয় ।

শেষত গৈ এদিন চহৰখনৰ পুৰণি মানুহখিনিয়ে কেইবাখনো সভা অনুষ্ঠিত কৰিলে । পোন্ধৰ কিঃমিঃ দুৰত থকা কিবাএটা ডাঙৰ অফিছলৈও ভালেকেইবাৰ গ’ল । এদিন সিহঁতৰ সৰু চহৰ খনত কেইবাখনো ট্রাকতবহু কিবা কিবি বস্তু লৈ সৈনিকৰ দল এটা উপস্থিত হ’লহি । আহিয়েই খালি হৈ থকামাটি এডোখৰত ঘৰ কিছুমান সাজিবলৈ ধৰিলে । এনেকৈয়ে দিনটো কাম কৰি সন্ধিয়াউভতি যায় । অলপ ডাঙৰ হোৱাত বিজয়ে কেইমাহমানৰ আগৰে পৰা দেউতাকৰলগতে চাইকেলত উঠি লোকৰ ঘৰত গাখীৰ বিলাবলৈ যোৱাটো আৰম্ভ কৰিছিল । দেউতাকৰো অলপ সহায়োহয়, এঠাইত চাইকেলখন ৰখাই সিও দুঘৰ মানত গাখীৰ দি আহেগৈ । সৈনিক কেইজনে ঘৰসাঁজি থকা ঠাইখিনি সিহঁতে গাখীৰ বিলাবলৈ যোৱা পথটোতে পৰে । সি দুদিনমান দেউতাকক কৈ চাইকেল ৰখাই তেওঁলোকৰ ঘৰ সঁজা কাৰুকার্য্যবোৰ চাইছিল । দেউতাকেতাক কৈছিল সৈনিকসকল থকা তেনে ঠাইক সৈনিক শিবিৰ বুলি কোৱা হয় । বাঃ কিমানখৰকৈ আৰু সুন্দৰকৈ কৰিব পাৰে তেওঁলোকে এই কামবোৰ । বিজয়ে দেউতাকৰ পৰা এইকথাটোও জানিছিল যে, তেঁওলোকৰ মাজত বোলে সকলো ধৰণৰ কাম কৰিব পৰা লোক থাকেআৰু বেছ পাকৈতো । অতি সোনকালে কেইবাটাও কোঠালীৰ ঘৰৰে এটা সৈনিক শিবিৰ সাজুহৈ পৰিল । তেঁওলোকে সেই ঠাইত দুটামান টম্বুও সাঁজিছিল । আৰু এদিন সঁচাসচিকৈ বিশ পঁচিশ জনীয়া সৈনিকৰ দল এটা আহি তাত থাকিবলৈ লৈছিল ।

সেইপিনেৰে গাখীৰ দিবলৈ যাওঁতে এদিন এজন সৈনিকে বিজয়ৰ দেউতাকক ৰখাই কিবা সুধিছিল । বিজয়ে দুই এটা হিন্দী বুজি পায়, ক’বহে নোৱাৰে । সৈনিকজনে তেঁওলোকৰ শিবিৰটোত কিছু গাখীৰ দিব পাৰিব নেকি সুধিছিল । দেউতাকে পিছতহে এইবিষয়ে জনাব পাৰিব বুলি সৈনিকজনক কৈছিল । ৰাস্তাত আহি থাকোতে বিজয়ে দেউতাকক অনুৰোধ কৰিছিল “দেউতা, তেঁওলোকক কালিৰে পৰা গাখীৰ দি দিয়ানা, তুমিয়ে দেখোন কোৱাযে সৈনিকবোৰ আমাৰ চহৰখনৰ ভালৰ বাবেহে আহিছে । সৈনিকবোৰ থাকিলে আমাৰ চহৰখন শান্ত হৈ থাকিব । তেঁওলোকক আমি যি পাৰো সহায় সুবিধাহে কৰি দিব লাগে ।” দেউতাকে মিচিকিয়াই হাঁহিলে কিন্তু একো নক’লে । দেউতাকৰ লগত বাৰে বাৰে এই সমস্যাটোৱে হয় ৷ একো নকয় হাঁহি এটা মাৰি কেৱল মনে মনে থাকে । বিজয়ৰো ইয়াতএটা স্বার্থ নিহিত হৈ আছিল । এই সুবিধাতে বিজয়েও শিবিৰ টোত সোমাই ৰেহ-ৰূপবোৰ চাব পাৰিব । তাৰ খুব ভাল লাগে আৰু আচৰিতো হয় কেনেকৈ সদায়ে সৈনিকবোৰে ইমান ধুনীয়াকে ‘পলিছ’ আৰু ইস্ত্রি কৰা জোতা মোজা আৰু পেন্ট-ছার্ট পিন্ধি থাকে । বিজয়ৰ আটাইতকৈ ডাঙৰ দুর্বলতাটো আছিল সেউজীয়া টুপিটো । বাঃ, টুপী এটা পিন্ধি থকা সৈনিক এজনক দেখিলে এনে লাগে তেঁওহে যেন এই পৃথিবীৰ আটাইতকৈ গুৰুত্ব থকা প্রধান ব্যক্তি ।

দিনটোৰ কথাবোৰ ভাবি ভাবিয়ে বিজয় বিছনাতপৰিল । বিনন্দিবাক সি দিনটোত কি কি হয় সকলো কথা খুলি কয় । সি আজিৰ দিনটোৰ কথাটোও কলে, সেই যে সৈনিক জনে গাখীৰ লোৱাৰ কথা কৈছিল । তাকে শুনি বিনন্দিয়ে তাক ক’লে “অ’ সেইকাৰনে মায়ে আজি ৰশ্মিহঁতৰ ঘৰলৈ গৈছিল, দহ দিনমান আগতে সিহঁতৰ সিন্ধ্রী গাইজনীয়ে পোৱালী জগাইছিল নহয় । দুই লিটাৰমান গাখীৰ দিব পাৰিবনে নাই সুধিব গৈছিল ।”
-“কি ক’লে, কি ক’লে… পাৰিবনে দিব”- বিজয়ে উত্রাৱল হৈ সুধিলে ।
-“মই কি জানো, মাক সোধগৈ”- বিনন্দিয়ে উত্তৰ দিলে ।
এক জাপে বিজয়ে বিছনাৰ পৰা উঠি মাকৰ ওচৰ পালেগৈ । মাকে চাকি এটাৰে পোহৰ কৰি পুখুৰীটোৰ পাৰত বহি বাচনবোৰ মাজি আছিল ।
মাকে বিজয় অহা দেখি খং কৰিলে -“তোক কৈছিলোনে মই শুই থাক বুলি, কিয় উঠি আহিলি”
-“নহয় মা, ৰশ্মিহতেঁ কাইলৈ গাখীৰ দিব পাৰিবনে ? পাৰিব নহয়নে মা, তেতিয়া আমি কাইলৈৰ পৰাই শিবিৰত গাখীৰ দিবলৈ যাব পাৰিম”
-“কি সুধিব আহিছ তই এইবোৰ, এইবোৰ কথা তোৰ দেউতাই ভাবিব । শুই থাকগৈ যা, অই’ বিনন্দি ইয়াক লৈ যা” –মাকে এইদৰে চিঞৰিলে । মাকৰ ভাল নালাগিল । পঢ়াশুনা কৰি থকা ল’ৰাটোৱে এতিয়া এইবোৰ চিন্তাহে মূৰত লয় । কিবা এটা কৰিব লাগিব, দেউতাকৰ লগত কালিৰে পৰা গাখীৰ দিবলৈ যোৱাটোৱেই বন্ধ কৰিব লাগিব ।

দেউতাকে বাঁহৰ জপনাখন বান্ধিবলৈ গৈছিল । তেঁও মাক পুতেকৰ কথাবোৰ শুনি আছিল, হাঁহিও উঠিছিল । খং নকৰিলে, বিজয়ৰ ওচৰলৈ আহিল । দেউতাকক দেখি সি ভয় খালে গালি শুনিব লাগিব বুলি । দেউতাকে তাৰ উৎসু্কতাৰ কাৰন বুজে । সেয়ে তেঁও বিজয়ৰমূৰত হাত থৈ ক’লে :
-“কালিৰ পৰা শিবিৰত গাখীৰ দিয়াৰ দ্বায়িত্ব তোৰ, দুইলিটাৰৰ পাত্রটো দাঙিবলৈ পাৰিবি নহয় । মই আজি সন্ধিয়া শিবিৰলৈ গৈ কথা দিআহিছো । যা এতিয়া শুগৈ ।”

(তিনি)

কিবা কিবিবোৰ ভাবি থাকোতে কেতিয়ানো টোপনি আহিল বিজয়ে ক’বই নোৱাৰিলে । দেউতাকৰ চাইকেলৰ টিলিঙাৰ শব্দতহে টোপনি ভাগিল । সেইয়া তাৰ মানে দেউতাকে চুবুৰীটোৰ পৰা গাখীৰ সংগ্রহকৰি ঘৰ আহি পালেহিয়েই । বিজয়ে একেকোবে বিছনাৰ পৰা নামি আহিল । ‘টুথব্রাছ’ ডাল লৈয়েই চিধা পুখুৰীৰ পাৰলৈ গ’ল । মুখ হাত ধুই পানী এগিলাচৰ সৈতে দুখন ‘বিস্কুট’ খাই দেউতাকৰ লগত যাবলৈ সাঁজু হ’ল । মাকে এবাৰ দেউতাকক ক’লে –“তাকলগত নিনিলে নহয়নে ?”
-“আজি যাওঁক দিয়াচোন, পিছলৈ দেখা যাব কি কৰো ।” –দেউতাকে উত্তৰ দিলে ।
ওস্ ৰক্ষা! ভাল লাগি গ’ল বিজয়ৰ মনটো, মাকে দেখোন গাখীৰ দিবলৈ যোৱাটো বন্ধ কৰিবই ওলাইছিল ।

বিজয়ৰ আজি কিয় এনে ভাব হ’ল যে শিবিৰটোলৈ ইমান দূৰ বাটনে !সদায়ে দেখোন আহিয়েই থাকে এইফালেৰে; কেতিয়া পাব, কেতিয়া পাব ! দেউতাকক বেগেৰে চাইকেলখনচলাবলৈও ক’ব নোৱাৰে । হেন্দেলৰ দুয়োফালে গাখীৰৰে ভৰা ডাঙৰ ডাঙৰ দুটা পাত্র, তাতে আকৌ তাৰ হাততো দুই লিটাৰৰ পাত্র এটা । পৰি যাব পাৰে, সেয়ে সি তাৰহাতত থকাটো ভালদৰে খামুচ মাৰি ধৰি আছে । যদি পৰি যায় কি হ’ব । ভাবিবলৈ ভয়লাগে কথাটো তাৰ । মনৰ ইচ্ছা, সপোনটো যে সি কেইবাদিনৰ পৰা পুহি ৰাখিছে ৷

“সৈনিক শিবিৰৰ ভিতৰখন চাবলৈ,
আমাক বেয়া মানুহখিনিৰ পৰা ৰক্ষা কৰিবলৈ অহা সৈনিককেইজনক ওচৰৰ পৰা চাবলৈ,
ৰাতিপুৱা মাজে মাজে পৰিষ্কাৰ কৰিবলৈ লোৱা দীঘল নল থকা বন্দুক কেইটা ওচৰৰ পৰা চাবলৈ,
ৰঙা ৰঙা বাল্টিৰ নিচিনা পাত্রকেইটাতনো কি ৰাখিছে চাবলৈ,
আৰু আৰু সৈনিকে পিন্ধা সেউজীয়া টুপী এটা এবাৰ নিজ হাতেৰে চুই চাবলৈ ।”

ভালেই হ’ল, এই কথাবোৰ ভাবি ভাবি আহি থাকোতে কেতিয়ানো সৈনিক শিবিৰটো আহি পালেহি কবই নোৱাৰিলে ! তাৰ সৰু বুকুখন অলপ ধপধপাইছে নেকি বাৰু । নহ’বনো বাৰু কিয়, তাৰ যে সপোনটো ফলিয়াবলৈ আগবাঢ়িছে । দেউতাকে তাক ক’লে-
-“যা, গাখীৰখিনি দি আহগৈ । তোক সকলোৱেই চিনে, মোৰ লগত যে আহি থাক এইপিনেৰে । তোক দেখিলেই তেঁওলোকৰ কোনোবা নহয় কোনোবা এজন আগবাঢ়ি আহিবই । মই পূৱফালৰ মানুহকেইঘৰত গাখীৰখিনি দি আহোগৈ, মই অহালৈ ইয়াতে ৰৈ থাকিবি । তেওঁলোক ভাল মানুহ, তোৰ কথাও বুজি পাব । আমাৰ কথা বুজি পোৱা, কব জনা কেইবাজনো লোক শিবিৰটোত আছে।”

শিবিৰটোৰ জপনামুখৰ পৰাই দেখিলে এজনে দীঘল নল থকা বন্দুক এটাপৰিষ্কাৰ কৰি থকা । সি আগবাঢ়ি গ’ল । তাক দেখি সৈনিক এজনে মুখত হাঁহি এটা লৈআগবাঢ়ি আহিল । ভঙা ভঙা হিন্দী-অসমীয়াৰে তাৰ নামটো সুধিলে, গাখীৰৰ পাত্রটো হাতত ল’লে । “বিজয়” নামটো শুনি সৈনিকজনে খুব ভাল পালে । বিজয়ে কৌতুহলবোৰ দমাব নোৱাৰি তাত থকা বস্তু বোৰৰ বিষয়ে এফালৰ পৰা এটা এটাকৈ সুধিব ধৰিলে । ‘ফ্লেগ’ খনৰ কথা, ৰঙা বাল্টি কেইটাৰ কথা, কেম্পত থকা চিহ্ন কেইটাৰ কথা ।কেনেকৈনো তেঁওলোকে সদায়ে ইমান পৰিপাটিকৈ সাজ পাৰ বোৰ পিন্ধি থাকে । তাৰ আৰু জানিবলৈ মন গ’ল, গণ্ডগোলৰ সময়ত তেঁওলোকৰ বেয়া মানুহবোৰৰ মাজত সোমাই সিহঁতক ধৰি আনিবলৈ ভয় নালাগেনে । সৈনিকজনে উত্তৰবোৰ দি গ’ল । তাকে দেখি আন দুজনমানুহ আগবাঢ়ি আহিল । তাক এটা কোঠালীত বহিব দিলে । বিজয়ৰ কথাবোৰ জানি খুব ভাল লাগিল । আচৰিতো হ’ল কেনেকৈ ইমান দূৰ দূৰ ঠাইৰ পৰা নিজৰ নিজৰ পৰিয়ালৰপৰা আঁতৰি থাকি বিজয়হতঁৰ বাবে ইমান চিন্তা কৰে । সি দেখোন ভাবিবলৈকো নোৱাৰেএদিনৰ বাবে হ’লেও মাক দেউতাকক এৰি থাকিবলৈ । এটা ‘চেল্যুট’ মাৰিবলৈ বৰ মনগ’ল তেঁওলোকক । টিভিৰ পর্দাত সি মাজে মাজে ‘চেল্যুট’ দিয়া দেখে । তাৰো মন গ’লযে সি নিজেও এদিন সৈনিক হ’ব । তেতিয়া সি টুপী এটাও পিন্ধিব পাৰিব, এজনসৈনিকৰ টুপী ।

তেঁওলোকৰ ৰাতিপুৱাৰ আহাৰ খাবৰ সময় হৈছিল বোধকৰো, তাকো দেখোন পানী এগিলাচৰ সৈতে এখন প্লেটত ৰুটি তৰকাৰী দি গ’ল । বাপৰে ইমানডাঙৰ আৰু মোটা ৰুটি । সি কিন্তু নাখাওঁ বুলি নকলে । ৰুটি এটুকুৰা ছিঙি লৈঅলপ তৰকাৰীৰ লগত মুখত ভৰা্লে । ইমান জ্বলা দিছে তৰকাৰীখনত, ৰুটিখনো বৰ টান ।দুধোকমান পানী পি ল’লে কিন্তু তথাপিও সি খাবলৈ নেৰিলে । কাৰন সেইয়া সৈনিকেখোৱা ৰুটী, যিসকলে আমাক, আমাৰ থকা ঠাইখনক আপদ-বিপদৰ পৰা ৰক্ষা কৰি থাকে ।মাকৰ কাৰনে তাৰ বেয়া লাগিল । মাকে তাক ৰুটি খুৱাবলৈ বৰ জোৰ কৰে, সি খাবলৈভাল নাপায় । নাই আজিৰ পৰা সি মাকে যি দিয়ে তাকেই খাব । এদিনতে ইমানবোৰ কথাজানি তাৰ এতিয়াই মাক আৰু বিনন্দিবাক ক’বলৈ মন গ’ল ।

বিজয়ক দেউতাক অহালৈ আপেক্ষা কৰিবলৈ দি কোঠালীটোৰ পৰা সৈনিক কেইজন বাহিৰলৈ ওলাই গ’ল । সিথিয় হ’ল, ক’ত কি থাকে চাবলৈ ধৰিলে । বেৰত কেইটামান গজাল মাৰি থোৱা আছে । তাত কেইবাটাও টুপী ওলোমাই থৈ দিয়া আছে । টুপী, সৈনিকে পিন্ধা সেউজীয়া টুপী “এবাৰ যদি পিন্ধিবলৈ পালোহেতেন ! নহ’লে এবাৰ চুই চাবলৈ পোৱা হেতেনো” কোনো নাই কাষত । বিজয়ে গজালত ওলোমাই থোৱা টুপী এটা চুবলৈ চেষ্টা কৰিলে ।নাই সি ঢুকি নাপায়, তাৰ দুখ লাগিল । হঠাৎ মজিয়া খনতে থকা টিনৰ বাকচটোৰ ওপৰতবিজয়ৰ চকু পৰিল…
এটা সেউজীয়া টুপী… সি স্পৰ্শ কৰিবলৈ হাত খন আগবঢ়ালে ।
আঃ কি সুখানুভুতি!!সি সেইখিনি যদি একেবাৰে নিজৰ কৰি ধৰি ৰাখিব পাৰিলেহেতেন !
ইফালে সিফালে চাই সি মূৰত টুপীটো পিন্ধি ললে । বিজয়ৰ নিজকে এজন সৈনিকৰ দৰেঅনুভৱ হ’ল । ইফালে সিফালে চাই কোঠাটোৰ এমূৰত থকা আর্চি খনত নিজকে চাই এটা ‘চেল্যুট’ মাৰিলে ।
… … …

ভৰিৰ খোজৰ শব্দত বিজয় উচপখাই উঠিল । ভয় খালে সি, কিন্তু সি একোতো বেয়া কাম কৰিবলৈ যোৱা নাই । এবাৰ, মাত্র এবাৰ টুপীটোৰ স্পর্শ ল’বলৈ বিছাৰিছিল ।তাৰ তাম হৈ গ’ল ৷ এতিয়া সি যাব পাৰে, দেউতাকৰো ঘুৰি অহাৰ সময় হৈছে । সৈনিক এজনে বিজয়ৰ কাণ্ডবোৰ দেখি কোঠাটোত সোমাই আহিল । তেঁও কিন্তু বিজয়ৰ কাণ্ডবোৰ দেখি আছিল, বেছ আমোদ পাইছিল ।বিজয়ে লগে লগে টুপীটো খুলি আকৌ টিনৰ বাকছটোৰ ওপৰতে থৈ দিলে । দোষী দোষীভাৱেৰে সৈনিকজনৰ কাষলৈ আহি তলমূৰ হৈ থাকিল ।

তেনেতে মূৰত স্পর্শ এটাৰ অনুভূতি পায় ওপৰমুৱা হৈ চালে । সৈনিকজনে টিনৰ বাকছৰ ওপৰত থকা টুপীটোআনি বিজয়ৰ মূৰত পিন্ধাই দি ক’লে- “টুপীটো পিন্ধিবলৈ তোমাৰ বৰ মন গৈছে নহয়নে, লোৱা আজিৰ পৰা তুমি এইটো নিজৰ লগত ৰাখিবা” । বিজয়ৰ চকু চলচলীয়া হৈগ’ল ৷ ক’ব নোৱাৰাকৈয়ে সি সৈনিকজনক এটা ‘চেল্যুট’ দিলে । প্রত্যুতৰত সৈনিক জনেও বিজয়ক এটা চেল্যুট মাৰিলে ।
চাইকেলৰ টিলিঙাৰ শব্দ শুনি বুজিলে দেউতাক আহিপালে । সি বুকু ফিন্দাই শিবিৰৰ পৰা ওলাই আহি দেউতাকৰ ওচৰ পালেহি ৷ এবাৰটুপীটো খুলি হাতত লৈ দেউতাকক দেখুৱালে । দেউতাকে হাঁহিলে, বিজয়ৰ অনুভৱ হ’লযে দেউতাকৰো ভাল লাগিছে । এটা টুপী… পূৰণি, মলিয়ন, দাগ লগা টুপী…কিন্তু এজন সৈনিকৰ টুপী ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক