সোঁৱৰণিৰ বঁকিয়াৰে (নিপুল ভট্টাচাৰ্য্য)

Nipul Bhattacharya1

আমি যেতিয়াৰ পৰা জনা বুজা হৈছিলো তেতিয়াৰ পৰাই দেখিছিলো গাঁওত মাঘৰ বিহুৰ মেজি সজা৷ উৰুকাৰ পিচদিনা ৰাতিপুৱাই মেজি জ্বলোৱা৷ পিচলৈ আমিও এইবোৰ কামত ওতঃপ্ৰোত ভাবে লাগি পৰিছিলো৷ বিহুৰ প্ৰায় দহ দিনমান আগৰ পৰাই গাঁৱৰ আটাইবোৰেই পথাৰত মেজিৰ বাবে নৰা কাটিছিলো৷ মেজি সাজিছিলো৷ নৰা কটা কামবোৰ আমাৰ সৰুবোৰৰ আছিল৷মেজি ডাঙৰবোৰে সাজি দিছিল৷মেজি সজা কামটো গাঁওৰ সকলোৱে মিলি কৰিছিল৷নৰা কটা কামটোও বৰ আনন্দৰ আছিল৷পথাৰত গৈ কোনোবা এজনে চিঞৰি দিয়ে ‘কাঁচি চুৰু’, লগে লগে আটায়ে নৰা কটাত লাগি যাওঁ৷ এবাৰ কোনোবা এজনৰ আঙুলি নৰাৰ লগতে কটা গৈছিল৷ আজিৰ প্ৰজন্মৰ বহুতেই হয়তো নৰা কটাৰ আনন্দ পোৱাই নাই৷ সেই সময়ত মানে আজিৰ পৰা দহ বাৰ বছৰ আগতে মেজি সজাৰ অঘোষিত প্ৰতিযোগিতা চলিছিল- কোন গাঁওৰ মেজি আটাইতকৈ ডাঙৰ আৰু সুন্দৰ হয়৷তাৰ বাবে সকলোৱে হাতে-কামে লাগি গৈছিল৷ উৰুকাৰ ভোজ ভাত সকলোৱে নিজ নিজ ঘৰতহে খাইছিলো৷ উৰুকাৰ নিশা আমি ল’ৰাবোৰে মেজিৰ কাষতে সাজি লোৱা নৰাৰ ঘৰটোত আছিলো৷ ভাড়া কৰি অনা মাইকত ওৰে ৰাতি ৰাগ টানিছিলো৷ সেয়াও এক অনাবিল আনন্দ আছিল৷ ৰাতি জুই পুৱাবলৈ গাঁৱৰ আটাইৰে ঘৰৰ পৰা খৰি খুজি আনিছিলো৷ তেতিয়া আজিৰ দৰে চুৰি কৰা কাৰবাৰ নাছিল৷ এতিয়া মেজি প্ৰায় নেদেখাই হ’লো৷ আজিৰ প্ৰজন্মৰ বহুতেই মেজি সাজিব নাজানে৷ নৰা কাটিব নাযায়৷ আমাৰ গাঁৱতো পৰম্পৰাটো কিবাকে চলি আছে । কিন্তু সেই উৎসাহ উদ্দীপনা আগৰ দৰে নাই৷ এদিন হয়তো মেজি লোপ পাই যাব৷ নতুন প্ৰজন্ম বঞ্চিত হ’ব মেজি সজা আনন্দৰ পৰাও৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments