সোঁৱৰণিৰ বোকোচাত – ইলা চেতিয়া

“এইয়া আকাশবাণী, বাতৰি পঢ়িছোঁ লিলি দাস মালিকে “ আপোনালোকৰ বহুতৰে হয়তো মোৰ দৰে মানস পটত আজিও ভাঁহি উঠে ৰেডিঅ’ত বাতৰি পৰিৱেশন কৰা সেই চিনাকি কণ্ঠলৈ৷ সঁচাকৈ ৰেডিঅ’ এটা সময়ত আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিছিল৷ আমাৰ বৰ্হি জগতৰ লগত যোগাযোগৰ মাধ্যম হৈ পৰিছিল ৰেডিঅ’টো৷ ৰেডিঅ’টো আমাৰ বাবে আছিল সময় নিৰ্ণায়ক৷ পুৱা আঞ্চলিক বাতৰি দিলে কি নিদিলে, আমি বিদ্যালয়লৈ দৌৰ মাৰিছিলোঁ৷ যিটো সময়ত আমাৰ টিভি নাছিল, মোবাইল নাছিল, আনকি পৃথিৱীখনক ওচৰ চপাই আনিবলৈ ফেচবুকো নাছিল, তেতিয়া কিন্তু আমাৰ মনোৰঞ্জনৰ একমাত্ৰ সম্বল আছিল ৰেডিঅ’টো৷ সেইটোতে আমি গান, নাটক আদি বিভিন্ন ধৰণৰ অনুষ্ঠান শুনিছিলোঁ৷

এতিয়াও মনত জলজল, পটপট কৈ ভাঁহি উঠে সেউজী চ’ৰা, সুৰৰ সাতসৰি, ঘৰজেউতি, কাৰ্পুংপুলি আদি অনুষ্ঠান বোৰৰ কথা৷ আমি তেতিয়া সুগম সংগীতৰ অনুষ্ঠান গীতাঞ্জলি, সুৰৰ সাতসৰি, সুৰৰ পানচৈ আদিত সোণসেৰীয়া অসমীয়া গীত সমূহ শুনিছিলোঁ৷ খণ্ড খণ্ডকৈ শুনিছিলোঁ সুৰঙ্গৰ শেষত, শান্ত, শিষ্ট, হৃষ্ট, পুষ্ট মহা দুষ্টৰ দৰে নাটক৷ মই ইয়াত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ কথাহে কৈছোঁ দেই৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠান শুনা সকলৰ হয়তো মনত আছে৷
সময়ৰ সোঁতত ৰেডিঅ’টো এলাগী হৈ পৰাৰ নিচিনাই হৈছেগৈ৷ আজি কালি মোবাইলটোতে সকলোখিনি সুবিধা পোৱাৰ বাবে ৰেডিঅ’ৰ গুৰুত্ব কমি গ’ল৷ তথাপিও ৰেডিঅ’টো কাষত লৈ শুনাৰ যি মাদকতা সেইয়া মোবাইলে দিব নোৱাৰে৷ বহু দিন ময়ো ৰেডিঅ’ৰ পৰা বিচ্ছিন্ন হৈ থকাৰ পিছত যোৱা বছৰ এটা ফিলিপছ্ ৰেডিঅ’ কিনি আনিলোঁ৷ আগৰ ৰেডিঅ’টো বেয়া হোৱা ভালেকেইবছৰ হ’ল৷ টি ভি, মোবাইল, ফেচবুক আদিত ব্যস্ত থাকোঁ যদিও কিন্তু মনে মনে ৰেডিঅ’এটাৰ অভাৱ খুবেই অনুভৱ কৰি আছিলোঁ৷ এতিয়া ৰেডিঅ’টো পাকঘৰত থৈ ৰেডিঅ’ বজাই সুগম সংগীতৰ অনুষ্ঠান গীতাঞ্জলি, অনুৰোধৰ গীতৰ অনুষ্ঠান শুনি শুনি ঘৰুৱা কাম-কাজ বোৰ কৰি থাকোঁ৷ আমনি দায়ক ভাববোৰ আঁতৰি যায়৷ বহুতে এতিয়াও ৰেডিঅ’টো সযতনে ৰাখি ৰেডিঅ’ৰ অনুষ্ঠান বোৰ শুনি থাকে৷ আমাৰ কাষতে এগৰাকী আইতা আছিল৷ তেখেত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ অৱসৰ লোৱাৰ বহুদিনৰ পাছতো স্বাস্থ্যৱতী আইতা গৰাকীয়ে পুৱা ৰেডিঅ’টো শাকনি বাৰী, ফুলনিবাৰীলৈ লৈ গৈ ৰেডিঅ’ শুনি শুনি বাৰীত কাম কৰি থাকিছিল৷ অকলশৰে থকা আইতা গৰাকীয়ে ৰেডিঅ’চেণ্টাৰ বন্ধ হ’লেহে কামো বন্ধ কৰিছিল৷ এতিয়া ভাবিছোঁ ৰেডিঅ’টোৱে চাগে’ সেইসময়ত তেখেতৰ একাকিত্ব দূৰ কৰাৰ লগতে কৰ্ম স্পৃহা বঢ়োৱা আৰু মানসিক অৱসাদো দূৰ কৰিছিল৷ বাৰু যি নহওক ময়ো ৰেডিঅ’টো কিনি অনাৰ পিছত বহুদিনৰ বিৰতিত মনভৰাই ৰেডিঅ’শুনিলোঁ৷ পুৱা শুই উঠিয়েই ৰেডিঅ’টো বজাই দিওঁ৷ ঘৰত আমি স্বামী-স্ত্ৰী দুজন৷ ল’ৰা ডাঙৰ হ’ল৷ পঢ়া-শুনাৰ বাবে ল’ৰা হোষ্টেলত থাকে৷ সেয়ে বাধা নাই৷ সিদিনা বহুদিনৰ মূৰত শুনিলোঁ গীতাঞ্জলি অনুষ্ঠানত মঞ্জু মালা ফুকনৰ কণ্ঠত মোৰ প্ৰিয় গীতটি –
“ কি গীত গালে শেৱালি ফুলে
শৰত আহে মোৰ পদূলিলে….
কি গগনা বালে ৰঙা পলাশ ফুলে
ফাগুন আহে মোক জোকাবলে ৷“
আৰু শুনিলোঁ বীৰেন দত্ত দেৱৰ “বহুদিন বকুলৰ গোন্ধ পোৱা নাই …..“
বিউটি শৰ্মা বৰুৱাৰ “ বেছি দিন লগতে নেথাকোঁ …..৷ “
ভাল লাগে এনেকৈয়ে পুৰণি দিনৰ কথা ভাবি, পুৰণি গীত মাত বোৰ শুনি৷ মন ভৰি আহে৷ সোঁৱৰণিৰ বোকোচাত আমি সকলোৱে উঠি ফুৰোঁ৷ মিঠা সোঁৱৰণিয়ে আমাৰ মন জীপাল কৰি তোলে৷ ৰেডিঅ’টো এতিয়া মোৰ পুৱা গধূলিৰ অভিন্ন সংগী হৈ পৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক